সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
(৫৩)
আইৰ মুখত নমিতাৰ প্ৰশংসা শুনিবলৈ পাইছিলো। মিলিৰ মুখতো ৰূপাৰ প্ৰশংসা। মোৰ মনত কিন্তু তেতিয়াও মোমাইদেউৰ অৱস্হাটোৱেহে দোলা দি আছিল।
পিছদিনা হেডচাৰৰ নিৰ্দেশমতেই মই স্কুললৈ গ'লো।
স্কুলঘৰৰ নিৰ্মাণ ৰ কাম পূৰ্ণগতিত চলি আছিল। ইফালে স্কুলৰ বাবে ও ভাল খবৰ আছিল হেনো। চৰকাৰে ইমান দিনে হেডচাৰে জন্ম দি কষ্টৰে চলাই থকা এই স্কুল খনক প্ৰাদেশীকিকৰণ কৰিবলৈ যো-জা কৰিছিল। তাৰবাবে বিচৰা সকলো কাগজ পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল। মোৰ বিশেষ আনন্দ কৰিবলৈ একো নাছিল। কাৰণ মই তেতিয়ালৈকে কোনো ধৰণৰ কাগজ পত্ৰ জমা দিয়া নাছিলো। ক'ৰপৰা কাগজ আনিম? মই তো কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাই নাছিলো। অতদিনে হেডচাৰে কিমান বুজাইছিল । শাৰিৰীক পৰিশ্ৰম কৰি নিজৰ দায়িত্ব পালন কৰি থাকিলেও চাকৰিত যোগদান কৰিবলৈ থকা নিৰ্দিষ্ট যোগ্যতা আহৰণ কৰিবই লাগিব। মোক হেনো মাত্ৰ কেইশ্ৰেণীমান পঢ়া বুলি নিজৰ বয়সৰ সৈতে এখন প্ৰমাণ পত্ৰহে দৰকাৰ। কিন্তু মোৰ দ্বাৰা সেইখন যোগাৰ কৰাও সম্ভৱ নাছিল।চাকৰিৰ নামত এখন মিছা প্ৰমাণ পত্ৰ গোটাই জমা দিবলৈ মোৰ সাহসে নুকুলাইছিল।
তেনেতে মামনি বাইদেৱে হে মোক কাণ চুৱাইছিল
'হেডচাৰেই ক'ৰবাৰ পৰা কিবা বন্দোবস্ত কৰিব পাৰিব। যই হেডচাৰকে অনুৰোধ কৰচোন!'
মোৰ মনটো কেনেবা লাগিছিল।
সেইদিনাই এটা অদ্ভুত ঘটনা ঘটিছিল। প্ৰতাপে সদলবলে খুলশালীয়েক বিতুপনক স্কুলৰ চাকৰিত যোগদান কৰাবলৈ লৈ আহিছিল। হেডচাৰৰ কোঠাত সোমাই কাগজ পত্ৰ লিখি দি বিতুপনক হেডচাৰ আৰু বাকী সকলৰ সৈতে চিনাকি কৰাই দিওঁতে সকলোৱে আশ্চৰ্যচকিত হৈ পৰিছিল। গাঁৱৰে ল'ৰা আছিল। তাৰ প্ৰতি সকলোৰে সহানুভূতিও আছিল। দেউতাক ঢুকুৱাত সিহঁতৰ উজ্জ্বল ভৱিষ্যতত যতি পৰাত গাৱঁৰ ঘৰলৈ আহি পানীৰ পৰা উঠাই অনা চেঙেলি মাছৰ দৰে অৱস্হা হৈছিল। কিন্তু সেইবুলি ইমান দিনে স্কুলৰ বাবে অৰিহণা যোগাই অহা লোকসকলে চৰকাৰী অনুগ্ৰহ লাভৰ সুবিধা পোৱাৰ সময়ত নিজৰ কষ্টৰ ফল তাক ভোগ কৰিবলৈ দিব নোৱাৰে। হেডচাৰে ইমান দিনে তেওঁ লোকৰ কথা ভাবিয়েই প্ৰতাপৰ সৈতে বাক-বিতণ্ডা কৰি আছিল।
পুলি ৰোওঁতে কোনেও সাৰ-জাবৰ চপাই দিবলৈ ইচ্ছা নকৰিলে। পিছে সময়ত ফলৰ সোৱাদ ল'বলৈ বিচাৰি
অহা মানুহৰ অভাৱ নাছিল। অৱশ্যে মেট্ৰিক ফেইল বুলি জনাৰ পিছত সকলোৱে নিশ্চিন্ত হৈছিল যে বিতুপনৰ পৰা তেওঁলোকৰ কোনো ধৰণৰ অনিষ্ট নহয়।
অৱশেষত পৰিচালনা সমিতিৰ সভাৰ সন্মতি ক্ৰমে বিতুপন স্কুলৰ সদস্য হৈ পৰিছিল। সন্মুখত কোনেও নক'লেও মোৰ পিঠিৰ পিছত সকলোৱে মোৰ বাবেহে দুখপ্ৰকাশ কৰিছিল হেনো। মই বুজি পোৱা নাছিলো তাৰ কিনো অৰ্থ আছিল। শিক্ষা-দীক্ষা নাথাকিলেও ইমান বছৰে স্কুলত চকীদাৰ হিচাপে কাম কৰাৰ পিছত মই অনাক্ষৰী হৈ থকা নাছিলো। কিতাপ পত্ৰ পঢ়াটো মোৰ নিয়মীয়া অভ্যাস হৈ পৰিছিল। কিন্তু আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিবলৈ আনুষ্ঠানিক শিক্ষাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাক বুজি পোৱা নাছিলো। সেইবোৰ মোৰ বাবে নতুন কথা আছিল। লাহে লাহে বুজি পাইছিলো, প্ৰমাণ পত্ৰ দেখুৱাব পাৰিলে হাতে-কামে কৰিব নাজানিলেও হেনো একো কথা নাছিল।
সি যিকি নহওক বিতুপনে স্কুললৈ নিয়মীয়াকৈ আহিবলৈ ধৰিলে। হেডচাৰক কৈ মই আকৌ দুদিন মানৰ বাবে স্কুললৈ নগৈ মিলি আৰু আইৰ সৈতে কটালো। মিলিহঁতৰ বছেৰেকীয়া পৰীক্ষা চলি আছিল। তাৰ পিছত আকৌ বৃত্তি পৰীক্ষা । তাইৰ মনত অলপ খু-দুৱনি থকা বাবে কেতিয়াবা তাই নজনা কথাবোৰ মামনি বাইদেউকে সুধিবলৈ লগত লৈ গৈছিলো। তেওঁ তাইৰ প্ৰশ্নবোৰৰ উত্তৰ দি ভাল পাইছিল। মোক প্ৰায়েই কৈছিল -
'সোনেশ্বৰ , জীয়েৰক পঢ়াবি দেই। তাই বহুত ওপৰলৈ যাব।তই টকা খৰচ হ'ব বুলি ভয় কৰি আধাতে পঢ়া এৰুৱাই ঘৰত বহাই দৰা বিচাৰি নুফুৰিবি আক'!'
বাইদেৱে বৰ গাজত লগাকৈ মানুহক কথা কব পাৰিছিল। কোনোবাই ভাল নাপাব বুলি কবলগীয়াষাৰ পেটত থৈ দিয়া মানুহ একেবাৰে নাছিল। সেয়ে গাঁৱৰ মানুহবোৰে তেওঁক সমীহ কৰিছিল । পৰাপক্ষত এৰাইয়ে চলিছিল। তেওঁলোকৰ ঘৰত টিভি আছিল। মিলিয়ে পঢ়িবলৈ গ'লে প্ৰায়েই তেওঁ টিভিত বাতৰি চাই থকা দেখিছিলো। মই সেইবোৰ একো বুজি নাপাইছিলো। মিলিয়ে কোৱামতে সেইবোৰ ইংৰাজী আৰু হিন্দী ভাষাৰ বাতৰি আছিল হেনো ।
আগলৈ
দুলুমণি
২১/৯/২০২০
Comments
Post a Comment