সিপাৰৰ সাঁকো (২১)

 #সিপাৰৰ সাঁকো

                           (২১)

      

 হয়তো বিধাতাই মোৰ আৰু মলয়াৰ ভাগ্যৰেখা আগতেই মিলাই থৈছিল। মাথো  আমি ইজনে সিজনক  নিজৰ আপোন কৰি লোৱাৰ বাবে ওচৰ চাপি  অহাটোকে কামনা কৰি  এনে এক পৰিৱেশৰ সূচনা কৰিছিল। তিনিবছৰীয়া সংসাৰৰ অন্তত মলয়া মোৰ কাষত নোহোৱা হো‌ৱা কথাটো মই লাহে লাহে সহজ ভাবে  গ্ৰহণ কৰিব পৰাৰ ইও এটা কাৰণ আছিল। মই লাহে লাহে বুজি পাইছিলো আমি বিধাতাৰ হাতৰ পুতলাহে মাথোন। আমাৰ জন্ম-মৃত্যু, ভূত -ভৱিষ্যত , প্ৰাপ্তি- অপ্ৰাপ্তি, আমাৰ কৰ্মফলৰ দ্বাৰা আগতেই নিৰ্ধাৰণ কৰা থাকে। সেয়া পূৰ্বজন্মৰ ফল বুলি বহুতে কয়। গীতা-ভাগৱততো তাকেই লিখা আছে হেনো। মই পঢ়িব নেজানো কিন্তু ভাওনা ই সবাহে দেখি-শুনি সেইদৰে ই জন্ম-মৃত্যু, ভূত-ভৱিষ্যত ৰ ৰহস্য ব্যাখ্যা কৰা বুলি পিছলৈ বুজি পাইছিলো। নহ'লেনো মোৰ দৰে এটাই মলয়াৰ কাষ চাপি প্ৰেমৰ প্ৰস্তাৱ দিবলৈ মৰসাহ কৰিব পাৰোনে? 

     মলয়াই মোক কোৱামতে মই প্ৰেমৰ প্ৰস্তাৱ দিয়া ৰ দিনা সিহঁতে ঠিকেই বুজি পাইছিল। মোমায়েকৰ ছোৱালী পুতলীয়ে  পোনচাটেই হেনো  মাকক সেই কথা 

কৈছিলগৈ। বাপেকে অৱশ্যে নাজানিছিল।  তাৰ পিছত মলয়াক চাবলৈ অহা সকলো উপযুক্ত দৰাঘৰীয়াকে মামীয়েকে মলয়াৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি কৈ পাৰিলে পুতলী বা মিতালীকে দেখুওৱাৰ প্ৰয়াস কৰিছিল। ইফালে মোৰ আৰু মলয়াৰ তেতিয়ালৈকে কোনো সম্পৰ্কই নাছিল। মলয়াৰ মুখেৰে সেইবোৰ কথা জানিব পাৰি মই হাঁহিমেই নে কান্দিমেই ভাবি পাৰ পোৱা নাছিলো। এইফালে মই মলয়াৰ মন পাবলৈ পানীৰ পৰা উঠাই অনা চেঙেলি মাছৰ দৰে চেঙালুটি পাৰি আছিলো , সিফালে মামীয়েকে মোৰ নামত মলয়াৰ হ'বলগীয়া  উপযুক্ত দৰাৰ সম্পৰ্ক নাকচ কৰি আছিল।মামীয়েকে কৰা কামবোৰে ‌মই গম নোপোৱাকৈয়ে  মোক আৰু মলয়াক ইমান কাষ চপাই দিয়ে যে  ঘূৰি বহাগ সোমোৱাৰ আগেয়ে মলয়াক মই পত্নী হিচাপে মোৰ ঘৰ সোমোৱাব পাৰিলো। 


     আচলতে মোমায়েকে গম পোৱাৰ লগে লগে মলয়াৰ বিয়া বহাগ মাহত পাতি দিব বুলি ঠিক কৰিছিল। দৰানো  কোন, ঘৰ ক'ত  খবৰ -খাতি লোৱাৰ আগতেই মামীয়েকে 'টোকোনা মানুহ হৈ কিমান বিয়া পাতি থাকিম ? কেইদিনমানৰ আগতে ডাঙৰজনীক দিছোহে' বুলি দিনে ৰাতিয়ে হেকাচন পাৰি থাকিবলৈ লৈছিল।

   মলয়াৰ ফালৰ পৰা আৰু বিশেষ একো কোৱাৰ প্ৰয়োজনেই নোহোৱা হ'ল। পৰিস্থিতিয়ে  তেওঁৰ সমুখত মোৰ বাহিৰে অন্য কোনো পথ খোলা ৰখাই নাছিল। মইও আগৰ বছৰৰ দৰে ফাগুন সোমাল কি নোসোমাল জেংবিহু মৰা জৰী,নাহৰ তলিত  আগতীয়াকৈ   চোপ ল'বলৈ আৰম্ভ কৰিছিলোৱেই।

   তাৰপৰাই চ'তৰ শেষৰ ফালে হাবিতলীয়া পোৱালি মেলা বাটেৰে   মলয়াই জেংবিহু মাৰি থকাৰ পৰাই মূগাৰ সাজ পিন্ধি হাতনি পেৰাৰ সৈতে মোৰ লগত গুচি আহিছিল।

  জীৱনৰ তৃতীয় খন আশ্ৰয় স্হলত সোমোৱা মলয়াক মই কোনো দিনে মনত বেজাৰ নোপোৱাকৈ ৰাখিম বুলি কথা দিছিলো। মলয়া কথাত, কামত,চিন্তাত বৰ  পৰিপক্ক  আছিল । হয়তো একুৰি তিনিটা বসন্ত গৰকা ছোৱালীজনীক জীৱনৰ পৰা পোৱা তিতা-কেঁহাবোৰৰ সোৱাদে  বিতৃষ্ণা লগাই দিছিল।সেয়ে সহজে কোনো কথাই টলাব ই নোৱাৰিছিল। জুপি- তৰাই বৌৱেকক ভাল পাইছিল।

    আইৰ কথাবোৰতো বহুত পাক আছিল। দেখাই -শুনাই , কথাই বতৰাই কোনোফালৰ পৰাই বলে নোৱাৰি মোমায়েকৰ ঘৰতহে  আছিল বুলি জনা ৰ  পাছত  'ল'ৰাটোৰ নিজৰ আপোন বুলি ককাই - ভাই এটাও  নাইয়েই , এতিয়া ছোৱালী ও পালে ঘাট মাউৰাহে!' বুলি নছোৱালী চাবলৈ অহা সকলো মানুহৰ সন্মুখতে কৈ পায়।

      বহুত সময় লাগিছিল মল‌য়াৰ মুখত হাঁহি বিৰিঙিবলৈ। মই কি কৰো কি নকৰোঁ কৈ আইক কৈছিলো- ' আই তোৰ কিবা গহনা -গাঁঠৰি আছে যদি 

দে , বোৱাৰীয়ে পিন্ধক। বোৱাৰী আহিলে দিবলৈ  সাঁচি‌ থৈছই নহয় ! ' মোৰ কথাই আইক আহত কৰিছিল। মই জানি-শুনিয়ে কৈছিলো। আইয়ে যিদৰে মলয়াক সকলোৰে আগত হেয় কৰিবলৈ কুণ্ঠাবোধ নকৰিলে ময়ো নকৰিলোঁ।গহনা মই দিব পৰা নাছিলোঁ।মলয়াই বিচৰা ও নাছিল।মলয়াই নিজৰ গহনাৰেই নিজকে  সজাইছিল। গলপতা, দুগদুগী, গামখাৰু , শেনপতা, জেঠীনেজিয়া আঙুঠি, শিলিখাগুটিয়া চেইন , কাণত ওলোমাই ৰখা দুল - এইবোৰৰ চিকমিকনিত ভোল গৈ ওচৰ-চুবুৰীয়া জীয়ৰী , বোৱাৰীহঁতে হুমুনিয়াহ কাঢ়িছিল।  মোৰ লগৰ বোৰে পিছত

 ' ঘৈণীৰ সোণৰ জিলিকনিৰ মোহত তিৰোতা সেৰুৱা হ'লি' 

- বুলি মোক ঠাট্টা কৰিছিল। মলয়াৰ মনৰ চিকমিকনিয়েহে মোৰ মন মগজুক পোহৰাই  তুলিছিল- সেই কথা সিহঁতক বুজাবলৈ মোৰ ভাষাই নাছিল।

                                        আগলৈ

    দুলুমণি

    ২০/৮/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৭০)

সিপাৰৰ সাঁকো (৪২)