সিপাৰৰ সাঁকো (৩৭)

 #সিপাৰৰ সাঁকো

                               (৩৭) 

ঠাই খনৰ উন্নতি ৰ লগে  লগে মানুহ বোৰো বৰ অদ্ভুত ধৰণে পৰিৱৰ্তন হৈছিল।   গাওঁ খনৰ  ভিতৰতে কেইবাটাও ভাগ হৈছিল। নামঘৰ দুভাগ হৈ পৰিছিল।তাৰ মাজতে এচাম পাবত গজা  নেতাৰ সৃষ্টি হৈছিল। সেইচামে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ নকৰা কাম নাছিল।  লাহে লাহে আগৰ দৰে মানুহৰ মাজত মৰম বোৰ নাইকিয়া হৈ আহিছিল ।  দিনটোৰ  হাড়ভগা পৰিশ্ৰমৰ অন্তত মোৰ  সময়ে নাটিছিল বেলেগ কথাৰ চিন্তা কৰিব লৈ। জুপি-তৰাৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিছিল। দুয়োজনীয়ে  দুটা কৈ ল'ৰা- ছোৱালীৰ মাক হৈছিল।তৰাৰ গিৰিয়েকৰ চাকৰি কাশ্মীৰৰ পৰা বেলেগ ঠাইলৈ  ট্ৰান্সফাৰ হৈছিল। তাই ল'ৰা ছোৱালী হালক লৈ সম্পূৰ্ণ ব্যস্ত হৈ পৰিছিল।

    মাজতে ছোৱালী জনী জন্ম হোৱাৰ আগতে এবাৰ  ঘৰলৈ আহোঁতে আইৰ গাত ধৰি কন্দা কটা কৰি মিলি আৰু মোৰ বাবে ভীষণ ধুমুহা ৰ সৃষ্টি কৰিছিল। গতানুগতিক জীৱনত অভ্যস্ত হৈ পৰা আমি বাপেক জীয়েকৰ হালৰ মাজত  তৃতীয় জনৰ বাবে কোনো সুৰুঙাই নাছিল। আইৰ মনত অৱশ্যে  দুখৰ তুহঁজুই একুৰা ই উমি উমি জ্বলি  আছিল। সেই দুখৰ জুই কুৰাত তৰাৰ চকুপানী‌য়ে ঘিউ ঢালিলে ।  

   তৰাই কান্দি কান্দি আইৰ বগা আউলি-বাউলি    চুলিৰে  ভৰা মূৰটো নিজৰ  বুকুত সাবটি

         'আই ঐ অকলে অকলে তই কেনেকৈ ইমান বোৰ কাম কৰিছ.......এই বুঢ়া দেহাটো ৰে, ........ ককাইদেউ, তই নুবুজ কি‌য়? মই ছোৱালী এজনী চাই থৈছোঁ। তই মত দিলেই হ'ব, অই.........,আমাৰ মিলিক ভালদৰেই চাব। মই গাত লৈছো, তই চাই থাক, এই ঘৰখনক একেবাৰে নিজৰ আপোন কৰি ল'ব। আইক শুশ্ৰষা কৰিব। তই মত দে অ' ককাইদেউ.....!'


প্ৰথম বাৰৰ বাবে মই মিলি ৰ আগত অপ্ৰস্তুত হ'ব লগাত পৰিছিলো । তাই সকলো বুজি পাইছিল। মিলিক তৰাৰ ল'ৰাটো ৰ   লগত খেলিবলৈ  পঠাই দিছিলো। আই আৰু তৰাক তাতেই এৰি মই  স্কুলৰ ফালে এনেই ওলাই গুচি গৈছিলো। তৰা আৰু আইক একেলগে  বুজোৱা বৰ কঠিন। তৰাই বৌৱেকক বৰ ভাল পাইছিল। তাৰ পিছতো তাই কান্দিকাটি আইক উচটোৱা বাবে মই বৰ দুখ পাইছিলো।  হয়তো তাই জীৱনৰ পাঠ বৰ খৰকৈ শিকি পেলাইছিল। নিজৰ আপোন জনৰ স্মৃতি বিলাক  পাহৰি তীব্ৰ বৈষয়িকতাৰ গৰাহত নিজকে এৰি দিয়াটো সকলোৰে বাবে সম্ভৱ নহয় -এই কথা সকলোৱে বুজি নাপায়। মলয়াৰ প্ৰতি  মোৰ প্ৰেম আধ্যাত্মিকতাত পৰিণত হৈছিল। কায়িক প্ৰেমৰ তাত কোনো অৱকাশ নাছিল। গতিকে তেওঁ লগত নাথাকিলেও  তেওঁৰ প্ৰতি মৰম  একেই আছিল। আনে নুবুজিলেও অন্তত: মিলিয়ে সেইকথা উপলব্ধি কৰিছিল। মিলিক দেখিলেই মই মলয়াক দেখা বুলিয়েই ভাবিছিলো। আনহাতে মিলিৰ বাবে  মই তাইৰ মাকৰ সৈতে যোগসূত্ৰৰ একমাত্ৰ অৱলম্বন আছিলো। 


পিছদিনা ৰাতিপুৱা হে তৰা ঘূৰি যোৱাৰ কথা আছিল। তেতিয়ালৈকে আইৰ কি অৱস্হা হ'ব ভাবিয়েই ভয় লাগিছিল। মই ঘৰলৈ ঘূৰি গৈছিলো। তৰাক আইৰ অগোচৰে মাতি আনি  দুনাই এইবোৰ কথাৰ অৱতাৰণা নকৰিবলৈ ভালদৰে বুজাই দিছিলো। মোৰ কথাত একমত নহ'লেও তৰাই বৌৱেকৰ মৰমক অগ্ৰাহ্য কৰি নহয় অন্তত: আইৰ দুখৰ কথা ভাবিয়েই  তাই দেখুওৱা ছোৱালী জনীক এবাৰ চাই ল'বলৈ কৈছিল। মই কোনো উত্তৰ নিদিলো। তৰাই অৱশ্যে ৰাতিৰ সাজত বিধে-বিধে ৰান্ধি খুৱাই মিলি আৰু আইৰ মন ভাল লগাবলৈ চেষ্টা কৰিছিল।

     তাই দোকানৰ পৰা মিলি লৈ 'মেগি' নামৰ কিছুমান পেকেট কিনি আনিছিল। তাইৰ ল'ৰাটোৱেও বৰকৈ খাইছিল। মিলিয়েও  টিভিতহে  দেখিছো বুলি   কৈ বৰ হেপাঁহেৰে খোৱা দেখিছিলো। 

আগদিনা আহোঁতেই লৈ অহা ৰিক্সাখন পিছদিনা ও তাই কোৱা মতে  আহি মাক-পুতেকক দেৱীপুৰলৈ লৈ গৈছিল। তৰাই  দেৱীপুৰলৈকে ৰিক্সাত  গৈ তাৰপৰা বাচেৰে ঘৰলৈ ঘূৰি গৈছিল ।

 আনহাতে জুপি বহুত বছৰে ঘৰলৈ অহাই নাছিল। মিলিক প্ৰায় এমহীয়া কৰি ঘৰলৈ ঘূৰি যোৱাৰ পিছতেই  তাইৰ শাহুৱেকে দিনে-নিশাই তাইৰ নিজৰ সন্তান নোহোৱা বাবে কথা শুনাইছিল। দুবছৰৰ অগাপিছাকৈ ল'ৰা আৰু ছোৱালীৰ মাক হৈ জুপিয়ে সেই জগৰ ভাঙিছিল। আকৌ  নন্দেকৰ হ'বলগা বিয়াখন ভাঙি যোৱাত তাইও বৰ ভাগি পৰিছিল।  বিচৰা ধৰণেই যৌতুক দিয়াৰ পিছতো  দৰাই অশিক্ষিত ছোৱালী জনীক বিয়া কৰাবলৈ অমান্তি হয়।সঁচাই সময় সলনি হৈছিল। আগতে বিয়াৰ বাবে ছোৱালীৰ ৰূপ, ঘৰৰ ধন-সম্পত্তি আৰু মান-সন্মানেই যথেষ্ট আছিল। কিন্তু সময়ৰ সোঁতে বিবেকবান মানুহক শিক্ষা ৰ প্ৰয়োজন অনুভৱ কৰাই দিছিল। শিক্ষিত জীৱন সংগিনীৰ  প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। ছোৱালীজনী ধুনীয়া আছিল। মুখখন মেলি দুআষাৰ নোকোৱালৈকে ধৰিব নোৱাৰি তাইৰ যে  শিক্ষা-দীক্ষা নাছিল। মই  জুপিৰ  ছোৱালী জনী জন্ম হওঁতে ৰজনীৰ গাড়ীখন তে আই আৰু মিলিক লৈ গৈছিলো। মাকৰ টেপ্ টেপনি বহুত বেছি। কিন্তু সেই অনুপাতে ছোৱালী জনীক দুই শ্ৰেণীমান পঢ়াই  আখৰ লিখিবলৈ নিশিকালে। মই জুপিক টিপতে  

কৈছিলো- 

      ' মইনাটোক  আখৰ লিখিবলৈ শিকালে তাইকো শিকাই দিবি।'

                          আগলৈ

  দুলুমণি

  ৫/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)