সিপাৰৰ সাঁকো(৩৮)

 #সিপাৰৰ সাঁকো

                               (৩৮) 


    তাই সচাঁকৈয়ে শিকাইছিল। ল'ৰাৰ কিতাপ লোৱাৰ বয়স হোৱা নাছিল। কেৱল নন্দেককে আখৰ আৰু নেওতা  শিকাই কিতাপ পঢ়িব পৰা কৰি দিছিল। 

 নন্দেক জেউতিৰ ওচৰৰ ল'ৰা এজনৰ লগতে  বিয়া হৈ গৈছিল। মাকৰ আপত্তি সত্বেও ৰমেন  আৰু দেউতাকে মিলি  ডাঙৰকৈয়ে বিয়া পাতি দিয়ে। দৰাই চাকৰি নকৰে বুলিয়েই মাকৰ আপত্তি । পিছে তেওঁৰ আপত্তি নৰজিল। চাকৰি নহ'লেও জেউতিৰ সুখৰ সংসাৰ খন দেখি সকলোৱে ভাল পাইছিল। সেই সময়ৰ পৰাই জুপি ৰ সৈতে শাহুৱেকৰ  সম্পৰ্কটো বেছি বেয়ালৈ ঢাল খাইছিল। ঘৰৰ আনদুটা প্ৰাণীৰ অনিষ্ট সাধন কৰা সম্ভৱ নাছিল।সেয়ে সহজে অনিষ্ট কৰিব পৰা চিকাৰ হিচাপে জুপিকেই বাচি লৈছিল।

 চুবুৰীয়া ইঘৰে সিঘৰে  তাইৰ বিৰূদ্ধে ইটো সিটো কৈ বদনাম ৰটি ফুৰিছিল।  'ভাল বস্তু লুকুৱাই খোৱা'ৰ দৰে কথাৰ  পৰা পুতেকক মাকৰ পৰা কাঢ়ি নিয়ালৈকে ------বহুত দীঘলীয়া  আছিল বদনামৰ তালিকাখন। অৱশেষত তেওঁ  নৰিয়া পাটীত পৰিছিল। দুইটি  কনমানি, বুঢ়া শহুৰ আৰু নৰিয়া পাটীত পৰা শাহুৱেকক লৈ অথাই সাগৰত পৰা  জুপিৰ  নিজৰ ঘৰলৈ আহিবলৈ সময় ক'ত? একমাত্ৰ মৰমিয়াল গিৰিয়েকৰ বাবে ই তাই সকলো দায়িত্ব  নিয়াৰিকৈ পালন কৰি যাব পাৰিছিল। নৰিয়া ত পৰি থাকি বুঢ়ী মানুহ গৰাকীয়ে  বৰ কষ্ট পাইছিল। ঢাৰিয়ে-পাতিয়ে শৌচ-প্ৰসাৱ কৰা মানুহ গৰাকীয়ে  বেজি দিলে চিঞৰিছিল। বৰবৰীৰ বাগিচাৰ ডাক্টৰজনকে ওচৰত পাই সিহঁতে ঘৰলৈ মাতি আনি চিকিৎসা কৰাইছিল। মানুহ গৰাকীয়ে হস্পিটেললৈ যাবলৈও ভীষণ ভয় কৰিছিল। অৱশ দেহেৰেই বহু দিন পৰি থাকিল। শেষত নিজৰ ল'ৰা ছোৱালীৰ মুখতেই   

     'ইমান কষ্ট পাই থকাত কৈ সোনকালে সিফলীয়া হ'লেই ভাল'  জাতীয়  কথাও শুনা গ'ল।  কিবা দোষ লাগি থকা বুলি নাম এষাৰো গোৱালে। এপষেক মান গধূলি গধূলি এক আধ্যাকৈ  ভাগৱত ভাগ পঢ়াই শুনালে। এইদৰেই বহুত মাহ পাৰ হোৱাৰ পিছত  এৰাতি তেওঁ শেহাই- শেহাই জুপিক ওচৰলৈ মাতিলে । হয়তো  জীৱনৰ অন্তিম সময়ৰ ঘণ্টা ধ্বনি শুনি পাইছিল। অতদিনে তেওঁৰ মনৰ বৰপেৰাত  ভৰাই ৰখা   সকলো বাদ-অপবাদ, অভিযোগ, মান অভিমান অসাৰ যেন বোধ হৈছিল। মাঘৰ ৰাজহাড় কপোঁৱা হিমচেঁচা বতাহে কোবাই যোৱা ৰাতি এটাৰ জড়তা খিনি  ভাঙি তেওঁ জুপিৰ মূৰত হাত বুলাই কৈ উঠিছিল- 

 'মাজনী অ' , মোৰ  মনত  তোমাৰ প্ৰতি সদায় বেয়া ভাৱ আছিল। তুমি নিজৰ সকলো দায়িত্ব পালন কৰিছিলা । মই কিন্তু তোমাৰ কোনো কামৰেই শলাগ লোৱা নাছিলো। তুমি মোক ক্ষমা কৰা মাজনী! আজি এই  মৰণ-শয্যাৰ পৰা মই তোমাক কাবৌ কৰিছোঁ মোক  বেয়া পাই নাথাকিবা দেই.....।'

জুপিৰ দুচকুৰে ধাৰাসাৰ চকুপানী বৈচিল। 

'মা ....' বুলি উচুপি উচুপি কান্দি উঠিছিল। 


 পুৱাই ৰমেনৰ দেউতাকে ওচৰলৈ আহি চাই মাত দিয়া লৈকে তেওঁ নাছিলেই। 

তেওঁ ইহসংসাৰৰ পৰা  মুক্তি লাভ কৰিছিল। জুপিৰ জীৱনৰ ই এক পাহৰিব নোৱাৰা স্মৃতি আছিল।  জীৱনৰ কষটি শিলত বাৰে বাৰে ঘহঁনি খাই তাই যেন উজ্জ্বল সোণ হৈ জিলিকি পৰিছিল।


    আমাৰ গাঁৱত  কিছুবছৰৰ আগতে  আৰম্ভ হোৱা লাইব্ৰেৰী আৰু ক্লাৱঘৰ চলি আছিল।   সেইবাৰ ইলেকচনৰ সময়ত নতুনকৈ সমষ্টিৰ বিধায়ক পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব লগা প্ৰাৰ্থী জনে কিবা সাহাৰ্য আগবঢ়োৱা ৰ কথা উল্লেখ কৰা লগে লগে সেইবোৰৰ বিষয়বাব পাবলৈ সৰু-সৰু দলৰ সৃষ্টি হ'ল। খোৱা -কামোৰাৰ শেষত বিষয়বাব পোৱা সকলে সাহাৰ্য আনিলে গৈ। কিতাপ পত্ৰ দুখনমান লাইব্ৰেৰীত নতুনকৈ সোমাইছিল। মিলি আৰু জবাই সিহঁতে পঢ়িব পৰা কিতাপ বোৰ  আনি পঢ়িছিল। 


      সেইবছৰ মিলি বিহুনাচনী হৈছিল। আগতেও বিহু আহিলেই তৰাদৈৰ ওচৰলৈ বাকচৰ ৰিহা-মেখেলা লৈ গৈছিল। তৰাদৈবাইয়ে ককাঁলতে ৰচি এডাল গাঁঠি দি  দুভাঁজ কৰা মেখেলা খন পিন্ধাই দিছিল। পিন্ধি থকা ফ্ৰক চোলাটোকে ব্লাউজ হিচাপে লৈ ঠেক কেঁচবচা ৰিহাখনেৰে গাটো আটি আটি বান্ধি দিয়াৰ পাছত  এজাক সৰু-সৰু ল'ৰা ছোৱালীৰ মাজত টকা বজাই বজাই বিহু নাচি থাকি সন্ধিয়াহে ঘৰলৈ ঘূৰি আহিছিল।

অৱশ্যে সেই বছৰ চেমনীয়াৰ বিহু হুচঁৰিত তাই ডাঙৰ ছোৱালী বোৰৰ মাজত নাচিছিল। দেখিবলৈ ও আগতকৈ ডাঙৰ  যেন হৈ পৰিছিল।          ‌‌আগলৈ

      ‌         

দুলুমণি

০৬/০৯/২০২০

Comments