সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
( ৩৯)
এল পি স্কুলৰ বৃত্তি পৰীক্ষাৰ বাবে তাইৰ আৰু জবাৰ নাম আগতীয়াকৈ নিৰ্বাচিত হৈছিল। দূৰৰ পৰা বদলি হৈ অহা এল পি স্কুলৰ হেডমাষ্টৰজনে ইতিমধ্যে আমাৰ গাঁৱৰ ৰাস্তাৰ কিনাৰৰ পথাৰৰ বিশাল এটা অংশ কিনি লৈ তাতে ঘৰ বনাই নিগাজিকৈ থাকিবলৈ লৈছিল। মনিৰাম চাৰে ইতিমধ্যে অৱসৰ লৈছিল। নতুনকৈ অহাজনৰ তিনিটা ল'ৰা ৰ মাজুটো আছিল মিলিৰ সহপাঠী। সেয়ে মিলিৰ লগত সনাপিঠা আছিল। আইয়ে প্ৰায়েই
'ক'ৰ চিনিজানি নোপোৱা ঘৰৰ ল'ৰা মানুহৰ লগত ছোৱালী মানুহে ইমান মিলামিচা কৰিব লাগে নেকি?'- বুলি বকিছিল। শিশুসুলভ সেই বন্ধুত্বত মই পিছে একো বাধা নিদিছিলো। লগৰীয়াৰ সৈতে খেলিলেহে সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব গঠন হয় । তাতো ল'ৰা ছোৱালীৰ মাজত প্ৰভেদ কৰাটো বৰ বেয়া কথা । তদুপৰি তেওঁ লোক সন্মানীয় শিক্ষকৰ পৰিয়াল আছিল। কেৱল বেলেগ ঠাইৰ পৰা উঠি আহিল বা আমাৰ বংশ পৰিয়ালৰ চা-চিনাকী ন'হল বুলিয়েই একেই অসমীয়া মানুহক অচিনাকী বুলি কমনে? আমাৰ মনবোৰত বাহ পাতি থকা কিছুমান পুৰণি সংকীৰ্ণ চিন্তা ধাৰাৰ বাবেই আমাৰ মুখৰ পৰা কাউৰিয়ে ভাত কাঢ়ি খোৱাৰ দৰে অৱস্হা। নিজৰ মাজতে ভেম , ঠেহ- পেঁচ
লাগি থাকোতেই দিন গৈছে। তাৰ ফলত আনে সুবিধা লয়। নিজৰ বংশ পৰিয়ালৰ মাজতো যে বৰ মিল আছে তেনেও নহয়। স্বাৰ্থ পূৰণত সহায় কৰিব পাৰিলেহে আপোন, নহ'লে কোনেও কাৰো কাৰণে নাকান্দে।গাঁৱৰে তপনে ভায়েকহঁতক পঢ়ুৱাবলৈ সৰুৰে পৰাই নাহৰতলিৰ গেৰেজত কাম কৰিছিল। সৰুভায়েক দুটাই পঢ়ি-শুনি চাকৰি কৰি কাষতেই ঘৰো সাজিলে। পা-পৰিয়াল হৈ গজগজীয়া। তপনলৈ উভতি ও নাচালে। সৰুৰে পৰাই গধুৰ বস্তু দাঙি দাঙি শাৰীৰিক কষ্ট কৰি ভালকৈ খাবলৈ নাপাই তাৰ শৰীৰৰ অৱস্হা এনেয়ে ভাগি পৰিছিল। বিয়া পাতি এহাল ল'ৰা ছোৱালীৰ বাপেকো হৈছিল। তপন মৰাৰ পাছত তাৰ ল'ৰা ছোৱালী দুটাৰ পানীত হাঁহ নচৰা অৱস্হা।
হেডচাৰে মোক পাৰিলে গাৱঁৰে কোনোবাই যদি কাম কৰিব বিচাৰে তেন্তে লৈ আহিবলৈ কৈছিল। মই বিচাৰি বিচাৰি ডাঙৰ দদাইদেউৰ ডাঙৰ নাতিটোকে কৈছিলো। পঢ়া-শুনা বৰ বিশেষ নাছিল। পিলিঙা ল'ৰা।অ'ত ত'ত ঘূৰি ফুৰা তকৈ গোঁজ মাৰি থাকিলে ভাল হ'ব। গোটেই ঘৰখনে মোক গালিৰে থকা-সৰকা কৰিছিল।
'ফুকলীয়া ল'ৰা টোক চকীদাৰ পাতিবলৈ আহিছ? তোৰ ঘৰত খাবলৈ গৈছে নেকি? আমাৰ ল'ৰা। আমি মাক-বাপেকে ঘৰত বহাই থওঁ , ধিতিঙালি কোবাই ফুৰোৱাওঁ তোৰ একো দৰকাৰ নাই। ' মই সেইফালেই তাপ মাৰিছিলো।
ভেঞ্চাৰ হ'লেও 'আদৰ্শ'ত এটা সুন্দৰ কিতাপৰ লাইব্ৰেৰী আৰম্ভ হৈছিল। ক'ৰবাৰ পৰা হেডচাৰে দুই ঠেলা মান পুৰণি কিন্তু আটোম-টোকাৰিকৈ ৰখা কিতাপৰ টোপোলা আনি তিনিটা আলমিৰাত সুন্দৰকৈ সজাই থবলৈ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক লগাই দিছিল। সিহঁতে কস্মিনকালেও নাম নুশুনা কিতাপ কিছুমান দেখা পাই খুব আগ্ৰহেৰে চাইছিল। লাজ- লাজকৈ ময়ো তাৰে দুই এখন পঢ়িব পৰা সহজ কিতাপ লিৰিকি-বিদাৰি চাই আছিলো। ইতিমধ্যে তলৰ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সমূহৰ গল্প কবিতা আদি পঢ়ি শেষ কৰিছিলো। 'গল্প সঞ্চয়ন' খনিৰ নামটি পঢ়িবলৈ লৈ মুখেৰে ফুটাব নোৱাৰিলো । ছোৱালী দুজনী মানে কৈ থকা শুনি হে পিছত শিকিছিলো। 'গল্প সঞ্চয়ন' খন ঘৰলৈ নি পঢ়িবলৈ চেষ্টা কৰিছিলো। সেই কেইটা আলমিৰাৰ পৰা প্ৰায় সকলো ছাত্ৰ-ছাত্ৰী, , শিক্ষক আনকি দুই এজন বাহিৰা মানুহেও কিতাপ ধাৰলৈ নি পঢ়ি আকৌ ঘূৰাই দিয়া দেখিছিলো। স্কুলৰ মামনি বাইদেৱে কিতাপ বোৰৰ তদাৰক কৰিছিল। মামণি বাইদেউ হেডচাৰৰ দৰেই বৰ কাঢ়া অনুশাসন মানি চলা শিক্ষয়িত্ৰী হোৱা বাবে অতি সোনকালেই হেডচাৰৰ পিছতেই তেওঁৰ স্হান নিশ্চিত কৰা হৈছিল। তেওঁ লোকৰ মূল পৰিয়ালটি থকা ঘৰটোলৈ আমাৰ গাঁৱৰ মাজেৰে প্ৰায় ছয় সাত কি:মি ভিতৰলৈ সোমাই যাব লাগিছিল। বাইদেউৱে সৰুৰেপৰা নগাঁৱৰ মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল। পিছত ঘৰলৈ ঘূৰি আহে। নতুন কৈ আমাৰ 'আদৰ্শ'ত শিক্ষয়িত্ৰী হিচাপে যোগ দিয়েই কাষতে মাটি কিনি ঘৰ সাজিবলৈ আৰম্ভ কৰিছিল। বাইদেৱে ইতিমধ্যে ছাত্ৰী সকলক অতি কাঢ়া অনুশাসন আৰু পৰিশ্ৰমেৰে শিক্ষা লাভ কৰি আগুৱাই যোৱাৰ পথ দেখুৱাইছিল।
আদৰ্শৰ পৰা প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত বহা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে হেডচাৰ , মামনি বাইদেউ আৰু অন্য সকলে অশেষ কষ্ট স্বীকাৰ কৰিব লাগিছিল। শেষত মূল পৰীক্ষাৰ দিনবোৰত নাহৰতলিৰ কেন্দ্ৰত প্ৰায় পঁচিশজন মান ল'ৰা-ছোৱালীয়ে পৰীক্ষা দিছিল।
পৰীক্ষাৰ দিনবোৰত মোকো বাইদেৱে লগতে লৈ গৈছিল। ঘৰৰ পৰা অহা-যোৱা কৰাৰ ব্যৱস্থা নথকা দুজন মান ছাত্ৰ-ছাত্ৰীক বাইদেউৰ ঘৰৰ ভান খনত উঠাই লৈ পৰীক্ষা দিয়াবলৈ নিছিল। পুৱা বেলা এটা পৰীক্ষা আৰু আবেলি একেটি বিষয়ৰে দ্বিতীয় খন প্ৰশ্ন কাকতৰ পৰীক্ষা। মোৰ অশিক্ষিত মগজুৰে ঢুকি পোৱা নাছিলো- কিনো ইমান প্ৰশ্ন থাকে? ৰাতিপুৱা এখন প্ৰশ্নৰ উত্তৰ লিখি শেষ কৰাৰ পাছত আকৌ আবেলি একেটা বিষয়ৰে আন এখন প্ৰশ্নৰ উত্তৰ লিখিব লাগে!
আগলৈ
দুলুমণি
৭/৯/২০২০
Comments
Post a Comment