সিপাৰৰ সাঁকো (২৩)
#সিপাৰৰ সাঁকো
(২৩)
#শাওঁৰি/#হাওঁৰি লগোৱা আমাৰ গাওঁ বিলাকৰ খেতিৰ দিনৰ এক ধৰণৰ উৎসৱৰ নিচিনাই আছিল। ই যেন গাৱঁলীয়া সমবায় ব্যৱস্হাৰে এক সৰল ৰূপ। গাঁৱৰ সকলো খেতিয়কে টকা- সিকা খৰছ কৰি নিজৰ ৰূপিত মাটিত ভূইঁৰোৱা কৰিব নোৱাৰে। ইমান ধনো নাই । তদুপৰি ৰূপিত মাটিৰ পৰিমাণ বহুত বেছি। কিন্তু ঘৰে পতি এজনী দুজনী ৰোৱনী শাঁওৰি লৈ গ'লেও দহ- পোন্ধৰ ঘৰৰ কমেও দহ পোন্ধৰ জনী ৰোৱনীয়ে এদিনত পাচঁ-ছয়বিঘা মাটিত কঠিয়া ৰুই শেষ কৰিব পাৰিছিল। সেইদৰে সকলোৱে মিলি গাৱঁৰ প্ৰায় সকলো লোকৰে খেতি উঠাই দিছিল।
তাৰ বাবে ডেমা হাহঁৰ তেলাল মাংসৰ লগত কোমোৰাৰ আঞ্জা নহ'লেই নহৈছিল। আহাৰ -শাওনৰ টিকাফটা ৰ'দেই হ ওক বা গা-জুৰোৱা চেঁচা বতাহৰ লগতে তিতা কাপোৰেৰে ৰিম-ঝিম বৰষুণ জাকেই হওক ৰোৱনীৰ হাত খৰ কৰিবলৈ গৃহস্হই গা ৰম্ ৰমাই যোৱা ৰঙচুৱা পকা সাজঁৰ বাতিটো আগবঢ়াই দিছিলেই। মাটিৰ সৈতে মিতিৰালি থকা কাজি ৰোৱনীয়ে পথাৰৰ মাজৰ আঠুঁৱনীয়া বোকাত লুতুৰি পুতুৰি হৈ থাকিয়েই জাত-জাত বিহু নামেৰে পথাৰ জীপাল কৰি তুলিছিল।
তাৰ মাজতে কঠিয়াৰ ফেৰা বোৰ ইফালৰ পৰা সিফাললৈ কঢ়িয়াই থকা হালোৱা সকলেও তাত ভাগ লৈ
ৰোৱনীৰ উচাহ দুগুণে বঢ়াইছিল।
পথাৰবিলাকৰ মাজে মাজে খেতিৰ সুবিধাৰ্থে খন্দোৱা বহুতো বৰপুখুৰী , সৰুপুখুৰী , হেলচ্ পুখুৰী আদি জলাশয় আছিল। তেনেকুৱা জলাশয়বোৰত মাছ ধৰাৰো সুকীয়া আনন্দ আছিল।
আমাৰ একেবাৰে ওচৰত নৈ বিল নাথাকিলেও আমি মাছ ধৰাৰ আনন্দ নোপোৱাকৈ থকা নাছিলো। পথাৰবোৰত বাৰিষা অসংখ্য মাছে লুকাভাকু খেলিছিল ।জাকৈ , জাল , #গালফুলা, খোকা, পাতি ধৰা মাছৰ উপৰিও #লাহনী, #লেহতী ৰে পানী সিঁচি বোকাৰ মাজত সোমাই থকা তুৰা, বটিয়া, মাগুৰ, শিঙি , কাৱৈ
ধৰাৰ আনন্দ ই সুকীয়া আছিল।সৰুৰে পৰাই এইবোৰ আনন্দৰ মাজত কটাই আহিছিলো।মলয়াই বৰ ভাল পাইছিল এইবোৰ । নৈপৰীয়া ঠাইৰ দৰে মাছ-কাছৰ উভৈনদী নাছিল , যদিও নৈ-পৰীয়া জীৱনৰ শংকাৰ সলনি সুখ স্বাচ্ছন্দ্যৰে ভৰা ধীৰ সুস্থিৰ উৰ্বৰা গাঁৱৰ
পথাৰত মাছ-পুঠিৰ অভাৱ নাছিল।
তদুপৰি আহিন- কাতিৰ সজাল ধৰা ৰোৱাৰ মাজেৰে বৈ যোৱা পানীৰ ধাৰবোৰত খোকা পাতি তেলী দৰিকণা মাছ খোৱাৰ মজাই বেলেগ। আইয়ে কোৱা মতে নৈত বিসৰ্জন দিয়া দেৱী মূৰ্তিৰ ৰং খাবলৈ পাহাৰৰ জুৰিৰ পৰা জাক জাক দৰিকণা সৰু সৰু জান বোৰেৰে ভটিয়াই আহে। সৰুৰে পৰাই আইৰ মুখত শুনি শুনি মোৰ মনত ই এক ৰূপকথাৰ দৰে সাচঁ বহুৱাইছিল। কল্পনা কৰিছিলো যিদৰে গাঁৱত মানুহবোৰে উৎসৱ পাৰ্বনলৈ জাকে জাকে ওলাই যায় সেইদৰে খুদ দৰিকণা বোৰে ও জাকে জাকে ওলাই আহে। তেনেকৈ নামি অহা জাক জাক দৰিকণা আদবাটতে খোকা পাতি ধৰিছিল। আমাৰ পৰা বহুদূৰত এখন সৰু শান্ত স্বভাৱৰ পাহাৰীয়া নৈ আছিল । আমাৰ আশে-পাশে থকা দেৱীপূজা ৰ প্ৰতিমা বিলাকক তাতেই বিসৰ্জন দিছিল। বৰবৰীৰ পূজাফিল্ডত পতা গোসাঁনী ভাগকো সেই নদীতে বিসৰ্জন দিছিল। মই অৱশ্যে কেতিয়াও দেখা নাছিলো। সৰু জুৰি হৈ নগা পাহাৰৰ পৰা বৈ আহোঁতে হেনো চঞ্চলা গাভৰু এজনীৰ দৰেই একাঁবেকা হৈ ভাঁজ লৈছিল। পিছে জনবসতিপূৰ্ণ অঞ্চলপাই গহীন গম্ভীৰ হৈছিল। সেই দৰেই বৈ আগবাঢ়ি গৈ তাই বোলে বহুত দূৰৰ বৰ লুইতৰ বুকুত আত্মজাহ দিছিল গৈ। মই কেতিয়াও দেখা নাছিলো। নদী খন পাই সচাঁকৈয়ে আইয়ে কোৱাৰ দৰে সিহঁতে দেৱী প্ৰতিমাৰ গাত খনিকৰে বোলাই থোৱা ৰং খাইছিল নে নাই সেয়া আজিও নাজানিলো।নে সেয়া আইৰ চহামনত সজাঁল ধৰি উঠা কোনো ৰূপকথাৰ অংশ আছিল তাকো
আজিলৈকে সোধা নহ'ল। কিন্তু খোকাৰ দৰিকণা খৰাহিয়ে খৰাহিয়ে ভৰাই আনি পাতত দি, জুইৰ ধোৱাঁত শুকুৱাই খুন্দি শুকতি বনাই খোৱাৰ আমেজ খেতিৰ মাটিবোৰত ঘৰ সাজি পথাৰ বাম কৰাৰ পিছত নোহোৱা হ'ল।
আগলৈ
দুলুমণি
২২/৮/২০২০
Comments
Post a Comment