সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
(৫৫)
তাত আৰু বহুতো কাহিনী আছিল। কিছুমান কাহিনীৰ অৰ্থ বুজি পোৱাটো মোৰ বাবে দুৰূহ আছিল। মই মোৰ সীমাবদ্ধতাৰ মাজতহে পঢ়িব পাৰিছিলো। অৱশ্যে কিতাপ পঢ়ি ৰস দিয়াত মিলিও কম নাছিল। তাই জাতকৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু , বুঢ়ী আইৰ সাধু আদি অনেক সাধুকথাৰ কিতাপ পুৰস্কাৰ হিচাপে পাইও আনিছিল। হাতৰ আখৰ লিখা, শ্ৰুতলিপি, আবৃত্তি প্ৰতিযোগিতা আদি বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
বৃত্তি পৰীক্ষা দিবলৈ গৈ তাই আচৰিত হৈ পৰিছিল। নাহৰতলিৰ এখন স্কুলত হে হৈছিল পৰীক্ষা।
মই জবা আৰু তাইক লৈ গৈছিলো। অঞ্চলটোৰ একেবাৰে সোঁমাজত অৱস্থিত আৰু যান-বাহন সূচল হোৱাৰ বাবে এই বিদ্যালয়খনি নিৰ্বাচন কৰা হৈছিল চাগে। বহিবলৈ ৰোল নাম্বাৰ মতে চিট বিচাৰি দি মই ওলাই আহিছিলো।
পৰীক্ষা শেষ হোৱাৰ পাছত তাই দুখ মনেৰে ওলাই আহিছিল। শ্ৰেণীত তাই, জবা আৰু সিহঁতৰ প্ৰধান শিক্ষক জনৰ ল'ৰা জনেই প্ৰথম, দ্বিতীয় আৰু তৃতীয় হৈছিল।ইমানবোৰ ল'ৰা ছোৱালীৰ ভিতৰত তাইনো কেনেকৈ প্ৰথম হ'ব তাকে চিন্তা কৰি কান্দি পেলাইছিল। মই বুজাইছিলো
' প্ৰথম হোৱাৰ দৰকাৰ নাই নহয়। বৃত্তি পৰীক্ষাত বহা টোৱে ডাঙৰ কথা ।'
তথাপিও তাইৰ চকুপানী ওলায়েই থাকিল। ই হয়তো তাইৰ জীৱনৰ এনে এটি পৰীক্ষা আছিল যাৰ সম্পূৰ্ণ উত্তৰ তাই মনে বিচৰা দৰে কৰিব পৰা নাছিল।
মোৰ মনে মনে খুব হাঁহি উঠিছিল। জবাই সিমান চিন্তা কৰা নাছিল। তাইৰ চিন্তাত অন্য কথা এটাইহে গা কৰি উঠা যেন বোধ হৈছিল। মই অনুভৱ কৰিব পাৰিছিলো জবাৰ চকুৰ ভাষা। মুখ খুলি নক'লেও তাইৰ চাৱনিক অনুকৰণ কৰি মোৰ চাৱনিয়ে ঠেকা খাইছিল স্কুলৰ ফিল্ডত নাৰিকলৰ জৰিৰে ভাগ কৰি থোৱা ঠাইকনৰ সিটো পাৰে বহি থকা, থিয় হৈ থকা কিচিৰ-মিচিৰ কোলাহল-পূৰ্ণ মানুহৰ জুমটোলৈ। শাৰী শাৰী অভিভাৱকৰ হাতত খোৱা-বস্তু, পানীৰ ফ্লাক্স, চুৱেটাৰ , জামিত্যি বাকচ আৰু কত যে কি বস্তু! তাইৰ দুচকুৰ মণিত সেই ছবিখনে কি অবুজ অনুভৱৰ বুৰবুৰণিৰ পোৰণি তুলিছিল মই ইতিমধ্যেই বুজি পাইছিলো।সেই অবুজ অনুভৱৰ বুৰবুৰণিবোৰ বাৰিষাৰ ঢল নমাদি দুচকুৰে বৈ নাহক বুলি মই তাইলৈ চাই মিলিক ইতিকিং কৰাদি ক'লো-
'দেখিছা জবা-মাইনা? নপঢ়িলে পৰীক্ষা বেয়া হ'বই।
তাত আকৌ কান্দিবলৈ কি আছে ন?'
জবাই মোৰ কথাত সঁহাৰি নিদি মাথোন হাঁহি থাকিল।
চকুৱে তেতিয়াও সেই ফালেই চাই আছিল। পৰীক্ষা দিবলৈ অহা বেছি ভাগ ল'ৰা ছোৱালী মাক- দেউতাকৰ লগতেই আহিছিল। দূৰৰ এল পি স্কুল বিলাকৰ পৰা অহা ল'ৰা-ছোৱালীবোৰৰ সৈতে বহুত বেছি মানুহ আহিছিল চাগৈ। পৰীক্ষাৰ্থীতকৈও অভিভাৱকৰ সংখ্যা বাঢ়ি গৈছিল। মাক বোৰৰ সন্তানক লৈ ব্যস্ততাৰ অন্ত নাছিল।
'এইটো কৰিলা?' , 'সেইটো কৰিলা?' , ' এইটো খোৱা' , 'সেইটো খোৱা', 'এইটো পিন্ধা' - মই সিহঁতক আঁতৰাই আনিবলৈ চেষ্টা কৰিছিলো। মাক নোহোৱা ছোৱালী দুজনীয়ে মাকৰ শূণ্যতা অনুভৱ নকৰক বুলি যিমানেই চেষ্টা কৰিলেও চিৰাচৰিত আবেগৰ নদীখন ভেটিব পৰা নাছিলো। মিলিক ইমান বেছি বিহ্বল হৈ পৰা যেন নালাগিল। অৱশ্যে সিদিনা সেয়া তাইৰ বাবেও নতুন অভিজ্ঞতা আছিল। জবাৰ কথা আৰু অলপ সুকীয়া আছিল। দেউতাক সোঁশৰীৰে জীয়াই থকাৰ পাছতো সিহঁত ঘাটমাউৰাৰ দৰে আছিল। সেয়েহে দৃশ্যটোৱে তাইৰ দুচকুৰ মণিয়েদি প্ৰৱেশ কৰি শিশু-অন্তৰৰ নিভৃত কোণৰ হিমচেঁচা বেজাৰবোৰত খুন্দা মাৰিছিল। তাইৰ দুচকুৰে পনীয়া দুখ নিগৰিছিল। মন ভাল লগাবলৈ সিহঁতক নাহৰতলিৰ হোটেলত পুৰি-চব্-জি খুৱাইছিলো। বকুলীলৈ বুলি মিঠাই কিনি দিয়াত জবাই বৰ ভাল পাইছিল। চাইকেলৰ আগফালে লগাই লোৱা চিটটোত মিলিক আৰু কেৰিয়াৰত জবাক উঠাই লৈ সোনকালেই ঘৰ পাইছিলো।
তৰণীৰ আগত মই জবাৰ অৱস্হাটোৰ কথা কওঁতে সি
মূৰৰ চুলি ছিঙি ভিনিয়েকক শাওপাত দিলে।
'কুকুৰৰ এতিয়াও জ্ঞান হোৱাই নাই। পাব ৰ' । আকৌ তিনিটা ল'ৰা-ছোৱালীৰ বাপেক হ'ল হেনো। সিহঁত দুজনীক কোৱা নাই। বাপেকে দি থৈ যোৱা সম্পত্তি বেচি ভাত খাইছে। নিজৰ বুলি একোৱেই নাই। লখিমী ছোৱালী দুজনীক ত্যাগ কৰাৰ মজা পাব। পথৰ ভিখাৰী হ'ব। '
আগলৈ
দুলুমণি
২৩/৯/২০২০
Comments
Post a Comment