সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
(৪৯)
তাইৰ নাম ৰূপা আছিল। ল'ৰা টোৰ নাম আছিল ৰূপম।
মই বাহিৰলৈ ওলাই গৈ মিলিক খেলি থকাৰ পৰা মাতি আনিলোগৈ। তাই 'আমৈ' বুলি হাঁহি দেখুৱাই ৰূপা বায়েকৰ কাষতে বহি থাকিল। মই ভিতৰলৈ উঠি যোৱা দেখি আইয়ে
' সোণ অ' তই নালাগে ৰ'। '
বুলি মোক বহাই থৈ নিজে উঠিছিল। তাকে দেখি ৰজনীৰ শ্ৰী মতীয়ে ও বহাৰ পৰা উঠি আইৰ পিছে পিছে গৈ পাকঘৰ পাই সকলো কাম নিয়াৰিকৈ কৰিলে। কল আৰু পকামিঠৈৰ সৈতে তেওঁ ঘৰত ভাজি অনা মালপোৱা আৰু টেকেলি মুখত দিয়া পিঠাৰে সকলোকে চাহ দিলে।আইয়ে ঘৰৰ গাই দুজনী আনক আধি দিয়াৰে পৰা গাখীৰৰ মুখ নেদেখা বুলি কৈ ইতস্তত: বোধ কৰিছিল। ৰজনীৰ শ্ৰী মতীয়ে ৰঙা চাহ পানী টুপি খাই ভাল পোৱাৰ কথা কলে।
ঘৰত হেনো ৰজনীয়ে পাউদাৰ গাখীৰৰ চাহ খাই বেয়া পাইছিল। আকৌ গাখীৰ ল'ৰা ছোৱালী আৰু দুয়োজনী মাকৰ মাজত বিতৰণ কৰোঁতে ই শেষ হৈছিল । সেয়ে তেওঁ লোকে ৰঙা চাহ পানী কে খাইছিল। তেওঁ লোক আকৌ চাহ খাই খাই চ'ৰা ঘৰতে বহি কথা পাতি থাকোঁতে মই পিছফালে গৈ জীয়ন দিয়া মাগুৰ, শিঙি কেইটা মান আছে চালোগৈ। কাণ ভগা মাটিৰ কলহ এটাতে জীয়ন দি থোৱা আছিল। কলহটোত আইয়ে বিহুৰ সময়ত সাজঁপানী তৈয়াৰ কৰিছিল। প্ৰতিটো বিহুৰ উৰুকাৰ দিনা পিতাইক উদ্দেশ্য কৰি আইয়ে 'সাঁজ' অকণ ভকতকে খুৱাইছিল। একশৰণ নামধৰ্ম লোৱাৰ পাছত বাকী নিয়ম বোৰ পালন নকৰিছিল। পিছে আইৰ
মনত দোমাহীৰ #সাঁজ'কণ মৃতকক নিদিয়া লৈকে যেন বিহু নহৈছিল। ই কোনো ধৰমৰ ভিতৰুৱা কথা নাছিল। আইৰ পিতাইৰ প্ৰতি চেনেহৰহে নমুনা আছিল। মই একেবাৰেই সৰু হৈ থাকোতে ককাদেউতা জীয়াই থকাৰ কথা ৰিণি ৰিণি মনত পৰে।গোটেই চুকটো যেন এক উৎসৱ- স্হলীত পৰিণত হৈছিল এটাবিশেষ দিনত । সেই দিনটো আছিল আমাৰ মৃতকক দিয়া দিন। বিধে বিধে আঞ্জা ৰন্ধা হৈছিল। আমি সৰুবোৰে ঘৰতে আছিলো। ভাতৰ লগত হাহঁৰ মাংস , কণী আৰু কঁৰাই গুৰি ভজা এক বিশেষ ব্যঞ্জন খাবলৈ পাইছিলো। ককাদেউতা তামোল গছত বগোৱা পাণ গছৰ পৰা মৈটাৰে পাণ পাৰি থাকোতে ওপৰৰ পৰা পৰি বৰ সোনকালেই ঢুকাইছিল। তাৰ পিছত আমাৰ ঘৰলৈ ও অমানিশা নামি আহিছিল। পিছলৈ আইয়েও একশৰণ নামৰ মহিমাকে সাৰোগত কৰি মৃতকক দিয়া সকামভাগি এৰি দিছিল। ময়ো মলয়াৰ শোকত এইবোৰ এৰি দি মিলিৰ পালন পোষণতে ধ্যান দিয়া হৈছিলো। পিছে কঁকালত দুখ পোৱাৰ দিন ধৰি আইয়ে 'মৃতকৰ দোষ' , 'মৃতকৰ দোষ' বুলি কৈ থকা শুনিবলৈ পাইছিলো। গতিকে হয়তো আইৰ মনে আকৌ মৃতকত দিয়া এভাগ পতাৰ কথা পাঙি আছিল। ভিতৰৰ পৰা ভঙা কলহটো উলিয়াই থবলৈ আৰু পাৰিলে নতুনকৈ এটা কলহ আনিবলৈকো মোক কাণ চুৱাই থৈছিল। মই দেৱীপুৰত নতুনকৈ বহা কুমাৰৰ দোকানৰ পৰা কলহ আনি দিয়াৰ কথা। সেইখন দোকানত 'চাক' নাই। সিহঁতে নাহৰতলিৰ চাকৰ পৰাই আনি বিক্ৰী কৰিছিল। মই পালে ধূনা -চাকি আৰু মাটি চাকি কেইখনমানো আনি থোৱাৰ কথা ভাবিলো।
ভঙা কলহটোৰ পৰা মাছকেইটা উলিয়াই আনি কুটি - বাচি হওঁতে ঘড়ীত এক বজাৰ ঘণ্টা ধ্বনি শুনিলো। মিলি আৰু মোৰ সুবিধা ৰ বাবে দুবছৰৰ আগতেই পেন্দুলাম থকা ঘড়ীটো নাহৰতলিৰ পৰা তিনিশ টকাত কিনি লৈ আহিছিলো।
মই পিয়াঁজ আদা নহৰু গুচাই থাকোঁতে আই আৰু নমিতা ভিতৰলৈ সোমাই আহিছিল। মোক সেইবোৰ কৰি থকা দেখি নমিতা ই কলে-
' তাৱৈয়েকেনো কিয় এইবোৰ কৰিব লাগে? মই আৰু আই আহিছিলোৱেই নহয়। '
মই কিবা কম নে নকম বুলি ভাবি থাকোতেই অলপ আগতে আইৰ মুখৰ গালি বোৰ মনত পৰি সাউৎকৈ পিছদুৱাৰেদি ওলাইহে আহিছিলো। আইয়ে বা কি ৰূপ লয়। নমিতাৰ আগতে নেওচা খোৱা , হাইজাত মৰা বুলি জকজকাই উঠিলে কিমান লাজ পাম তাকে ভাবি হাত ভৰি ধুই তাতঁশালৰ কিনাৰেদি বাৰান্দাত উঠি মিলি আৰু ৰূপাৰ লগত বহিছিলোগৈ। সিহঁত দুজনীৰ কথাও বৰ জমি উঠিছিল। ৰূপাই নতুনকৈ টিভিত আৰম্ভ হোৱা 'মহাভাৰত' ছিৰিয়েল খনৰ কাহিনী মিলিৰ আগত কৈ আছিল। মিলিৰ টিভিৰ প্ৰতি ৰাপ নাছিল । তৰণীহতঁৰো টিভি আছিল। গোটেই গাওঁখনে টিভি থকাবোৰৰ ঘৰে ঘৰে দেওবাৰে ৰাতিপুৱা ন' বজাৰ লগে লগে 'মহাভাৰত' চাবলৈ ভিৰ কৰিছিল। মিলিয়ে ঘৰতেই কাম-বন কৰি আৰু ৰেডিঅ' শুনি থাকিছিল। আই অৱশ্যে ওচৰৰ খুৰীদৌহঁতৰ লগত গৈছিল। ওচৰৰে তৰণী হতঁৰ টিভিতো সমজুৱা হৈ পৰিছিল। আগৰদৰে মনিৰাম মাষ্টৰৰ ঘৰত বা অনিল দোকানীৰ ঘৰলৈ টি ভি চাবলৈ কোনো নগৈছিল। অনিল দোকানীয়ে গাৱঁৰ দোকানখন দেৱীপুৰৰ বঙালী মানুহ এজনৰ দোকান ঘৰ এটা ভাৰালৈ লৈ তাতে আৰম্ভ কৰিছিল। অৱশ্যে ঘৰতো বিক্ৰীৰ বাবে বস্ত ৰাখিছিল।
আগলৈ
দুলুমণি
১৭/৯/২০২০
Comments
Post a Comment