সিপাৰৰ সাঁকো (৪২)

 #সিপাৰৰ সাঁকো

    

                 (৪২)

নতুনকৈ  স্কুলঘৰটো নিৰ্মাণ কৰিবলৈ চৰকাৰী পূঁজি লাভ কৰিলত হেডছাৰে পৰিচালনা সমিতিৰ পৰামৰ্শ মতে 

ইটাৰে নিৰ্মাণ কৰিবলগীয়া ঘৰটোৰ নক্সা তৈয়াৰ কৰি আনে। নিজৰ আপোন ঘৰ সজাৰ দৰে খুঁটিনাটি মাৰি এফালৰ পৰা কামবোৰ চিজিল কৰি গৈ আছিল। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা স্কুল খনলৈ কাম কৰিবলৈ অহা মানুহৰ সোঁত ববলৈ  ধৰে ।মোৰো কামৰ বোজা হ্ৰাস পোৱাত মই  মিলি আৰু আইক বেছি সময় দিব পৰা হৈছিলো। এনেদৰে থাকোঁতেই এদিন পুখুৰীৰ পৰা পানী তুলিবলৈ ল ওঁতে আইয়ে পিছল খাই পৰি কঁকালত দুখ পালে। প্ৰথমতে বৰ বিশেষ অসুবিধা পোৱা নাছিল।লাহে লাহে বিষটো বেছি কৈ অনুভৱ কৰি কষ্ট পোৱাত

 মই চাইকেলেৰে গৈ দেৱীপুৰৰ পৰা এখন ৰিক্সা মাতি আনি মিলি আৰু আইক বহুৱাই লৈ হস্পিটেল খন লৈ লৈ গলো। হস্পিটেলত ডাক্টৰে ভালদৰে পৰীক্ষা কৰি বিশেষ একো নাপালে। জীৱনত প্ৰথম বাৰৰ বাবে ডাক্টৰ আৰু হস্পিটেল দেখি পোৱা আইৰ দেহাটোত ডাক্তৰেও একো খুঁত বিচাৰি পোৱা নাছিল। তিনিটা ল'ৰা ছোৱালীৰ মাক আৰু দেউতাক দুয়োজনৰ  হৈ দায়িত্ব পালন কৰি আকৌ বৃদ্ধ বয়সতো মিলি আৰু মোৰ বাবে সমষ্ট দায়িত্ব

পালন কৰা আইক বয়সত কৈ বেছি  বৃদ্ধা যেন লগা হৈছিল। বয়সৰ লেখেৰে বহুত বেছি নাছিল।  আইহঁতৰ দিনত ছোৱালী এজনীক নিচেই কম বয়সতেই বিয়া দিয়া হৈছিল। 

 আইক জিৰণি লোৱাৰ পৰামৰ্শ দি ডাক্তৰ জনে দুটামান ভিটামিনৰ নাম লিখা কাগজ খন মোক আগবঢ়াই দিছিল। মই ঔষধ দিয়া খিৰিকি খনত ৰৈ তাৰে দুটা লৈ হস্পিটেলৰ পৰা ওলাই আহিছিলো। আইয়ে ৰিক্সা ক'তো ৰখাবলৈ নিদিয়াত তেওঁ লোকক ঘূৰি যাবলৈ দি  মই দেৱীপুৰৰ দোকানত সোমাইছিলো। বাকী থকা মলম জাতীয় ঔষধ এটা ল'বলৈ ফাৰ্মাছিত ৰৈ  থাকোতে মিলিয়ে গজা কিনিবলৈ ফৰমাইচ দিয়াত কাষৰ হোটেল খনৰ পৰা  গজা কিনি পুনৰ আইহতঁৰ ৰিক্সা খনৰ কাষ পালোগৈ।  


 

 আইয়ে ঘূৰি গৈ ডাক্তৰৰ পৰামৰ্শৰ সম্পূৰ্ণ ওলোটা কাৰ্য কৰিছিল। মই বাধা দিয়া স্বত্বেও পুখুৰীৰ পৰা পানী তুলি পিন্ধি থকা কাপোৰ সোপাকে তিয়াই দি জোবোৰা মাৰি মাৰি গা ধুই মিলি আৰু মোকো গা নোধুৱাকৈ ভিতৰত সোমাবলৈ হাক দিলে।  মিলি ভীষণ আচৰিত হৈ পৰিছিল। আইতাকৰ ধূতিনীতিৰ কথা তাই জানিছিল। পিছে হস্পিটেল খন যে ইমান অস্পৃশ্য সেয়াহে নাজানিছিল। আইক সুধিছিল 

   'অ' আইতা, হস্পিটেখন দেখোন ইমান চাফাকৈ থয়  , তাৰপৰা আহিনো  কিয় গা ধুব লাগে? '

   তাই লেতেৰা ঠাইৰ পৰা আহিলে গা নোধুৱালৈকে ভিতৰত নোসোমোৱাকৈ থকা দেখিছিল। 


  আইয়ে মুখ খন বিকটাই কৈছিল-।


   ' কত নৰীয়াপাটীত  পৰি থকা মানুহ সেই কিবা বোলেনে   ডাকতৰৰ কাষলৈ আহি থাকে। সেই একেখন পালেঙতে  সেই কিবা বোলেনে  শুবলৈ দিয়ে। সেই নেওচা খোৱা খনত শুই মোৰ গাটো বিজবিজাই  গৈছিল । গাটো ধুইহে ৰইখা।' 


  মিলি আৰু মোকো গা নোধুৱালৈকে ভিতৰলৈ সোমাবলৈ নিদিলে। সঁচাকৈয়ে,   আজীৱন হস্পিটেলৰ চিকিৎসা  নোহোৱাকৈয়ে  চলা আইহঁতৰ জীৱনবোৰ নিৰোগী কৰি ৰখাত  এই ধূতি-নীতিবোৰে বৰ ডাঙৰ ভুমিকা পালন কৰিছিল  ।                 আগলৈ


দুলুমণি

১০/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৭০)