সিপাৰৰ সাঁকো(১১)

 পঢ়িলে নথৈ আনন্দিত হ'ম

              #সিপাৰৰ সাঁকো         

                    ‌   ‌‌ (১১)

      ঘৰলৈ ঘূৰি আহোঁতে চুবুৰীয়া সকলৰ পদুলিতে যতনাই থোৱা শিল আৰু  জ্বলি থকা জুমুঠিবোৰ দেখিলোঁ। মৃতকক সৎকাৰ কৰি শ্মশানৰ পৰা ঘূৰি অহা মানুহবোৰে ভৰি বোৰ  জুমুঠিবোৰত সেকি শিলত স্পৰ্শ কৰিহে  পদুলিৰ পৰা   ভিতৰলৈ যায়। 

মই ও আগতে অসংখ্য বাৰ তেনে কৰিছিলো। 

কিয় জানো পদুলিবোৰত জ্বলাই থোৱা জুমুঠিবোৰ দেখি মোৰ কম্বলে মেৰিয়াই থোৱা মলয়াক দেখাৰ দৰে লাগিছিল। মই বুকুৱেদি উজাই অহা বিষটো কান্দোন হোৱাৰ আগতে  ঘৰৰ চোতাল পাইছিলোগৈ।

     আগফালে কোনো নাছিল। মই ভালেই পালো। পোনে পোনে পুখুৰীৰ পাৰলৈ গৈ বাল্টিৰে পানী তুলি  বাহঁৰ বেৰ দিয়া গাধোৱা ঘৰটোত সোমাই মুখ খনত পানী ছটিয়াই হুকহুকাই কান্দিলো। মলয়াৰ অনুৰোধত  আটাইতকৈ ডাঙৰ ঘেৰৰ কঁঠাল জোপা কাটি তাৰ গুৰিৰ কুন্দাটো সমানকৈ দুটুকুৰা কৰি  গা-ধুৱা ঘৰৰ মজিয়া কৰা হৈছিল। তাৰ ওপৰত থিয় হ'লে পকী মজিয়াত থিয় হোৱা যেন লাগিছিল। 

বাৰে বাৰে এইদৰে পানী ছটিয়াই মোহাৰি থকাত চকু দুটা পুৰিছিন। মই বেয়া পোৱা নাছিলো। চকুপানী লুকুৱাই ৰখাৰ ই আটাইতকৈ সহজ উপায় আছিল । ঠগীকাইৰ বাহিৰে আন মানুহৰ আগত দেখুৱাই কান্দিব

পৰা নাছিলোঁ।

আই পিছফালৰ পৰা আহি কিমান দেৰি ৰৈ আছিল গমেই পোৱা নাছিলো। মোক কৈছিল  ভকত দুজনমানে  কিবা আলোচনা কৰিবলৈ আহিছে। গা ধুই সোনকালে যাব লাগে।

মোৰ একেবাৰে মন যোৱা নাছিল।' মই গৈ আছোঁ' বুলি কোৱাৰ বহু দেৰিৰ পাছতহে আই আতঁৰি গৈছিল।


গা ধুই ভিতৰলৈ যোৱাৰ পিছত কেঁচুৱাৰ কান্দোন শুনি মোৰ চকুৰে আকৌ বাৰিষাৰ ঢল নমাদি চকুপানী ববলৈ ধৰিলে। 

'জুপিয়ে কেঁচুৱা জনীৰ লগতে পুৱাৰে পৰা লাগি একেবাৰে মাকৰ দৰে মৰম দিছে' বুলি কোনোবাই কৈ থকা শুনিবলৈ পাইছিলো। মোৰ কাণত পেলাবলৈকে কোনোবাই কৈছিল চাগৈ। আইৰ মুখ খনত মোৰ কেঁচুৱা জনীলৈ থকা  মৰম চাবৰ খুব মন আছিল।  পিছে  সেয়া চাবলৈ কেঁচুৱা আৰু আইক একেলগে নেদেখিলোৱেই। বাহিৰলৈ ওলাই নোযোৱাকৈয়ে বাৰান্দাত পাতি থকা কথাবোৰ মোৰ কাণত পৰি আছিল। কেঁচুৱাৰ 'নাই' সৰি চুৱা ভগাৰ পাছতহে গধূলি গধূলি ভাগৱত পঢ়িব  বুলি খেলৰ মুখিয়াল সকলে খবৰ পঠয়াইছিল।  কেঁচুৱা জন্মৰ চুৱা ভাগিলেহে কেঁচুৱা বাজলৈ ওলাব।  তিলনিৰ বাবেহে আলোচনা কৰা শুনিলো।

মই বৰতীয়া হোৱা বাবে কলৈকো যাব নোৱাৰো সেয়ে ঠগীকাইয়েই সকলো কৰিছিল। গাৱঁৰ মানুহবোৰে এনেসময়ত বিপদত পৰিবলৈ নিদিয়ে।সকলো ফালৰ পৰা সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰি দিয়ে।

  মলয়াৰ মোমায়েক কেতিয়া আহি কোঠাত সোমাইছিল নাজানো। ৰাতিৰ আন্ধাৰত  ঢিমিক-ঢামাককৈ জ্বলি থকা টিপচাকিৰ পোহৰত মোৰ মূৰত হাত বুলাই চকুপানী টুকি কৈছিল -'বোপাই ঔ দু:খ নকৰিবা, যোৱাবোৰক নো কোনে ধৰি ৰাখিব পাৰে। ল'ৰা-পোৱালি জনীক  ভালকৈ চাবা। মাক নোহোৱা কেঁচুৱা হানি-বিঘিনি ঘটিবলৈ বেছিপৰ নালাগে।'

মই হুক হুকাই কান্দি উঠিছিলো। মোৰ কান্দোন দেখি তেওঁ মোৰ কাষতে বহি লৈ ক'লে- 

'বেচেৰী ছোৱালী জনীয়ে সুখৰ মুখ দেখিছিলেহে । কণাবিধাতাৰ সেইকণ সুখো সহ্য নহ'ল। মোকে মাৰি নিনিলে কিয়? এই বুঢ়াক এৰি সেই পানীকেঁচুৱা জনীৰ পৰা মাকক আতঁৰাই নিছে। 

      হে প্ৰভূ, তোমাৰ মহিমা আমি নুবুজো।কিবা অপৰাধ আছিল যদি নিজ গুণে এই অপৰাধীক ক্ষেমিবা। ল'ৰা-পোৱালি জনীক ভালদৰে খুটি খাব পৰা হোৱালৈকে ডাঙৰ কৰিবলৈ বাপেকক বল-শক্তি দিয়া।' তেওঁৰ  কথা শুনি   সঁচাকৈয়ে মনত বল‌পোৱাৰ দৰে

লাগিছিল । এই জনেই মলয়াৰ একমাত্ৰ আত্মীয়‌ আছিল যি জনে তাইক  নি:স্বাৰ্থ ভাৱে মৰম কৰিছিল।ইমান সময়ে বুকুত কঢ়িয়াই  থকা শোকৰ সাগৰখন মই তেওঁৰ সৈতে ভগাই ললো।

 মলয়াৰ দেউতাক নৈ-পৰীয়া মানুহ আছিল। মাক আমাৰ দুখন গাৱঁৰ আঁতৰৰ এই মোমাইদেউৰ বায়েক। মোমাই দেউহঁতে  নদন বদন ঘৰৰ ভিনিহিয়েকলৈ বিয়া দিয়া ভনীয়েকৰ দুটা ল'ৰা ছোৱালীৰে সুখৰ সংসাৰ আছিল। মলয়া আৰু ভায়েক। মলয়াৰ দহ বছৰমান বয়সত নাৱেৰে নদী পাৰ হৈ দেউতাকৰ  সিপৰিয়া  বন্ধুৰ ঘৰলৈ যাওঁতে নাৱৰ নাৱৰীয়াৰ সৈতে গোটেই পৰিয়াল পানীত ডুব যায়। মলয়াৰ ভাগ্য ভাল আছিল । আন দুজন নাৱৰীয়া ই থিতাতে পানীৰ পৰা উঠাই আনি প্ৰাণ ৰক্ষা কৰিছিল।

      তাৰ পাছৰে পৰা তাই  ঘৰৰ আনসকলৰ নিকিনা গোলাম হৈ খেতিপথাৰৰ পৰা চুৱা বাচনলৈকে সমস্ত জঞ্জাল মাৰিব লাগিছিল। কিন্তু নৈখনে যেন তাইৰ দু:খ নসহিলে। খেতিৰ মাটিৰ লগতে ভেঁটি ও  খহিছিল খহনীয়াৰ প্ৰকোপত । খুৰাকহঁতৰ ধন-সম্পত্তিৰ অহংকাৰ  চূৰ্ণ হৈছিল। ককাকে  মৃত্যুৰ আগতে মাকৰ কেইপদমান গহনা- গাঁঠৰি আৰু  দুখনমান পাট -মূগাৰ কাপোৰ দি  মোমায়েকৰ ঘৰলৈ তাইক একেবাৰে পঠিয়াই দিছিল। দূৰদৰ্শী ককাকে হয়তো বুজি  পাইছিল যে সেইখন ঘৰত তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ মৰমৰ নাতিনীয়ে ততোধিক যমৰ যাতনা ভুগিব ।

     মোমায়েকৰ ঘৰত  তাই মৰম - চেনেহৰ মাজতে দিন কটাইছিল । লাহে লাহে  মাহীয়েক আৰু সম্বন্ধীয় বায়েক ভনীয়েকহঁতে তাইৰ গহনা- কাপোৰ লৈ হিংসা কৰিবলৈ লৈছিল। যিকোনো অজুহাতত বা  লুকাই চুৰকৈ বেচি নিজৰ কাৰণে নতুন গহনা-কাপোৰ কিনি লৈছিল। তাইও সিহঁতক নিজৰ বাই ভনী বুলি ভাবিয়ে গম পাইও একো নকৈছিল। মোমায়েকৰ ধমকনিতহে  দুই চাৰিপদ গহনা মলয়াৰ ভাগত ৰৈছিল।তাকেই পিন্ধি তাই মোৰ নকইনা হৈছিল। পিছলৈ জুপি আৰু তৰাৰ বিয়াত  তাৰে এপদকৈ পিন্ধাই  দিয়াত তাইৰ হাতত দুগ্ দুগী এধাৰ আৰু গামখাৰু এপাতহে ৰৈছিল। সেইদুপদ তাই কেতিয়াও হেৰুৱাব নিবিচাৰিছিল।

  কথাবোৰ মনত পৰি মোৰ বুকুখন আকৌ হাতুৰীৰ কোব পৰাৰ দৰে বিষাবলৈ ধৰিছিল।দুয়ো ধৰাধৰিকৈ বহুপৰ সেইদৰে কন্দাকটা কৰি থকাত আই আহি তেওঁক চুবুৰীয়া এঘৰত চাহ জলপান নাইবা ভাত খোৱাৰ বাবে যাবলৈ কয়। আমাৰ বৰতীয়া ঘৰত তেওঁ খাব নোৱাৰে। তেওঁৰ বৰতত নপৰে গতিকে ভোক লাগিব। কিন্তু তেওঁ যাব নিবিচাৰিলে। তেওঁ মোৰ কাষতে বহি থাকিলহেঁতেন  পিছে আইয়ে ইটো নহয় সিটো অজুহাতত তেওঁক মোৰ কাষৰ পৰা তুলি নিবলৈ বিচাৰিছিল যেন লাগিছিল । 

                                  আগলৈ


 দুলুমণি

  ১০/৮/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)