সিপাৰৰ সাঁকো (৩২)
ইয়াত উল্লেখ কৰা খেল বিলাকৰ বাহিৰে আপোনালোকে খেলা থলুৱা অসমীয়া খেলবোৰৰ নাম
কমেণ্ট বক্সত জনাবচোন।
#সিপাৰৰ সাঁকো
(৩২)
মিলিয়ে সোনকালেই আখৰ লিখিবলৈ শিকিলে। তাইৰ নজনা কথা জনাৰ হেপাহঁ দেখি মই আচৰিত হৈ পৰিছিলো। কুঁহিপাত খনত থকা সকলোখিনি পাঠ অনবৰতে মুখেৰে আওঁৰাইয়ে থাকিবলৈ লৈছিল। মোৰ নাম টোৰ লগতে ঠিকনাটো ও সুন্দৰকৈ লিখিবলৈ শিকাৰ ফলত মোৰ স্কুলৰ কামত বৰ সুবিধা হৈছিল। আগতে স্কুললৈ চিঠি এখন আহিলে কাৰোবাৰ চিঠি কাৰোবাক দি দিছিলো।
মিলিৰ সৈতে আখৰ শিকাৰ পাছত নিজে চিঠিৰ নাম পঢ়ি লৈ দুনাই সেই ভুল কৰাৰ থল নাছিল।
মিলিয়ে আইতাককো ধৰি আনি আখৰ লিখিবলৈ শিকাব বিচাৰি ঘমঘণ্ট লগাইছিল। মিলিৰ কথাত আইতাক প্ৰথমে ক্ষুণ্ণ হৈছিল। পিছলৈ তেওঁ ও মিলি ৰ কথামতে হাতেৰে ফলিগুটি ধৰিছিল। লিখিবলৈ নিশিকিলেও আইতাকে নাতিনীৰ কামৰ শলাগ ইতিকিঙৰ সুৰতে লৈছিল। ভাল দিন পৰিছে , কুকুৰেও মৈ টানিছে । মিলিয়ে তাৰ মানে কি বুলি সোধাত মই 'তোক মাষ্টৰণী হোৱা দেখি আইতাই জোকাইছে বুলি কৈছিলো ।
আনকি খেলিবলৈ অহা জবা আৰু বকুলীৰ সৈতে আখৰ শিকোৱাৰ খেলহে খেলিছিল। সিহঁত দুজনীৰ ভিতৰত
জবাই শিকিবলৈ বৰ আগ্ৰহ দেখুৱাইছিল। বকুলীৰ আকৌ কাপোৰেৰে সজা #ৰুকুনী পুতলাৰ প্ৰতি হে বেছি হেঁপাহ আছিল। এইবিধ ফটাকানিৰ পুতলা কেৱল আমাৰ গাঁৱতেই আছে নে আন ঠাইতো আছে - সেই কথাটো জনা টান। মই কিন্তু জুপি- তৰাৰ দিনৰ পৰা দেখিবলৈ পাইছিলো। অকণমানি কাপোৰৰ টোপোলাৰে মূৰ বনাই তাত খৰিকা এটুকুৰা লগাই হাতৰ আকাৰ দিয়ে। তাতে কাপোৰেৰে মেৰিয়াই সৰু ছোৱালী বোৰে ল'ৰা আৰু ছোৱালীৰ বেলেগ বেলেগ আকৃতিৰ পুতলা সাজি খেলে। নিজৰ খেলৰ পুতলা নিজে তৈয়াৰ কৰি লব পৰাটো কম কথা নহয়। ই সঁচাকৈয়ে সেইটো বয়সৰ শিশুৰ বাবে এক সৃষ্টিশীলতাৰ নিদৰ্শন । কোনে কি ধৰণৰ খেল-ধেমালি খেলিবলৈ আগ্ৰহী হয় সেইটো আচলতে ল'ৰা ছোৱালীৰ নিজস্ব ৰুচি- অভিৰুচিৰ
ওপৰত নিৰ্ভৰ কৰে। ল'ৰা ছোৱালী উভয়ে সকলো খেল খেলা দেখা যায় । পিছে ৰুকুনী পুতলা যেন ছোৱালীৰ একচেটিয়া আছিল। সকলো খেলেই শাৰীৰিক -মানসিক বিকাশত বৰঙণি যোগায়।
মিলিৰ খেল-ধেমালি স্কুলত কাছ-পানী, দ-বাম , টেকেলি ভঙা আদি খেল খেলাইছিল। লগতে মাটিৰে বিভিন্ন বস্তু বনাই দেখুওৱা, সাধু কোৱা আদিও শিকাইছিল। ল'ৰা-ছোৱালীবোৰে মিলি চোৰ-পুলিচ , ৰজাৰ দৌল , গুটি ভঙা লেংকুচ্ ইত্যাদি খেল বোৰ লগৰীয়া সৰহ হ'লেহে খেলিছিল ।
মই কাম কৰা আদৰ্শ উচ্চ-মাধ্যমিক বিদ্যালয়ত 'বিদ্যালয় সপ্তাহ' পতা হৈছিল। মিউজিক চেয়াৰ, জেভেলিন থ্ৰ' , ১০০- মিটাৰ দৌৰ আদি খেল খেলি পুৰস্কাৰ লাভ কৰা ছাত্ৰ- ছাত্ৰী বোৰ খুব আনন্দিত হৈছিল।
আমাৰ দিনত টাংগুটি, ৰবাব টেঙাৰ ফুটবল, কেটেপা গুটিৰে গছৰ ফল সৰোওৱা, কুৰ্ট খেল , মাৰ্বল গুটি খেলা, কাবাডী- এইকেইটা ল'ৰা মানুহৰ প্ৰধান খেল আছিল। পুতলা খেল, হাতৰ টিপত খেলা 'হেতালি ' কড়ি, আদিত ছোৱালী বিলাকৰ প্ৰাধান্য আছিল যদিও প্ৰায়বোৰ ছোৱালীয়ে সৰুকালত অৱশ্যে ল'ৰা ৰ সমানে সমানে খেলত পাৰদৰ্শিতা দেখুৱাইছিল। যেনে টাংগুটি , মাৰ্বল , ৰবাব টেঙাৰ ফুটবল খেলা আমাৰ লগৰ চেনেহী , দিব্যলতা হঁতৰ খুব আগ্ৰহ আছিল। পিছে সিহঁতে তুলনি হোৱালৈকেহে এইবোৰ খেল খেলিছিল। মানুহে 'মতামুৰি' নাম দিয়া ৰ ভয়ত সিহঁতে মন গলেও সেইবোৰ খেল খেলিব নোৱাৰিছিল।
চেনেহীয়ে ল'ৰা তকৈ বেগাই গছ বগাব পাৰিছিল। তাইক ককায়েক মেদিনীয়ে শিকাইছিল। তাইৰ ঘৰত মাক বাপেকেও বাধা নিষেধ আৰোপ কৰা নাছিল। কিছুমান ছোৱালীয়ে ঘৰৰ পৰা পূৰ্ণ স্বাধীনতা পাইছিল। আন কিছুমানে কাঢ়া শাসনত থাকিছিল । কাঢ়া শাসনৰ মাজতো বহুতে পচন্দৰ প্ৰণয় প্ৰাৰ্থী ৰ সৈতে পলাই গৈছিল। আনহাতে পূৰ্ণ স্বাধীনতা পোৱাৰ পিছতো বহুতে ঘৰৰ অসন্মতিত একো নকৰিছিল।
মিলিয়ে টাংগুটি , ৰবাব টেঙাৰ ফুটবল খেলিবলৈ বিচাৰিলে ও মোৰ আপত্তি নাছিল। বৰঞ্চ ভালহে পালোহেঁতেন। এইবোৰ খেলত মোৰ ল'ৰালিকালৰ অজস্ৰ হাঁহি-আনন্দ লুকাই আছিল।
মলয়াই সাতুঁৰিব জানিছিল। নৈ-পৰীয়া সকলৰ বাবে সাতোঁৰ শিকাটো সহজ।
আগলৈ
দুলুমণি
৩০/৮/২০২০
Comments
Post a Comment