অসমীয়া/ Voice of the Rain
THE VOICE OF THE RAIN.
And who art thou? said I to the soft-falling shower,
Which, strange to tell, gave me an answer, as here translated:
I am the Poem of Earth, said the voice of the rain,
Eternal I rise impalpable out of the land and the bottomless sea,
Upward to heaven, whence, vaguely form'd, altogether changed,
and yet the same,
I descend to lave the drouths, atomies, dust-layers of the globe,
And all that in them without me were seeds only, latent, unborn;
And forever, by day and night, I give back life to my own
origin, and make pure and beautify it;
(For song, issuing from its birth-place, after fulfilment, wander-
ing,
Reck'd or unreck'd. duly with love returns.)
বৰষা গীত
এজাক মধুৰ চিপ্ চিপিয়া বৰষুণ-
সুধিলো মই, বোলো তুমি নো কোন?
তপৰাই মাত দিলে বৰষাবাই
তাৰে ৰূপান্তৰ এয়া দিছো যতনাই ।
অসীমৰ কোলাত অদৃশ্য চিৰ উৰ্দ্ধগামী,
সুনীল-সাগৰ ও ধৰাৰ সুৰীয়া সুবাস মই।
সৰগৰ বুকুত উপঙি খেলো
কুহেলিকা ছয়াঁময়া যাদুৰ খেল-
মই যে বহুৰূপী।
পুনঃ নমাও অন্তঃসলিলা নিৰ্মল জলাধাৰ
পখালো ধৰাৰ বুকু জীপাল কৰো মন,
শইচৰ কঠুৱা বীজ গজাই জীৱন কৰো ধইন্।
মই মোকে দিওঁ জীৱনৰ উপহাৰ,
ধৰনী সজাই ন ন ৰূপেৰে
মই যেন ৰূপকাৰ অনাদি অনন্ত কাল।
চিৰকাল গাই যাম কুলু কুলু সুৰেৰে
সেউজ প্ৰসৱা আইৰ সেউজীয়া গান।
ধৰাৰ প্ৰেম যে ধৰ্ম মোৰ; সেয়ে
সিচিঁ ফুৰো ন ন ৰূপেৰে মোৰ প্ৰেমৰ কঠিয়া।
Comments
Post a Comment