সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
(৫৪)
মিলিৰ বছেৰেকীয়া পৰীক্ষা শেষ হৈছিল।ফলাফল ওলোৱাৰ পাছত তাইক আদৰ্শ'তে পঞ্চম শ্ৰেণীত নামভৰ্তি কৰাই দি মই স্বস্তিৰ নিশ্বাস পেলাইছিলো। নতুনকৈ যোগদান কৰা কেইজনমান শিক্ষকৰ বাহিৰে তাইক প্ৰায় সকলোৱেই চিনি পাইছিল। তেওঁলোকে সোনেশ্বৰকাইৰ ছোৱালী বুলি তাইক মৰমেৰে মাতিছিল। তথাপিও তাই সকলোকে নমস্কাৰ জনাই নিজৰ নামটো কৈ তেওঁ লোকে সোধা প্ৰশ্নৰ উত্তৰ দিছিল। তেওঁলোকে তাইৰ সাধাৰণ জ্ঞান পৰীক্ষা কৰিবলৈ বহুত প্ৰশ্ন সুধিছিল। গহীন স্বভাৱৰ মিলিয়ে মুখত এটি শান্ত স্নিগ্ধতাৰে প্ৰায় বোৰ প্ৰশ্নৰে উত্তৰ দিছিল। তেওঁ লোকে তাইক উৎসাহ জনাই প্ৰশংসা কৰিছিল। মোৰ বুকুখন যেন দুহাতমান ফুলি গৈছিল। সন্তানৰ এনে প্ৰশংসাই পিতৃ-মাতৃক কেনেকৈ উৎসাহিত কৰে সেয়া মই উপলব্ধি কৰিব পাৰিছিলো। সন্তানৰ কৃতকাৰ্যতা লাভক পিতৃ-মাতৃৰ কৃতকাৰ্যতাৰ মাপকাঠি বুলি ধৰা বাবেই সন্তানৰ ওপৰত অহেতুক হেঁচা প্ৰয়োগ কৰা হয়। মইও যেন মিলিৰ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ মেধাকণক অতিৰঞ্জিত কৰা প্ৰশংসাবোৰৰ পৰা গৌৰৱান্বিত পিতৃ হিচাপে নিজৰ অংশটো উপভোগ কৰিছিলো।
ইয়ে মোক জীৱনৰ প্ৰতি দুগুণে আকৰ্ষিত কৰি তুলিছিল। মলয়াক স্মৰণ কৰিয়েই ঈশ্বৰকো ধন্যবাদ জনালো। কমনৰূমত বহি থকা সকলোৱেই মিলিক বৃত্তি পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছিল। বূত্তি পৰীক্ষা দি উত্তীৰ্ণ হ'লে হেনো আগলৈকে পঢ়িবলৈ বৃত্তি পায়। পিছে তৰণীয়ে কোৱামতে সেইবোৰ আশা কৰা মিছা।
জবাকো মিলিৰ সৈতে আদৰ্শতে নাম লগাই দিছিল।
বকুলীয়ে দুবছৰ একে শ্ৰেণীতে ফেইল কৰি তেতিয়াও তৃতীয় শ্ৰেণীত পঢ়ি আছিল। বকুলীৰ ইপ্সিত শিক্ষা তাই পাইছিল। তথাপিও তৰণীয়ে জোৰ দিছিল সি হেনো তাইক এল পি স্কুলৰ দেওনা পাৰ কৰাইহে এৰিব । মই বুজি পাইছিলো সি ভালকৈয়ে নিজৰ দায়িত্ব পালন কৰিছিল।তাৰ ল'ৰা দুটা ও বৰ চোকা বুদ্ধিৰ আছিল।
সেইসময়ত নিজৰ মেধাই নুকুলালে ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ নহৈছিল। অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী একে শ্ৰেণীতে কেইবাবছৰলৈকে পঢ়ি উত্তীৰ্ণ নোহোৱা লৈকে পৰীক্ষাত বহিব পাৰিছিল। সম্পূৰ্ণ নিজৰ চেষ্টাতেই শেষত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোকে অধ্যৱসায়ৰ মূল্য বুজি পাইছিল। 'চৰিত্ৰপাঠ' নামেৰে পাঠ্যপুথিৰ অধ্যয়ন ছাত্ৰ-ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয় আছিল। মই ও স্কুলৰ পুথিভঁৰালৰ পৰা আনি সেই কিতাপখন পঢ়িছিলো। সম্পূৰ্ণ কৈ পঢ়ি শেষ কৰিব নোৱাৰিলেও প্ৰথম কাহিনীতে পঢ়িবলৈ পোৱা আৰুণি আৰু ঊপমন্যুৰ গুৰুভক্তিয়ে মোক মোহাৱিষ্ট কৰি তুলিছিল।
আৰুণি আৰু ঊপমন্যু আছিল ধৌম্য ঋষিৰ শিষ্য। দুয়োৰে গুৰুভক্তিৰ প্ৰমাণ চাবলৈ ঋষিয়ে তেওঁলোকক কাম পাচিছিল। আৰুণিক পথাৰত পানী নোসোমোৱাকৈ আলি দিবলৈ পঠালে। আৰুণিয়ে ঋষিৰ
আদেশ মানি গোটেই দিনটো চেষ্টা কৰিও পানী নোসোমোৱাকৈ আলি ভেটিব নোৱাৰি নিজেই কাটি হৈ পৰি থাকিল। সন্ধিয়ালৈ আৰুণি ঘূৰি নহা দেখি গুৰুৱে বিচাৰি গৈ পথাৰতে পৰি থকা দেখে। গুৰুৱে তেওঁৰ গুৰুভক্তিত সন্তুষ্ট হৈ 'উদ্দালক' নামেৰে বিভূষিত কৰিছিল।সেই গুৰুভক্তিয়েই আছিল তেওঁৰ বাবে গুৰুদক্ষিণা।
আনহাতে উপমন্যুৰ গুৰুভক্তি আছিল আৰু এখোপ চৰা।গুৰুৱে কোনো আহাৰৰ যোগান নধৰাকৈ উপমন্যুক গৰু চৰাবলৈ পঠাইছিল। অনাহাৰে ৰাখিও তেওঁৰ স্বাস্থ্যৰ কোনো ক্ষতি নোহোৱাত গুৰুৱে তেওঁক কি খাইছিল বুলি প্ৰশ্ন কৰাত উপমন্যুৱে ভিক্ষা কৰি খোৱাৰ কথা ক'লে। তেতিয়া গুৰুৱে তেওঁক অৰ্পণ নকৰাকৈ ভিক্ষা গ্ৰহণ কৰা বাবে ঊপমন্যুক ভৎৰ্সনা কৰে। এইবাৰ তেওঁ ভিক্ষাৰ দ্ৰৱ্য গুৰুক অৰ্পণ কৰিছিল। তথাপিও উপমন্যুৰ স্বাস্হ্য একে থকাত আচৰিত হৈ গুৰুৱে প্ৰশ্ন কৰাত তেওঁ দ্বিতীয়বাৰ ভিক্ষা কৰি পেট পূৰোৱাৰ কথা ক'লে। গুৰুৱে তেওঁক দ্বিতীয়বাৰ ভিক্ষা বিচাৰি নাযাবলৈ আদেশ দিলে। উপমন্যুৰ বাবে ভিক্ষা কৰি পেট পূৰোৱাৰ মুদা মৰিল। তথাপিও উপমন্যুৰ স্বাস্হ্য একেই থাকিল। গুৰুৱে পুনৰ তেওঁক কি খাইছে বুলি সোধাত উপমন্যুৱে দামুৰিয়ে খোৱাৰ পাছত গাইৰ ওহাৰত থাকিযোৱা গাখীৰকণকে খায় বুলি কোৱাত গুৰুৱে সেয়া দামুৰিৰ প্ৰতি অন্যায় কৰা বুলি সেই কাৰ্যৰ পৰাও বিৰত থাকিবলৈ কয়। তাৰ পিছতো উপমন্যুৱে দামুৰিৰ মুখত লাগি থকা গাখীৰৰ ফেন খাই পেট ভৰোৱা বুলি গম পাই গুৰুৱে তেওঁক তাকো নাখাবলৈ কয়। তাৰ পিছত ভোকে পিয়াহে জৰ্জৰিত হৈ উপমন্যুৱে আকনৰ পাত খাই অন্ধ হৈ পৰি থাকিল। পিছত গুৰুৱে তেওঁক অশ্চিনিকুমাৰৰ ধ্যান কৰিবলৈ আদেশ দিলে। উপমন্যুৱে অশ্চিনিকুমাৰৰ ধ্যান কৰি শেষত নিজৰ দৃষ্টি -শক্তি ঘূৰাই পোৱাৰ লগতে সকলো বিদ্যাত পাৰ্গত হৈ পৰিছিল। আগলৈ
দুলুমণি
২২/৯/২০২০
Comments
Post a Comment