সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো

                   (৪৮)   


হেডচাৰ , মামনি বাইদেউ আৰু আবুলচাৰে আইক মাত লগাই যাবলৈ ওলাইছিল । মই পিছফালৰ পৰা হালধি দুমোনা ভৰাই আনি হেডচাৰ আৰু আবুল চাৰৰ স্কুটাৰৰ পিছফালে তুলি দিলো। মামনি বাইদেউৰ ঘৰ ওচৰতে। তেওঁক   ঘৰতেই পিছত দি থৈ আহিছিলো। মোক সোনকালেই স্কুললৈ যাবলৈ কৈ দুয়োজন স্কুটাৰত গুচি গৈছিল। মামনি বাইদেৱে খোজকাঢ়ি ঘৰলৈ ঘূৰি গ'ল।

তাৰ পিছত আইৰ পাল। আইয়ে ইমান পৰে পালেঙৰ পৰা নামি আহি ইফালে সিফালে ঘূৰি ফুৰিছিলেই।খেৰৰ সূতাৰে বাৰান্দা খনকে সাৰিছিল। মিলি এপাকত উঠি বাহিৰ লৈ খেলিবলৈ যোৱাৰ পিছত ৰাজ্যখন তেওঁৰেই হৈ পৰাত মোক ভালকৈ ধুনিলে। 

  'অকলশৰীয়া মানুহ , আগলৈও নাই পিছলৈ ও নাই। বেমাৰ-আজাৰ এটা হ'লে চাওঁতা নাই। হাইজাত মৰা বোৰে নিজৰ বংশ পৰিয়ালৰ হ'লেও কান্ধত চাঙী তুলিবলৈহে আহিব। বেমাৰে আজাৰে নাচায় নহয়। এটাক ক'লে কোনোদিনে কথাক কথা বুলি নাভাবে। 

সিজনী আহিল, গ'ল।তাকনো কি আহুদি কৰি গ'ল সি সংসাৰৰ মা‌য়া মোহ চিনি নোপোৱা হ'ল। মই বুঢ়ীয়ে সেই  দায়িত্ব লৈ ল'ৰা-পোৱালীজনীক  খুটি খাব পৰা কৰি দিব লগা হৈছে। আগতে কেঁচুৱা আছিল ,ভয় আছিল, মাহীমাকৰ ছাঁ নালাগে বুলিছিলি ! এতিয়াতো নিজৰ বোধন -গিয়ান আহিল। এতিয়াতো ঘৰখন ধৰিবলৈ মানুহ এজনী লাগে। মাউৰত মৰা,  এতিয়া পিছে কিয় যাব পৰা নাই? ইচ্কুললে নগলে  কোনোবাই এনেই মাহেকৰ মূৰত হাতত টকাকেইটা তুলি দিব? খেতি-খোলা বাদেই দিলে। এতিয়া বছেৰেকটো জোৰামাৰি খোৱাকেইটা আছে বুলি হে। এটা সেই  তেতিয়া ই গ'ল যি গ'ল। অথাই সাগৰত পেলাই মোক ........ মাউৰত মৰতী মই  ! 'পো'ৰ মুখলৈ চাই  ' পো ' এ  সুখ দিব,  লম বুলি ভাবিছিলো ! এতিয়া 'পো'ৰ দুখ চাই চাই মোৰ  দিন নাযাইহে নাযায়। হে পৰভূ, হে গোপাল , মোৰ ল'ৰা টোক সুমতি দিয়া। '

 মই ইমান পৰে গালি  শেষ হ'ল বুলি ভাবি পিছফালৰ পৰা কাহঁৰ থাল  দুখনমান ধুই ভিতৰত থৈ বাৰান্দালৈ ওলাই আহিছিলো। 

তেনেতে আকৌ আৰম্ভ হ'ল-

    'কত মানুহে এজনী থাকোঁতেই অন্য এজনী চপাইছে। আমাৰ হে কপালত হাত ধুই  ভাত খাবলৈ লিখা নাই। এতিয়া মই নেওচা যোৱটি ঘৰ সাৰিবলৈ, ভাত ৰান্ধিবলৈ, চুৱা ধুবলৈ হে 'পো' জনম দিলো। এইবোৰ নেদেখা কৈয়ে মোক নো কণাগোসাঁইয়ে লৈ যাব নোৱাৰিলে নে? হয়নে         


বোলে বুঢ়ীৰ কথা নুশুন ডেকা, এতিয়া টানত পৰি কিয় কেঁকা?

যা এতিয়া যা। ভনীয়েকে ঠিকেই টো কৈছিল । সি একেবাৰে মহৎ পুৰুষটো ওলাইছে। যোৱা জনী গ'ল। অ' বিধাতাই নিলে। তইটো থাকিলি !মই আজি আছোঁ কাইলৈ নাই।  মাইকী ছোৱালী । এতিয়া  ফুলিছে তোৰ  চোতালত কাইলৈবা কাৰ চোতালত শুৱাবগৈ! তাৰ পিছত তোৰ  জীৱনটো ? তই থাকিবি  অকলে অকলে বেৰে খুটাই মূৰ যু‍ঁজাই, যুজাঁই। হে কণা গোসাঁই! ......'


তেনেতে গাড়ীৰ শব্দ শুনি বাহিৰলৈ চাই দেখিলো সপৰিয়ালে  ৰজনী গাড়ীৰ পৰা নামিছেই। আইৰ কথা গম পাইয়ে  অহা যেন লাগিছিল। 

  'বান্ধ', মই গাড়ীৰ ভাড়া এটা মাৰিবলৈ যাওঁ। এওঁলোক থাকক , মই আহিম । '

এইবুলি মোক একো কোৱাৰ সুবিধা নিদি গাড়ী ঘূৰাই গুচি গৈছিল।‌


    ৰজনীৰ শ্ৰী মতীয়ে আইৰ সৈতে কথা পাতি থাকোঁতে মই তাৰ ছোৱালী জনীৰ  লগত কথা পাতিলো।  ল'ৰাটো নাহিল।   সিহঁত দুয়োটাই নাহৰতলিৰ স্কুলত পঢ়িছিল। মেট্ৰিক পৰীক্ষাত বহিবলৈ সাজু হ'বলৈ ল'ৰাটোৱে ঘূৰা-ফিৰা বাদেই দিছিল হেনো। ছোৱালী জনীয়েহে  মাকৰ লগ নেৰিছিল।

                                             আগলৈ


দুলুমণি

১৬/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)