সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
(৪৬)
'সৰু সূতাৰ চেলেং খনি বৈ দিয়া সৰুভনী ঐ
বিহু মাৰিবলৈ যাওঁ হে গোবিন্দাই ৰাম।'
বিহু নামতো সৰু সূতাৰ চেলেং চাদৰ এখনহে খোজে। এই সৰু সূতাৰ চেলেং বা চাদৰ বওঁতে শিপিনী গৰাকীৰ
সময়ো বহুত লাগে। তাঁত খনত ব'চুঙাৰে চাৰিবাটি ব' তুলি শেষ কৰি শালত তোলা হয়। শালৰ দুইমূৰে খুটাত তূলুঠা দুটা কাণমাৰিৰে টানকৈ লগাই ওলমি থকা দোৰপতিত ৰাঁচখন তলে-ওপৰে লগোৱা হয়। ব' চাৰিবাটিৰ লগত ওপৰফালে নাচনী জৰী আৰু তলফালে গৰকা মাৰিৰ লগত থকা তলধৰা জৰী আৰু তলধৰা দাং বন্ধা হয়।সোঁগৰকাত ভৰি দিলে যিখিনি ব'ৰলগত বান্ধি থোৱা হয় সেইখিনি ব' ই সূতাখিনি তললৈ টানি ধৰে । তাৰ বিপৰীতে ওপৰৰ নাচনী জৰীয়ে আনটো মূৰ দাঙি দিয়াত সূতাৰ মাজেৰে মাকো সৰকি যায়। এইদৰে মাকো মাৰি মাৰি এপুতল মান হোৱাৰ পিছত পুতল আগলৈ নিয়া হয়।পুতল ডালৰ জোঙা মূৰ দুটাৰে নতুনকৈ বোৱা কাপোৰখনৰ দুয়োটা মূৰে শিঙি দি পুতল ৰখোৱা হয়।
গৰকা, নাচনী, মাকো, দোৰপতিৰ খেলত কাজী শিপিনীৰ হাতে তাঁতৰ শালত যাদুৰ পৰশ দিয়ে। ৰজাদিনীয়া আহোম ৰমণীয়ে এৰাতিৰ ভিতৰতে সূতাকাটি কাপোৰ বৈ যুঁজিবলৈ ওলোৱা স্বামীক সুৰক্ষা কৱচ দিছিল। প্ৰতিজনী নাৰী এইকামত কিমান নিপুণ আছিল তাৰ পৰাই বুজা যায়।
মাজে মাজে বোৱা কাপোৰ খন পুতল আগবাঢ়ি যোৱাৰ লগে লগে চালিমাৰি ডালো জখলাৰ খোপ কেইটাৰ আগলৈ গৈ থাকে। বেছি আগলৈ নিলে মাকো মাৰিব নোৱাৰি। এসোঁৱালি বোৱাৰ পিছত কাপোৰ খন তুলুঠাত মেৰিয়াই আকৌ চালি-মাৰি ডাল জখলাৰ আগৰ খোপলৈ ঘূৰাই অনা হয়। মাঁকোৰ গেৰেলিমাৰিত তেতিয়ালৈকে বহু কেইটা মহুৰা ভৰাই শেষ কৰা হয়। একেবাৰে কেইবাটাও মহুৰা যতঁৰত ঘূৰাই সূতাৰে ভৰ্তি কৰি থৈ দিয়া হয় । মলয়াই মোক কেতিয়াবা ইটোমূৰৰ তুলুঠাৰ কাণমাৰি ডাল টান কৰি দিবলৈ কৈছিল। মই কাণমাৰি ডাল তুলুঠাৰ বিন্ধাৰে আৰু অলপ আগবঢ়াই দি ভৰিৰ টিপনিৰে জোৰকৈ আগটো মাটিত খুচি দিছিলো।
কেতিয়াবা ফুল বাচিবলৈ সৰু সৰু বাঁহৰ কাঠি কাটি আনি দিছিলো। বাহঁৰ কাঠিবোৰ আচলতে সাক্ষী হিচাপে হে দৰকাৰ হৈছিল। মূল ফুলবচা কাঠিটোৰে চানেকিৰ পৰা চাই এঘৰ দুঘৰ কৈ হিচাপ কৰি সূতাবোৰ ওপৰ তল কৰি ফুলবচা কাঠিটোৰ পোনে পোনে ৰাঁচখনৰ সিটো পাৰে চিৰি এচটা ভৰাই দিয়া হয়। চিৰি চটাৰ সজে সজে আকৌ ৰঙীন সূতাৰ মাকোটো পাৰ কৰিলেই ফুলৰ এটা কাঠি বচা সম্পূৰ্ণ হয়। পিছত আকৌ ওলোটাই দিবলৈ চিৰি পাতৰ মূৰে মূৰে বাহঁৰ কাঠি এটা ভৰাই দিয়া হয়।এইদৰে ই এশ -ডেৰশ ঘৰৰ ফুল গামোচা, মেখেলা-চাদৰ আদিত বচা হৈছিল। অৱশ্যে মাটিৰ শালৰ কথা হে এয়া। আৰু একধৰণৰ তাতঁশাল আছিল বুলি শুনিবলৈ পাইছিলো। চৰকাৰে হেনো তাৰ প্ৰশিক্ষণ দিয়াই শিপিনী গৰাকীৰ আৰ্থিক সংস্হাপনৰ বাবে তেনেকুৱা একোখন শাল অনুদান হিচাপে দিছিল। মলয়াই কেইবাবাৰো আবেদন কৰাৰ পিছতো পোৱা নাছিল। ময়ো আইৰ দিনৰ শালখনৰ বাহিৰে আন কোনো ধৰণৰ শালৰ কথা জানিব নোৱাৰিলো।
সৰুৰেপৰাই দেখিছিলো, শুনিছিলো-
'বঁহো তাতঁৰ পাতত, মন আলিবাটত'
আকৌ কেতিয়াবা,
চেনাই আহে বুলি বাটলৈকে মোৰ ঘনে ঘনে যায় চকু,
তাতঁৰে পাততে মবহে মন মোৰ সৰি সৰি পৰে মাঁকো।
মোৰ বৰ দুৰ্বলতা আছিল এই তাতঁশালৰ প্ৰতিটো বস্তুৰ প্ৰতি। মলয়া নোহোৱা হোৱাৰ পিছতো সেয়ে অতি যতনাই ৰাখিছিলো সকলো।
কথাতে কয় ,-
' মতাই বাব হাল, তিৰিয়ে বাব শাল।'
আইৰ সময় নাছিল। মলয়াই তাঁতশাল এৰি অজান মুলুকলৈ গুচি গৈছিল।
আগলৈ
দুলুমণি
১২/৯/২০২০
Comments
Post a Comment