সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
(৪৭)
মিলিৰ বাবে তাতঁশাল বেছি চিনাকি নহয়। ঘৰত কেতিয়াও নেদেখিলে ল'ৰা ছোৱালী য়ে কাম বোৰ নিশিকে। তথাপিও শালৰ প্ৰতি যে তাইৰ আকৰ্ষণ আছিল সেয়া দেখা পাইছিলো। হয়তো মাকৰ পৰা জন্মসূত্ৰেই পাইছিল। তাই তৰাদৈবাইহঁতে তাতঁশালৰ কাম কৰা চাবলৈ ভাল পাইছিল।
কেতিয়াবা মোক আচৰিত কৰি
এই শেলদিয়া চাদৰ খন , কেঁচ বচা ৰিহাখন,আদিৰ দৰে নাম বোৰ কৈছিল। সেইবোৰ চাগে তাই আইতাকৰ পৰাই জানিছিল।
আইয়ে প্ৰায়েই টাকুৰী এটাত এৰীপলুৰ টেপাবাঁহ কিছুমান লগাই এৰী সূতা কাটিছিল। কঁকালত দুখ পোৱাৰ পিছত শুই শুই হাতত টাকুৰীটো লৈ সূতা কাটি থকা দেখিলে মই ধমক দিছিলো। পিছে আইৰ দৰে মানুহে জীৱনকালত দিনত পালেঙত শুই পোৱা নাছিল। ককাঁলবিষৰ অজুহাতত কাম-কাজ নকৰি পৰি থকাটো তেওঁ সহ্য কৰিব নোৱাৰে। অন্তত: সূতা কটা কামত সেই সময়ৰ সদ্- ব্যৱহাৰ কৰিছিল। তাৰ বাবে কিবা কৈ একো লাভেই নাছিল।
মিলিৰ এল পি স্কুলৰ বৃত্তি পৰীক্ষা কাষ চাপিছিল। বছেৰেকীয়া পৰীক্ষা তেতিয়া ও হোৱা নাছিল। মই তাইৰ বাবে নিৰ্দিষ্ট কৰি সজোৱাই দিয়া পঢ়াটেবুল খনত বহি পঢ়া-শুনা কৰি থকা অৱস্থাত হাজাৰে কাম পাচিলেও তাই উঠি নগৈছিল। তাইৰ স্কুলৰ শিক্ষক - শিক্ষয়িত্ৰী সকলে প্ৰায়েই তাইৰ খবৰ লৈছিল। মই আইতাকৰ গা ভাল পোৱালৈকে মোৰ স্কুলৰ কামত অনুপস্হিত আছিলো। এদিন হেডচাৰে, মামনি বাইদেউ আৰু স্কুলত নতুনকৈ সোমোৱা আবুল চাৰক লৈ আহিছিল আইৰ খবৰ লবলৈ। আইৰ অৱস্হা ভালেই দেখি তেওঁ মোৰ কান্ধত হাত থৈ সোনকালেই স্কুললৈ যাবলৈ পৰামৰ্শ দিছিল। মই ও যাম বুলি প্ৰতিশ্ৰুতি দিছিলো। চাহ-জলপান দিবলৈ বুলি ভিতৰলৈ সোমাই যাওঁতে মামনি বাইদেৱে মিলিৰ লগত কথা পাতি থকা শুনিছিলো। আটাইকেইজনে মিলিক তাইৰ পঢ়া-শুনা ৰ কথা সুধিছিল।
মই ভিতৰত চাহৰ কেট্লী উতলাই ৰঙা চাহকে বাকি দি আইয়ে বনাই থোৱা পকামিঠৈ আৰু বাৰীৰ জাহাজী কলেৰে চাহ যাঁচিলো। তেনে সময়তেই মোৰ এটা পুৰণি ঘটনা মনত পৰিছিল। মলয়াই এবাৰ আলহী আহোঁতে মোক সাউৎকৈ বিস্কুট আৰু চেনি আনিব বুলি কৈ পঠাইছিল। পিছে বাৰান্দাত বহি থকা কেইবাজনো আলহীৰ মাজৰ এজন আলহীয়ে মোক বাহিৰলৈ ওলাই যোৱা দেখি মোৰ লগতে ওলাই আহি চাইকেলৰ কেৰিয়াৰত বহি লৈছিল। তাৰ পিছত তেওঁ মোৰ কথা নুশুনি মোকে চাইকেলৰ কেৰিয়াৰত বহাই লৈ গাঁৱৰ ইটো মূৰ পালেগৈ। আচলতে তেখেতৰ আগৰেই পৰিকল্পনা আছিল। গাঁৱৰ সিটো মূৰৰ ভনিতাবাইৰ মাজুজনী ছোৱালীৰ প্ৰণয় প্ৰাৰ্থী হিচাপে তেওঁ আহিছিল। আমাৰ ঘৰত বহি থকা লগৰ সকলে গম নাপাইছিল। তেওঁৰ ঘৰত গম পালে পিতাকে কানিয়াৰ ঘৰৰ ছোৱালী নিবলৈ নিদিব ।পিছে ছোৱালীৰ কানিয়া বাপেকৰ অহৌবলিয়া স্বভাৱৰ বাবে ভয় কৰি চল চাই মোক তেওঁৰ লগত লৈ গৈছিল। মই তেওঁক নমাই থৈ ঘূৰি আহিবলৈ লওঁতে মোক হাতযোৰ কৰি ৰৈ থাকিবলৈ কোৱাত কি কৰোঁ, কি নকৰোঁ লাগিল। সময়ত চাহ খুৱাবলৈ নাপালে মলয়াই মোৰ অৱস্হা কি কৰিব, তাকে ভাবি মনটো বেজবেজাই আছিল। মই বহুদেৰি ৰৈ থকাৰ পাছত হাতত সাৰে ভৰিত সাৰে ভনিতাবাইৰ ঘৰৰ পিছফালে টংক ভিনিহীক বিছাৰি গৈ ঢেঁকীশালৰ কিনাৰতে শুই থকা পালো। মাক জীয়েকহঁত আলহী আপ্যায়নত ব্যস্ত। মই টংক ভিনিক ক'লো---
'শুইয়ে আছ' ভিনি! সিফালে তই থাকোঁতেই ল'ৰাই দিন দুপৰতে ছোৱালী পলুৱাব এতিয়া!'
কৈয়েই মই চিধা নঙলা মুখ পালো গৈ। কানিয়াই কি বূজিলে কি নুবজিলে নাজানিলো!
'ঐ মৰতীহঁত , বাপেৰক চিনি পোৱা নাই? কোন আহিছে সেইটো?' -বুলি কোৱা শুনিবলৈ পালো আৰু পিছ মূৰ্হুততে আলহী মোৰ চাইকেলৰ কেৰিয়াৰত। মই বিস্কুট-চেনি লৈ পাওঁ মানে মলয়াই পেন্দুৱাকৈ মোলৈ চাই আলহীৰ সমূখৰ পৰা খালি কাপ-প্লেট হাতত লৈ ভিতৰলৈ সোমাই গৈছিল। ঠগীকাইক আলহীৰ লগত কথা পাতি থকা দেখি মই কি হৈছিল বুজি পাইছিলো।
কেইবাদিনৰ পিছত মলয়াই মোক ভনিতাবাইৰ ঘৰলৈ যোৱা আলহীৰ কথা সুধিছিল । হয়তো আলহীৰ সমস্যাটো গম পাইছিল। মই কিয় তেনে কৰিলো বুলি নুসুধিলে মাত্ৰ ছোৱালী জনী ৰ বিয়াযে তাৰ লগতেই হ'ব
সেই কথাটো হে ক'লে। মাত্ৰ ডাঙৰজনীৰ বিয়াখন হোৱালৈকে বাট চাই থকা বুলি ক'লে।
মলয়া নোহোৱা হোৱাৰ দুবছৰৰ পিছত তেওঁলোকৰ দুই জনী ছোৱালীক একেদিনাই গাঁৱৰ মানুহ গোটাই বিয়া দিছিল। মলয়াৰ স্মৃতিৰ আতিশয্যৰ যাতনা সহিব নোৱাৰি মই সেই বিয়াত উপস্হিত থকা নাছিলো।
'
আগলৈ
দুলুমণি
১৫/৯/২০২০
Comments
Post a Comment