সিপাৰৰ সাঁকো (৪০)
#সিপাৰৰ সাঁকো
(৪০)
ল'ৰা ছোৱালীবোৰে পৰীক্ষাত ভালদৰে পাছ কৰাৰ বাবে আদৰ্শৰ নাম জিলিকি উঠিছিল। অসমৰ ভিতৰতে প্ৰথম হোৱা ছাত্ৰ-ছাত্ৰী নহ'লেও জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাই পাচ কৰিছিল গাঁৱৰ যোগানন্দৰ পুতেকে। দুটা বিষয়ত সম্পূৰ্ণ ১৫০ নম্বৰকৈ পোৱা গাঁৱৰে ছোৱালীজনীৰ ৰিজাল্ট চাই হে চাৰে দুখ কৰিছিল ইংৰাজী আৰু বিজ্ঞান শিক্ষক থকা হ'লে বাকীখিনি বিষয়তো সিমানেই ভাল নম্বৰ পালেহেতঁন। দেৱীপুৰৰ আটাইকেইটা ই প্ৰথম বিভাগত উৰ্ত্তীণ হয়। কেইবাজনেও প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাটোৱে তেতিয়া ভেঞ্চাৰ স্কুল এখনৰ বাবে বহুত বেছি ভাল ফলাফল বুলি গণ্য কৰা হৈছিল। সমষ্টিৰ বিধায়কে হেডচাৰক মাতি নি কৃতী ছাত্ৰ ছাত্ৰীৰ শলাগ লৈছিল। গাঁৱৰ নতুনকৈ বেছি ধনী হোৱা মানুহ বোৰেও ল'ৰা ছোৱালীবোৰক দূৰৰ হোষ্টেলত থৈ পঢ়ুওৱাৰ আগতে দুবাৰ ভাবিছিল । নাহৰতলিৰ স্কুল লৈ চাইকেল চলাই যোৱা ল'ৰা কেইটাৰ মাক বাপেকে সিহঁতক পিছৰ বছৰত 'আদৰ্শ'তে নাম লগাই দিলে। বাহিৰে বাহিৰে 'আদৰ্শ'ক লৈ আৰু বহুতো ৰাজনীতি ৰ পাক চলি আছিল। পিছে 'আদৰ্শ'ৰ আচল কাণ্ডাৰী সকলে তাৰ ভূ কে পোৱা নাছিল। তেওঁ লোক ব্যস্ত আছিল মানুহ গঢ়াৰ ব্ৰতত। পুৱাৰ পৰা আবেলি লৈকে ইটো কাম কৰা সিটো বস্তু অনা - 'ল'ৰা ছোৱালীবোৰে এইখন বৰ্ডত লিখিলে ভালকৈ দেখি পাব', 'পানীৰ ফিল্টাৰটো সদায় ধুবি সোনেশ্বৰ!' -এনেদৰে ল'ৰা ছোৱালীৰ সুবিধা হোৱাকৈ স্কুল খন সজোৱাটো বাইদেউ ৰ কাম আছিল। ছোৱালীৰ অনুশাসনত বাইদেউৰ নৈৰ আছিল। আনহাতে ল'ৰা-ছোৱালীৰ পঢ়া-শুনা ৰ মানদণ্ড উন্নত কৰিবলৈ শিক্ষকসকলক নতুন নতুন কৌশল শিকোৱাটো হেডচাৰৰ দায়িত্ব আছিল।
তেনেতে এদিন গাড়ী এখনত আহি এজন অফিচাৰ নামিলহি। হেডচাৰৰ লগত কথা পাতি পাতি গোটেই স্কুল ঘূৰিলে। স্কুলৰ সকলোৰে সৈতে কথা পাতিলে। তাৰ পিছত তেওঁ গুছি গৈছিল।
তাৰ পাছত এনে কিছুমান ঘটনা ঘটিছিল যি মোকেই নহয় স্কুলৰ সকলোকে একেবাৰে ভিতৰলৈকে জোঁকাৰি গৈছিল। মই নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিলো।
হেডছাৰে মোক কামত ভাল পাইছিল বাবেই ৰাতি চকীদাৰৰ কামটো কৰিবলৈ নিদি দিনৰ চকীদাৰ পাতিছিল। মোৰ শিক্ষাৰ কোনো প্ৰমাণ পত্ৰ নাছিল বাবে
তেওঁ মোক প্ৰায়েই কৈ আছিল অন্তত: এল পি স্কুললৈ কে পঢ়া-শুনা কৰা এখন প্ৰমাণ পত্ৰ আনিবলৈ। ইমান দিনে স্কুলৰ বাবে নি:স্বাৰ্থ সেৱাৰ আগবঢ়াই অহা পিছত
হেডছাৰে চেষ্টা কৰিছিল যাতে মই কেতিয়াও বিপদত নপৰো। মই লাজতে আজি দিম কালি দিম কৰি থাকোঁতে প্ৰায় পাঁচ বছৰ সময় পাৰ হৈ গৈছিল। মোৰ সেই প্ৰমাণ পত্ৰ দিয়াই ন'হল।
এদিন এটা ডেকাল'ৰাৰ দল আহিছিল স্কুললৈ। আটাইকেইটা আমাৰ গাঁৱৰে আছিল। মণিৰাম মাষ্টৰৰ সৰু ল'ৰা প্ৰতাপ তাৰ লীডাৰ আছিল যেন লাগিল। পোনেই সোমাইয়েই হেডছাৰৰ কোঠালৈ গ'ল। হেডছাৰৰ লগত বহুদেৰী কথা পতাৰ পাছত তেওঁ লোকৰ মাজত কথাৰ তৰ্কাতৰ্কি শুনি মই আৰু মামনি বাইদেউ সেইফালে কোবাকোবিকৈ গ'লো । আমি একো গম নাপালো কি কথাৰ বাবে তৰ্কাতৰ্কি হৈছিল। দলটো ল'ৰা বোৰ ওলাই গ'ল। হেডচাৰে কাকো একো নোকোৱাকৈ নিজৰ কামত লাগিল। মামনি বাইদেৱে চাৰক পিছত সুধিছিল যদিও মোক একো নকলে। হেডচাৰে মোক অতি সোনকালেই প্ৰমাণ পত্ৰ জমা দিবলৈ নিৰ্দেশ দিছিল। মই কিন্তু লাজতে এইবাৰো গোটাব নোৱাৰিলোঁ। সেইটো কামৰ বাবে কাৰোবাৰ কাষ চাপিবলৈ ও লাজ লাগিছিল । তেনেতে আকৌ এদিন দলেবলে আহিছিল প্ৰতাপ আৰু আহিয়েই মোক সন্মুখত দেখা পাই তীৰ্যক চাৱনিৰে চাই বিদ্ৰূপৰ হাঁহি মৰা যেন লাগিল। মই একো বুজি নাপালো। মই হাঁহি মাৰি ঞ
' ভাইটি কিবা কামত আহিলা?'- বুলি কোৱাত একো নকৈ হেডছাৰৰ কোঠালৈ সোমাই গ'ল।হেডচাৰৰ ৰূমত আকৌ সেই আগৰ বাৰৰ দৰে অলপ দেৰীলৈ লাহে লাহে আৰু তাৰ পিছত তৰ্ক আৰম্ভ। এই বাৰ সকলো শিক্ষক আৰু মামনি বাইদেউ একেলগে কোঠা টোলৈ সোমাই গ'ল। আগলৈ
দুলুমণি
৮/৯/২০২০
Comments
Post a Comment