সিপাৰৰ সাঁকো (৪৩)

 #সিপাৰৰ সাঁকো

                   (৪৩)

   সেইদিনাৰ পৰা মই আইক জিৰণি ল'বলৈ দি ৰন্ধা-বঢ়াৰ দায়িত্ব  নিজেই লৈছিলো। আগৰেপৰা দুখন চৌকা বনোৱা আছিলেই। এখন ওখকৈ মাটি দি মই নিজে তৈয়াৰ কৰিছিলো । মলয়াই সৰুতেই দেউতাকৰ সৈতে ফুৰিবলৈ যাওঁতে হোটেল এখনত দেখা পাইছিল।তাইৰ  ইমানেই ভাল লাগিল যে  তাৰ বহুবছৰৰ পিছত দিয়া বৰ্ননা শুনি ও মই অতি সহজেই সেই চৌকা তৈয়াৰ কৰি দিছিলো। মৰমী পত্নীৰ ফৰমাইচ মতে সজোৱা চৌকাৰ বাবে আইয়ে  গৰিহণাহে দিলে।  আইৰ মতে সেইখন বাহি চৌকা , নগা চৌকা,  মতা মানুহৰ চৌকা আৰু কত কি যে নাম। অৱশ্যে মই ও বুজি পাইছিলো মহিলা সকলতকৈ পুৰুষ সকলৰ বাবে ই বেছি সুচল। তদুপৰি কম মানুহ থকা পৰিয়ালৰ বাবে ই অপ্ৰয়োজনীয় কিয়নো ইয়াত খৰিও বেছি লাগে। অৱশ্যে ওখ হোৱা বাবে ধোৱাঁবোৰ একাষেৰে  খিৰিকী ৰ দৰে কাটি বাহিৰলৈ উলিয়াই  দিয়া টো সহজ আছিল।  তাৰ  ফলত ধোঁৱাৰ সমস্যাটো কম হৈছিল।  চৌকাৰ ওপৰত হেন্দালি দি তাত চালনি দুখনো ওলোমাই থোৱা আছিল। মলয়া নোহোৱা হোৱাৰ পিছত আইয়ে পাকঘৰৰ সেই অংশটো ভাঙি পেলাবলৈ কৈ আছিল। মই হে মলয়াৰ স্মৃতি ৰ চিন হিচাপে নভঙাকৈ থৈ দিছিলো। পিছলৈ বহুতো হোটেলতে তেনে চৌকা দেখিবলৈ পাইছিলো। 

  আনটো আছিল মূল পাকঘৰৰ ভিতৰত থকা সৰু  উধানৰ চৌকা। ই‌য়াৰ উধানৰ ভেঁটিটোও চাপৰ আছিল। আইৰ মতে সেইখন উধানৰ জুই পবিত্ৰ। তাত ৰন্ধা খাদ্য হে খাব লাগে। তাত অৱশ্যে খৰিও কম লাগিছিল। মহিলা সকলে পীৰাত বহি লৈ সুন্দৰকৈ ৰন্ধা-বঢ়া কৰিব পাৰে। পিছে তাৰ ধোৱাঁই হে  চকুৰ পানী উলিয়ায়। ভাল দৰে জ্বলি উঠিলে সিমান অসুবিধা পোৱা নাযায়। লাগনি খৰি দুডোখৰমান জ্বলাই তাৰ লগতে কাঠখৰি কেইডোখৰ মান  ওপৰতে দি  দিলেই এবাৰ লৈ তিনিটা বা চাৰিটা মান মানুহৰ বাবে ভাত আঞ্জা ৰন্ধা  হৈ গৈছিল। আইয়ে প্ৰায়েই কৈছিল-


  জুইৰ মাক 'চুই', সেয়ে 'চুই'থাকিলে জুই নজ্বলে।'


আকৌ

'খৰিৰ মাক ধৰি সেয়ে ধৰি থাকিলে জুই নজ্বলে!'


আমাৰ বাবে সেইকুৰা জুই আছিল শৈশৱৰ সোণালী স্মৃতিৰ মেঁটমৰা  ভঁৰাল। কত পুহমহীয়া নিশাৰ জাৰত কঁপি থকা  উদাসী আইৰ দুচকুৰ দুধাৰি পানী তপতোৱা এইকুৰা জুইত আমাৰ মনবোৰে উমাল সান্নিধ্য লাভ কৰিছিল। 

  চৌকাৰ ওপৰত ওপৰৰ পৰা ওলমি থকা লোৰ দীঘল তাঁৰ এডালৰ বেঁকা মূৰটোৰ পৰা দুটা বাহঁৰ খাং। কত যুগৰ এলান্ধু লাগি এলান্ধুকলীয়া হৈ থকা বাবে  বাহঁৰ খাং বুলি ধৰিব নোৱাৰা হৈ পৰিছিল। পিছে এলান্ধুকলীয়া হলেও তাৰ ভিতৰত আছিল ধন্বন্তৰীৰ

যাদুকৰী পথ্য। কি কি গছৰ শিপা, কি কি  গছৰ গুটি মই  আজিলৈকে  মনত ৰাখিব নোৱাৰিলো। মাত্ৰ শিলিখা, থেকেৰা, ভোমোৰা গুটি, অৰ্জুন গছৰ ছাল , তেজপাত, গুটিজালুক, মৰাণ আদা  আদিৰ দৰে নিত্য ব্যৱহাৰ্য কেইবিধমানৰহে নাম ভালদৰে জানিলো। মলয়াৰ জীৱন ৰক্ষা কৰিব নোৱাৰাৰ দুখত মই আইৰ কোনো পথ্য কে গুৰুত্ব নিদিয়া হ'লো। 

                                 আগলৈ


দুলুমণি

১১/৯/২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)