Posts

Showing posts from September, 2020
 " The Enemy  Japanese surgeon and scientist, Sadao was  watching the sea from his house. His house was situated near the sea.  He was having a flashback of his conversation with his father during his childhood. His father always told that the smaller Islands seen from there, were the stepping stones  for the prosperity of the future  Japan .         Sadao took his early education in Japan. After that, he went to USA for higher education. He returned to Japan after completing his education in USA. His  skilled hands made him renowned in his country. Even, the Government of Japan did not permit him to leave his country. He was a  highly demanded person for surgery.   People face contrasts  of duties in their lives.This can be called dilemma or confusion     Suddenly Sadao  saw a person like figure at certain distance near the sea from their residence on the sea shore. They approached the v...

অসমীয়া/ Voice of the Rain

THE VOICE OF THE RAIN. And who art thou? said I to the soft-falling shower, Which, strange to tell, gave me an answer, as here translated: I am the Poem of Earth, said the voice of the rain, Eternal I rise impalpable out of the land and the bottomless sea, Upward to heaven, whence, vaguely form'd, altogether changed, and yet the same, I descend to lave the drouths, atomies, dust-layers of the globe, And all that in them without me were seeds only, latent, unborn; And forever, by day and night, I give back life to my own origin, and make pure and beautify it; (For song, issuing from its birth-place, after fulfilment, wander- ing, Reck'd or unreck'd. duly with love returns.)    বৰষা গীত  এজাক মধুৰ চিপ্ চিপিয়া বৰষুণ- সুধিলো মই, বোলো তুমি নো কোন? তপৰাই মাত দিলে বৰষাবাই  তাৰে ৰূপান্তৰ এয়া দিছো যতনাই ।    অসীমৰ কোলাত অদৃশ্য চিৰ উৰ্দ্ধগামী, সুনীল-সাগৰ ও ধৰাৰ সুৰীয়া সুবাস মই। সৰগৰ বুকুত উপঙি খেলো কুহেলিকা ছয়াঁময়া যাদুৰ খেল-  মই যে বহুৰূপী। পুনঃ নমাও অন্তঃ...

বিপিন চৌধুৰীৰ স্মৃতি লোপ

Image
বিপিন চৌধুৰীৰ স্মৃতি লোপ                   (১) প্ৰতি সোমবাৰে  কামৰপৰা ঘূৰি আহোঁতে বিপিন চৌধুৰীয়ে নিউ মাৰ্কেটৰ কালিচৰণ নামৰ দোকানখনত সোমাই কিতাপ কিনিছিল। অপৰাধ মূলক গল্প, ভূতৰ গল্প আৰু থ্ৰিলাৰ - গোটেই সপ্তাহটোৰ বাবে জোৰাকৈ এবাৰত  কমেও  পাঁচখন কিতাপ কিনিব লাগিছিল। তেওঁ অকলে বাস কৰিছিল, মিলা-মিচা বৰ ভাল নাপাইছিল, বন্ধু-বান্ধৱো বেছি নাছিল, আৰু অলাগতীয়াল কথা পাতি সময় নষ্ট কৰিবলৈ বেয়া পাইছিল। আজি 'কালিচৰণ'ত সোমাই থাকোঁতে অনুভৱ হৈছিল যেন  বৰ কাষৰ পৰাই  কোনোবাই তেওঁক লক্ষ্য কৰি আছিল।  বাৰে বাৰে ঘূৰি চাই তেওঁৰ চকুৱে ঘূৰণীয়া মুখৰ এজন অমায়িক লোকক  দেখা পালে যি তেতিয়া এটা হাঁহিৰে  তেওঁক  সহাঁৰি দিছিল।       "আপুনি চাগে মোক চিনি নাই পোৱা।"      " আমি আগতে লগ হৈছো নেকি?" মানুহজনক ভীষণ আচৰিত  দেখা গ'ল।  " পূৰা এক সপ্তাহৰ বাবে আমি দৈনিক লগ হৈছিলো। ১৯৫৮ চনত ৰাঁচীত মই আপোনাৰ বাবে হুদ্ৰু জলপ্ৰপাত চাবলৈ গাড়ী বন্দোবস্ত কৰি দিছিলো। মোৰ নাম পৰিমল ঘোষ। "   "ৰা...

সিপাৰৰ সাঁকো

 #সিপাৰৰ_সাঁকো                    (৫৭)        'হেডচাৰৰ মৰম আৰু নিষ্ঠাত সন্দেহ নাই। মোৰ কাৰণে তেওঁ কৰিবলগীয়া আটাইখিনি কৰেই। এতিয়া  ভাগ্যত নাথাকিলেনো কৰিবা কি? কথাতে কয় নহয় বোলে  'সাতটা হাতীয়ে টানে যিমান, এখন ভাগ্যই টানে সিমান।' তোমালোকৰ আগতনো কি মিছা মাতিম ? নোপোৱাৰ ক্ষোভ অলপ মোৰো আছে।হেডচাৰৰ মুখামুখি হ'বলৈ ভয়ো হৈছে। নিজৰ বাবে নহয়, তেওঁৰ বাবে। তেওঁ কিমান বুজাইছিল ! পিছে নোপোৱাৰ বেদনাক   চিৰতা পানী পি খোৱাৰ দৰে  চকু মুখ বিকটাই পি খাবলৈ আজি দহ -বাৰ বছৰে শিকি ল'লো জানা!' দীঘল কৈ কোৱা কথাখিনি শুনি সিহঁতে বহুপৰ একো নোকোৱাকৈ থাকিল। মোৰ দুখৰ সমভাগী হোৱা সিহঁত দুটাৰ মনত মোৰ কথা শুনাৰ পিছত  যেন  উষ্মা আৰু খং কমি গৈছিল।  ৰজনীয়ে মোমাই দেউৰ সৰুপুতেকৰ কথা উলিয়াইছিল।সি বোলে বেপাৰ বাণিজ্যত ভালকৈয়ে উন্নতি কৰিছিল। তাকে দেখি চকুচৰহাবোৰে সেই ডাঙৰটোৱেহে মনে মনে টকাৰ চ্যুটকেচ আনি তাৰ হাতত জমা দিয়া বুলি উৰাবাতৰি উলিয়াই দিছিল। চকুচৰহা বোৰে নিজে একো কৰিব নোৱাৰে জীৱনত। আনে কিবা কৰি খোৱা ...

সিপাৰৰ সাঁকো(৫৬)

 #সিপাৰৰ সাঁকো                    (৫৬)       অৱশেষত আহিছিল সকলোৰে বাবে  ভাল খবৰটো।  হেডচাৰৰ সৈতে দহজন শিক্ষক আৰু অফিচৰ কেৰাণীৰ সৈতে  বাৰজনৰ চাকৰি নিয়মীয়া-কৰণ হ'ল। আদৰ্শ ইংৰাজী উচ্চ-মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ হ'ল। চকীদাৰ হিচাপে এজনৰ নাম আহিছিল । -- বিতুপনৰ নাম । মই নাপালো। মোৰ নামটো বোলে কেঞ্চেল হ'ল।চকুৰ আগতেই সৌ সিদিনা অহা ল'ৰাটোৰ চাকৰি নিয়মীয়া হ'ল আৰু মোৰ একো ন'হল। তৰণী আৰু ৰজনীয়েও মোৰ দুখত সমভাগী হ'ল। মই বুজালো সিহঁতক-    ' মোৰ নো কি ? বুঢ়াই হলো। সি ডেকা লৰা। ঘৰ-সংসাৰ কৰিবলৈ টকা-পইচা লাগে তাক। মাকো আছে। ভায়েকো আছে। '  ৰজনীয়ে খঙেৰে কৈছিল- ' অঁ আৰু সেই ভিনিয়েকো আছে নহয়। চাকৰিৰ ধন  মাকে- ভায়েকে খায়, নে ভিনিয়েকৰ জুৱাৰ আড্ডাত যায়  সেয়া সময়েহে ক'ব। ' তৰণীয়েও ক'লে-    'হয় হয় । লোকৰ ঘৰুৱা কথাত মাত মাতিবলৈ আমাৰ দৰকাৰ নাই। কিন্তু দেখি শুনি যি পাইছো তাৰ পৰা এইটোৱেই বোধ হৈছে যে বিতুপনেই হ ওক বা তাৰ বায়েকজনীয়ে হওক প্ৰতাপৰ অত্যাচাৰতে তাৰ তলতীয়া হৈ ...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৫৫)       তাত আৰু বহুতো কাহিনী আছিল।  কিছুমান কাহিনীৰ অৰ্থ বুজি পোৱাটো মোৰ বাবে দুৰূহ আছিল। মই মোৰ সীমাবদ্ধতাৰ মাজতহে পঢ়িব পাৰিছিলো। অৱশ্যে কিতাপ পঢ়ি ৰস দিয়াত  মিলিও কম নাছিল। তাই জাতকৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু , বুঢ়ী আইৰ সাধু আদি অনেক সাধুকথাৰ কিতাপ পুৰস্কাৰ হিচাপে পাইও আনিছিল। হাতৰ আখৰ লিখা, শ্ৰুতলিপি, আবৃত্তি প্ৰতিযোগিতা আদি বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।   বৃত্তি পৰীক্ষা দিবলৈ গৈ তাই  আচৰিত হৈ পৰিছিল। নাহৰতলিৰ এখন স্কুলত হে হৈছিল পৰীক্ষা।  মই জবা আৰু তাইক লৈ গৈছিলো। অঞ্চলটোৰ একেবাৰে সোঁমাজত অৱস্থিত আৰু যান-বাহন সূচল হোৱাৰ বাবে এই বিদ্যালয়খনি নিৰ্বাচন কৰা হৈছিল চাগে। বহিবলৈ ৰোল নাম্বাৰ মতে চিট বিচাৰি দি মই ওলাই আহিছিলো। পৰীক্ষা শেষ হোৱাৰ পাছত তাই দুখ মনেৰে ওলাই আহিছিল। শ্ৰেণীত  তাই, জবা আৰু সিহঁতৰ প্ৰধান শিক্ষক জনৰ ল'ৰা জনেই প্ৰথম, দ্বিতীয় আৰু তৃতীয় হৈছিল।ইমানবোৰ ল'ৰা ছোৱালীৰ ভিতৰত তাইনো কেনেকৈ প্ৰথম হ'ব তাকে চিন্তা কৰি কান্দি পেলা...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৫৪)    মিলিৰ বছেৰেকীয়া পৰীক্ষা শেষ হৈছিল।ফলাফল ওলোৱাৰ পাছত তাইক  আদৰ্শ'তে পঞ্চম শ্ৰেণীত নামভৰ্তি কৰাই দি মই স্বস্তিৰ নিশ্বাস পেলাইছিলো। নতুনকৈ  যোগদান কৰা কেইজনমান শিক্ষকৰ বাহিৰে তাইক  প্ৰায় সকলোৱেই চিনি পাইছিল। তেওঁলোকে সোনেশ্বৰকাইৰ ছোৱালী বুলি তাইক মৰমেৰে মাতিছিল।  তথাপিও তাই সকলোকে নমস্কাৰ জনাই নিজৰ নামটো কৈ তেওঁ লোকে সোধা প্ৰশ্নৰ উত্তৰ দিছিল। তেওঁলোকে তাইৰ সাধাৰণ জ্ঞান পৰীক্ষা কৰিবলৈ বহুত প্ৰশ্ন সুধিছিল। গহীন স্বভাৱৰ মিলিয়ে মুখত এটি শান্ত স্নিগ্ধতাৰে   প্ৰায় বোৰ প্ৰশ্নৰে উত্তৰ দিছিল। তেওঁ লোকে তাইক উৎসাহ জনাই প্ৰশংসা কৰিছিল। মোৰ   বুকুখন যেন দুহাতমান ফুলি গৈছিল। সন্তানৰ এনে প্ৰশংসাই  পিতৃ-মাতৃক কেনেকৈ উৎসাহিত কৰে সেয়া  মই উপলব্ধি কৰিব পাৰিছিলো। সন্তানৰ কৃতকাৰ্যতা লাভক পিতৃ-মাতৃৰ কৃতকাৰ্যতাৰ মাপকাঠি বুলি ধৰা বাবেই  সন্তানৰ ওপৰত অহেতুক হেঁচা প্ৰয়োগ কৰা হয়।   মইও যেন মিলিৰ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ মেধাকণক অতিৰঞ্জিত কৰা প...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৫৩)   আইৰ মুখত নমিতাৰ প্ৰশংসা শুনিবলৈ পাইছিলো। মিলিৰ মুখতো ৰূপাৰ প্ৰশংসা। মোৰ মনত কিন্তু তেতিয়াও মোমাইদেউৰ অৱস্হাটোৱেহে দোলা দি আছিল।  পিছদিনা হেডচাৰৰ নিৰ্দেশমতেই মই স্কুললৈ গ'লো।  স্কুলঘৰৰ নিৰ্মাণ ৰ কাম পূৰ্ণগতিত চলি আছিল। ইফালে স্কুলৰ বাবে ও ভাল খবৰ আছিল হেনো। চৰকাৰে ইমান দিনে হেডচাৰে  জন্ম দি কষ্টৰে চলাই থকা এই স্কুল খনক প্ৰাদেশীকিকৰণ কৰিবলৈ যো-জা কৰিছিল। তাৰবাবে বিচৰা সকলো কাগজ পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল। মোৰ বিশেষ আনন্দ কৰিবলৈ একো নাছিল। কাৰণ মই তেতি‌য়ালৈকে কোনো ধৰণৰ কাগজ পত্ৰ জমা দিয়া নাছিলো।  ক'ৰপৰা কাগজ আনিম? মই তো কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাই নাছিলো। অতদিনে হেডচাৰে কিমান বুজাইছিল । শাৰিৰীক পৰিশ্ৰম কৰি নিজৰ দায়িত্ব পালন কৰি থাকিলেও চাকৰিত যোগদান কৰিবলৈ থকা নিৰ্দিষ্ট যোগ্যতা আহৰণ কৰিবই লাগিব। মোক হেনো মাত্ৰ কেইশ্ৰেণীমান পঢ়া বুলি  নিজৰ বয়সৰ সৈতে এখন প্ৰমাণ পত্ৰহে দৰকাৰ। কিন্তু  মোৰ দ্বাৰা সেইখন যোগাৰ কৰাও সম্ভৱ নাছিল।চাকৰিৰ...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৫২)    ভাতসাঁজ দুপৰীয়াৰো নহ'ল, ৰাতিৰো ন'হল।তেনে সময়ত খালে গেৰোঁগেথো লাগে। খাই উঠি নমিতা আৰু আইয়ে পাকঘৰ অঁটাওতে ছোৱালী দুজনীয়ে  আগফালে ৰাস্তাত খোজকাঢ়ি থাকিল। মই আৰু ৰজনীয়ে অনুচ্চ কণ্ঠস্বৰেৰে  মোমাইদেউহঁতৰ ঘৰৰ কথাকে পাতি থাকিলো। মই  মোমাইদেউৰ খবৰ লবলৈ যাব নোৱাৰাৰ কথা  ক'লো। ৰজনীয়েও মোৰ লগতে যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে।  কথামতেই কাম। দুয়ো গাড়ীখনত উঠি এপাকত গৈ মোমাইদেউৰ ঘৰ পালোগৈ। ঘৰখনলৈ মই একেবাৰে কমেইহে গৈছিলো। মলয়া ক দেখা পোৱা প্ৰথম শিহৰণ আৰু আন আন স্মৃতিবিজড়িত  ক্ষণসমূহে মোক শোকাকুল কৰি তুলিছিল। আমি সোমাই যাওঁতে  একেবাৰে গধূলি হৈছিল। অন্ধকাৰত ডুব গৈ থকাত বাহিৰখন ভালদৰে দেখা নাপালো । মূল ঘৰটো তেতিয়াও সেই আগৰদৰেই আছিল।  হালধীয়া লাইট এটাই চ'ৰা ঘৰটো পোহৰাই থৈছিল।মোমাই দেউ বিচনাতে শুই আছিল। মামীদেউৱে গোসাঁই-ঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰি থকা যেন লাগিছিল। আমাৰ মাতত মোমাইদেউৱে চকু মেলি চাই মোক দেখি দুৰ্বল মাতেৰে  কৈ উঠিছিল-   ’অহ তুমি আহ...

সিপাৰৰ সাঁকো (৫১)

 #সিপাৰৰ সাঁকো                    (৫১)    তাৰ দৰে আন বহুতো ল'ৰাই মাক দেউতাকৰ জীয়া জীয়া সপোন এৰি থৈ হাবিৰ মাজত উদিত সূৰ্যৰ পতাকাৰ তলত  বন্দুক তুলি লৈছিল। ইমান দিনে  কথাটো ঘৰৰ কেইটাৰ বাহিৰে বাকী মানুহে  গম নোপোৱাকৈ থকা বুলি শুনিছিলো। পিছে পুলিচ - মিলিটেৰীৰ সঘন  আহ -যাহ   দেখি সকলোৱে জনাজনি হ'বলৈ ধৰিছিল। দূবাৰ মান  খুব বেয়া কৈ মোমাইদেউ আৰু সৰুটোক শাস্তি দিয়া হৈছিল। বিয়া দিয়া জীয়েকহতঁক মোমাইদেৱে ঘৰলৈ আহিবলৈকে মানা কৰি দিছিল। সৰু ল'ৰাটোকো নিজৰ যি কেইপদ সম্পত্তি আছিল তাৰে দোকান এখন খুলি দি ঘৰৰ পৰা আতঁৰাই পঠাইছিল।  মাজে মাজে অকলশৰীয়া মোমাইদেউকে গাড়ীত তুলি নি অত্যাচাৰ কৰিছিল। সেয়া অৱশ্যে আৰম্ভনিহে আছিল। অসমীয়াৰ তেজেৰেআৰু কিমান  ফাঁকু খেলিবলৈ বাকী আছিল কোনেও নাজানিছিল।  মোমাইদেউহঁতৰ পৰিয়ালটোৰ বিপত্তিয়ে আন বহুতৰো দশা হৈছিল। গাৱঁৰ মানুহেও পুলিচ মিলিটেৰীৰ ৰোষত পৰাৰ ভয়ত তেওঁলোকৰ  ঘৰখনলৈ যাবলৈ এৰিছিল। চেপা আতংকই বিৰাজ কৰা গাঁৱৰ মানুহৰ মাজত বহু ধৰণৰ উৰাবাতৰি বিয়পি পৰিছ...

সিপাৰৰ সাঁকো

 🙏মোৰ  কাহিনী অৰ্দ্ধশতক খণ্ডত উপনীত হ'লহি।  আপোনালোকৰ মৰমৰ সহাঁৰিয়ে মোক অনুপ্ৰাণিত কৰিলে। তাৰবাবে  অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। সহৃদয় পাঠকৰ আশীষ সদায়েই  কাম্য।🙏 #সিপাৰৰ সাঁকো                    (৫০)    মিলিয়ে ইমান দিনে  'মহাভাৰত' নাচালেও ৰূপাৰ মুখলৈ যিদৰে চাই আছিল মোৰ ভাৱ হ'ল তাইৰ যেন সচাঁকৈয়ে 'মহাভাৰত' চাবলৈ ইচ্ছা হৈছিল। আইয়ে প্ৰায়েই মহাভাৰতৰ  কাহিনী কৈ শুনাইছিল । মই ও লাইব্ৰেৰীৰ পৰা কিতাপ আনি তাইক দিছিলো । গাৱঁৰ লাইব্ৰেৰীতো কিতাপ আছিল।তাই কিতাপ পঢ়িয়েই মহাভাৰতৰ কাহিনী জানিবলৈ ভাল পাইছিল। ৰূপাই মাজে মাজে তাইৰ প্ৰিয় বিজ্ঞাপনৰ কথাও কৈ গৈছিল। মিলিৰ দৰে মৌন অথচ আগ্ৰহী শ্ৰোতা পাই তাই বৰ ভাল পাইছিল। মই ভাগ লোৱা নাছিলো । মাত্ৰ অন্যমনস্কৰ দৰে থাকি সিহঁতৰ কথা শুনি আছিলোঁ। ৰূপাৰ প্ৰগলভতাত তাইৰ মনৰ শিশুসুলভ চৰিত্ৰটো চিনাকী হৈ উঠিছিল। মিলিত কৈ বহুবছৰে ডাঙৰ হ'লেও তাই যেন নিজকে  মিলিৰ  সমনীয়া বুলি ভাবি লৈছিল। মাক দেউতাকৰ  জীয়া জীয়া আবদাৰ আৰু সুৰক্ষা আৱেষ্টনীত থকা সন্তানে আগবয়সত...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৪৯)    তাইৰ নাম ৰূপা আছিল। ল'ৰা টোৰ নাম আছিল ৰূপম।  মই বাহিৰলৈ ওলাই গৈ মিলিক খেলি থকাৰ পৰা  মাতি আনিলোগৈ। তাই 'আমৈ' বুলি হাঁহি দেখুৱাই ৰূপা বায়েকৰ কাষতে বহি থাকিল। মই ভিতৰলৈ উঠি যোৱা দেখি আইয়ে      ' সোণ অ' তই নালাগে ৰ'। '    বুলি মোক বহাই থৈ নিজে উঠিছিল। তাকে দেখি ৰজনীৰ শ্ৰী মতীয়ে ও বহাৰ পৰা উঠি আইৰ পিছে পিছে গৈ পাকঘৰ পাই সকলো কাম নিয়াৰিকৈ কৰিলে। কল আৰু পকামিঠৈৰ সৈতে তেওঁ ঘৰত ভাজি অনা মালপোৱা আৰু টেকেলি মুখত দিয়া পিঠাৰে সকলোকে চাহ দিলে।আইয়ে ঘৰৰ গাই দুজনী আনক আধি দিয়াৰে পৰা গাখীৰৰ মুখ নেদেখা বুলি কৈ ইতস্তত: বোধ কৰিছিল। ৰজনীৰ শ্ৰী মতীয়ে ৰঙা চাহ পানী টুপি খাই ভাল পোৱাৰ কথা কলে।    ঘৰত হেনো  ৰজনীয়ে পাউদাৰ গাখীৰৰ চাহ খাই বেয়া পাইছিল। আকৌ গাখীৰ ল'ৰা ছোৱালী আৰু দুয়োজনী মাকৰ  মাজত বিতৰণ কৰোঁতে ই শেষ হৈছিল । সেয়ে তেওঁ লোকে ৰঙা চাহ পানী কে খাইছিল। তেওঁ লোক আকৌ চাহ খাই খাই চ'ৰা ঘৰতে বহি কথা পাতি থাকোঁতে মই পিছফালে গৈ জীয়ন দিয়...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৪৮)    হেডচাৰ , মামনি বাইদেউ আৰু আবুলচাৰে আইক মাত লগাই যাবলৈ ওলাইছিল । মই পিছফালৰ পৰা হালধি দুমোনা ভৰাই আনি হেডচাৰ আৰু আবুল চাৰৰ স্কুটাৰৰ পিছফালে তুলি দিলো। মামনি বাইদেউৰ ঘৰ ওচৰতে। তেওঁক   ঘৰতেই পিছত দি থৈ আহিছিলো। মোক সোনকালেই স্কুললৈ যাবলৈ কৈ দুয়োজন স্কুটাৰত গুচি গৈছিল। মামনি বাইদেৱে খোজকাঢ়ি ঘৰলৈ ঘূৰি গ'ল। তাৰ পিছত আইৰ পাল। আইয়ে ইমান পৰে পালেঙৰ পৰা নামি আহি ইফালে সিফালে ঘূৰি ফুৰিছিলেই।খেৰৰ সূতাৰে বাৰান্দা খনকে সাৰিছিল। মিলি এপাকত উঠি বাহিৰ লৈ খেলিবলৈ যোৱাৰ পিছত ৰাজ্যখন তেওঁৰেই হৈ পৰাত মোক ভালকৈ ধুনিলে।    'অকলশৰীয়া মানুহ , আগলৈও নাই পিছলৈ ও নাই। বেমাৰ-আজাৰ এটা হ'লে চাওঁতা নাই। হাইজাত মৰা বোৰে নিজৰ বংশ পৰিয়ালৰ হ'লেও কান্ধত চাঙী তুলিবলৈহে আহিব। বেমাৰে আজাৰে নাচায় নহয়। এটাক ক'লে কোনোদিনে কথাক কথা বুলি নাভাবে।  সিজনী আহিল, গ'ল।তাকনো কি আহুদি কৰি গ'ল সি সংসাৰৰ মা‌য়া মোহ চিনি নোপোৱা হ'ল। মই বুঢ়ীয়ে সেই  দায়িত্ব লৈ ল'ৰা-পোৱালীজনীক  খুটি খাব পৰা কৰি ...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৪৭)    মিলিৰ বাবে তাতঁশাল  বেছি চিনাকি নহয়। ঘৰত কেতিয়াও নেদেখিলে ল'ৰা ছোৱালী য়ে কাম বোৰ নিশিকে। তথাপিও শালৰ প্ৰতি যে তাইৰ আকৰ্ষণ আছিল সেয়া দেখা পাইছিলো। হয়তো মাকৰ পৰা জন্মসূত্ৰেই পাইছিল। তাই তৰাদৈবাইহঁতে  তাতঁশালৰ কাম কৰা চাবলৈ ভাল পাইছিল। কেতিয়াবা মোক আচৰিত কৰি   এই শেলদিয়া চাদৰ খন , কেঁচ বচা ৰিহাখন,‌আদিৰ দৰে নাম বোৰ কৈছিল। সেইবোৰ চাগে তাই  আইতাকৰ পৰাই জানিছিল।    আইয়ে প্ৰায়েই টাকুৰী এটাত এৰীপলুৰ টেপাবাঁহ কিছুমান লগাই এৰী  সূতা কাটিছিল।  কঁকালত দুখ পোৱাৰ পিছত শুই শুই হাতত টাকুৰীটো লৈ সূতা কাটি থকা দেখিলে মই ধমক দিছিলো।  পিছে আইৰ দৰে মানুহে জীৱনকালত দিনত  পালেঙত শুই পোৱা নাছিল। ককাঁলবিষৰ অজুহাতত কাম-কাজ নকৰি পৰি থকাটো তেওঁ সহ্য কৰিব নোৱাৰে। অন্তত:  সূতা কটা কামত সেই সময়ৰ সদ্- ব্যৱহাৰ কৰিছিল। তাৰ বাবে  কিবা কৈ একো লাভেই নাছিল। মিলিৰ এল পি স্কুলৰ বৃত্তি পৰীক্ষা কাষ চাপিছিল। বছেৰেকীয়া পৰীক্ষা তেতিয়া ও হোৱা নাছিল। মই...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৪৬)    'সৰু সূতাৰ চেলেং খনি বৈ দিয়া সৰুভনী ঐ বিহু মাৰিবলৈ যাওঁ হে গোবিন্দাই ৰাম।' বিহু নামতো  সৰু সূতাৰ চেলেং চাদৰ এখনহে খোজে। এই সৰু সূতাৰ চেলেং বা চাদৰ বওঁতে শিপিনী গৰাকীৰ  সময়ো বহুত লাগে। তাঁত খনত  ব'চুঙাৰে চাৰিবাটি ব' তুলি শেষ কৰি শালত তোলা হয়। শালৰ দুইমূৰে খুটাত  তূলুঠা দুটা  কাণমাৰিৰে  টানকৈ লগাই ওলমি থকা দোৰপতিত ৰাঁচখন তলে-ওপৰে লগোৱা হয়। ব' চাৰিবাটিৰ লগত ওপৰফালে নাচনী জৰী আৰু তলফালে গৰকা মাৰিৰ লগত  থকা তলধৰা জৰী আৰু তলধৰা দাং বন্ধা হয়।সোঁগৰকাত ভৰি দিলে যিখিনি  ব'ৰলগত বান্ধি থোৱা হয় সেইখিনি ব' ই সূতাখিনি তললৈ টানি ধৰে । তাৰ বিপৰীতে ওপৰৰ নাচনী জৰীয়ে আনটো মূৰ দাঙি দিয়াত সূতাৰ মাজেৰে মাকো সৰকি যায়। এইদৰে মাকো মাৰি মাৰি এপুতল মান হোৱাৰ পিছত পুতল আগলৈ নিয়া হয়।পুতল ডালৰ জোঙা মূৰ দুটাৰে নতুনকৈ বোৱা  কাপোৰখনৰ দুয়োটা  মূৰে শিঙি দি পুতল ৰখোৱা হয়।  গৰকা, নাচনী, মাকো, দোৰপতিৰ খেলত কাজী শিপিনীৰ হাতে তাঁতৰ শালত যাদুৰ পৰশ দিয়ে। ৰ...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৪৫)    মাছৰ জোল আইলৈ বুলি গুটি জালুক দি ৰান্ধি দিলো ।‌ম ই আৰু মিলিয়ে  খৰিচাৰে টেঙা আঞ্জা হে ৰান্ধি খাইছিলো। খৰিচাৰে টেঙা দি ৰন্ধা মাছৰ টেঙা আঞ্জা খন আইয়েও বৰ ভাল পাইছিল। টেঙা আঞ্জা খালে বিষ বাঢ়ে বুলি হে আইক দিয়া নাছিলো। তদুপৰি খৰিচা খালে পুৰণি বেমাৰে উক দিয়ে বুলি শুনা যায়। বাৰীৰ পিছফালে  এডৰা কেঁচা হালধি আছিল। আগতে তাত ঋতু অনুসৰি বেলেগ বেলেগ শাক পাচলি লগাই পাচিয়ে পাচিয়ে বিক্ৰী কৰিবলৈ নিছিলো। পিছে স্কুলৰ চকীদাৰ হোৱাৰ পিছত সময়ৰ নাটনি হোৱাত  পাল মাৰি  এনেয়ে খুলি খান্দি খান্দি হালধিৰ মূঢ়া এফালৰ পৰা ৰুই গৈছিলো। সময়ত তাত বিৰাট এডৰা হালধি হৈছিল। তাকে খান্দি খান্দি দুপাচি হোৱাকৈ লৈ আনিছিলো। আইক হালধি থেতেলিয়াই কঁকালত বান্ধি দিছিলো। আকৌ ৰস উলিয়াই খাবলৈও দিছিলো।       ঘৰখনত আৰু এডোখৰ ঠাই আছিল যিডোখৰক মই  মলয়াৰ স্মৃতিৰ পৰশ সজীৱ কৰি ৰাখিবলৈ একেধৰণেৰে সজাই ৰাখিছিলো। তাৰ প্ৰতিটো ধূলিকণাতে , আনকি তাত বৈ থকা বতাহ খিনিতো মলয়াৰ পৰশ আছিল যেন বোধ হ...

बोधोदय

"।                     बोधोदय जाना ही पड़ेगा ।"-  एक छोटी सी नौकरी से गुजारा करनेवाले भाई ने अपनी छोटी बहन को निर्देश दिया।  घर में चार ही प्राणी थे। मां-बेटी और बेटा-बहू। बहू  रानी थोड़ा- बहुत पढ़ी लिखी थी। पर बिटिया तो जैसे पढ़ने लिखने के लिए ही धरती पर आईं हुई थी। पर गरीब की बेटी अपनी किस्मत  खुद लिखना भी चाहे तो कलम साथ कहां देती है? बहू घर आई तो बिटिया ब्याहने इधर उधर से दो-चार रिश्ते भी आए। उन्हीं में से एक को भाई ने चुना और लगे हाथ उसकी विदाई भी कर दी। बिटिया तो रो -रो  कर बेहाल हो गयी थी। पर कौन उसकी सुनते? बहू तो जैसे सातवें आसमान पर पहुंच गई थी।  "ननद की शादी करवाई है, भाभी कितना सोचती है ?"    पाॅच हजार वाली रिस्पसनिष्ट की नौकरी करने के समय से ही बेटा उसपर फिदा था। बिना वजह फोन कम्पनी वाली आफिस में जाकर टुकुर टुकुर ताड़ ने के साथ साथ इसके  उसके हाथ चाकलेट , पान  भी  भिजवा दिया करता था। जल्द ही प्यार की गाड़ी पटरी पर लाने में कामयाब भी हो गया।  दो-चार चमकदार फर्नी...

সিপাৰৰ সাঁকো(৪৪)

 #সিপাৰৰ সাঁকো                    (৪৪) পাকঘৰৰ চাল খন কেবাবছৰৰ মূৰে মূৰে খেৰেৰে চাই থকা হৈছিল।মূল ঘৰটোৰ চাল মলয়া থাকোঁতে ই টিনৰ আছিল। পাৰিলে গা ধোৱা ঘৰটো মামনি বাইদেউ হঁতৰ দৰে  পকাকৈ বনাব লাগিব বুলি ভাবি আছিলোঁ। টকা অৱশ্যে নাছিল কিন্তু মিলি ডাঙ‌ৰ হৈ অহাৰ লগে লগে মোৰ যেন এই এটা প্ৰয়োজনৰ অভাৱ  বৰকৈ অনুভৱ হৈছিল । মলয়া থাকিলে সেইটো ফৰমাইচ অত দিনে আহিলেইহেঁতেন ।  ধান মৰণাৰে মাৰি গুটি ধানবোৰ ৰখা ভঁৰালৰ পৰা  বৰবৰীৰ পৰা মাজে মাজে কাম কৰিবলৈ অহা মানুহ দুজনী য়ে জাৰি ৰ"দাই দিছিল। মই চাইকেলেৰে মিলত বনাই আনিছিলো।মিলো দুটা আছিল -এটালৈ নিলে তুহঁ চাফা হৈ  বগা  চাউল  হৈ  আহিছিল আৰু আনটোত  কেৱল তুঁহ আৰু চাউল সমানেই  ঘুৰি আহিছিল।  বৰবৰীৰ মানুহ দুজনী তেতিয়াই আহিছিল, আইয়ে এই দৰে মিলৰ পৰা আনি থোৱা চাউলৰ বস্তাবোৰ উলিয়াই সিহঁতক জাৰিবলৈ দিছিল। সিহঁত দুজনী য়ে চাউল জাৰিবলৈ বৰ ভাল পাইছিল। সিহঁতক দিনটোৰ হাজিৰা পইচাৰে দিয়াৰ উপৰিও চাউলৰ টোপোলা বান্ধি নিবলৈ দিব লগা হৈছিল।     'ঘৰৰ খেতি ক...

সিপাৰৰ সাঁকো (৪৩)

 #সিপাৰৰ সাঁকো                    (৪৩)    সেইদিনাৰ পৰা মই আইক জিৰণি ল'বলৈ দি ৰন্ধা-বঢ়াৰ দায়িত্ব  নিজেই লৈছিলো। আগৰেপৰা দুখন চৌকা বনোৱা আছিলেই। এখন ওখকৈ মাটি দি মই নিজে তৈয়াৰ কৰিছিলো । মলয়াই সৰুতেই দেউতাকৰ সৈতে ফুৰিবলৈ যাওঁতে হোটেল এখনত দেখা পাইছিল।তাইৰ  ইমানেই ভাল লাগিল যে  তাৰ বহুবছৰৰ পিছত দিয়া বৰ্ননা শুনি ও মই অতি সহজেই সেই চৌকা তৈয়াৰ কৰি দিছিলো। মৰমী পত্নীৰ ফৰমাইচ মতে সজোৱা চৌকাৰ বাবে আইয়ে  গৰিহণাহে দিলে।  আইৰ মতে সেইখন বাহি চৌকা , নগা চৌকা,  মতা মানুহৰ চৌকা আৰু কত কি যে নাম। অৱশ্যে মই ও বুজি পাইছিলো মহিলা সকলতকৈ পুৰুষ সকলৰ বাবে ই বেছি সুচল। তদুপৰি কম মানুহ থকা পৰিয়ালৰ বাবে ই অপ্ৰয়োজনীয় কিয়নো ইয়াত খৰিও বেছি লাগে। অৱশ্যে ওখ হোৱা বাবে ধোৱাঁবোৰ একাষেৰে  খিৰিকী ৰ দৰে কাটি বাহিৰলৈ উলিয়াই  দিয়া টো সহজ আছিল।  তাৰ  ফলত ধোঁৱাৰ সমস্যাটো কম হৈছিল।  চৌকাৰ ওপৰত হেন্দালি দি তাত চালনি দুখনো ওলোমাই থোৱা আছিল। মলয়া নোহোৱা হোৱাৰ পিছত আইয়ে পাকঘৰৰ সেই অংশটো ভাঙি পেলাবলৈ...

সিপাৰৰ সাঁকো (৪২)

 #সিপাৰৰ সাঁকো                       (৪২) নতুনকৈ  স্কুলঘৰটো নিৰ্মাণ কৰিবলৈ চৰকাৰী পূঁজি লাভ কৰিলত হেডছাৰে পৰিচালনা সমিতিৰ পৰামৰ্শ মতে  ইটাৰে নিৰ্মাণ কৰিবলগীয়া ঘৰটোৰ নক্সা তৈয়াৰ কৰি আনে। নিজৰ আপোন ঘৰ সজাৰ দৰে খুঁটিনাটি মাৰি এফালৰ পৰা কামবোৰ চিজিল কৰি গৈ আছিল। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা স্কুল খনলৈ কাম কৰিবলৈ অহা মানুহৰ সোঁত ববলৈ  ধৰে ।মোৰো কামৰ বোজা হ্ৰাস পোৱাত মই  মিলি আৰু আইক বেছি সময় দিব পৰা হৈছিলো। এনেদৰে থাকোঁতেই এদিন পুখুৰীৰ পৰা পানী তুলিবলৈ ল ওঁতে আইয়ে পিছল খাই পৰি কঁকালত দুখ পালে। প্ৰথমতে বৰ বিশেষ অসুবিধা পোৱা নাছিল।লাহে লাহে বিষটো বেছি কৈ অনুভৱ কৰি কষ্ট পোৱাত  মই চাইকেলেৰে গৈ দেৱীপুৰৰ পৰা এখন ৰিক্সা মাতি আনি মিলি আৰু আইক বহুৱাই লৈ হস্পিটেল খন লৈ লৈ গলো। হস্পিটেলত ডাক্টৰে ভালদৰে পৰীক্ষা কৰি বিশেষ একো নাপালে। জীৱনত প্ৰথম বাৰৰ বাবে ডাক্টৰ আৰু হস্পিটেল দেখি পোৱা আইৰ দেহাটোত ডাক্তৰেও একো খুঁত বিচাৰি পোৱা নাছিল। তিনিটা ল'ৰা ছোৱালীৰ মাক আৰু দেউতাক দুয়োজনৰ  হৈ দায়িত্ব পালন কৰি আক...

সিপাৰৰ সাঁকো (৪১)

 -#সিপাৰৰ সাঁকো                              (  ৪১)    আগৰ বাৰৰ দৰেই এইবাৰো দলদোপ হেন্দোলদোপ কৈ ল'ৰা বোৰ ওলাই গ'ল । প্ৰতাপৰ চাগে  ২৭-২৮ বছৰ মান বয়স আছিল। মাষ্টৰৰ  তিনিটা ল'ৰা ছোৱালীৰ মাজত সি সকলোতকৈ সৰু। ককায়েকে আন্দোলনৰ পাছত ঘৰলৈ  নাহিলেই।  ৰাজধানী চহৰতে মাটি কিনি ঘৰ সাজি  ডাঙৰ মানুহ হ'ল। ছোৱালী জনীয়েও শ্বিলঙৰ ফালে ডাঙৰ চাকৰি কৰি টাউনৰ পৰাই বিবাহ ভৱনত  বিয়া পাতি গাঁৱৰ ঘৰলৈ ঘূৰি নাহিল।  ঘৰৰ সম্পত্তি সকলো এতিয়া প্ৰতাপৰে। তাতে যোৱা  বছৰটোতে গাৱঁৰে মেলটৰীৰ  জীয়েক জনীৰ লগত লেটিপেটি হৈ বিয়া পাতিছিল । ছোৱালীজনীৰ দেউতাকে টাউনতে ঘৰ সাজিবলৈ মাটি কিনি লৈছিল। ঘৰ সজাৰ আগেয়েই মানুহটো মৰি থাকিল। বিধৱা মাকে  একো আওভাও নাপাই ছোৱালী জনী আৰু ল'ৰা দুটা ক লৈ বুঢ়া শহুৰেকৰ ওচৰলৈকে ঘূৰি আহে।টাউনৰ মাটি ‌টাউনতে পৰি থাকিল। ল'ৰা দুটা সৰু , ছোৱালী জনী ডাঙৰ। এতিয়া প্ৰতাপৰ লগত তাইৰ বিয়া হোৱাৰ  পাছত খুলশালী দুটাক চাকৰি দিবৰ বাবে  তলৰ মাটি ওপৰ কৰা বুলি শু...

সিপাৰৰ সাঁকো (৪০)

 #সিপাৰৰ সাঁকো                  (৪০) ল'ৰা ছোৱালীবোৰে পৰীক্ষাত ভালদৰে পাছ কৰাৰ বাবে আদৰ্শৰ নাম জিলিকি উঠিছিল। অসমৰ ভিতৰতে প্ৰথম হোৱা ছাত্ৰ-ছাত্ৰী নহ'লেও জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাই পাচ কৰিছিল গাঁৱৰ যোগানন্দৰ  পুতেকে। দুটা বিষয়ত সম্পূৰ্ণ ১৫০ নম্বৰকৈ  পোৱা  গাঁৱৰে ছোৱালীজনীৰ ৰিজাল্ট চাই হে চাৰে দুখ কৰিছিল ইংৰাজী আৰু বিজ্ঞান শিক্ষক থকা হ'লে  বাকীখিনি বিষয়তো সিমানেই ভাল নম্বৰ পালেহেতঁন। দেৱীপুৰৰ আটাইকেইটা ই প্ৰথম বিভাগত উৰ্ত্তীণ হয়।  কেইবাজনেও প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাটোৱে তেতিয়া ভেঞ্চাৰ স্কুল এখনৰ বাবে বহুত বেছি ভাল ফলাফল বুলি গণ্য কৰা হৈছিল।  সমষ্টিৰ বিধায়কে হেডচাৰক মাতি নি  কৃতী ছাত্ৰ ছাত্ৰীৰ শলাগ লৈছিল। গাঁৱৰ নতুনকৈ বেছি ধনী  হোৱা মানুহ বোৰেও  ল'ৰা ছোৱালীবোৰক দূৰৰ   হোষ্টেলত থৈ পঢ়ুওৱাৰ আগতে দুবাৰ ভাবিছিল । নাহৰতলিৰ  স্কুল লৈ চাইকেল চলাই যোৱা ল'ৰা কেইটাৰ  মাক বাপেকে সিহঁতক পিছৰ বছৰত 'আদৰ্শ'তে নাম লগাই দিলে। বাহিৰে বাহিৰে 'আদৰ্শ'ক লৈ আৰু বহুতো ৰাজনীতি ৰ পাক চলি আছিল।...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                                     ( ৩৯)           এল পি স্কুলৰ বৃত্তি পৰীক্ষাৰ বাবে তাইৰ আৰু জবাৰ নাম আগতীয়াকৈ নিৰ্বাচিত হৈছিল। দূৰৰ পৰা বদলি হৈ অহা এল পি স্কুলৰ  হেডমাষ্টৰজনে ইতিমধ্যে আমাৰ গাঁৱৰ ৰাস্তাৰ  কিনাৰৰ পথাৰৰ বিশাল এটা অংশ কিনি লৈ তাতে   ঘৰ বনাই নিগাজিকৈ থাকিবলৈ লৈছিল। মনিৰাম চাৰে ইতিমধ্যে    অৱসৰ লৈছিল।  নতুনকৈ অহাজনৰ  তিনিটা ল'ৰা ৰ মাজুটো আছিল মিলিৰ  সহপাঠী। সেয়ে মিলিৰ লগত সনাপিঠা আছিল। আইয়ে প্ৰায়েই      'ক'ৰ চিনিজানি নোপোৱা ঘৰৰ  ল'ৰা মানুহৰ লগত ছোৱালী মানুহে ইমান মিলামিচা কৰিব লাগে নেকি?'- বুলি বকিছিল। শিশুসুলভ সেই বন্ধুত্বত মই পিছে একো বাধা নিদিছিলো। লগৰীয়াৰ সৈতে খেলিলেহে সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব  গঠন হয় । তাতো ল'ৰা ছোৱালীৰ মাজত প্ৰভেদ কৰাটো বৰ বেয়া কথা । তদুপৰি তেওঁ লোক সন্মানীয় শিক্ষকৰ পৰিয়াল আছিল। কেৱল বেলেগ ঠাইৰ পৰা উঠি আহিল বা আমাৰ বংশ পৰিয়ালৰ চা-চ...

সিপাৰৰ সাঁকো(৩৮)

 #সিপাৰৰ সাঁকো                                (৩৮)      তাই সচাঁকৈয়ে শিকাইছিল। ল'ৰাৰ কিতাপ লোৱাৰ বয়স হোৱা নাছিল। কেৱল নন্দেককে আখৰ আৰু নেওতা  শিকাই কিতাপ পঢ়িব পৰা কৰি দিছিল।   নন্দেক জেউতিৰ ওচৰৰ ল'ৰা এজনৰ লগতে  বিয়া হৈ গৈছিল। মাকৰ আপত্তি সত্বেও ৰমেন  আৰু দেউতাকে মিলি  ডাঙৰকৈয়ে বিয়া পাতি দিয়ে। দৰাই চাকৰি নকৰে বুলিয়েই মাকৰ আপত্তি । পিছে তেওঁৰ আপত্তি নৰজিল। চাকৰি নহ'লেও জেউতিৰ সুখৰ সংসাৰ খন দেখি সকলোৱে ভাল পাইছিল। সেই সময়ৰ পৰাই জুপি ৰ সৈতে শাহুৱেকৰ  সম্পৰ্কটো বেছি বেয়ালৈ ঢাল খাইছিল। ঘৰৰ আনদুটা প্ৰাণীৰ অনিষ্ট সাধন কৰা সম্ভৱ নাছিল।সেয়ে সহজে অনিষ্ট কৰিব পৰা চিকাৰ হিচাপে জুপিকেই বাচি লৈছিল।  চুবুৰীয়া ইঘৰে সিঘৰে  তাইৰ বিৰূদ্ধে ইটো সিটো কৈ বদনাম ৰটি ফুৰিছিল।  'ভাল বস্তু লুকুৱাই খোৱা'ৰ দৰে কথাৰ  পৰা পুতেকক মাকৰ পৰা কাঢ়ি নিয়ালৈকে ------বহুত দীঘলীয়া  আছিল বদনামৰ তালিকাখন। অৱশেষত তেওঁ  নৰিয়া পাটীত পৰিছিল। দুইটি  কনমা...

সিপাৰৰ সাঁকো (৩৭)

 #সিপাৰৰ সাঁকো                                (৩৭)  ঠাই খনৰ উন্নতি ৰ লগে  লগে মানুহ বোৰো বৰ অদ্ভুত ধৰণে পৰিৱৰ্তন হৈছিল।   গাওঁ খনৰ  ভিতৰতে কেইবাটাও ভাগ হৈছিল। নামঘৰ দুভাগ হৈ পৰিছিল।তাৰ মাজতে এচাম পাবত গজা  নেতাৰ সৃষ্টি হৈছিল। সেইচামে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ নকৰা কাম নাছিল।  লাহে লাহে আগৰ দৰে মানুহৰ মাজত মৰম বোৰ নাইকিয়া হৈ আহিছিল ।  দিনটোৰ  হাড়ভগা পৰিশ্ৰমৰ অন্তত মোৰ  সময়ে নাটিছিল বেলেগ কথাৰ চিন্তা কৰিব লৈ। জুপি-তৰাৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিছিল। দুয়োজনীয়ে  দুটা কৈ ল'ৰা- ছোৱালীৰ মাক হৈছিল।তৰাৰ গিৰিয়েকৰ চাকৰি কাশ্মীৰৰ পৰা বেলেগ ঠাইলৈ  ট্ৰান্সফাৰ হৈছিল। তাই ল'ৰা ছোৱালী হালক লৈ সম্পূৰ্ণ ব্যস্ত হৈ পৰিছিল।     মাজতে ছোৱালী জনী জন্ম হোৱাৰ আগতে এবাৰ  ঘৰলৈ আহোঁতে আইৰ গাত ধৰি কন্দা কটা কৰি মিলি আৰু মোৰ বাবে ভীষণ ধুমুহা ৰ সৃষ্টি কৰিছিল। গতানুগতিক জীৱনত অভ্যস্ত হৈ পৰা আমি বাপেক জীয়েকৰ হালৰ মাজত  তৃতীয় জনৰ বাবে কোনো সুৰুঙাই নাছিল।...