সিপাৰৰ সাঁকো (৭০)

 #সিপাৰৰ সাঁকো


                   (৭০)

মিলিৰ ভাগ্য  ভালেই  আছিল নে বেয়াই  জনা নাছিলো।  তাইৰ নামেৰে সৈতে মোৰ স্কুলৰ ঠিকনাত এখন চিঠি আহিছিল। সেই চিঠিখনত তাইৰ বাবে এটা প্ৰৱেশ পৰীক্ষাত বহিবলৈ এড্ মিট কাৰ্ড আহিছিল। মামনি বাইদেৱে কেতিয়ানো এখন অতি উচ্চখাপৰ বিনামূলীয়া শিক্ষা প্ৰদান কৰা আৱাসিক বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰপত্ৰ পূৰণ কৰি দিছিল মোৰ মনত নপৰে। অৱশ্যে এদিন 


      'দেউতা,  তোমাক এই ফৰ্ম খনৰ এই -ইয়াত  নাম লিখি দিব লৈ কৈছে ।' 


  বুলি স্কুলত থাকোঁতেই মিলিয়ে কৈছিল। মই তাইৰ আগত  নিজৰ কুকুৰাঠেঙীয়া আখৰ কেইটা লিখিবলৈ লাজ কৰি অলপ দূৰত নিজৰ নাম টো লিখি তাইৰ হাতত কাগজখন দি দিছিলো। তাই পুনৰ মামনি বাইদেউক সেই  কাগজখন দি দিছিলেগৈ। মোৰ  কোনো ধাৰণাই নাছিল এই  কাগজ খনৰ বিষয়ে। 

অৱশেষত এই চিঠিখন পাই তাই গম পালে যে পৰীক্ষাত উত্তীৰ্ণ হ'লে তাইৰ বাবে স্কুলৰ দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ কোনো খৰচ নালাগিব। একেদৰেই জবা আৰু আন কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ বাবে ও সেই প্ৰবেশ পত্ৰ আহিছিল। 

  নিৰ্দ্দিষ্ট দিনত বহু দূৰৰ এখন স্কুলত অনুষ্ঠিত হোৱা  সেই প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিজ নিজ  অভিভাৱকৰ তত্বাৱধানত  সকলো ৰাওনা হৈছিল। মোৰ পিছে অকণো ইচ্ছা নাছিল। মোৰ একমাত্ৰ সন্তানৰ পৰা আতঁৰত থাকিলে জীৱনৰ প্ৰতিয়েই   মোহভঙ্গ হ'ব পাৰে বুলি অনুমান কৰিছিলো। 

      সি যি কি নহওঁক নজনা টো জনাৰ , নেদেখা টো   চোৱাৰ প্ৰতি থকা অফুৰন্ত জিজ্ঞাসা লৈ মিলিয়ে সেই প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ পিছত সকলোৱেই সেই বিষয়ে পাহৰি গৈছিল। ময়ো দুনাই সেইবিষয়ে যথাসম্ভৱ পাহৰি থাকিবলৈ চেষ্টা কৰিলো। 


তেনেতে মামনি বাইদেউৰ  বিয়াৰ বাবে  কেইবাটাও প্ৰস্তাৱ আহিছিল। তেওঁ  মোমায়েকৰ ঘৰতে থাকি পঢ়া-শুনা কৰোঁতেই এজন আঢ্যৱন্ত ঘৰৰ শিক্ষিত ব্যক্তি ৰ সৈতে বিবাহৰ  যো-জা চলিছিল। অতি কম বয়সতে চিন্তাশীল মামনি বাইদেউৰ সেই ব্যক্তিজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। কলেজ শেষ নকৰাকৈয়ে বিবাহপাশত আবদ্ধ হ'বলৈ তেওঁৰ মন নাথাকিলেও প্ৰেমাস্পদৰ আকুলতাই তেওঁক তাৰ বাবে সৈমান কৰাইছিল ।  বিয়ালৈ দুদিন থাকোঁতেই এটি দুবছৰীয়া কন্যাশিশুৰ সৈতে এগৰাকী মহিলাই আহি উদঙাই দিছিল তেওঁৰ প্ৰেমিক জনৰ আচল ৰূপ। দুই এগৰাকী বান্ধৱী ৰ পৰা পাছত তেওঁ গম পাইছিল যে সেই জনাই আগতেও তেনে কাৰ্য কৰিছিল। চলাহী কথাৰে মৰম যাঁচি তেওঁৰ অন্তৰত দিয়া আঘাত সহ্য কৰিব নোৱাৰি মানুহৰ ওপৰত বিশ্বাসেই হেৰুৱাই পেলাইছিল। অৱশেষত তেওঁ যেনে-তেনে কলেজৰ অন্তিম পৰীক্ষাটো দি ঘৰলৈ ঘূৰি আহিছিল। মাকৰ আপত্তি সত্বেও ভেঞ্চাৰ স্কুলত খাটি বিয়াৰ বয়সে ভাটি দিয়া লৈকে আবিয়ৈ হৈ আছিল। ভায়েক ভনীয়েক হঁতৰ বিয়া-বাৰু হৈ যোৱাৰ পাছত মাক - দেউতাকে তেওঁক বিয়াৰ বাবে জোৰ কৰিয়েই আছিল।  মাজতে পৰিয়ালটো ঘুকুট গাঁৱৰ পৰা স্কুলৰ কাষলৈ উঠি আহিল। 

    মামনি বাইদেৱে তেওঁলোকৰ কথা মানিয়েই শেষত বিয়াত বহিবলৈ সন্মতি প্ৰদান কৰে। খুব কম দিনৰ ভিতৰতে এজন অত্যন্ত গুণৱান আৰু মৰমীয়াল টাউনৰ চাকৰিয়াল মানুহৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। 

   

      ইতিমধ্যে বহুতো ছাত্ৰ-ছাত্ৰী ৰ মাজৰ পৰা মিলি, জবা আৰু সিহঁতৰ লগৰ প্ৰভাস নামৰ ল'ৰা জন সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাত  আবাসিক বিদ্যালয়ত  নাম ভৰ্তি কৰিবলৈ চিঠি আহিছিল।


৮/১০/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)