সিপাৰৰ সাঁকো (২৯)

 #সিপাৰৰ সাঁকো

                            (২৯)

 

।   নতুনকৈ গাঁৱৰ স্কুললৈ বহুকেইজন  শিক্ষক আহিছিল। গাৱঁৰ মহিলা গোটাই নতুনকৈ মহিলা সমিতিৰ শাখা গঠন কৰি ডাঙৰকৈ  মিটিং পাতিছিল। মহিলা সমিতিয়ে বহু নজনা কথা  নতুনকৈ শিকাৰ সুবিধা দিছিল। মই জোৰ কৰিয়েই তৰাদৈ বাইক মিটিঙলৈ পঠিয়াই দিছিলো। ঘূৰি আহি তাই আহি মোৰ শলাগ লৈছিল । মই জোৰ কৰি নপঠিওৱা হ'লে তাই জীৱনৰ বহুমূলীয়া অভিজ্ঞতাৰ পৰা বঞ্চিত হৈ থাকিলহেঁতেন।

    

    পকা ৰাস্তাৰ নিৰ্মাণ  কাৰ্য শেষ হৈছিল।  আমাৰ গাঁৱৰ মূল ৰাস্তাপৰা এমাইল আতঁৰতে বাওঁ ফালে ঘূৰি প্ৰায় দুই মাইল দৈৰ্ঘৰ নতুন পথেৰে দেৱীগাৱঁলৈকে আহি বৰবৰীৰ কিনাৰে গৈ  বেলেগ  ঠাইত লাগিছিল। সেইফালে পোনাই দিলে  পকাৰাস্তাৰে নাহৰতলিলৈ আমাৰ গাঁৱৰ পৰা চাইকেলেৰে এঘণ্টাৰ বাট  । গাড়ীৰে হয়তো আধাঘণ্টাও নালাগিব ।  গাৱঁৰ ৰাস্তাৰে,  যিফালে  মলয়াক গাড়ীত তুলি হস্পিটেললৈ নিছিলো সেইফালে পকী ৰাস্তা পাবলৈ চাইকেলেৰে এঘণ্টা আৰু পকী ৰাস্তাৰে নাহৰতলীলৈ আধাঘণ্টা। । বৰবৰীৰ ফালে নতুনকৈ ৰাস্তাটো সাজি দেৱীগাৱঁৰ মাজেৰে পকী কৰাই দিয়া বাবে আমাৰ গাৱঁখন থকা ফালে  নাহৰতলিলৈ যাবলৈ সহজ হৈ পৰিছিল।সেইফালৰ পৰা আমি নিজকে  বৰ ভাগ্যবান  বুলি ভাবিছিলো । সঁচাকৈয়ে ৰাস্তা-পদুলি নিৰ্মাণ কৰিলে মানুহৰ জীৱনৰ মানদণ্ড ও কিদৰে উন্নত হৈ পৰে তাৰ চাক্ষুস প্ৰমাণ আমাৰ দৰে মানুহে দিব পাৰিব। নাহৰতলিৰ হস্পিটেলত ডাক্টৰ নাৰ্চ নথকা বাবেই মই মলয়াক হেৰুৱাইছিলো । এতিয়া সেই হস্পিটেলত নাৰ্চ-ডাক্টৰে গিজগিজাই থকা হ'ল।  ইয়াকে ভাগ্য বুলি কয় চাগে। তদুপৰি গাৱেঁ গাৱেঁ ঘূৰি ভিটামিন খুৱাই ফুৰা নাৰ্চ ও দেখিবলৈ পাইছিলো। 

   কিমান বছৰৰ নো পাৰ্থক্য?

      মিলিয়ে আগতে  নোখোৱা প'লিঅ' খোৱাবলৈ হস্পিটেললৈ নিওঁতে মোৰ বুকুৰ  ঘাঁ টুকুৰা আকৌ সজীৱ হৈ পৰিছিল।  হাহাকাৰ কৰি উঠিছিল মোৰ মনটোৱে। এজনী জীয়া মানুহ পৰিস্হিতিৰ পাকচক্ৰত পৰি নোহোৱা হৈ পৰিল । হস্পিটেলৰ সেই গোন্ধটো পোৱাৰ লগে লগে মই   সেই ৰাতিৰ ঘটনাৱলী  চিনেমাৰ পৰ্দাত দেখাৰ দৰে স্পষ্টকৈ  দেখা পোৱা যেন লাগিছিল। সকলো হস্পিটেলৰ গোন্ধ একেই আছিল নেকি  বাৰু?

 মই ভাঙি নপৰাকৈ থাকিবলৈ চেষ্টা কৰিছিলো।

  মিলিৰ মুখৰ মাতে মোৰ জীৱনলৈ নতুন সৰগ কঢ়িয়াই  আনিছিল। তাই মোক 'পিতাই'বুলি মাতিবলৈ লৈছিল। তাইৰ মুখৰ মাতত মই  'পিতাই' শুনিবলৈ পাই নতুন জীৱন পোৱা যেন লাগিছিল। মই নতুনকৈ আৰম্ভ হোৱা প্ৰি- প্ৰাইমেৰীৰ খেলা-ধূলা কৰিবলৈ শিকোৱা শ্ৰেণীত ভৰ্তি কৰাই দিছিলো। তেনে খেলাধূলা কৰা শ্ৰেণী অৱশ্যে বেছি বছৰ চলা নাছিল। মিলিয়ে সেইদৰে খেলাধূলা কৰি  বৰ আনন্দ পাইছিল।  চৰকাৰী সাহাৰ্য নাপাই পিছলৈ এই বোৰ বন্ধ হৈ গৈছিল। 

 

আটাইতকৈ বেছি পৰিৱৰ্তন আহে মনোৰঞ্জন জগতত।আগতে মানুহ বোৰে ভাওনা-সবাহত শুনা ৰামায়ণ মহাভাৰত নতুনকৈ লোৱা টিভিত দেখা পাই  আনন্দৰ পাৰাপাৰ নোহোৱা হ'ল। গাঁৱৰ আটাইতকৈ ধনী মানুহ কেইঘৰলৈ টিভি আহিছিল। দেওবাৰৰ দিনটোত সকলো ৱে টিভি চাবলৈ ভিৰ কৰিছিল। দোকানীৰ ঘৰত ই, মেলটৰীৰ ঘৰত,  মাষ্টৰৰ ঘৰত, টিভিৰ ৰাম-সীতাই  মানুহৰ টোপনি হৰিছিল। সকলোৱে ভক্তিভাৱেৰে ৰামায়ণ চাই থাকোঁতে কাহঁ পৰি জীণ যোৱা অৱস্হা। 


 কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে আমনি নকৰা আমাৰ ঠাইখনে দিনে দিনে নতুন নতুন সুবিধাবোৰ আকোঁৱালি লৈছিল।


 গাৱঁৰ মানুহবোৰে আশা কৰাৰ দৰেই  নতুনকৈ   অহা পৰিৱৰ্তনে মানুহৰ মাজলৈ আশাৰ সঞ্চাৰ কৰিছিল।

                                   আগলৈ

দুলুমণি

২৮/৮/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)