সিপাৰৰ সাঁকো (৪১)

 -#সিপাৰৰ সাঁকো

                             (  ৪১)

   আগৰ বাৰৰ দৰেই এইবাৰো দলদোপ হেন্দোলদোপ কৈ ল'ৰা বোৰ ওলাই গ'ল । প্ৰতাপৰ চাগে  ২৭-২৮ বছৰ মান বয়স আছিল। মাষ্টৰৰ  তিনিটা ল'ৰা ছোৱালীৰ মাজত সি সকলোতকৈ সৰু। ককায়েকে আন্দোলনৰ পাছত ঘৰলৈ  নাহিলেই।  ৰাজধানী চহৰতে মাটি কিনি ঘৰ সাজি  ডাঙৰ মানুহ হ'ল। ছোৱালী জনীয়েও শ্বিলঙৰ ফালে ডাঙৰ চাকৰি কৰি টাউনৰ পৰাই বিবাহ ভৱনত  বিয়া পাতি গাঁৱৰ ঘৰলৈ ঘূৰি নাহিল।  ঘৰৰ সম্পত্তি সকলো এতিয়া প্ৰতাপৰে। তাতে যোৱা  বছৰটোতে গাৱঁৰে মেলটৰীৰ  জীয়েক জনীৰ লগত লেটিপেটি হৈ বিয়া পাতিছিল । ছোৱালীজনীৰ দেউতাকে টাউনতে ঘৰ সাজিবলৈ মাটি কিনি লৈছিল। ঘৰ সজাৰ আগেয়েই মানুহটো মৰি থাকিল। বিধৱা মাকে  একো আওভাও নাপাই ছোৱালী জনী আৰু ল'ৰা দুটা ক লৈ বুঢ়া শহুৰেকৰ ওচৰলৈকে ঘূৰি আহে।টাউনৰ মাটি ‌টাউনতে পৰি থাকিল। ল'ৰা দুটা সৰু , ছোৱালী জনী ডাঙৰ। এতিয়া প্ৰতাপৰ লগত তাইৰ বিয়া হোৱাৰ  পাছত খুলশালী দুটাক চাকৰি দিবৰ বাবে  তলৰ মাটি ওপৰ কৰা বুলি শুনিবলৈ পাইছিলো। 


      'প্ৰতাপৰ সঁচাকৈয়ে ঘৈণীয়েকৰ ঘৰৰ মানুহলৈ বৰ দৰদ দেই। হওক  তেও ছোৱালী জনীৰ জহতে মেলটৰী বাপেক ৰ বুঢ়া বয়সৰ দুখ পাতলিছে।'- 

   মানুহ বিলাকৰ মুখত শুনি তিনিবন্ধু ৰজনী, তৰনি আৰু মই এদিন দেৱীপুৰৰ আড্ডাথলীত  কথা পাতি থাকোতে কৈছিলো। তিনিওটা ৰ ভিতৰত মইয়েই আছিলো  এনেধৰণৰ খবৰৰ পৰা আটাইতকৈ নিলগত। দিনটো স্কুলত থাকোঁতেই যায়।  বাকী সময়ত মিলিৰ আবদাৰ পূৰাওঁতে মোৰ সময়েই নহৈছিল। সেইদিনাও তাইৰ বাবেই বৃত্তি পৰীক্ষাৰ সহায়িকা এখনেই কিনি আনিবলৈ বুলি গৈছিলো। ভাগ্যৰবলত  তিনিও লগ হৈ ৰজনীৰ গাড়ীতে বহি আছিলো।  তাতেই কথা পাতি থাকোঁতে স্কুলৰ কথাটো ওলাইছিল। তেতিয়া ই প্ৰতাপৰ  প্ৰতাপ জাহিৰ কৰা কথাৰ লগতে সেইষাৰি কথাও কৈ পাইছিলো। মোৰ কথা‌ শুনি ৰজনীয়ে তপৰাই  মাত দিলে- 

    'থোৱা হে বান্ধ' । তুমি একো নাজানা। মোক সোধা, তাৰ আড্ডাবোৰ  মই জানো নহয়। ঘৈণীয়েকৰ টাউনৰ মাটি বিকা টকাখিনি লৈহে  সি খুলশালীক চাকৰি দিয়াৰ  বাবে তল ওপৰ লগাইছিল। পিছে সেই টকা সি  কেতিয়াবাই  আধ্যা পেলালে।  নাহৰতলিৰ হোটেলে হোটেলে সেই মদৰ আড্ডা দি জুৱা খেলি থাকোতে কতবাৰ দেখিছোঁ তাক মই। এতিয়া নাই। মানে টকা নাই!

আকৌ টকা পালেই আহিব। জিলালৈ যাওঁতেও টাউনত গম পাই আহিছো। দেউতাকৰ নাম কলংকিত কৰিলে সি।'

  মই ও ভাবিছিলো কাম বন নোহোৱা খেতি-বাতি কৰিবলৈ মন নকৰা এমখা ল'ৰা লগত লৈ ফুৰিবলৈ তাৰ  কিবাকিবি কাৰণ থাকিব লাগিব।

 অৱশ্যে বিশ্বাস কৰিবলৈকে টান লাগিছিল। মণিৰাম মাষ্টৰৰ মুখখন মনত পৰিল। তেখেতৰ তিনিটা সন্তানৰ ভিতৰত অন্তত: দুটা ভাল আছিল। পিছে মেলটৰীৰৰ ঘৈণীয়েক আৰু ল'ৰা দুটাৰ ভৱিষ্যতে কি হ'ব তাকে ভাবি বেছি  মৰ্মাহত হৈ পৰিছিলো। সিহঁতে নিশ্চয় তেতিয়া লৈকে আচল কথা‌জনাই নাছিল।

 'টাউনৰ মাটিখিনি বেচিহে ল'ৰাক চাকৰি দিবলৈ গাত লৈছিল ভিনিহিয়েক প্ৰতাপে। পিছে সেই মাটিবেচা টকা হেনো তেৰাই  কাহানিবাই মদ-জুৱাৰ আড্ডাত উৰাই দিছিল  '-  কথাবোৰে মোৰ মনত দোলা দি গৈছিল।

বাৰে বাৰে মই ভাবি আছিলোঁ সি স্কুললৈ আহিবলগীয়া হোৱাৰ ৰহস্য। এনেয়ে সিহঁতমখাৰ কাৰোৰে  তেতিয়ালৈকে স্কুলৰ কোনো কামতেই একো অৰিহণা নাছিল। দুই -এজন বয়োজ্যেষ্ঠৰ পৰামৰ্শত বহু ভাল  কাম হৈছিল আৰু তেওঁ লোকৰ কৃতজ্ঞতা স্বীকাৰ কৰি হেডচাৰে তেওঁলোকক বিভিন্ন সভা-সমিতিত মাতি আনি  সন্মান জনাইছিল।               

                             আগলৈ


দুলুমণি

৯/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)