সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো

                   (৫২)   


ভাতসাঁজ দুপৰীয়াৰো নহ'ল, ৰাতিৰো ন'হল।তেনে সময়ত খালে গেৰোঁগেথো লাগে। খাই উঠি নমিতা আৰু আইয়ে পাকঘৰ অঁটাওতে ছোৱালী দুজনীয়ে  আগফালে ৰাস্তাত খোজকাঢ়ি থাকিল। মই আৰু ৰজনীয়ে অনুচ্চ কণ্ঠস্বৰেৰে  মোমাইদেউহঁতৰ ঘৰৰ কথাকে পাতি থাকিলো। মই  মোমাইদেউৰ খবৰ লবলৈ যাব নোৱাৰাৰ কথা  ক'লো। ৰজনীয়েও মোৰ লগতে যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে।  কথামতেই কাম। দুয়ো গাড়ীখনত উঠি এপাকত গৈ মোমাইদেউৰ ঘৰ পালোগৈ। ঘৰখনলৈ মই একেবাৰে কমেইহে গৈছিলো। মলয়া ক দেখা পোৱা প্ৰথম শিহৰণ আৰু আন আন স্মৃতিবিজড়িত  ক্ষণসমূহে মোক শোকাকুল কৰি তুলিছিল। আমি সোমাই যাওঁতে  একেবাৰে গধূলি হৈছিল। অন্ধকাৰত ডুব গৈ থকাত বাহিৰখন ভালদৰে দেখা নাপালো । মূল ঘৰটো তেতিয়াও সেই আগৰদৰেই আছিল।  হালধীয়া লাইট এটাই চ'ৰা ঘৰটো পোহৰাই থৈছিল।মোমাই দেউ বিচনাতে শুই আছিল। মামীদেউৱে গোসাঁই-ঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰি থকা যেন লাগিছিল। আমাৰ মাতত মোমাইদেউৱে চকু মেলি চাই মোক দেখি দুৰ্বল মাতেৰে  কৈ উঠিছিল-

  ’অহ তুমি আহিলা। এয়া তোমাৰ বন্ধুও আহিল !'.

    তেওঁ লাহেকৈ  উঠি বহিছিল ।  

  'ল'ৰা পোৱালীজনীৰ  ভাল নে? বিয়নীৰ ভাল?'

মই উত্তৰ দি গ'লো এটা এটাকৈ। তেনেতে মামীদেউ সোমাই আহিছিল হাতত ধূনা-চাকি এখন লৈ। কোঠাটো ধূনাৰ সুবাসৰ লগতে অলপ ধোঁৱাৰেও ভৰি পৰিছিল।  মই মামীদেউক ভাল বেয়া সুধিলো। তেওঁ  প্ৰথম বাৰৰ বাবে মোক বৰ আন্তৰিকতাৰে উত্তৰ দিছিল। মোৰ মনত তেওঁৰ প্ৰতি ইমান দিনে জমা হৈ থকা অসূয়া-অপ্ৰীতিবোৰ কৰ্পূৰৰ দৰে উৰি যোৱা  যেন লাগিছিল। সঁচাকৈয়ে বিচিত্ৰ  মন। মাত্ৰ এটা মিঠা  আন্তৰিক অভিবাদন তে কেতিয়াবা মন ভৰি যায় । 

মামীয়ে অৱশ্যে সেই  আন্তৰিকতাৰে ভৰা হাঁহিটো মাৰিবলৈ বহুত বেছি সময় লৈছিল।  মোমাইদেউক কিবা কোৱাৰ যোগ্যতা আমাৰ নাছিল। তেওঁ

 ''তোমালোক আহিলা বৰ ভাল কৰিলা ' বুলি কৈ হুকহুকাই কান্দি উঠিছিল। মই আৰু ৰজনীয়েও সমবেদনা জনোৱাৰ ভাষা বিচাৰি নাপাই তলমূৰ কৰি থাকিলো।  মোমাইদেউৰ চকুলৈ চাবলৈ একেবাৰে মন যোৱা নাছিল। সৰুৰেপৰাই পিতৃহীন হৈ ডাঙৰ হোৱা মোৰ অন্তৰে তেওঁৰ মাজত থকা  পিতৃ হৃদয়ৰ বিশালতা খিনি  অনায়াসে অনুভৱ কৰিব পাৰিছিল।  

মই কাহানিও নেদেখা ল'ৰা জনৰ বিষয়ে মোৰ ক'বলগা একো নাছিলেই। উচ্চশিক্ষিত সেই পুত্ৰৰ কামৰ বিষয়ে মোমাইদেউৰো কোনো ধাৰণাই নাছিল। 

 'তেওঁ নিজ জ্ঞানে যি ভাল বূলিছে কৰক'- বুলি কথাষাৰ ক'বলৈকো সত নগ'ল। এনেয়ে বৰ কথকী 

ৰজনীৰ মুখেৰে ও মাত নোলাল। তিনিও  হালধীয়া লাইটৰ পোহৰত বহি  মুক হৈ ৰৈ থাকিলো। মোমাইদেউৰ দেহাটো বৰ দুৰ্বল হৈ পৰিছিল। মই তেওঁক বিছনা তে বাগৰিবলৈ ক'লো। 

ৰজনীয়েও বিদায় ল'বলৈ বিচাৰি আছিল যেন লাগিল। মই যোৱাৰ কথা উলিয়াওঁতে মোমাই দেৱে চাহ খাই যোৱাৰ কথা কোৱাত আমি নাখাওঁ, নাখাওঁ বুলি কৈ মামীদেউক মাত লগাই ওলাই গ'লো। 

  গধুৰ মনটোৰে ঘৰ পাইছিলোগৈ।   নমিতা আৰু ৰূপাক   গাড়ীত বহিবলৈ কৈ আইক মাত লগাই ৰজনীয়ে ঘৰলৈ বুলি গাড়ী স্টাৰ্ট দিছিল।


                                আগলৈ 

দুলুমণি

২০/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)