সিপাৰৰ সাঁকো
🙏মোৰ কাহিনী অৰ্দ্ধশতক খণ্ডত উপনীত হ'লহি। আপোনালোকৰ মৰমৰ সহাঁৰিয়ে মোক অনুপ্ৰাণিত কৰিলে। তাৰবাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। সহৃদয় পাঠকৰ আশীষ সদায়েই কাম্য।🙏
#সিপাৰৰ সাঁকো
(৫০)
মিলিয়ে ইমান দিনে 'মহাভাৰত' নাচালেও ৰূপাৰ মুখলৈ যিদৰে চাই আছিল মোৰ ভাৱ হ'ল তাইৰ যেন সচাঁকৈয়ে 'মহাভাৰত' চাবলৈ ইচ্ছা হৈছিল। আইয়ে প্ৰায়েই মহাভাৰতৰ কাহিনী কৈ শুনাইছিল । মই ও লাইব্ৰেৰীৰ পৰা কিতাপ আনি তাইক দিছিলো । গাৱঁৰ লাইব্ৰেৰীতো কিতাপ আছিল।তাই কিতাপ পঢ়িয়েই মহাভাৰতৰ কাহিনী জানিবলৈ ভাল পাইছিল। ৰূপাই মাজে মাজে তাইৰ প্ৰিয় বিজ্ঞাপনৰ কথাও কৈ গৈছিল। মিলিৰ দৰে মৌন অথচ আগ্ৰহী শ্ৰোতা পাই তাই বৰ ভাল পাইছিল। মই ভাগ লোৱা নাছিলো । মাত্ৰ অন্যমনস্কৰ দৰে থাকি সিহঁতৰ কথা শুনি আছিলোঁ। ৰূপাৰ প্ৰগলভতাত তাইৰ মনৰ শিশুসুলভ চৰিত্ৰটো চিনাকী হৈ উঠিছিল। মিলিত কৈ বহুবছৰে ডাঙৰ হ'লেও তাই যেন নিজকে মিলিৰ সমনীয়া বুলি ভাবি লৈছিল। মাক দেউতাকৰ জীয়া জীয়া আবদাৰ আৰু সুৰক্ষা আৱেষ্টনীত থকা সন্তানে আগবয়সত জীৱনৰ কঠোৰতা খিনিৰ আভাস একেবাৰে নাপায়। ৰূপা যেন মৰম আবদাৰেৰে জীয়াই ৰখা এটি পুতলাহে। তাৰ বিপৰীতে মিলিয়ে সদায় এক কঠিন বাস্তৱৰ মুখামুখি হৈ তাই যেন কমাৰ শালত
পিটি থকা লোৰ টুকুৰা এটাৰ দৰে কঠিন হৈ পৰিছিল। তাইৰ চকুত উৎকণ্ঠা আছিল কেৱল ৰূপাক সুখী কৰিবলৈ।তাই ৰূপাৰ কথা শুনি, ৰূপাৰ আবেগভৰা মুখ খনৰ সেই হাঁহিটো মাৰ নোযোৱালৈকে নিজৰ মুখতো এটা হাঁহি ওলোমাই যেন এক পৰিপক্কজীৱন বোধৰ পৰিচয় দিছিল। মাক নোহোৱা ছোৱালী জনীয়ে হয়তো দৈনিক নিজৰ মাজত এই সঁহাৰি ৰ প্ৰয়োজন অনুভৱ কৰিছিল। মই বুজি পাওঁ। এজনী ছোৱালীৰ মাকৰ সৈতে বন্ধুত্ব আৰু দেউতাকৰ সৈতে বন্ধুত্বৰ পাৰ্থক্য থাকে। মাকৰ আৱেষ্টনীৰ সুৰক্ষা দেউতাকে যিমানে চেষ্টা কৰিলেও দিব নোৱাৰে।
আইতাকৰ মৰম আৰু মই দিয়া সুৰক্ষাই তাইক যেন খুব কম বয়সতে চিন্তাশীল আৰু পৰিপক্ক কৰি তুলিছিল। তাইৰ মন গহনত থকা শিশুসুলভ চপলতা খিনিক ধৈৰ্যৰে উপভোগ কৰি তাইৰ সৈতে উমলি-জামলি থাকিবলৈ কাৰোৰে সময় নাছিল। তাইৰ বাবে মাক আৰু দেউতাক দুয়োজনৰ ভুমিকা পালন কৰাত মই নিজকে অকৃতকাৰ্য বুলি ইতিমধ্যে উপলব্ধি কৰিছিলোৱেই। তাৰ বাবে মনে মনে মলয়াৰ ওচৰত ক্ষমা-ভিক্ষাও মাগিছিলো। তথাপিও মিলিয়ে মোক 'তুমিয়েই মোৰ মা' বুলি সাৱটি ধৰি মোৰ অসৰ্মথতাক আওকাণ কৰি
নিজকে বেছি সমৰ্থ বুলি প্ৰমাণ কৰিছিল। মই হুমুনিয়াহ এটা কাঢ়ি ওলাই গৈ চাইকেল খন কেনেকুৱা হৈ আছে চাইছিলো ।
মলয়াৰ মোমায়েকৰ গা ভাল নাছিল বুলি কেইদিনমানৰ আগতে গম পাইছিলো। পাৰিলে আইৰ কঁকালৰ বিষ ভাল হোৱাৰ পিছতএপাক যোৱাৰ কথা ভাবিছিলো।হেডচাৰে সোনকালেই স্কুললৈ যাবলৈ কৈছিল। গতিকে ময়ো সোনকালেই তেখেতৰ খবৰ লৈ অহাৰ কথা ভাবিছিলো। তেওঁও মাজে মাজে আহি মিলিৰ খবৰ লৈ থাকিছিল । মিতালীৰো বিয়া হৈছিল। মলয়া থাকোঁতেই তেওঁলোকৰ পুতলীৰ বিয়া হৈছিল। মলয়া এক সপ্তাহৰ বাবে গৈছিল। মই বিয়াৰ দিনা দিনতে এপাক মাৰি গুচি আহিছিলো। মলয়া নোহোৱা হোৱাৰ পাছতো মিতালী আৰু সৰুটোৰ বিয়া দুখন পাতিছিল ্ মই যোৱা নাছিলো। আইকো বিয়ালৈ যাবলৈ নিদিলো।
মলয়াই পুতলীৰ বিয়াত লাভ কৰা অভিজ্ঞতাৰ কথা কোৱাৰ পিছত আৰু আমাৰ দৰে মানুহৰ বিয়া খোৱা নোখোৱাৰ একো অৰ্থ নাথাকে বুলি বুজিব পাৰিছিলো।
পিছে মোমায়েকৰ গা বেয়া হোৱাৰ খবৰত মই বিচলিত হৈ পৰিছিলো। মলয়াৰ একমাত্ৰ শুভাকাংক্ষী গিয়াতি-কুটুম্ব হিচাপে তেওঁ মোৰ বাবে অতিশয় আদৰৰ আছিল। তেওঁৰ দেহতকৈ মনহে বেছি বেয়া আছিল।
সেইহেন বৰপুত্ৰ জনাই দেশ-উদ্ধাৰৰ বাবে যুঁজিবলৈ হাতত বন্দুক তুলি লোৱা বুলি বহুত পিছত হে সকলোৱে গম পাইছিল। অতি মেধাৱী, সুচৰিত্ৰবান, আদৰৰ বৰপুত্ৰইজীৱনৰ সহজাত ৰংবোৰৰ প্ৰতি মোহাৱিষ্ট নহৈ সেই পথ লোৱা বাবে মোমাইদেউ শোকত ভাগি পৰিছিল।তাৰ লগতে আন আন আতিশয্য বোৰ আছিলেই। আগলৈ
দুলুমণি
১৮/৯/২০২০
Comments
Post a Comment