সিপাৰৰ সাঁকো

 #সিপাৰৰ_সাঁকো

                   (৫৭)   

    'হেডচাৰৰ মৰম আৰু নিষ্ঠাত সন্দেহ নাই। মোৰ কাৰণে তেওঁ কৰিবলগীয়া আটাইখিনি কৰেই। এতিয়া 

ভাগ্যত নাথাকিলেনো কৰিবা কি? কথাতে কয় নহয় বোলে

 'সাতটা হাতীয়ে টানে যিমান, এখন ভাগ্যই টানে সিমান।'

তোমালোকৰ আগতনো কি মিছা মাতিম ? নোপোৱাৰ ক্ষোভ অলপ মোৰো আছে।হেডচাৰৰ মুখামুখি হ'বলৈ ভয়ো হৈছে। নিজৰ বাবে নহয়, তেওঁৰ বাবে। তেওঁ কিমান বুজাইছিল ! পিছে নোপোৱাৰ বেদনাক  

চিৰতা পানী পি খোৱাৰ দৰে  চকু মুখ বিকটাই পি খাবলৈ আজি দহ -বাৰ বছৰে শিকি ল'লো জানা!'

দীঘল কৈ কোৱা কথাখিনি শুনি সিহঁতে বহুপৰ একো নোকোৱাকৈ থাকিল। মোৰ দুখৰ সমভাগী হোৱা সিহঁত দুটাৰ মনত মোৰ কথা শুনাৰ পিছত  যেন  উষ্মা আৰু খং কমি গৈছিল।

 ৰজনীয়ে মোমাই দেউৰ সৰুপুতেকৰ কথা উলিয়াইছিল।সি বোলে বেপাৰ বাণিজ্যত ভালকৈয়ে উন্নতি কৰিছিল। তাকে দেখি চকুচৰহাবোৰে সেই ডাঙৰটোৱেহে মনে মনে টকাৰ চ্যুটকেচ আনি তাৰ হাতত জমা দিয়া বুলি উৰাবাতৰি উলিয়াই দিছিল। চকুচৰহা বোৰে নিজে একো কৰিব নোৱাৰে জীৱনত। আনে কিবা কৰি খোৱা দেখিলেও হিংসাত জ্বলি পুৰি মৰে। কেঁকোৰাৰ উদাহৰণটো আকৌ এবাৰ দাঙি ধৰি সি জাতিটোৰ বৈশিষ্ট্যক লৈ ক্ষোভ উজাৰিছিল। নিজৰ সোণালী ভৱিষ্যতক হেলাৰঙে দেও দি অনিশ্চয়তাৰ গহ্বৰত খোজ দিয়া মোমাইদেউৰ ডাঙৰ ল'ৰা টোৰ আদৰ্শত কিবা ভেজাল থাকিব পাৰে বুলি মই কিয় তাক  জনা কোনোৱেই সপোনতো ভাবিব নোৱাৰে। টকা-পইচা, সুন্দৰ জীৱনৰ সপোন ভৰিৰে গচকি থৈ গৈছিল। তাৰ জীৱনত সি কি কৰে তাৰ নিজৰ কথা।

মাত্ৰ আনৰ অনিষ্ট হ'ব নালাগে।

   ৰজনীয়ে কৈ গৈছিল সি দেখা  অনা-অসমীয়া লোক সকলৰ মাজত থকা কৰ্মস্পৃহা, কৰ্মপটুতা আৰু  মিলাপ্ৰীতিৰ কথা। বাহিৰৰ পৰা জাকে জাকে আহি আমাৰ সকলো কামত ব্যস্ত হৈ পৰে। ইস্ত্ৰি কৰোঁতাই ইস্ত্ৰি কৰে, জোতা চিলোৱাই জোতা চিলায়, দাড়ি কটাই দাড়ি কাট। মুঠতে য'তে ত'তে সিহঁতে টকাকে পৰি থকা দেখে। সেইবোৰ বুটলি মণি-অৰ্ডাৰত গণি গণি জাপে জাপে টকা কোনোবা দিকচৌত থকা পৰিয়াললৈ  পঠিয়ায়। 

ডাঙৰ ডাঙৰ বনিয়াৰ কথা ক'বই নালাগে। তেওঁ লোকৰ জোৰ পোৱাৰ  সাধ্য নায়েই।  এজনে আহি বেপাৰ বনিজ কৰি কৃতকাৰ্যতা লাভ কৰিলে তেওঁ  আৰু দহজনক আকৰ্ষণ কৰি লৈ আনে।  বৃটিছৰ দিনতে আৰম্ভ হোৱা অৰ্থনৈতিক প্ৰবজন আজিও অসমলৈ ঘটিয়ে আছে। তাৰবাবে আমাৰ কৰ্মবিমুখ পৰশ্ৰীকাতৰতাই দায়ী। সকলোকে মানে


  বামতে থাকি উফোন্দাই গাল

ডাঙৰটো হাতত পালেহে ভাল।

  

এটাও মিছা কথা নাছিল। পিছে কোনেনো বুজাই কাক? 

মোৰ নিজৰ ক্ষেত্ৰত যি ঘটিছিল তাতে প্ৰমাণ। মোৰ মনেও কথাবোৰ সহজে লৈছিল যদিও ক্ষতিযে হৈছিল সেয়া বুজি পাইছিলো। ছোৱালীজনীৰ পঢ়া-শুনা ৰ বাবে মই আয়ৰ মুখ অলপ বেছি কৈ দেখা হ'লে হয়তো লাভ হ'লহেতেঁন। 

দুদিন মান স্কুললৈ নগ'লো। হেডচাৰৰ কাম অসম্ভৱ বাঢ়িছিল। তেওঁৰ গুণমুগ্ধসকলে তেওঁক সম্বৰ্দ্ধনা জনাই বহু সভা-সমিতি পাতিছিল। তেওঁ বৰ ভাগ্যবান বুলি সকলোৱে সহমত পোষণ কৰিছিল। নিজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা স্কুল এখন  নিজৰ কাৰ্যকালতে এইদৰে প্ৰাদেশিকীকৰণ হোৱাটো সঁচাকৈয়ে ভাগ্যৰ কথাই আছিল। বহুতো প্ৰতিষ্ঠাপকে নিজৰ জীৱনকালত সেই সুখৰ মুখ নেদেখে । চৰকাৰী অফিচলৈ কাগজ পঠিয়াই পঠিয়াই হায়ৰাণ হৈ পৰে।  সেই কাগজ ফাইলতে আৱদ্ধ হৈ থাকে। 

    সেই সুখৰ আগত মোৰ দুখৰ পৰিমাণ আনৰ লগতে স্কুলৰ শিক্ষক সকলৰ বাবে ও বৰ নগণ্য আছিল। একমাত্ৰ মামনি বাইদেৱে  এদিন মোৰ খবৰ লবলৈ আহিছিল। তেওঁ আহিয়েই মোক স্কুললৈ নোযোৱাৰ বাবে টানকৈ কথা শুনায়।


                                আগলৈ 

দুলুমণি

২৫/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)