সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো

                   (৪৫)   

মাছৰ জোল আইলৈ বুলি গুটি জালুক দি ৰান্ধি দিলো ।‌ম ই আৰু মিলিয়ে  খৰিচাৰে টেঙা আঞ্জা হে ৰান্ধি খাইছিলো। খৰিচাৰে টেঙা দি ৰন্ধা মাছৰ টেঙা আঞ্জা খন আইয়েও বৰ ভাল পাইছিল। টেঙা আঞ্জা খালে বিষ বাঢ়ে বুলি হে আইক দিয়া নাছিলো। তদুপৰি খৰিচা খালে পুৰণি বেমাৰে উক দিয়ে বুলি শুনা যায়। বাৰীৰ পিছফালে  এডৰা কেঁচা হালধি আছিল। আগতে তাত ঋতু অনুসৰি বেলেগ বেলেগ শাক পাচলি লগাই পাচিয়ে পাচিয়ে বিক্ৰী কৰিবলৈ নিছিলো। পিছে স্কুলৰ চকীদাৰ হোৱাৰ পিছত সময়ৰ নাটনি হোৱাত  পাল মাৰি  এনেয়ে খুলি খান্দি খান্দি হালধিৰ মূঢ়া এফালৰ পৰা ৰুই গৈছিলো। সময়ত তাত বিৰাট এডৰা হালধি হৈছিল। তাকে খান্দি খান্দি দুপাচি হোৱাকৈ লৈ আনিছিলো। আইক হালধি থেতেলিয়াই কঁকালত বান্ধি দিছিলো।

আকৌ ৰস উলিয়াই খাবলৈও দিছিলো। 

     ঘৰখনত আৰু এডোখৰ ঠাই আছিল যিডোখৰক মই 

মলয়াৰ স্মৃতিৰ পৰশ সজীৱ কৰি ৰাখিবলৈ একেধৰণেৰে সজাই ৰাখিছিলো। তাৰ প্ৰতিটো ধূলিকণাতে , আনকি তাত বৈ থকা বতাহ খিনিতো মলয়াৰ পৰশ আছিল যেন বোধ হৈছিল। সেই কণ ঠাই আছিল মলয়াৰ তাতঁৰ শালখন । 

  তুলুঠা, দোৰপতি, ৰাঁচ, তাত ওলমি থকা সকলোবোৰ একেধৰণেৰে ওলমি  আছিল। মলয়াই কেঁচুৱা হোৱাৰ আগে আগে  আশী সূতাৰ চেলেং লগাইছিল। ছখন চেলেং বৈ কাটি তুলুঠা, দোৰপতি  খালি কৰিছিল।  সেইবোৰ তেনেকৈয়ে অতবছৰে ৰাখি থৈ দিছিলো। মাজে মাজে ধূলি বালি আতঁৰাই দিছিলো। আগফালৰ বাৰান্দাৰ পৰা  সোঁফাললৈ  সোমায়েই তাতঁৰ শালখন ।  তাৰ কিনাৰতে যঁতৰটো । মই মলয়াৰ বাবে থোলোকা মিস্ত্ৰীৰ ওচৰত  সঁজাই অনা নতুন যঁতৰ আছিল। আইৰ দিনতে বনোৱা পুৰণি যঁতৰ এটাও আছিল।  

তাঁতৰ কামত আইৰ সমান কাজী মলয়াও নাছিল।

আইয়ে তাঁত লগাই থাকোঁতে মই উঘা ঘূৰোৱা পৰ্বটো খুব উপভোগ কৰিছিলো।   আইয়ে  সিজোৱা সূতা তিতাকৈয়ে   বৰ চেৰেকীৰ পৰা লেটাইত লৈ  শুকাবলৈ দিছিল। তাৰ পিছত সৰু চেৰেকীত ভৰাই তাৰ পৰা  উঘাত লৈ তাঁত বাতি কৰিছিল। একেলগে দহ বাৰটা উঘা ঘূৰি ঘূৰি নাচিছিল । এবাৰ বাটি কঢ়িয়াই আকৌ ঘূৰি আহি হাতেৰে পকাই চিৰি আৰু খুঁটিত ভৰাই আকৌ বাতি কঢ়িয়াই নিওঁতে  উঘাবোৰে আকৌ একেলগে নাচি উঠিছিল। এইদৰে ঘূৰি থাকোঁতে মোৰ নিৰ্বোধ মনে আইৰ কিবা কথাৰ পোতক তুলিবলৈ  উঘাএটা হাতেৰে ৰখাই দিলে  আঁতডাল চিগি গৈছিল। আইয়ে 

  

 'ঐ সোণটো , তইনো কিয় ইমান অঘাইটং ঐ? ' 

 

--বুলি মোৰ ওপৰত খং কৰি জুপিক সূতাডাল জোৰা লগাবলৈ দিছিল। জুপিয়েও মোলৈ পোন্দোৱাকৈ চাই সূতাডাল জোৰা ই দিছিল। তাইৰ এল পি স্কুল শেষ হোৱাৰ পিছত  ওচৰতে কেইবছৰমানৰ বাবে খোলা অস্হায়ী শ্ৰেণীত নামভৰ্তি কৰিছিল। পিছলৈ সেইখন বন্ধ হৈ গৈছিল। সেই স্কুল খতি  হোৱাৰ খঙতে তাই  মুখ ফুলাই  থাকিছিল। আইয়ে তাঁত লগোৱা  দিনা সদায়েই তাইৰ স্কুল খতি হৈছিল ।  তৰা অৱশ্যে  এৰ পি স্কুললৈ গৈছিল। জুপিয়ে তাঁত লগোৱাৰ ক্ষেত্ৰত বেছি সহায় কৰিব পাৰিছিল। সেয়ে আইয়ে তাইক ৰখাই থৈছিল।

  মলয়াই  উঘাৰে তাঁতবাটি কৰা নাছিল। কাঠৰ চাৰিচুকীয়া ঘেৰি এটাৰ মাজত  সোমাই থকা দীঘল দীঘল মুহুৰা বোৰ খুলি আনি   যঁতৰত সূতা বোৰ পকাই লৈ তাতবাটি কৰিছিল। সেই কাৰবাৰ টো মোৰ একেবাৰে ভাল লগা নাছিল। মই আইৰ উঘা বোৰ বেছি ভাল পাইছিলো।  গাঁৱৰ কাৰোবাৰ ঘৰত উঘাৰে তাতঁবাটি  কৰি থকা দেখিলে এবাৰ হ'লেও উঘাৰ নাচ 

চাবলৈ সেইফালে গৈছিলোৱেই। ৰাঁছ ভৰাই লৈ  দীঘল তাতঁখনৰ  এটা মূৰৰ পৰা চলাই নি ইটোমূৰত লগাই দিযা, তুলুঠা পকাই পকাই চপাই  নি একেবাৰে শেষত 

হাতৰ পাক ঘূৰাই ঘূৰাই ব তোলা - সঁচাকৈয়ে মহামানৱ মহাত্মা গান্ধীয়ে অসমীয়া নাৰীৰ এই তাঁতশালৰ দক্ষতা ক এনেয়ে প্ৰশংসা কৰা নাছিল।

বাটি কাঢ়ি, ৰাঁচ ভৰাই তুলুঠা  চপাই  অনালৈকে আইৰে হওক বা মলয়াৰে হওক দিনটো লাগিছিলে ই। তাৰ আগতেই সূতা লেটিয়াই থকা পৰ্বটো কেইবাদিনৰো আগৰ পৰাই চলিছিল। পকোৱা সূতা ল'লে কামটো উজু হৈছিল।  সূতাডাল টান আৰু মজবুত  হোৱাত ছিগাৰ  ভয় নাছিল।  সিজোৱা সূতা বোৰ লেহুকা হোৱাৰ বাবে খুউব ছিগিছিল। পিছে ষাঠি আৰু আশীসূতাৰ  চেলেং গিৰিহঁতক দিব পৰাটো, নিজলৈ  চাদৰ বৈ ল'ব পৰাটো সকলোৰে বাবে সহজসাধ্য নাছিল। কাজেই তেনেকুৱা এখন চাদৰ বা চেলেঙৰ দাম বেছি আছিল। মলয়াৰ হাতৰ আশীসূতাৰ চেলেংখন  বৰ মিহি আছিল। 


                                     আগলৈ


দুলুমণি

১৩/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)