Posts

Showing posts from August, 2020

সিপাৰৰ সাঁকো (৩৩)

 #সিপাৰৰ সাঁকো                                (৩৩) মই এবাৰ ঘৰৰ পুখুৰীৰ পানীত সাঁতুৰিবলৈ শিকোতে কোনোমতে হে প্ৰাণটো বাচি ছিল। তাৰ পিছত সেই ফালে মুখকে নকৰিলোঁ। কিন্তু আমাৰ লগৰ বহুতেই  থিয় সাতোঁৰ, চিলনী সাতোঁৰ আদি ৰকম ৰকম সাতোঁৰৰ  ষ্টাইলত সাঁতুৰিব জানিছিল।    খেল- ধেমালিৰ কথা কওঁতে মোৰ গাৱঁৰ ফিল্ড বোৰত ফুটবল খেলিবলৈ অহা দূৰৰ ল'ৰা বোৰৰ কথা মনত পৰে। দুই- তিনিদিনীয়াকৈ  বিভিন্ন ক্লাবৰ সহযোগত ফুটবল খেলৰ আয়োজন কৰা বুলি  মাইকত চিঞৰি চিঞৰি ঘোষণা কৰা হৈছিল। সময়ত গোটেই ফিল্ড আৱৰি থকা মানুহৰ জুমৰ মাজত প্ৰতিজন খেলুৱৈয়ে দুভৰিৰ কি যে অপূৰ্ব যাদু প্ৰদৰ্শন কৰিছিল!সেই খেলুৱৈ সকলৰ জীৱন-সংগ্ৰামত ফুটবল খেলে সহায় কৰিছিল নে নাই সেয়া আজিও নাজানিলো। কিন্তু দূৰৈৰ পৰা আহি গাৱঁৰ ফিল্ড বোৰত পতা সেই খেল বিলাকৰ প্ৰভাৱত  বহু লৰাই নতুনকৈ আকৃষ্ট হৈছিল।  প্ৰখৰ ৰ'দত টেঙা বল ভৰিৰে ঠেলি লৈ ফুৰা সৰু সৰু ল'ৰাৰ জাকবোৰ দেখি তেনেকুৱা ই লাগিছিল।      লাহে লাহে মই স্কুলৰ সকলো কাম আয়ত্ত কৰ...

সিপাৰৰ সাঁকো (৩২)

 ইয়াত উল্লেখ কৰা খেল বিলাকৰ বাহিৰে আপোনালোকে খেলা থলুৱা অসমীয়া খেলবোৰৰ নাম  কমেণ্ট বক্সত জনাবচোন। #সিপাৰৰ সাঁকো                                (৩২) মিলিয়ে  সোনকালেই আখৰ লিখিবলৈ শিকিলে। তাইৰ নজনা কথা জনাৰ হেপাহঁ দেখি মই আচৰিত হৈ পৰিছিলো।   কুঁহিপাত খনত থকা সকলোখিনি পাঠ অনবৰতে মুখেৰে আওঁৰাইয়ে থাকিবলৈ লৈছিল। মোৰ নাম টোৰ লগতে ঠিকনাটো ও সুন্দৰকৈ  লিখিবলৈ শিকাৰ ফলত মোৰ স্কুলৰ কামত বৰ সুবিধা হৈছিল। আগতে  স্কুললৈ  চিঠি এখন আহিলে  কাৰোবাৰ চিঠি কাৰোবাক দি দিছিলো।   মিলিৰ সৈতে আখৰ শিকাৰ পাছত নিজে চিঠিৰ নাম পঢ়ি লৈ  দুনাই সেই ভুল কৰাৰ থল নাছিল।     মিলিয়ে আইতাককো ধৰি আনি আখৰ লিখিবলৈ শিকাব বিচাৰি ঘমঘণ্ট লগাইছিল। মিলিৰ কথাত আইতাক প্ৰথমে ক্ষুণ্ণ হৈছিল। পিছলৈ তেওঁ ও মিলি ৰ কথামতে হাতেৰে  ফলিগুটি ধৰিছিল। লিখিবলৈ নিশিকিলেও আইতাকে নাতিনীৰ কামৰ শলাগ ইতিকিঙৰ সুৰতে লৈছিল। ভাল দিন পৰিছে , কুকুৰেও মৈ টানিছে । মিলিয়ে তাৰ মানে  কি বুলি সোধাত মই 'তোক মাষ্...

সিপাৰৰ সাঁকো (৩১)

 #সিপাৰৰ সাঁকো                             (৩১)          মই খবৰ লৈ গম পাইছিলো আইমণি আচলতে আমাৰ চুবুৰীয়া এঘৰৰে ছোৱালী। তাইৰ মাকে দ্বিতীয় সন্তানটিৰ জন্মৰ সময়ত কেঁচুৱাৰ সৈতে ই সিফলীয়া হৈছিল। সম্বন্ধীয় খুইদৌয়েই হৈছে আইতাক জনী।মলয়াতকৈ প্ৰায় ছমাহ পিছত হৈছিল ঘটনাটি। মই পিতৌ মানে আইমণিৰ বাপেকক কৈছিলো চহৰলৈ লৈ গৈ হস্পিটেলত প্ৰসৱ কৰোৱাবলৈ। নহ'লেও নাহৰতলিতে হাস্পিটেলৰ নাৰ্ছৰ দ্বাৰা কৰোৱাবলৈ। পিছে সি মোৰ কথা গ্ৰাহ্য ই নকৰিলে। বেছেৰী ভাই-বোৱাৰীজনী! পেটৰ সন্তান পেটতে লৈ  মৰি থাকিল। গাৱঁৰ মানুহৰ মতে 'কিহবাই পাইছিল ' হেনো। 'তাই  জহনীমৰতী  কাহিলীপুৱা ধলঁফাটতে    অকলেই কুৱাঁৰ পাৰলৈ দৌৰিছিল গা ধুবলৈ।'  সেই সময়খিনি হেনো বেয়া । গাত কিবা লাগিলে গুচোৱাৰ উপায় নাই।পানীকাটি দিছিল, জৰীও দিছিল। কামত হ'লে নাখাটিল। আইমণিৰ মাক ঢুকাল।  তেতিয়া আইমণি  প্ৰায় দুবছৰীয়া।  ধুলিয়ে-বালিয়ে পৰি থাকিয়েই ডাঙৰ হ'লগৈ।। ওপৰত বৰ্ণিত সমূহ বৈধ কাৰণ হিচাপ কৰি  চালে তাত পিতৌ...

সিপাৰৰ সাঁকো (৩০)

 #সিপাৰৰ সাঁকো                             (৩০)     মোৰ জীৱনৰ আটাইবোৰ পৰিৱৰ্তন ৰ ভিতৰত  তেতিয়ালৈকে নহ'বলগীয়া আটাইবিলাকেই ঘটিছিল। অৱশ্যে মই নতুনকৈ আৰম্ভ হোৱা ভেঞ্চাৰ স্কুল খনত ৰাতিৰ চকীদাৰৰ কাম পাইছিলো। সেইটোৱেই মলয়াক হেৰুওৱাৰ পাছত  মোৰ জীৱনৰ প্ৰথম ধনাত্মক পৰিৱৰ্তন বুলি ক'ব পাৰি।    লাহে লাহে মোৰ কথা আৰু কামত সন্তুষ্ট হৈ কৰ্তৃপক্ষই দিনতেই বিচৰা হ'ল। দিনত অৱশ্যে  মই বেপাৰ কৰিবলৈ যোৱা বাবে মোৰ সময় নাছিলেই।  তথাপিও তেওঁলোকে বিচৰা ধৰণেই সকলো কাম বন পিছলৈ থৈ মই তেওঁলোকৰ ফৰমাইচ পূৰাইছিলো। তাতো আচলতে  মলয়াৰ কথাৰে প্ৰভাৱ আছিল। তাইৰ পৰা পঢ়া-শুনা, স্কুল, কিতাপ পত্ৰৰ কথা শুনি শুনি মোৰো প্ৰায়েই মন গৈছিল  তেনে এটা পৰিৱেশ চাবলৈ। তাই ঘাটমাউৰা হোৱাৰ আগলৈকে মাকৰ লগত গৈ  এমাইল দূৰৰ স্কুলত চাৰিবছৰ পঢ়িছিল।     ঠগীকাইয়ে মোৰ হৈ বেপাৰত বহিছিল।       চাওঁতে চাওঁতে মিলিও পাঁচবছৰত সোমাইছিল । তাইৰ আবদাৰ আইয়ে পূৰাব নোৱাৰা হৈছিল।কথাই প্ৰতি ওফোন্দ পা...

সিপাৰৰ সাঁকো (২৯)

 #সিপাৰৰ সাঁকো                             (২৯)   ।   নতুনকৈ গাঁৱৰ স্কুললৈ বহুকেইজন  শিক্ষক আহিছিল। গাৱঁৰ মহিলা গোটাই নতুনকৈ মহিলা সমিতিৰ শাখা গঠন কৰি ডাঙৰকৈ  মিটিং পাতিছিল। মহিলা সমিতিয়ে বহু নজনা কথা  নতুনকৈ শিকাৰ সুবিধা দিছিল। মই জোৰ কৰিয়েই তৰাদৈ বাইক মিটিঙলৈ পঠিয়াই দিছিলো। ঘূৰি আহি তাই আহি মোৰ শলাগ লৈছিল । মই জোৰ কৰি নপঠিওৱা হ'লে তাই জীৱনৰ বহুমূলীয়া অভিজ্ঞতাৰ পৰা বঞ্চিত হৈ থাকিলহেঁতেন।          পকা ৰাস্তাৰ নিৰ্মাণ  কাৰ্য শেষ হৈছিল।  আমাৰ গাঁৱৰ মূল ৰাস্তাপৰা এমাইল আতঁৰতে বাওঁ ফালে ঘূৰি প্ৰায় দুই মাইল দৈৰ্ঘৰ নতুন পথেৰে দেৱীগাৱঁলৈকে আহি বৰবৰীৰ কিনাৰে গৈ  বেলেগ  ঠাইত লাগিছিল। সেইফালে পোনাই দিলে  পকাৰাস্তাৰে নাহৰতলিলৈ আমাৰ গাঁৱৰ পৰা চাইকেলেৰে এঘণ্টাৰ বাট  । গাড়ীৰে হয়তো আধাঘণ্টাও নালাগিব ।  গাৱঁৰ ৰাস্তাৰে,  যিফালে  মলয়াক গাড়ীত তুলি হস্পিটেললৈ নিছিলো সেইফালে পকী ৰাস্তা পাবলৈ চাইকেলেৰে এঘণ্টা আৰু পকী ৰাস্তাৰে ন...

সিপাৰৰ সাঁকো (২৮)

 সিপাৰৰ সাঁকো                             (২৮)  আইৰ মুখত আইৰ পিতাকৰ কাহিনী শুনিবলৈ পাইছিলো। তেতিয়া হেনো সমগ্ৰ পৃথিৱীতে যুদ্ধৰ দামামা বাজিছিল।  বৃটিছৰ আমোলত ডেকাল'ৰা ধৰি ধৰি যুদ্ধলৈ পঠোৱা বুলি শুনি ল'ৰা বোৰে  ভয়তে লুকাই থাকিছিল।আইৰ পিতাক পোন্ধৰ বছৰীয়া  দেখিলেই মোহলগা ডেকাল'ৰা। অৰ ত'ৰ পৰা ধৰি আনি  এমখা নিমাখিত অসমীয়া ডেকা বৃটিছৰ অধীনত থকা পুলিচৰ দ্বাৰা দুদিন পৰ দিয়া ই থৈছিল। আইৰ পিতাক মানে মোৰ ককাদেউতাই প্ৰাণৰ ভয়ত বিততহৈ পলাব বিচাৰি দৌৰি যাওঁতে বুটজোতাৰ গচকত বিষালি হৈছিল। পৃথিৱীৰ কোনটো মূৰত কি কাৰণত কোনে নিজৰ সিদ্ধান্ত সলনি কৰিছিল, সেই সাধাৰণ নিমাখিত মানুহ বোৰে  ততকে ধৰিব নোৱাৰিছিল।   - তেওঁ লোকক নিবলৈ বোলে গাড়ীয়ে নাহিল। ফলত প্ৰাণটো লৈ পলোৱা  মোৰ ডেকা ককাদেউতা পিছলৈ আইৰ পিতাক হৈছিল আৰু মোৰ ককাদেউতা। বুটজোতাৰ গচকনিত  হোৱা বিষেই তেওঁৰ কাল হৈছিল। মাত্ৰ চল্লিশ ৰ দেওনা পাৰ কৰিয়েই তেওঁ ইহলীলা সম্বৰণ কৰিছিল।  কোনো সংগ্ৰামত তেওঁৰ প্ৰত্যক্ষ বা পৰোক্ষ যোগদান নাছ...

সিপাৰৰ সাঁকো (২৭)

 #সিপাৰৰ সাঁকো                             (২৭)      শেহতীয়াকৈ হোৱা পৰিৱেশে স্কুল কলেজ সাময়িকভাৱে প্ৰায় বন্ধ কৰিয়েই পেলাইছিল। তথাপিও ৰিণিকি ৰিণিকি অহা খবৰমতে খুব সম্ভৱ আমাৰ গাঁৱৰ পৰা বৰবৰী বাগানলৈ যোৱা ৰাস্তাৰ কাষৰ খালী ঠাই খিনিত এখন হাইস্কুল নতুনকৈ আৰম্ভ হোৱাৰ কথা আছিল।  ভেঞ্চাৰ স্কুল হ'ব বুলি শুনিছিলো। মোৰ মতে সকলো স্কুল  একে। পঢ়িবলৈ ইচ্ছা থকাৰ ওপৰতে কথা। নিজেই এল পি স্কুলৰ মজিয়া গচকিবলৈকে নগ'লো- মণিৰাম মাষ্টৰৰ হাজাৰ বুজনিতো। পিছলৈ তেওঁ ও লোকৰ ল'ৰাক জোৰ জবৰদস্তি স্কুললৈ নিয়া প্ৰায়েই বন্ধ কৰিছিল। এল পি স্কুলৰ মজিয়াত পাৰি বহিবলৈ হাতত একোখন বস্তা আৰু দুখনমান কিতাপ ফলি লৈ  ল'ৰা বোৰে নিজেই স্কুললৈ গৈছিল। লাহে লাহে যেন সকলোৱে ল'ৰা মানুহৰ শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা ভালকৈয়েই বুজি পাইছিল। ধিতিঙালি কোবাই ফুৰা ল'ৰা কম আছিল। ল'ৰা ই পঢ়ি-শুনি  অফিচত চাকৰি কৰি টাউনত থাকিবলৈ ল'ব, ল'ৰাৰ  কথা কৈ মাক-বাপেকে গৌৰৱ কৰিব - এনেবোৰ সপোন তেতিয়া লৈকে প্ৰায় প্ৰতিঘৰ   জনা-...

সিপাৰৰ সাঁকো (২৬)

 পাৰৰ সাঁকো                             (২৬)       সেই ধুমুহা হয়তো কলঙ্কৰ ধুমুহা হ'লহেতেঁন, সেই ধুমুহা হয়তো পিতৃহীনা ছোৱালীৰ দুখৰ ধুমুহা হ'লহেতেঁন!   মেল খনত বহি কথা ৰ ভাগ নললেও  মোৰ প্ৰতি থকা সদয় ভাৱৰ বাবেই বিয়নিমেলৰ বহুত ভিতৰুৱা কথা  মোৰ কাণত পৰিছিল। তেওঁ লোকৰ কথাত প্ৰায়েই গৰুজনীৰ পোৱালী জগাৰ পৰা আৰম্ভ কৰি কাৰ ঘৰৰ বিয়া দিয়া ছোৱালী জনী  গিৰিয়েকৰ ঘৰত মিলিব নোৱাৰি ঘূৰি আহি মাকৰ ঘৰত আছে আৰু কোন ঘৰৰ বোৱাৰী জনীয়ে গিৰিয়েকৰ মুখে মুখে কথা কয় , কাৰঘৰৰ পাটগাভৰু জীয়েক শান্তি হৈয়েই পলাই যাব - তেনেকুৱা কথাবোৰে ঠাই পাইছিল ।  আশ্চৰ্যজনক ভাবে তেওঁ লোকৰ সমালোচনা বিলাক ত সদায় সেই  নাৰী সকলকে দোষী সাব্যস্ত কৰা হৈছিল। নিজেই নাৰী হৈও সকলো কথাতে তেওঁ লোকে সেই নিমাখিত ছোৱালী জনী বা বোৱাৰীজনীৰ কথা-বা কামক এনেদৰে বঢ়াই বঢ়াই কৈছিল যে শুনিলে সদায় দেখি থকা মানুহ জনীকো কোনোবা ৰূপকথাৰ  ৰাক্ষসী বা  মায়াবিনী যেন বোধ হৈছিল। যিমানকণ স্বাধীনতা  বা সুখ তেওঁ লোকৰ নিয়তিয়ে...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                             (২৫) উৰাবাতৰিৰ প্ৰভাৱত ত্ৰাসৰ সৃষ্টি হ'লেও সহজ- সৰল মানুহ বোৰৰ জীৱন একে ধৰণেই চলি আছিল। দুবেলা দুমুঠি খাবলৈ কষ্ট কৰা সকলৰ বাহিৰা কথা জানিব লৈ দৰকাৰ নাছিল। মোৰ জীৱনৰ পৰা মলয়া আতঁৰি যোৱা ৰ পিছত সৃষ্টি হোৱা শূণ্যতাই মোক  একান্ত ই সাংসাৰিক জগতৰ পৰা বৰ্হিজগতৰ মাজলৈ লৈ গৈছিল। কিন্তু এইদৰে বাৰে বাৰে মই  সংসাৰৰ চাৰিবেৰৰ বাহিৰলৈ ওলাই যাব বিছাৰিলে ও আই আৰু মিলিৰ অৱস্থিতি য়ে  পুনৰ সংসাৰৰ মহাভাৰৰ আৱেষ্টনীলৈ টানি লৈ আহিছিল।    একলা দুকলাকৈ বাঢ়ি অহা মিলি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু   হ'বলৈ ধৰিছিল। তাইৰ বাঢ়ন খৰ আছিল।আন কেঁচুৱাই যি সময়ত উবুৰি হৈ বগাবলৈ ধৰে তেনেকুৱা সময়ত তাই অ'ত ত'ত ধৰি থিয়-দঙা  দিব পৰা হৈছিল। মিলি ৰ জীৱনৰ প্ৰথম  এবছৰ সম্পূৰ্ণ হোৱাৰ দিনাই মলয়াৰ প্ৰথম বছেৰেকীয়া। ই মিলিৰ আৰু মোৰ বাবে গোটেই জীৱন জুৰি  ভূগিবলগীয়া বেদনাদায়ক সত্য আছিল। তেতিয়াৰ দিনত আমাৰ দৰে মানুহৰ ঘৰত জন্মদিনৰ আয়োজন কৰাটো লাহে -বিলাহৰ বাহিৰে একো ন...

সিপাৰৰ সাঁকো (২৪)

 #সিপাৰৰ সাঁকো                             (২৪)       বহুত দূৰৰ পৰা উৰি উৰি অহা ভয়ানক খবৰবোৰ শুনি গাওঁ বোৰত মানুহ বোৰ বৰ শংকিত হৈ পৰিছিল। খবৰবোৰ প্ৰায়ে চহৰৰ পৰা ঘূৰি অহা মানুহ বোৰে আনিছিল। সাধাৰণতে গাঁৱৰ মানুহবোৰৰ  লগত পোনপটীয়া সম্পৰ্ক নথকা সেই মানুহ বোৰে ক'ৰবাত কাৰোবাৰ লগত পতা কথা কোনোবাই শুনি তাকেই এগুণক  দুগুণ কৰি মচলা সানি  গাওঁ বিলাকৰ ভিতৰত বিলাওঁতে বিলাওঁতে খবৰবোৰেএটা ভীষণ ৰূপ লৈছিল। গাঁৱৰ ধনী আৰু বাহিৰা খবৰ খাতি ৰখা পঢ়া-শুনা ল'ৰা-ছোৱালী থকা মানুহবোৰৰ ঘৰত ৰেডিঅ'আছিল। ৰেডিঅ'শুনি কিছুমানে দেশৰ খবৰ লৈছিল।  আগতে বেছি গুৰুত্ব নিদিলেও আন্দোলনৰ কথা জানিব পাৰি ৰেডিঅ' শুনা মানুহৰ সংখ্যা বাঢ়ি গৈ আছিল। অনিল দোকানী, মণিৰাম মাষ্টৰ,মেলটৰী বাপেক হঁতৰ ঘৰতহে  ৰেডিঅ আছিল।  সেই কেইঘৰত আঞ্চলিক বাতৰি আৰু সৈন্যবাহিনীৰ অনুষ্ঠান চলি থাকোতে বাৰান্দাৰ পৰা পদুলিলৈকে  মানুহৰ জুম । সেইসময়ত আনকি ঘৰৰ কাষেৰে পাৰ হৈ যোৱা মানুহেও  ৰৈ ৰৈ ৰেডিঅ' শুনিছিল।খবৰ শুনি কি বুজি পাইছিল নাপাই...

সিপাৰৰ সাঁকো (২৩)

 #সিপাৰৰ সাঁকো              (২৩)            #শাওঁৰি/#হাওঁৰি  লগোৱা  আমাৰ গাওঁ বিলাকৰ খেতিৰ দিনৰ এক ধৰণৰ  উৎসৱৰ নিচিনাই আছিল। ই যেন গাৱঁলীয়া সমবায় ব্যৱস্হাৰে এক সৰল ৰূপ। গাঁৱৰ সকলো খেতিয়কে টকা- সিকা খৰছ কৰি নিজৰ ৰূপিত মাটিত ভূইঁৰোৱা কৰিব নোৱাৰে।  ইমান ধনো নাই । তদুপৰি ৰূপিত মাটিৰ পৰিমাণ বহুত বেছি। কিন্তু ঘৰে পতি এজনী দুজনী ৰোৱনী শাঁওৰি লৈ গ'লেও  দহ- পোন্ধৰ ঘৰৰ কমেও  দহ পোন্ধৰ জনী ৰোৱনীয়ে এদিনত  পাচঁ-ছয়বিঘা মাটিত কঠিয়া ৰুই শেষ কৰিব পাৰিছিল। সেইদৰে সকলোৱে  মিলি গাৱঁৰ প্ৰায় সকলো লোকৰে খেতি উঠাই দিছিল। তাৰ বাবে ডেমা হাহঁৰ তেলাল মাংসৰ লগত কোমোৰাৰ আঞ্জা নহ'লেই  নহৈছিল।   আহাৰ -শাওনৰ টিকাফটা ৰ'দেই হ ওক বা  গা-জুৰোৱা চেঁচা বতাহৰ লগতে তিতা কাপোৰেৰে ৰিম-ঝিম বৰষুণ জাকেই হওক ৰোৱনীৰ হাত খৰ কৰিবলৈ    গৃহস্হই গা ৰম্ ৰমাই যোৱা ৰঙচুৱা  পকা  সাজঁৰ বাতিটো আগবঢ়াই দিছিলেই।  মাটিৰ সৈতে মিতিৰালি  থকা কাজি ৰোৱনীয়ে পথাৰৰ মাজৰ আঠুঁৱনীয়া বোকাত লুত...

সিপাৰৰ সাঁকো (২২)

 #সিপাৰৰ সাঁকো              (২২)       আইৰ মনো কুমলিছিল। নিজৰ জীৱন কালত পিন্ধি নোপোৱা গহনাকেইপদ জীয়েকহঁতৰ ডিঙিত, হাতত  পিন্ধাই চাইছিল। অন্তত:সেইকেইপদৰ চমকনিয়ে আইক মলয়া যে একেবাৰে পৰিমৰা ঘৰৰ নাছিল, তাৰে সাক্ষী দিছিল। ককায়েক হিচাপে দুই জনী ভনীক একো দিব পৰা  নাছিলো।সেয়ে তাৰে দুপদ এপদ ভঙাই মলয়াই  সিহঁত দুজনীক কাণৰ ফুলি গঢ়াই দি  আইৰ মনত ৰং লগাইছিল। পিছে মল‌য়াই  যিয়ে নকৰক আইয়ে সুবিধা পালেই খোঁচ মাৰি কথাএষাৰ কৈ তাইক জব্দ কৰিবলৈ এৰা নাছিল। এবাৰ তাইৰ 'ম'ৰে আৰম্ভ হোৱা 'মলয়া' নামটোক লৈ  কথা শুনাই বৰ বেয়াকৈ মানসিক কষ্ট দিয়াত মই হিতাহিত জ্ঞান হেৰুৱাই আইক তই- মই কৰি গৰ্জন কৰি উঠিছিলো । আইৰ বিধৱা সাজটো আঙুলিয়াই দেখুৱাই -- ' তইনো কি কাৰণে পিতাইৰ মূৰটো খালি?' বুলি কৈ উঠিছিলো। আইয়ে আকৌ মলয়াকে দোষ দিলে ''মোৰ হীৰাৰ টুকুৰা হেন লৰা টোক তাই আহুদি কৰিলে !' মলয়াই মোক বাধা দিছিল। বেয়াকৈ নকবলৈ কৈছিল।      মাকৰ মনে ল'ৰাৰ বিয়াৰ পাছত বোৱাৰীয়ে পুতেকক বেয়া কৰিলে বুলি কোৱাটো ভাতৰ লগত পানী খোৱাৰ দৰে ক...

সিপাৰৰ সাঁকো (২১)

 #সিপাৰৰ সাঁকো                            (২১)         হয়তো বিধাতাই মোৰ আৰু মলয়াৰ ভাগ্যৰেখা আগতেই মিলাই থৈছিল। মাথো  আমি ইজনে সিজনক  নিজৰ আপোন কৰি লোৱাৰ বাবে ওচৰ চাপি  অহাটোকে কামনা কৰি  এনে এক পৰিৱেশৰ সূচনা কৰিছিল। তিনিবছৰীয়া সংসাৰৰ অন্তত মলয়া মোৰ কাষত নোহোৱা হো‌ৱা কথাটো মই লাহে লাহে সহজ ভাবে  গ্ৰহণ কৰিব পৰাৰ ইও এটা কাৰণ আছিল। মই লাহে লাহে বুজি পাইছিলো আমি বিধাতাৰ হাতৰ পুতলাহে মাথোন। আমাৰ জন্ম-মৃত্যু, ভূত -ভৱিষ্যত , প্ৰাপ্তি- অপ্ৰাপ্তি, আমাৰ কৰ্মফলৰ দ্বাৰা আগতেই নিৰ্ধাৰণ কৰা থাকে। সেয়া পূৰ্বজন্মৰ ফল বুলি বহুতে কয়। গীতা-ভাগৱততো তাকেই লিখা আছে হেনো। মই পঢ়িব নেজানো কিন্তু ভাওনা ই সবাহে দেখি-শুনি সেইদৰে ই জন্ম-মৃত্যু, ভূত-ভৱিষ্যত ৰ ৰহস্য ব্যাখ্যা কৰা বুলি পিছলৈ বুজি পাইছিলো। নহ'লেনো মোৰ দৰে এটাই মলয়াৰ কাষ চাপি প্ৰেমৰ প্ৰস্তাৱ দিবলৈ মৰসাহ কৰিব পাৰোনে?       মলয়াই মোক কোৱামতে মই প্ৰেমৰ প্ৰস্তাৱ দিয়া ৰ দিনা সিহঁতে ঠিকেই বুজি পাইছিল। মোমায়ে...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                                   (২০) '#হুৰাই ল' ধান খেৰৰ ছাই অতিকৈ মৰমৰ বহাগ ৰ বিহুটি  হাততে মলঙি যায়।'       কৰুণ সুৰত আৰু কেইবাটাও বিহুনাম গাই লৈ ঢোলৰ ছেৱত নচুৱাই,  নিয়মমাফিক বুঢ়াদুজনে পিছৰ বছৰবোৰতো আকৌ একে উৎসাহেৰে বিহুখন ধৰিবলৈ মানুহ বোৰক গাত বল-শক্তি দিবলৈ বুলি ইষ্ট দেৱতাক উদ্দেশ্যি কাতৰ প্ৰাৰ্থনা জনাই '#বিহু #উৰোৱা' পৰ্বৰ সামৰণি মাৰিছিল। মই ভেবা লাগি চাই থাকোঁতে মলয়া আৰু পুতলী  কাষেৰে পাৰ হৈ যায়েই আৰু। মই প্ৰথম বাৰৰ বাবে মৰসাহ কৰি 'শুনাচোন' বুলি মাতি দিয়া ত পুতলীয়ে - ' অ' তুমি? বুলি ৰৈ মোক  'বিহু চাবলৈ আহিছিলা?'   --বুলি সুধিলে। মোৰ চকুৱে মলয়াক হে লক্ষ্য কৰি আছিল। মই যিয়েই সুধিছিলো পুতলীয়ে তাৰ উত্তৰ দিছিল। হয়তো মোৰ সৈতে #চাইকেলত উঠি যোৱা বাবে তেওঁ মোৰ লগত বেছি সহজ অনুভৱ কৰিছিল। মই অকলে দুজনী ছোৱালীৰ লগত ৰৈ ৰৈ  কথা পাতি থকাত  আমাৰ ফালৰ দুটা মানে  চকুৰে টিপ মাৰি মোক জোকাইছিল। পুতলীয়ে ৰৈ নাথাকি 'যাওঁদেই...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো           ‌                  (১৯) ওচৰলৈ গৈ কথা বিষম দেখি মাটিত বহি পৰাৰ পৰা তুলি চাইকেলৰ কেৰিয়াৰত বহাই লৈছিলো। মলয়া মোৰ সৈতে থকা দিগন্তৰ চাইকেলত উঠিছিল। মই আৰু দিগন্ত ই চাইকেল ত নাচনীৰ সাজ পিন্ধা ছোৱালী দুজনী লৈ সিহঁতৰ শালনি গাৱঁৰ ৰাস্তাৰে সোমাই যাওঁতে ধুমুহা বৰষুণত তিতি জুৰুলি-  জুপুৰি হৈ পৰিছিলো। মলয়াৰ মোমায়েকৰ ছোৱালী জনী মানে এতিয়া পুতলী বাইদেউক চাইকেলৰ পৰা নমাই ধৰি ধৰি লৈ যাওঁতে আমাক জোৰ কৰি ভিতৰলৈ মাতি গৈছিল। মই দেৰি হোৱাৰ অজুহাতত নোসোমাওঁ বুলি কৈছিলো যদিও আচলতে ঘৰলৈ ঘূৰি আহিবলৈ মনেই যোৱা নাছিল। ঘৰটো টিনপাতৰ আছিল । চোতালৰ এচুকত এখন ফুলনি । আগতীয়া  তগৰ ফুল এজোপা বগা হৈ ফুলি আমোলমোলাই  আছিল। আমি থিয় দি থকা ঠাইতে এজোপা জপৰা আম যাৰ ঘন ঘন ডাল পাতবোৰৰ মাজেৰে  বৰষুণ কমকৈ সৰকিছিল।আমজোপাৰ চাপৰ ফেৰেঙনি এটাত কপৌফুলৰ গছ ।দীঘল দীঘল বৈ পৰা কপৌফুল বোৰ আধালৈকে ফুলিছিল । মই তাৰে এপাহ চিঙি লৈছিলো । তেতিয়া লৈকে মলয়াৰ মোমায়েক আৰু  মামীয়েক ওলাই আহিছিল। বাৰান্দাৰ মাজতে এখন তাঁতৰ ...

সিপাৰৰ সাঁকো (১৮)

 সিপাৰৰ সাঁকো                                (১৮)     আমাৰ দৰে খাটিখোৱা মানুহ বোৰে বৰ বিশেষ গুৰুত্ব নিদিলেও বহুতো শিক্ষিত , জনা-শুনা  মানুহে প্ৰায়েই সেইবোৰ কথা পাতি থকা শুনিবলৈ পাইছিলো। বিশেষকৈ স্কুল -কলেজত পঢ়ি থকা ল'ৰাবোৰে ইফালৰ পৰা সিফালে ঘূৰি চিঞৰি চিঞৰি গান গাই থকা কাৰ্য  মই তাৰ আগতে দেখাই নাছিলো নে তেতিয়ালৈকে মন কৰা নাছিলো বুজি নাপালো। কিন্তু মাষ্টৰৰ পুতেকে  পতা মিটিং খনলৈ  যোৱা মনোজ আৰু আন দুটামানৰ  পৰা যেতিয়া  সেই কথাবোৰ গম পাইছিলো  তেতিয়াৰ পৰাই মই মন কৰিবলৈ লৈছিলো আগতে নেদেখা কম বয়সীয়া ডেকা ল'ৰাবোৰে গাৱঁত সোমাই মানুহ বোৰক কিবাকিবি বুজাই থাকে। দূৰত ক'ৰবাত বহুত মৰা-কটা হোৱা বুলি ও শুনিছিলো।  কেতিয়াবা বহু দূৰৰ পৰা শাৰী পাতি ল'ৰা ছোৱালীৰ জাকে শ্লোগান দি পাৰ হৈ যোৱা দেখিবলৈ পাইছিলো। কিবা এটা গোলমাল যে হৈছিল আৰু তাৰপৰা যে কিবা ডাঙৰ প্ৰতিক্ৰিয়া হ'ব সেয়া মানুহ বোৰৰ মুখবোৰ দেখিয়েই বুজিব পাৰিছিলো।      আমাৰ গাঁৱৰ পৰা বৰবৰী বা...

সিপাৰৰ সাঁকো (১৭)

 পঢ়ি চাবচোন এই খণ্ড ।               #সিপাৰৰ সাঁকো                            (১৭)        কথাটো ভবাৰ দৰে নহ'বও পাৰে। আইৰ দৰে বয়সীয়াল মানুহ গৰাকীয়ে ৰাতি টোপনিৰ জালতে হয়তো বাহিৰলৈ ওলাই গৈ পাহৰি    ভুলতে নাই যোৱা বুলি কৈছিল । মই বৰ গুৰুত্বপূৰ্ণ কথা বুলি গণ্য নকৰিলো।   ৰাতিপুৱা লৈ মেজি জ্বলোৱা হ'ল । মোৰ মনটো তেতিয়া ও তালৈ গৈ এপাক চাই আহিবলৈ ৰাজি‌ নহ'ল । গাৱঁলীয়া চহালোকৰ বাবে মেজি জ্বলোৱা পৰ্বত উপস্হিত থাকি অগ্নি দেৱতাক সেৱা জনোৱা, মেজিৰ জুইৰে হাত-ভৰিৰ তপতাই বছৰটোলৈ  নিজৰ দেহাটো টঙাই লোৱা আদি কাম  বৰ আৱশ্যকীয়। মেজিৰ জুইয়ে শৰীৰৰ বিষ-কোপ নোহোৱা কৰে বুলি জনবিশ্বাস আছে।  মই কেতিয়াও এই মেজি  জ্বলোৱা পৰ্বত অনুপস্হিত থকা নাছিলো।                মাঘৰ বিহুৰ উৰুকাৰ নিশাৰ সেই ঘটনাৰ কথা আইক দুনাই নুসুধিলো । ঠগীকাইৰ লগত আলোচনা কৰিবলৈও ঠগীকাই নাছিল। প্ৰায় দহমাইল আতঁ‌ৰৰ ভনীয়েকৰ ঘৰ...

সিপাৰৰ সাঁকো (১৬)

 #সিপাৰৰ সাঁকো         ‌‌                (১৬)  মাঘৰ বিহুৰ উৰুকাৰ ৰাতি মই ভেলা ঘৰলৈ নগলো। মোৰ লগৰ কেইটামানে মোক  মাতিবলৈও আহিছিল। উৰুকাৰ ৰাতি এক অনন্য পৰিবেশত থাকে ভেলাঘৰ । উৰুকাৰ ভোজৰ আয়োজন আবেলিৰ পৰাই আৰম্ভ হয়।  ভোজ-ভাত খাই আনন্দ মনে সকলোৱে ঘৰা-ঘৰি যোৱাৰ পাছত আৰম্ভ হয় ডেকা ল'ৰাসকলৰ পছন্দ অনুযায়ী  ৰং- ধেমালি। মদাহী সকলে মদতে ডুবি ভেলা ঘৰতেই আড্ডা দি থাকে। ভাল প্ৰতিভা থকাসকলে নিজৰ নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি ভাল আনকো ভাল পথ দেখুৱায়। কেতিয়াবা ক'ৰবাৰ  অচিনাকি  দুই-এজনকো গাৱৰ কোনোবা এটা-দুটা লৰাই লগত লৈ ভেলাঘৰলৈ আনিছিল। কেতিয়াবা পঢ়া-শুনা কৰা ভাল দুই এজন ডেকাই  দূৰৰ কোনো কলেজত পঢ়ি থকা বন্ধুকো তালৈ লৈ আনিছিল। এফালে  যেনেকৈ  ভেলাঘৰ আছিল অবাধ ৰং-ৰহইচৰ আড্ডা আনফালে ই  ডেকাসকলৰ মাজত নতুন চিন্তাধাৰাৰ পাতনি মেলাৰ উৎস ও আছিল। মই প্ৰায়েই মাঘৰ বিহুৰ উৰুকাৰ ৰাতি জেওৰা-জপনা, লাও-কোমোৰা, হাঁহ-কুকুৰা চুৰ কৰা দলটোৰ দলপতি আছিলো। ইয়াতো বৰ চিন্তা কৰিব লগা হৈছিল। অত্যূৎসাহী পিলিঙা বোৰে গ...

সিপাৰৰ সাঁকো (১৫)

 #সিপাৰৰ  সাঁকো        ‌                            ‌(১৫)          ধান চপাই শেষ হৈছিল।  আমাৰ পথাৰবোৰ তুলনামূলকভাৱে দ মাটি হোৱা বাবে শালিধানৰ খেতিহে ভাল হৈছিল।ভনিতা বৌৰ ঘৰৰ আটাইবিলাক আহি এক সপ্তাহৰ ভিতৰতে ধান চপোৱা শেষ কৰিছিল। ধান দাই থাকোঁতে কোনেও বিশেষ হাঁহি-ধেমালিৰে কথা পতা নাছিল। মলয়াই মোক নোকোৱাকৈ সাঁচতীয়া টকা খৰচ কৰি ভনিতা বৌৰ বিপদৰ সময়ত সহায় কৰিছিল। বিনিময়ত কেঁচুৱাৰ সৈতে ধানচপোৱাত অসুবিধা হ'ব বুলি জানি তেওঁক সেই কামৰ দায়িত্ব দি থৈছিল।আগৰ কেইবছৰ নিজেই সেইবোৰ কাম কৰিছিল।  মোৰ মনত পৰিছিল মলয়াই কোৱা কথা-    নৈপৰীয়া মানুহ বৰ বেছি উদ্যমী হয়। নৈয়ে আজুৰি নিয়া হেপাঁহৰ সম্বল বোৰ দুনাই নৈয়ে দি থৈ যোৱা পলসুৱা মৰমত ঠন  ধৰাই তুলিবলৈ দুগুণ উৎসাহেৰে লাগি যায়।বছৰৰ পাছত বছৰ সেই ভঙা পতা চলি থাকে। জীৱন চলি থাকে।        কথাষাৰি অন্ত:কৰণেৰে সঁচা বুলি অনুভৱ কৰিছিলো। কেতিয়াবা মাথোঁ নদী খনক সময়ৰ লগতো  সলাই ক'ব পাৰ...

সিপাৰৰ সাঁকো (১৪)

 আপোনালোকৰ আশীৰ্বাদ বিছাৰি          #সিপাৰৰ সাঁকো            ‌     ‌                 (১৪)    ' নাই' সৰিছিল । ঘৰৰ ভিতৰ, বাহিৰৰ  চৌপাশ পৰিষ্কাৰ কৰি আই, জুপি আৰু তৰাই সুন্দৰকৈ সকলো কাম ৰ তদাৰক কৰিছিল। কেঁচুৱাৰ কান্দোনৰ বাহিৰে কোনো সময়তে মই কেঁচুৱাৰ অস্তিত্বক লৈ চিন্তা কৰিব লগা হোৱা নাছিল। কান্দি থকা কেঁচুৱা জনীক জুপিয়ে কোলাত লৈ নিচুকাই  লেক্টুজেন দিলে  মনে মনে থাকিছিল। নাহৰতলিৰ দোকানত কোৱাই ৰজনীয়েই লেকটুজেন আকৌ অনাই দিছিল। সাধাৰনতে পোৱা নাযায়। গাৱঁত কোনে লেকটুজেন কিনিব। মাক নথকা কেঁচুৱাক গৰুৰ গাখীৰ খুৱাইয়ে ডাঙৰ কৰে। পাতল লুথুৰী ও দিয়ে। ম‌য়ো খাব পৰা হ'লে তাকেই দিব লাগিব। জুপি- তৰাই মোৰ ছোৱালীৰ নাম 'মিলি ' ৰাখিছিল। আইয়ে অৱশ্যে  গণকক চোৱাইহে নাম ৰখাটোৱেই ভাল বুলি কৈছিল। আমাৰ গাৱঁলীয়া মানুহে গোপিনী আৰু ভকতে দিয়া নামহে ৰাখে।  সকলোৱে ধৰা ধৰি কৰি মলয়াৰ দহা -কাজ আৰম্ভ  কৰিছিল। মোৰ  ৰিঙা ৰিঙা মনত শোকৰ সাগৰৰ ঢৌ। ঠগীকাইয়ে...

সিপাৰৰ সাঁকো (১৩)

 পাঠকৰ মৰম বিচাৰি আগবঢ়ালো                     #সিপাৰৰ সাঁকো                               (১৩) কেঁচুৱাৰ আপদাল কৰি বৰ ভাল পোৱা জুপিয়ে  বৌৱেকৰ অবৰ্তমানত বৌৱেকৰ সন্তানক মৰমেৰে ডুবাই ৰাখিছিল।  'নাই' সৰা নাছিল। আইয়ে  তৰাকে গধূলি গধূলি ঈশ্বৰৰ  নাম লৈ ভালেমান পৰ  মনত থকা পদ -ঘোষা গোৱাই গোৱাই বহুৱাই থৈছিল। মোক মলয়াহীন পুৱা-গধূলি বোৰে পঙ্গু কৰি পেলাইছিল।                             তিলনিৰ পিছদিনা ৰজনী আহিছিল। চাইকেলৰ কেৰিয়াৰত সৰু কাপোৰৰ টোপোলা এটা আৰু আগফালে হেণ্ডেলত ওলোমাই অনা মোনাত কিছুমান কাগজৰ টোপোলা।  আহিয়েই কেঁচুৱাৰ খবৰ ল'লে। বস্তুবোৰ আইক দি  'নাই' সৰিবলৈ কি কৰিব লাগে তাকো ক'লে। তাৰ ঘৰত আগতীয়া মনচুৰি  ধান চপাই শেষেই কৰিলে   তাকো ক'লে। মোৰ মন ভাল লগাবলৈ দুই এটা খুহুতীয়া কথাও ক'লে। মই ৰজনীৰ  ধাৰ কোনোদিনে শুজিব নোৱাৰিম বুলি কোৱাত...

#সিপাৰৰ সাঁকো (১২)

 #সিপাৰৰ সাঁকো                                     (১২)     নৈখন হঠাৎ ফেনে-ফোটোকাৰে বাঢ়িবলৈ ধৰিছিল। মই পাৰৰ পৰা চিঞৰি আছিলো। তাইক সোনকালে উঠি আহিবলৈ কৈছিলো। তাই মোলৈ চাই হাঁহি হাঁহি দ-পানীত বাৰে বাৰে  জোবোৰা মাৰি আছিল। মোৰ কথাক আওকাণ কৰি আগবাঢ়ি নৈৰ বুকুলৈ গৈ আছিল। । মই তাইক হাতত ধৰি তুলি আনিবলৈ  চিঞৰি চিঞৰি পানীত নমাৰ লগে লগে মোৰ মুখেৰে মাত নোলোৱা  হৈছিল। মই পানীৰ মাজত ককবকাই আছিলো। মোক কোনোবাই পানীৰ পৰা টানি আনিছিল। কোনেনো টানি আনিছে .....!   আইয়ে গাত ধৰি জোকাৰি  আছিল । মোৰ চিঞৰত সাৰ  পাই  তেওঁ মোৰ কোঠালৈ আহিছিল। আইয়ে এইবাৰ মোক  নিজৰ কোঠালিটোত শুবলৈ মাটিতে বিছনা পাৰি দিলে। তেওঁ কি বুজাইছিল মই জানিছিলো। মলয়াৰ সেই কোঠাত মোক অকলে এৰিবলৈ তেওঁ বেয়া পাইছিল। মই নগলো। পুৱালৈ বেছিপৰ নাছিল। মই বাহিৰলৈ ওলাই বাৰান্দাতে বহি পৰিলো। কেঁচুৱাই কন্দা শুনা নাই। জুপিয়ে বৰ আপদাল কৰি ৰাখিছিল বুলি মনটো অলপ ভাল লাগিছিল। কিন্তু কিমান দিন? জুপিৰ ঘৰত চাগে খে...

সিপাৰৰ সাঁকো(১১)

 পঢ়িলে নথৈ আনন্দিত হ'ম               #সিপাৰৰ সাঁকো                              ‌   ‌‌ (১১)       ঘৰলৈ ঘূৰি আহোঁতে চুবুৰীয়া সকলৰ পদুলিতে যতনাই থোৱা শিল আৰু  জ্বলি থকা জুমুঠিবোৰ দেখিলোঁ। মৃতকক সৎকাৰ কৰি শ্মশানৰ পৰা ঘূৰি অহা মানুহবোৰে ভৰি বোৰ  জুমুঠিবোৰত সেকি শিলত স্পৰ্শ কৰিহে  পদুলিৰ পৰা   ভিতৰলৈ যায়।  মই ও আগতে অসংখ্য বাৰ তেনে কৰিছিলো।  কিয় জানো পদুলিবোৰত জ্বলাই থোৱা জুমুঠিবোৰ দেখি মোৰ কম্বলে মেৰিয়াই থোৱা মলয়াক দেখাৰ দৰে লাগিছিল। মই বুকুৱেদি উজাই অহা বিষটো কান্দোন হোৱাৰ আগতে  ঘৰৰ চোতাল পাইছিলোগৈ।      আগফালে কোনো নাছিল। মই ভালেই পালো। পোনে পোনে পুখুৰীৰ পাৰলৈ গৈ বাল্টিৰে পানী তুলি  বাহঁৰ বেৰ দিয়া গাধোৱা ঘৰটোত সোমাই মুখ খনত পানী ছটিয়াই হুকহুকাই কান্দিলো। মলয়াৰ অনুৰোধত  আটাইতকৈ ডাঙৰ ঘেৰৰ কঁঠাল জোপা কাটি তাৰ গুৰিৰ কুন্দাটো সমানকৈ দুটুকুৰা কৰি  গা-ধুৱা ঘৰৰ মজিয়া কৰা হৈছিল। তা...

চাৰিচকুৰ মিলন

 #পঢ়িব দেই                                    #চাৰিচকুৰ মিলন মই এজন দিন হাজিৰা কৰা শ্ৰমিক। কেইদিনমানৰ বাবে চাহবাগান এখনৰ  কৰ্মচাৰী আবাসসমূহৰ  আবাসীসকলৰ  সকলৰ ঘৰুৱা কামত  নিয়োজিত হৈ আছিলো।   ঘৰৰ পৰা অহা-যোৱা  কৰিবলৈ দুটা ৰাস্তা আছিল।  এটা চমু কিন্তু দুৰ্গম আৰু আনটো  টাউনৰ দীঘলীয়া  ৰাস্তা  । সেইফালে আহিলে গাড়ীৰ ভাৰাৰ নামত টকা খৰচ হৈছিল । সেয়ে মই প্ৰায়েই  হাবিতলীয়া দুৰ্গম পথেৰে অহা-যোৱা কৰিছিলো। মোৰ সৈতে কেইবাটাও ল'ৰা অহা-যোৱা কৰিছিল। বনৰীয়া জন্তুৰ ভয় আছিল যদিও সময় আৰু পইচা ৰাহি কৰিবলৈ আমি  দিনে পোহৰে অহা-যোৱা কৰিবলৈ বিশেষ অসুবিধা পোৱা নাছিলো।  এদিন চাৰিটা লগ হৈ হাবিৰ মাজেৰে আহি  থাকোঁতে মই পথৰ দাঁতিত মহিলা এগৰাকীয়ে এটি কেঁচুৱা কোলাত লৈ গছৰ তলত বহি থকা দেখিলোঁ। মোৰ মনত বৰ দুখ লাগিল। বেচেৰী তিৰোতা গৰাকীয়ে কেঁচুৱা লৈ এই হাবিতলীয়া ৰাস্তাৰে  আহো‍ঁতে ভাগৰত গছৰ তলত জিৰাইছে। মই সদয় ভাবেৰে চোৱা বাবে ই নেকি তেওঁ ...