চুটিগল্প--     #প্ৰেম_প্ৰেম_জখলা


       -----দুলুমণি গগৈ

        

         গাড়ীৰ পৰা নামি তিনিওটা কৃষ্ণচূড়াৰ তলত  ৰৈ থকা দেখি সেইফালে আগবাঢ়ি গ'লো। দ্ৰাইভাৰে মই এৰি থৈ অহা ফোনটো হাতত দি থৈ গ'লহি।পাৰ্চত মোবাইলটো ভৰাই থাকোতে প্ৰিঞ্চ কেতিয়ানো আগবাঢ়ি আহি কেমেৰাৰে মোৰ  অন্যমনস্ক ফটো বোৰকে বন্দী  কৰি আছিল ক'ব নোৱাৰিলো। চকুত চকু থৈ সি  কৈ উঠে- 

 "এই গুণাৰৰ  বুটাবছা নীলা কাপোৰ যোৰ তোমাৰ লাৱনী বগা দেহাটোত শুৱাই পৰিছে মাধু। তাতে ওপৰলৈ তুলি বন্ধা খোপাটো ! একেবাৰে সোণত সুৱগা চৰিছে।"  

      প্ৰিঞ্চৰ প্ৰশংসা-সূচক কথাত  মই বিশেষ গুৰুত্ব নিদিয়াত সি অলপ আহত হৈ মোলৈ চাই তলমূৰ কৰিলে। ইমান বোৰ বন্ধুৰ মাজত সিহে আছিল মোৰ ৰূপৰ প্ৰশংসা কৰিবলৈ! মই  একো উত্তৰ নিদিয়াকৈ থকাত ধ্ৰুব আৰু প্ৰতীকে মোক ‌ মৃদু ধমকনিৰে ইতিকিঙৰ সুৰত কৈ উঠিল-

   "কি হে তুমি ! অথনিৰে পৰা আমাৰ প্ৰিঞ্চেচ ৰৈ আছে তোমাক বাইকত তুলি নি সৰস্বতী পূজা  দেখুৱাবলৈ। ইফালে তুমি আহিয়েই ইয়াক এটিটিউদ্ দেখাইছা!"

      মই মুখ খন বেঁকা কৰি ধ্ৰুবলৈ পেন্দোৱাকৈ চালো। সিহঁত দুটাই গিৰ্জনি মাৰি হাঁহি প্ৰিঞ্চলৈ চালে। 

ভাৱলেশহীন প্ৰিঞ্চে সিহঁতৰ কথাত একো মাত নামাতি মোৰ ফালে চাই ক'লে-

  "মাধু , আঁহোতে ৰাইচা আৰু প্ৰতাশ্যাক বব্ চ'ত দেখি আহিছো। "

      মোৰ মুখত শ্লেষাত্মক হাঁহি বিৰিঙি উঠিছিল। কলা চামৰাক আৰু কিমান মেক্আপ লগাই বগা কৰিব ! এতিয়ালৈকে পাৰ্লাৰতে আছে দুয়োজনী!!

     মই  প্ৰিঞ্চক একো উত্তৰ নিদি কলেজৰ  টিচাৰচ্ কমন ৰূমলৈ কেৰাহিকৈ চাই পঠিয়ালো। বিশাল দত্ত চাৰক মানে মোৰ বিশালক নেদেখি মনটো উচপিচাই আছিল। মোৰ এই জুই ৰূপ দেখি আজি মোক প্ৰপ'জ কৰাটো নিশ্চিত। যেনে তেনে  তেওঁৰ সন্মুখীন হ'বই লাগিব।

        তেনেতে ধ্ৰুবই মোক চকুৰ ইংগিতেৰে গেটৰ ফালে দেখুৱালে। মই সেইফালে চাই নতুনকৈ আমাৰ কলেজত জইন কৰা  জুল'জিৰ এচিস্টেন্ট প্ৰফেচাৰ তৃষ্টিপ্ৰিয়া মেমক গাড়ীৰ পৰা নমা দেখি  খঙতে ধ্ৰুবক বিদ্ৰূপৰ  চাৱনিৰে চাই ক'লো-

 "যা আকৌ, আদৰি আনি কোচত তুলি ল'!  য়াক! হাও অ'ল্ড ফেই'চ'ন্দ!"

       "গুড্ মৰ্নিং  তৃষ্টি মেম! হেপ্পী সৰস্বতী পূজা!  "

       "  গুড্ মৰ্নিং! পূজাত কিন্তু বৰ ধুনীয়াকৈ সাজি পাৰি আহিছা দেই! ৱাও  মাধুৰীমা ! ইউ লুক গৰ্জিয়াছ! "   

  ৰাইচা আৰু প্ৰতাশ্যা  কোন ফালৰ পৰা আহি ওলালেহি  নেদেখিলো। আহিয়েই সিহঁতৰ প্ৰিয় প্ৰফেছাৰ গৰাকীক দেখা পাই অভিবাদন জনালে।  জুল'জি প্ৰফেছাৰে মোকো খোঁচ মাৰি কথা এষাৰ কৈ থৈ গ'ল।

প্ৰতীকে তেওঁ যোৱাৰ ফালে চাই ক'লে,-

   "এওঁ উপজিয়ে স্কুললৈ গৈছিল নেকি অ' ?  দেখিলেতো একেবাৰে লগৰ ছোৱালীৰ নিচিনা লাগে।  "

    "হয়তো  ! বি দিক পাছে পাছে খেদি ফুৰে। আগতে একেলগে পঢ়িছিল বোলে ! "  

 " হুহঁ! বি দি আৰু এওঁ? জাষ্ট ইমেজিন!!!"-- ধ্ৰুবৰ কথাত মই চিঞৰি দিলো।মোৰ মাতটো বেছি জোৰত ওলাল নেকি?

  "বৰ ধুনীয়া কাপল ন?"

মোৰ বুকুত যেন সি গজালহে মাৰি দিলে। মই কাকো একো নোকোৱাকৈ গজং-গজংকৈ খোজকাঢ়ি গৈ কলেজৰ বাৰান্দাত উঠিলোগৈ। মোৰ পিছে পিছে প্ৰিঞ্চআৰু ৰাইচাহঁত।   লাইব্ৰেৰীৰ সন্মুখত পূজাৰ বেদী পাতি পুৰোহিতে মন্ত্ৰ মাতি পূজা কৰিয়েই আছিল। মোৰ বৰ বেছি আকৰ্ষণ নাছিলেই। সকলোৱে কৰাৰ দৰে ধূপ আৰু চাকি জ্বলাই নিয়মটো কৰি ওলাই আহিছিলো।  ফোঁটো লোৱা নাছিলো। 

 দ্ৰাইভাৰে নমাই থৈ যোৱাৰ পাছৰপৰাই এটা মাত্ৰ চাৱনিৰ আশাত ৰৈ আছো, সেই বিশেষ জনৰ।

      বি.দি. , --মোৰ বিশাল! কিন্তু তেওঁ ক'ত? 

      পূজাৰ বেদীৰ ওচৰলৈ আহিবই। নিৰ্মালি লৈহে বাকী কামত লাগিব। মই আকৌ ঘূৰি গৈ  পূজাৰ প্ৰতিমালৈ চাই এনেয়ে মূৰটো দোৱাই লাইব্ৰেৰীৰ একেবাৰে সন্মুখৰ চকী কেইখনত বহি ল'লো। ৰাইচাই বিৰক্ত হৈ মোক ক'লে--

-------  "পৰুৱাই পালে নেকি অ'? ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছ যে?"

প্ৰত্যাশাইও মাত লগালে- " বাই দা ৱে , আমি কি আজি ইয়াতে চেণ্ডেল চোঁচৰাই চোঁচৰাই ঘূৰি থাকিম ? "

মই বিৰক্তিৰে উত্তৰ দিলো-

 ----- অ' প্লীজ !  ইয়ৰ  হেণ্ডচাম  প্ৰিন্স ইজ  ৱেইটিং  ফৰ হিজ  প্ৰিঞ্চেস প্ৰীতু । প্ৰচিড !"

 ----- "মোৰ কোনো প্ৰব্লেম নাই! তাক ৰেডী কৰাই দেচোন।"


   প্ৰত্যাশাই  প্ৰত্যুত্তৰত কৈ মোৰ ফালে চাই অৰ্থপূৰ্ণ হাঁহি মৰাত মোৰ খং উঠিল।

 ---- "অ প্লীজ! দিছগাস্টিং ফিল কৰাই নাথাকিবি দেই। ইউ গ' এহেড্।"

  ------"হাউ কেন আই ? সি ইজ দেচ্ পাৰেটলি ফলেন  ফৰ ইউ। তোৰ কাৰণেই ইমান দিনে মোৰ একো নহ'ল কিন্তু প্ৰিঞ্চৰ লগত।"

 প্ৰত্যাশাই যেন আজি হেস্ত-নেস্ত কৰিহে এৰিব।

------"মোৰ কোনো ইণ্টাৰেষ্ট নাই তোৰ প্ৰিঞ্চ-ফ্ৰিঞ্চৰ প্ৰতি। ইফ হি ইজ নট ইণ্টাৰেষ্টেড ইন ইউ দেন ইটচ্ ইয়ৰ প্ৰব্লেম। বাই দ ৱে , মোৰ চুইট্ হাৰ্ট কোন সেই কথাটো তই এতিয়ালৈকে নাজান নেকি?"

এই বুলি কৈ তাইলৈ চাওঁতে বি.দি. আৰু তৃষ্টিমেমক পূজাৰ বেদীত সেৱা কৰি থকা দেখি মোৰ  কলিজাৰে শেলপাত সৰকি যোৱা যেন লাগিল। প্ৰত্যাশীৰ আগত লাজ পাই মই বি.দি.ৰ কাষত থিয় দিমেই বুলি আগবাঢ়ি গ'লো। তেওঁ মোবাইল ফোনেৰে তৃষ্টিমেমৰ ফটো উঠাই আছিল। মোক দেখিও নেদেখা ৰ ভেশচন ধৰাত মই  যে ইমান লাজ পাইছিলো ৰাইচা আৰু প্ৰতাশ্যাৰ আগত। 

  মইয়ে আগতে মাত দিলো-

   - "হাই চাৰ!"

    - "অহ্ মাধুৰীমা! লুকিং গৰ্জিয়াচ!"

  -  "থেংক্ ইউ চাৰ!"

   --- "ৰবা! তোমালোকৰ ফটো উঠাওঁ।"

মোৰ ধৈৰ্যৰ বান্ধ চিগি গৈছিল। উদ্ধত ভংগিমাৰে তেওঁৰ হাতত ধৰি লাইব্ৰেৰীৰ ভিতৰলৈ টানি নিয়াত পিছে পিছে 

তৃষ্টি মেম দৌৰি আহিল। তেওঁৰ পিছে পিছে ৰাইচাহঁত।

মোৰ আকস্মিক টনা-টনিত অকণো আপত্তি নকৰাকৈ তেওঁও গুচি আহিছিল যেন লাগিছিল। পিছে মোৰ কথা নুশুনাকৈয়েই তেওঁ তৃষ্টিমেমক কৈছিল 

 "চোৱাচোন এই পাগলীজনী।"   এইবুলি তেওঁ মোবাইল ফোনেৰে ফটো তুলি মোক ক'লে -

"এফ বিত তুমি পঠোৱা ফ্ৰেইন্দ ৰিকুৱেষ্ট মই এক্চেপ্ট কৰিলো। তুমি তাৰপৰাই ফটো বোৰ লৈ লবা। "

   অহ্ ! মই যেন নিজৰ কাণদুখনকে বিশ্বাস কৰিব নোৱাৰিলো। বৰফ গলিছে নেকি বাৰু? ইমান দিনে তেওঁ মোৰ 'ফ্ৰেইন্দ ৰিকুৱেষ্ট ' এক্চেপ্ট নকৰা বাবে মই একো গম পাব  পৰা নাছিলো তেওঁৰ বিষয়ে।

 মোৰ সপোনটো ফলিয়াবলৈ বেছি দেৰি নাছিল চাগে। পিছে বি. দি. আঁতৰি যোৱাৰ লগে লগে ৰাইচাহঁতে মোক জোৰকৈ টানি লৈ গৈছিল সৰস্বতী পূজাৰ মণ্ডপে মণ্ডপে ঘূৰিবলৈ। দিনটোৰ প'জ দিয়া,  ফটো তোলাৰ পৰা আহৰি নাপাই গধূলি ঘৰতহে মোৰ বি.দি. ৰ ফেচবুকৰ কথা মনত পৰিল।লগে লগে এফ বি  একাউণ্ট খুলি চাই তেওঁক মোৰ ফ্ৰেইণ্ড লিষ্টত পালো।

তাত তেওঁৰ শেষৰ আপদেটত আমাৰ ফটো বোৰৰ লগতে তৃষ্টি মেমৰ ফটোও দিছে। 


কিন্তু তৃষ্টিমেমৰ বিষয়ে লিখা কথাখিনি আছিল-


 # আলহী পক্ষী মই

 তাতো যে হেজাৰ  দুখ!

 আয়ুসে নুকুলায়, 

 প্ৰাণবায়ু থমকি যায়, 

  স্তব্ধতাটো স্পন্দিত হৈ পৰা তোমাৰ হাওঁফাওঁৰ

 কাষতে  ৰ'ম সদায়

তোমাৰ হিয়াৰ পোহৰত আশাৰ কঠিয়া সিঁচি

ঢিমিক-ঢামাক শলাগছিৰ কাষতে জটায়ুৰ বেশ ধৰি

অন্তিম সময়তো কৈ ৰ'ম 

 তোমাকেই ভাল পাওঁ,

 তোমাকেই ভাল পাওঁ,

তোমাকেই ভাল পাওঁ!!!

# যাৰ অনুগ্ৰহৰ বাবে মই  দুদিন মান বেছিকৈ এই পৃথিৱীৰ আলহী হৈ আছো।#

    আৰু লিখিছিল  চিভিয়েৰ ক্ৰণিক অবষ্ট্ৰাক্টিভ পাল্ মনাৰি দিজিজ(COPD) ত ভূগি মৃত্যুৰ দুৱাৰদলিৰ পৰা বচাবলৈ তৃষ্টি মেমৰ হাওঁফাওঁৰ এটা  অংশ তেওঁক দান কৰিছিল বুলি জনাৰ  পিছত তেওঁৰ প্ৰতি মোৰ কোনো আকৰ্ষণ বাকী নাথাকিল।  মই  অতি সহজেই তেওঁক দেখিলে পুতৌৰ চাৱনিৰে  শ্লেষৰ হাঁহি মাৰিব পৰা হ'লো।

      অৱশ্যে সিদিনাই মোৰ হোৱাটচ্ এপলৈ  এটা মেচেজো আহিছিল-

   'তুমি ইমান ধুনীয়া। আত্ম-সন্মান ৰাখি কাম কৰিলে জীৱনৰ আচল আনন্দ পাবা। আজি তোমাক বি.দি.ৰ আগত ইমান দেচ্ পাৰেট হৈ পৰা দেখি মোৰ নিজৰ প্ৰতিয়েই বিতৃষ্ণা উপজিল। আজিৰে পৰা মই তোমাৰ মোহৰ পৰা মুক্তি লাভ কৰিলো। প্ৰেমৰ জখলাত উঠিবলৈ তুমি আত্ম-সন্মানৰ জখলাৰ পৰা সৰি পৰা দেখি মোৰ মোহভংগ হ'ল।'

                   প্ৰিঞ্চ


  মই সঁচাকৈয়ে মূৰ্খ আছিলো। শিক্ষা নললো মই।  পোন্ধৰটা  বছৰৰ পাছতো নিজৰ অহংকাৰী স্বভাৱটোৰ কাৰণে স্হায়ীকৈ কাৰো অন্তৰত বহিব নোৱাৰিলো।  আৰু প্ৰেম?  বহুবাৰ হ'ল। বহুবাৰ গ'ল। 

    প্ৰিঞ্চ - প্ৰত্যাশাৰ এহাল ল'ৰা ছোৱালী। সি দেউতাকৰ ব্যৱসায়ৰ অংশীদাৰ।

    ৰাইচা কলেজ প্ৰফেছাৰ। 

     ধ্ৰুব আৰু প্ৰতীক দুয়োটা বিদেশত । 

     তৃষ্টিমেম বি. দি.ৰ বিধৱা পত্নী। জীৱনৰ সুন্দৰ সময়বোৰ জীপাল কৰি তেওঁ অহৰহ লিখি গৈছে এখন উপন্যাস।

   ' জীপাল জীৱন' । 

      মই দেখোন একোৱেই হ'ব নোৱাৰিলো।

*****************************************************************************

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)