সিপাৰৰ সাঁকো (৬)
পঢ়ি কেনে পালে মন্তব্য আগবঢ়ায় যেন।
#সিপাৰৰ সাঁকো
( ৬)
দুখন চাইকেল পাৰ হৈছিল। দুজনী মাইকী মানুহক চাইকেলৰ কেৰিয়াৰত উঠাই নিয়া যেন লাগিল। তৰাদৈবাই ওলোটাকৈ থকা চিটত বহি থকা কাৰণে পাৰ হৈ যোৱা চাইকেল দুখন বেছি দেৰিলৈকে দেখিলে। তাই ক'লে জুপি মানে মোৰ ডাঙৰ ভনী পালেহি। মই ভালেই পালো অন্তত: তাই আইক বুজাব পাৰিব। নহ'লে দদাইদেউহঁতৰ খোচা-বিন্ধা কৰা কথাবোৰে আইক যে মোৰ প্ৰতি বেছি অসন্তুষ্ট কৰি তুলিব সেইটো মই জানিছিলো। দদাইদেউহঁত আজিকালি বেয়া নহয়। একেটা ঠালৰ, পৰিয়ালৰে মানুহ। পিতাইৰ দুই ভায়েক। কিন্তু এলান্ধুকলীয়া চিন্তাবোৰ এৰিব নোখোজে। শিক্ষা-দীক্ষা নথকা গাঁৱলীয়া হোজা ,সেইবুলি কুৰ্চুটীয়া -কপট ভাৱ যে নাই তেনে নহয়। নিজৰ আপোন হ'লেও মৰাক মাৰি খোৱা হলাগছ দেখি বাগী কুঠাৰ মৰা কামবোৰ আমাৰ লগতে কতবাৰ কৰিছে। পিতাই সিফলীয়া হোৱাৰ পিছত আমাৰ অৱস্হা পানীত হাঁহ নচৰা হৈ পৰিছিল। মই নিৰ্বোধ বালক আৰু জুপি-তৰা কোলাত লৈ ফুৰা কেঁচুৱা। আইৰ ঘৰৰো কোনো তেনেকৈ নাছিল। আইক ভেঁটিৰ পৰা উৎখাত কৰি আমাৰ ভাগৰ মাটিকেইডৰা সিহঁতৰ সম্পত্তি হিচাপে পাবলৈ কোনো কাৰচাজি বাকী ৰখা নাছিল। গাৱঁৰ বহুতে যৌথ পৰিয়াল কৰি পৰিয়ালৰ দুৰ্বল ঠালটোক আৱৰি ৰাখে। ভিতৰত আচলতে কিমান মৰম-চেনেহ আছে সেয়া জনা নাযায়, কিন্তু আনে আসৈ নাপায় সতকাই। আমাৰ ক্ষেত্ৰত পিছে ওলোটাহে হৈছিল।
গাঁৱৰ সমাজ খনত বৰ বেছি শিক্ষা- দীক্ষা নহ'লেও মানুহ বোৰ সৰল আৰু ধৰ্মভীৰু। শিক্ষা দীক্ষা থকাসকলে কীৰ্ত্তন , ভাগৱতৰ জ্ঞানৰ মহিমাৰে আনকো সজ পথৰ সন্ধান দিয়ে ।ৰাইজ এখন নামঘৰত যেতিয়া গোট খায়, তেতিয়া বিচাৰ এখন বিচাৰিলে ন্যায় নোপোৱাকৈ কোনো নাথাকে। ব্যক্তিগত ভাৱে কোনোবাই আক্ৰোশমূলক সিদ্ধান্ত ললেও মণিকূটলৈ চাই জ্ঞানী জনে অপৰাধ নকৰে। মই ভাবো তাৰেই আপাহত যদিও আইয়ে কোৱা মতে মাত্ৰ এটা মতাল'ৰা থকাৰ সুবাদতহে ভেঁটি ৰখীয়া হৈ অতবছৰে মই বুজন মানুহ হোৱালৈকে ঘৰখন ধৰিলে।
মই বুজন হৈছিলো মলয়া অহাৰ পাছত ।
'মলয়া .......।'
উস্, মোৰ হৈছে কি ? কোনো সাৰ- সিকটি নাই তাইৰ। অথচ বাৰে বাৰে মোৰ মনটো যেন ক'ৰবাত হেৰাই গৈছে। মোৰ আচলতে বেছি চিন্তা কৰিব পৰা শক্তি কেতিয়াও নাছিল । মলয়াই চিন্তা কৰি কৰি মোক কথাবোৰ কৈছিল। মই শুনিছিলো।
যোৱাৰাতিৰ পৰা তাইৰ সৈতে কথা পাতিবলৈ পোৱা নাই। তাইৰ অবিহনে মোৰ মনটোৱে যেন তাইকে বিচাৰি পগলাৰ দৰে অ'ত ত'ত ঘূৰি ফুৰিছে। মলয়াৰ শৰীৰটো মোৰ কাষতে সাৰ -সিকটি নোহোৱাকৈ পৰি আছিল । কিন্তু মোৰ মনটোৱে তাইৰ চিন্তা বোৰ, তাইৰ কথাবোৰ মনত পেলাই উন্মাদ প্ৰায় হৈ পৰিছিল।
কেচেমা-কেচেম গোন্ধটো নাকত সোমাইছিল। কিন্তু মই বেয়া পোৱা নাছিলো। গাড়ীখন নতুন । পলিথিন এৰাই নাই চিটৰ পৰা । এটা নতুন নতুন গোন্ধ উপঙি আছিল ভিতৰখনত।
কেঁচুৱা টোপনি গৈছিল। সেয়ে নিস্তব্ধতা । গাওঁবোৰত ফুটগধূলিতে মানুহে খাই -বৈ শুই পৰে।
আঘোণ সোমাইছিল হে। কাষৰ পথাৰবোৰ খালী , আগতীয়া ধান আছিল চাগে। চেঁচা বতাহ এজাক সোমাই আহিছিল। মলখুৰ মাকে খোলা আইনাৰে মুখখন বাহিৰলৈ উলিয়াই দিলে। চেঁচা বতাহ জাক গাড়ীৰ ভিতৰলৈ সোমাই আহিব নোৱাৰিলে। মই বুজি পাইছিলো কেচেমা-কেচেম গোন্ধ সহিব নোৱাৰি তেওঁ তেনে কৰিছিল। টাউন পাবলৈ এতিয়াও বহুত সময় আছিল।
২৫-৩০ মাইল ৰাষ্টা। আধাখিনি গাৱঁলীয়া একাবেঁকা। কেঁচা ৰাস্তা। বাৰিষা ৰাতি গাড়ী চলোৱাৰ কথা কল্পনাই কৰিব নোৱাৰি। খৰালি ভাল। পকা ৰাষ্টাখিনিও নাম মাত্ৰহে পকা । কিন্তু গাঁৱৰ ৰাষ্টাত কৈ বহল আৰু দুয়োকাষে ডাঙৰ ডাঙৰ পকী ঘৰৰ শাৰীবোৰৰ সৈতে টাউনীয়া টাউনীয়া লাগিছিল। আমাৰ গাৱঁৰ বহুতকেইঘৰ ধনী মানুহ উঠি গৈ তাত পকীঘৰ সাজিছিল। পকা ৰাষ্টাখিনি শেষ হৈ কেঁচা অংশ আৰম্ভ হোৱা ঠাই ডোখৰত এটা চাৰিআলি , যাক নাহৰতলি চাৰিআলি বুলি কয়।তালৈকে দিনত দুখনকৈ বাছ চলাচল কৰিছিল।
মই ঠগীকাই আৰু দুটামানে দুবাৰ মান চাহবাগানৰ দূৰ্গাপূজাৰ মেলাত দোকান দিবলৈ মাল কিনিবলৈ টাউনলৈ গৈছিলো । মলয়াই জোৰ কৰি নাহৰতলিৰ পৰা বাছ গাড়ীত উঠাই দিছিল । তাইক লগ ধৰোতে তাই ভেকাহি মাৰি কৈছিল-
'সেইকেইটা টকাৰে পূজাৰ বেলুন দুপেকেট মানকে সৰহকৈ লৈ আনিবা। দুপইচা বেছি লাভ হ'ব।'
খালি টকা কেইটামান লাভ কৰিব লাগে, সাঁচিব লাগে , ল'ৰা-ছোৱালী হোৱাৰ আগতেই পঢ়াশুনাৰ নামত টকা জমা কৰিব লাগে !
মই ঈশ্বৰক খাটিছিলো -' এইবাৰলে বিপদ বিঘিনি আতঁৰি ভাল হবলৈ দিয়া ঈশ্বৰ! মই ভাল কৈ এশিকনি দিম তাইক। শাকত নাখায় লোণ, পিতিকাত যায় তিনিগুণ - বুলি ফকৰা মাতি গালি পাৰিম।'।
আগলৈ
দুলুমণি
৫/৮/২০২০
অপূৰ্ব
ReplyDelete