সিপাৰৰ সাঁকো(৪৪)
#সিপাৰৰ সাঁকো
(৪৪)
পাকঘৰৰ চাল খন কেবাবছৰৰ মূৰে মূৰে খেৰেৰে চাই
থকা হৈছিল।মূল ঘৰটোৰ চাল মলয়া থাকোঁতে ই টিনৰ
আছিল। পাৰিলে গা ধোৱা ঘৰটো মামনি বাইদেউ হঁতৰ দৰে পকাকৈ বনাব লাগিব বুলি ভাবি আছিলোঁ। টকা অৱশ্যে নাছিল কিন্তু মিলি ডাঙৰ হৈ অহাৰ লগে লগে মোৰ যেন এই এটা প্ৰয়োজনৰ অভাৱ বৰকৈ অনুভৱ হৈছিল । মলয়া থাকিলে সেইটো ফৰমাইচ অত দিনে আহিলেইহেঁতেন ।
ধান মৰণাৰে মাৰি গুটি ধানবোৰ ৰখা ভঁৰালৰ পৰা বৰবৰীৰ পৰা মাজে মাজে কাম কৰিবলৈ অহা মানুহ দুজনী য়ে জাৰি ৰ"দাই দিছিল। মই চাইকেলেৰে মিলত বনাই আনিছিলো।মিলো দুটা আছিল -এটালৈ নিলে তুহঁ চাফা হৈ বগা চাউল হৈ আহিছিল আৰু আনটোত কেৱল তুঁহ আৰু চাউল সমানেই ঘুৰি আহিছিল।
বৰবৰীৰ মানুহ দুজনী তেতিয়াই আহিছিল, আইয়ে এই দৰে মিলৰ পৰা আনি থোৱা চাউলৰ বস্তাবোৰ উলিয়াই সিহঁতক জাৰিবলৈ দিছিল। সিহঁত দুজনী য়ে চাউল জাৰিবলৈ বৰ ভাল পাইছিল। সিহঁতক দিনটোৰ হাজিৰা পইচাৰে দিয়াৰ উপৰিও চাউলৰ টোপোলা বান্ধি নিবলৈ দিব লগা হৈছিল।
'ঘৰৰ খেতি কৰা চাউলকিটা ভাতটো খাবলৈ ইমান ভাল আহে হৈ! আমি খালি কিনা চাউল কিটা খাই খাইকিনে মুখটো চোৱাদ খাৰাপ হৈ যাইছে।ককাই বুৰীটোকে কবিচোন খাৰাপ নাই পাবলে।'
আইয়ে মুখেৰে বকিবকি সিহঁতক টেমাৰে গণি গণি দুসাজ মানৰ জোখাৰে চাউল দিছিল। সিহঁতে বৰ আপোনভাৱেৰে কথাবোৰ কৈছিল। অসমীয়া আৰু বাগানীয়া মিহলি সিহঁতৰ কথাবোৰে আপোনত্ব বঢ়াই তুলিছিল। অৱশ্যে ঠাইভেদে কথাবোৰৰ সুৰটো বেলেগ যেন লাগিছিল। আমাৰ ঘৰৰ ধান - চাউলৰ কামবোৰ সিহঁতকেইজনী নহ'লে নহৈছিল। আইৰ শৰীৰে নোৱাৰিছিল । পিছে আন বহুতৰ ঘৰতো বোৱাৰী -জীয়ৰীৰে ঠাঁহ খাই থকাৰ পিছতো সেই কামবোৰ কৰিবলৈ সিহঁতকে মাতিছিল। সিহঁত বৰ কামিলা আছিল। প্ৰায় সকলোৱেই বাগানৰ কাম কৰিছিল। কিছুমান ছোৱালীয়ে বাগানৰ কাম কিবা কাৰণত নাপাইছিল বা কৰিবলৈ ভাল নাপাইছিল। সেই সকলে গাঁৱৰ কাম কৰিছিল। কেতিয়াবা অফ্ চিজনতো গাৱঁত কাম কৰিছিল।
কামে-বনে স্ফূৰ্তিবাজ এই সকলৰ জীৱনবোৰ নিজৰ ইচ্ছামতে চলিছিল। বৰবৰীৰ পূজাফিল্ডত দোকান দিওঁতেও দেখা পাইছিলো। পৰ্দাৰ ৰঙীন ছবিবোৰৰ নায়ক-নায়িকাৰ সপোনত বিভোৰ হোৱা ডেকা-গাভৰু, বেলুন, পুতলা, মিঠাইৰ মাজত হেৰাই যোৱা শিশুবোৰ আৰু হাৰিয়া আৰু মাদলৰ ছেৱত আপোন- পাহৰা হোৱা আদহীয়া সকলৰ জীৱন বৰ অনুপম আছিল। মাজে মাজে মালিক গোষ্ঠীৰ বঞ্ছনাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰাও শুনিবলৈ পাইছিলো। তেওঁলোকৰ বহু সন্তানেও আদৰ্শত পঢ়িবলৈ আহিছিল।
খৰালি পুখুৰীৰ পানী শুকাই থকা বাবে একেবাৰে সিঁচি মাছ ধৰাৰ আনন্দ ও লৈছিলো। বৰ বেছি মাছ নাছিল । গছ তলৰ বাৰীৰ পুখুৰী প্ৰায়েই চেচুঁক হয়। বোকাৰ মাজত বটিয়া, মাগুৰ, শিঙি, তুৰা অলপ পাই ঠগীকাইহতঁক কেইটামান , তৰাদৈ বাইহতঁক কেইটামান দি থকা খিনি ওখ চৌকাৰ ওপৰত থকা চালনিতে শুকাবলৈ দি জুই জ্বলাই দিছিলো। সেই জুইতেই বাহিৰা চৰু পাতি মিলিৰ সৈতে ধেমালি-ধুমুলা কৰি ভাত আৰু মাছৰ আঞ্জা ৰান্ধি আইক খাবলৈ দিছিলো। পালেঙত শুই থাকিয়েই তেওঁ সকলো গম লৈ আছিল। তথাপিও মোক একো নকলে। মলয়াই দুবাৰ মান সেইদৰে ৰান্ধি দিওঁতে মুখলৈ ভাতকে নিয়া নাছিল। আইহঁতে পুতেক আৰু বোৱাৰীয়েকৰ মাজত এইদৰেই বাচ-বিচাৰ কৰে। পুতেকৰ সাতখুন মাফ্। আগলৈ
দুলুমণি
৯/৯/২০২০
Comments
Post a Comment