সিপাৰৰ সাঁকো(৫৬)
#সিপাৰৰ সাঁকো
(৫৬)
অৱশেষত আহিছিল সকলোৰে বাবে ভাল খবৰটো।
হেডচাৰৰ সৈতে দহজন শিক্ষক আৰু অফিচৰ কেৰাণীৰ সৈতে বাৰজনৰ চাকৰি নিয়মীয়া-কৰণ হ'ল। আদৰ্শ ইংৰাজী উচ্চ-মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ হ'ল। চকীদাৰ হিচাপে এজনৰ নাম আহিছিল । -- বিতুপনৰ নাম । মই নাপালো। মোৰ নামটো বোলে কেঞ্চেল হ'ল।চকুৰ আগতেই সৌ সিদিনা অহা ল'ৰাটোৰ চাকৰি নিয়মীয়া হ'ল আৰু মোৰ একো ন'হল। তৰণী আৰু ৰজনীয়েও মোৰ দুখত সমভাগী হ'ল। মই বুজালো সিহঁতক-
' মোৰ নো কি ? বুঢ়াই হলো। সি ডেকা লৰা। ঘৰ-সংসাৰ কৰিবলৈ টকা-পইচা লাগে তাক। মাকো আছে। ভায়েকো আছে। '
ৰজনীয়ে খঙেৰে কৈছিল- ' অঁ আৰু সেই ভিনিয়েকো আছে নহয়। চাকৰিৰ ধন মাকে- ভায়েকে খায়, নে ভিনিয়েকৰ জুৱাৰ আড্ডাত যায় সেয়া সময়েহে ক'ব। '
তৰণীয়েও ক'লে-
'হয় হয় । লোকৰ ঘৰুৱা কথাত মাত মাতিবলৈ আমাৰ দৰকাৰ নাই। কিন্তু দেখি শুনি যি পাইছো তাৰ পৰা এইটোৱেই বোধ হৈছে যে বিতুপনেই হ ওক বা তাৰ বায়েকজনীয়ে হওক প্ৰতাপৰ অত্যাচাৰতে তাৰ তলতীয়া হৈ থাকে। ককায়েকৰো অলপ অচৰপ ক্ষমতা আছে। তুমি জানা নে নাজানা ক'ব নোৱাৰো , এই কাণ্ডটোত তাৰ ককায়েকৰো হাত আছে কিন্তু। '
ৰজনীয়েও হয়ভৰ দিছিল।
সিহঁতে ক'ৰ ক'ৰ পৰা কি শুনিছিল মই কাণ নিদিলো। পিতাই ঢুকুৱাৰ পাছৰে পৰা জীৱনৰ আগডোখৰত খোৱা-পিন্ধাৰ কষ্ট হৈছিল। উত্তৰাধিকাৰীসূত্ৰে পোৱা মাটি -বাৰী কেইডৰা বন্ধকত গৈছিল। কিন্তু নিজ হাতেৰে কৰ্ম কৰি আৰু মলয়াৰ দৰে এজনী কৰ্মঠ উদ্যমী মানুহৰ সান্নিধ্যত কেইবছৰমান থকাৰ পিছত খাবলৈ-খুঁটিবলৈ কষ্ট নোপোৱাকৈ থাকিবৰ ব্যৱস্থা ঠিকেই কৰি লৈছিলো। আকালো নাই , মোৰ ভৰাঁলো নাই। ঈশ্বৰে নিদিলে জোৰ কৰি ল'বও নোৱাৰি।তেৰাই দিলে জোৰ কৰি কোনোৱে কাঢ়িও ল'ব নোৱাৰে। তদুপৰি মই যে ঈশ্বৰৰ বৰ বেছি প্ৰিয়পাত্ৰ নাছিলো , তাত মোৰ সন্দেহ নাছিল। হোৱা হ'লে এই ভৰ বয়সতে মোৰ কাষৰ পৰা মলয়াক আতঁৰাই নিলেহেঁতেন জানো?কত পোৱাতি তিৰোতা বিনা চিকিৎসাতো বাচি থাকে।
দেৱীপুৰৰ তিনিআলিৰ মাজ- মজিয়াত বহি থকা পাগলী মানুহ এজনীয়ে কেইমাহমানৰ আগতে প্ৰসৱবেদনাত ছট-ফটাই থকা দেখা পাই মোৰ চুলিৰ আগেৰে জীৱ গৈছিল। ভাগ্যে কাষতে থকা মহিলা কেইগৰাকী মানে ওচৰে পাজৰে ৰৈ থকা পুৰুষ সকলক আঁতৰি যাবলৈ কৈ কাপোৰেৰে মানুহজনীক আঁৰ কৰি দিছিল। ক'ৰপৰা কেনেকৈ আহি তাত বহি থাকিবলৈ লৈছিল কোনোৱে গম পোৱা নাছিল। তিনি মাহ মান ৰ আগৰ পৰাই তাইক ডাঙৰ পেটটোৰ সৈতে তাত দেখা গৈছিল। তাইক সুধিলে ঘৰ, গাড়ী, মানুহ আদি অসংলগ্ন উত্তৰ দিছিল। সকলোৱে সন্দেহ কৰিছিল কোনোবাই তাইৰ তেনে অৱস্থা কৰি গাড়ীৰে আনি সৰু ঠাইখনত মেলি থৈ গৈছিল। হস্পিটেললৈ নিবলৈ গাড়ী পোৱালৈকে ল'ৰাৰ মাক হৈছিল তাই। তাইৰ দুচকুতো সন্তানৰ বাবে মমতা দেখা গৈছিল। পিছলৈ তাইক মানসিক হস্পিটেললৈ পঠিওৱা হৈছিল বুলি গম পাইছিলো। সন্তানটোকো কোনো হৃদয়বান লোকে আঁকোৱালি লৈছিল।
চাকৰি নোপোৱাক লৈ কাৰোৰেই ওচৰত মোৰ কোনো অভিযোগ নাছিল।
ৰজনী আৰু তৰণীৰো অসন্তোষ আঁতৰাবলৈ মই ধেমেলীয়া সুৰত কৈছিলো-
'দেখিছা বান্ধ', বাপেক মণিৰাম মাষ্টৰৰ এচাৰিলৈকো ভয় নকৰি স্কুললৈ নোযোৱাৰ পৰিণাম? দুই পুতেকে মোৰ মুখৰ আগৰ পৰাই চাকৰি থপিয়াই নিলে! ভালেই হ'ল দিয়া। তেৰাৰ পৰা শিক্ষা নললো যদিও গুৰু-দক্ষিণাটো ঠিকেই দিলো। মৰিলে যমৰ আগত ক'বলৈ হ'ব। '
সিহঁত দুটাই মোৰ কথাত জকজকাই উঠিছিল। ৰজনীয়ে কৈ উঠিল-
'তোমাৰ কাৰণে হেডচাৰে ফাইলত সকলো কাগজ পত্ৰ ঠিকেই পঠিয়াইছিল। তুমি নাজানাই। আমাক মামনি বাইদেৱে কৈছে নহয়।'
আগলৈ
দুলুমণি
২৪/৯/২০২০
Comments
Post a Comment