সিপাৰৰ সাঁকো (৭৫)
#সিপাৰৰ_সাঁকো
(৭৫)
পলম কৰাৰ কাৰণেই নাছিল। পিছদিনা ৰাতিপুৱাই ৰজনীৰ গাড়ীতে মিলি আৰু মই বস্ত-বাহানি বান্ধি আই আৰু বকুলিক লগত লৈ ওলাইছিলো। মিলিৰ স্ফূৰ্তিত হিয়া থৌকি-বাথৌ! তাইৰ আনন্দ ই মোক ভাবিবলৈ বাধ্য কৰিছিল যে ইমান দিনে মই এটা ভুল ধাৰণা লৈ আছিলো।
তাই হয়তো মোৰ পৰা নিজকে বহু দূৰলৈকে আগুৱাই লৈ গৈছিল।
কিদৰে সহিম মই এই বিচ্ছেদ?? কিদৰে??
তাইৰ ভাল হওক বুলি আশা কৰিয়েই সকলো পাহৰি
দিবলগীয়া কাগজ পত্ৰ সমূহ আগবঢ়াই দিলো । বকুলি জবাৰ মেলখন , আইৰ অনুসন্ধান মূলক অন্বেষণ আৰু ৰজনীয়ে মোক দিয়া বুজনিৰ ক্ষণবোৰ এটোপ এটোপকৈ সৰিছিল। শেলেবিন্ধা বুকুৰ ৰক্ত-প্ৰৱালবোৰ গলিত লাভা হৈ পৰিছিল। চকুপানী হৈ বোৱাৰ সময় হোৱা নাছিল তেতিয়ালৈকে। নিৰ্জনতাৰ কোলাতহে চল পাই চকুলৈ বৈ আহে ঘনেপতি। চৌপাশৰ কোলাহলত সেই লাভাৰ সাহস হোৱা নাছিল পানীৰ ঢল হৈ মোক তিয়াবলৈ।
সেয়া যেন আছিল এক জোনাকী কাৰেং। সৰু সৰু জোনাকীয়ে পোহৰ গছাৰে নতুন দিগ-বলয়ৰ সন্ধানত মগ্ন আছিল।
আই ভিতৰলৈ সোমাই গৈ সকলো চাই আহিছিল। পুৰণি বিল্ডিং আছিল হেনো সেইটো। আগতে কিবা বেলেগ শিক্ষানুষ্ঠান আছিল। সেইখন বেলেগ ঠাইলৈ উঠি যোৱাত তাতেই স্কুল খন চলি আছিল। শাৰী-শাৰী
লোৰ দুখলপীয়া বিছনা আৰু পঢ়া টেবুল। সকলোৱে ঘৰুৱা সম্পৰ্কীয়ৰ দৰে বাস কৰাত মৰম -চেনেহ খুব বেছি আছিল। আইৰ মনত সন্তুষ্টি দেখা পাই মই বিশেষ একো নাভাবিলোৱেই। মোৰ মনৰ দুখবোৰত মুখনি মাৰি থৈ দিছিলো। সম্পূৰ্ণ চৌহদটো ঘূৰি আহি ও মই একোৱেই আঁতিগুৰি নাপালোঁ। হয়তো প্ৰথমবাৰ এনে পৰিৱেশ দেখা বাবেই মোৰ ভুল হৈছিল। অৱশ্যে তেতিয়ালৈ মোৰ মনত কোনো সন্দেহ নাছিল যে মলয়াৰ অবৰ্তমানত তেওঁৰ প্ৰাণ-পুতলীৰ বাবে লোৱা মোৰ এই সিদ্ধান্তই তেওঁক সুখী কৰিছিল। য'তে আছিল তাৰেপৰাই তেওঁ নিশ্চয় জীয়ৰীৰ উত্তৰোত্তৰ কামনা কৰি আশীৰ্বাদ কৰিছিল।
তৰণীৰ লগত আহোঁতে দেখা মহিলা গৰাকীয়ে
মিলিকো গধুলি হোৱাৰ আগেয়ে আমাৰ কাষৰ পৰা ভিতৰলৈ সোমাই যাবলৈ কৈছিল। ৰজনীয়ে হিন্দী ভালকৈ জানিছিল। সি ভালকৈয়ে কথা পাতিলে। কেৰেলা নে কি ঠাইখনৰ পৰা অহা এই শিক্ষয়িত্ৰী গৰাকীয়েই ছোৱালী বোৰৰ অভিভাৱিকা আছিল।
তেওঁলোক হেনো পঢ়া-শুনাত বহুত বেছি আগৰণুৱা আছিল।
ৰজনীয়ে চল পাই সকলো কথাই সুধি লৈছিল।
'মাহেকত এবাৰ বা দুবাৰ লগ কৰিবলৈ যাব পাৰি। ঘৰৰ খাদ্য একেবাৰে নিষিদ্ধ আছিল। কিবা অসুবিধা হ'লে কতৃপক্ষই জনাব। গতিকে বেছি চিন্তা কৰি থাকিব নালাগে। ' - ৰজনীয়ে তেওঁৰ পৰা গম পাই মোক ক'লে।
তেওঁ লগতে ইয়াকো কৈছিল যে তাত থাকিবৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৱেই দিয়া হয়েই। সেয়েহে টকাৰো প্ৰয়োজন নাই। মাত্ৰ ছোৱালীৰ অসুখ-বিসুখ নহ'লেই হয়। বিশ্বাস কৰাৰ বাহিৰে মোৰ উপায়ো
নাছিল ।
বকুলি জবাৰ মেলখন শেষ নহ'ল চাগে । আহোঁতে জবাই ফেঁকুৰি আছিল। মিলিয়ে কন্দা নাছিল। হয়তো কান্দিলে মই লগতে লৈ আহিম বুলি ভাবি ভয় কৰিয়েই
কান্দি দেখুওৱা নাছিল।
আগলৈ
দুলুমণি
১৩/১০/২০২০
Comments
Post a Comment