সিপাৰৰ সাঁকো (৫১)
#সিপাৰৰ সাঁকো
(৫১)
তাৰ দৰে আন বহুতো ল'ৰাই মাক দেউতাকৰ জীয়া জীয়া সপোন এৰি থৈ হাবিৰ মাজত উদিত সূৰ্যৰ পতাকাৰ তলত বন্দুক তুলি লৈছিল। ইমান দিনে
কথাটো ঘৰৰ কেইটাৰ বাহিৰে বাকী মানুহে গম নোপোৱাকৈ থকা বুলি শুনিছিলো। পিছে পুলিচ - মিলিটেৰীৰ সঘন আহ -যাহ দেখি সকলোৱে জনাজনি হ'বলৈ ধৰিছিল। দূবাৰ মান খুব বেয়া কৈ মোমাইদেউ আৰু সৰুটোক শাস্তি দিয়া হৈছিল। বিয়া দিয়া জীয়েকহতঁক মোমাইদেৱে ঘৰলৈ আহিবলৈকে মানা কৰি দিছিল। সৰু ল'ৰাটোকো নিজৰ যি কেইপদ সম্পত্তি আছিল তাৰে দোকান এখন খুলি দি ঘৰৰ পৰা আতঁৰাই পঠাইছিল।
মাজে মাজে অকলশৰীয়া মোমাইদেউকে গাড়ীত তুলি নি অত্যাচাৰ কৰিছিল।
সেয়া অৱশ্যে আৰম্ভনিহে আছিল। অসমীয়াৰ তেজেৰেআৰু কিমান ফাঁকু খেলিবলৈ বাকী আছিল কোনেও নাজানিছিল। মোমাইদেউহঁতৰ পৰিয়ালটোৰ বিপত্তিয়ে আন বহুতৰো দশা হৈছিল। গাৱঁৰ মানুহেও পুলিচ মিলিটেৰীৰ ৰোষত পৰাৰ ভয়ত তেওঁলোকৰ
ঘৰখনলৈ যাবলৈ এৰিছিল। চেপা আতংকই বিৰাজ কৰা গাঁৱৰ মানুহৰ মাজত বহু ধৰণৰ উৰাবাতৰি বিয়পি পৰিছিল। চোৰাংচোৱাই নজৰ ৰাখে বুলি প্ৰচাৰ হোৱাৰ পিছত মোমাইদেউৰ লগত কথাবাৰ্তা পাতিবলৈকো এৰিছিল।
এনেয়ে মোমাইদেউ খামিডাঠ মানুহ আছিল। কিন্তু পুলিচ মিলিটেৰীয়ে কোবাই কামিহাড় ভঙাৰ পিছত শোকে অপমানে ম্ৰিয়মান হৈ মানুহ টোৱে বিছনা লৈছিল। মামীৰ মুখৰ মাতে হৰিছিল। কিবা যুগান্তকাৰী সমিধান বিচাৰি বুকুৰ 'কেঁচাসোণ' ডোখৰে বুকুত হাজাৰখন চুৰিৰে হানিছিল। ই যেন এটা যুগৰে অভিশাপ আছিল।
পিছলৈ স্কুলতো দেখা কৈ ল'ৰা ছোৱালীৰ আগত পতা মানা আছিল। কিন্তু মনে মনে চেপা মাতেৰে সকলোৱে কথাবোৰ পাতিছিল। ল'ৰাবোৰলৈ সকলোৰে সহানুভূতিয়ে আছিল। তাহাতঁৰ
পিছে পিছে ঘূৰি ফুৰা পুলিচ, মিলিটেৰীবোৰো কাৰোবাৰ ঘৰৰ সন্তান , কাৰোবাৰ গিৰিহঁত আৰু কাৰোবাৰ পিতৃ আছিল। কিন্তু একুৰা অদৃশ্য জুইত যেন সকলোৱেই ছাৰখাৰ হ'ব ধৰিছিল।
অৱশ্যে তেতিয়ালৈকে বাহিৰে বাহিৰে প্ৰায় সকলোবিলাক অতি সুন্দৰকৈ চলি আছিল। মোমাইদেউহঁতৰ ঘটনাটো নোহোৱা হ'লে মোৰ বাবেও এই বিষয়টো তেতিয়াও 'দূৰণিৰ উকি' এটাৰ দৰেহে হৈ থাকিলহেঁতেন।
কথাবোৰ ভাবি থাকোতেই গাড়ীৰ হৰ্ণ শুনি বাহিৰলৈ চাওঁতে দেখিলো , ৰজনী আহি পাইছিল। ৰূপাই 'দেউতা আহিলে !' বুলি মাকক ক'বলৈ ভিতৰলৈ সোমাই গৈছিল। ৰূপাৰ মাত শুনি নমিতা আৰু আইয়ে মজিয়াত ভাত বাঢ়িলৈ ৰজনীক হাত-ভৰি ধুই আহিবলৈ ক'লে। ৰজনীয়ে হাত-ভৰি ধুই আহি আকৌ চ'ৰা ঘৰত বহি লৈছিল। সি মজিয়াত বহি ভাত খাবলৈ বেয়া পাইছিল। ৰূপা আৰু মিলিক আইয়ে মজিয়াত বহাই ভাত খুৱাই থাকোতে নমিতাই কওঁ নকওঁকৈ আইক ক'লে-
' তেওঁলোকক বাহিৰতে খাবলৈ দিওঁ।'
মজিয়াত বহি ভাত খোৱাৰ বাহিৰেও যে ভাত খোৱাৰ বাবে অন্য ঠাই থাকিব পাৰে আইৰ চিন্তা ই ঢুকি নাপায়ছিল। তেওঁ বুজি নোপোৱা বাবে মই মিছাকৈয়ে ক'লো-
'সি গোটেইখন ভ্ৰমি আহিছে। মজিয়ালৈ আহিবলৈ বেয়া পাইছে। ' -এইবাৰহে কথাটো আইয়ে টং কৰিলে।
নমিতাইও আইৰ নিৰ্দেশ পাই ভাতৰ কাঁহী, মাছৰ জোল তৰকাৰীৰ বাতি উঠাই আনি মিলিৰ পঢ়া-টেবুলত দিলে।
মই প্ৰথমবাৰৰ বাবে আমাৰ ঘৰত ভাত-খোৱা টেবুল এখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলো। সঁচাকৈয়ে, মজিয়াৰ পৰা টেবুললৈ কেতিয়া উঠিলো জানো?
আগলৈ
দুলুমণি
১৯/৯/২০২০
Comments
Post a Comment