সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
(১৯)
ওচৰলৈ গৈ কথা বিষম দেখি মাটিত বহি পৰাৰ পৰা তুলি চাইকেলৰ কেৰিয়াৰত বহাই লৈছিলো। মলয়া মোৰ সৈতে থকা দিগন্তৰ চাইকেলত উঠিছিল। মই আৰু দিগন্ত ই চাইকেল ত নাচনীৰ সাজ পিন্ধা ছোৱালী দুজনী লৈ সিহঁতৰ শালনি গাৱঁৰ ৰাস্তাৰে সোমাই যাওঁতে ধুমুহা বৰষুণত তিতি জুৰুলি- জুপুৰি হৈ পৰিছিলো। মলয়াৰ মোমায়েকৰ ছোৱালী জনী মানে এতিয়া পুতলী বাইদেউক চাইকেলৰ পৰা নমাই ধৰি ধৰি লৈ যাওঁতে আমাক জোৰ কৰি ভিতৰলৈ মাতি গৈছিল। মই দেৰি হোৱাৰ অজুহাতত নোসোমাওঁ বুলি কৈছিলো যদিও আচলতে ঘৰলৈ ঘূৰি আহিবলৈ মনেই যোৱা নাছিল। ঘৰটো টিনপাতৰ আছিল । চোতালৰ এচুকত এখন ফুলনি । আগতীয়া তগৰ ফুল এজোপা বগা হৈ ফুলি আমোলমোলাই আছিল। আমি থিয় দি থকা ঠাইতে এজোপা জপৰা আম যাৰ ঘন ঘন ডাল পাতবোৰৰ মাজেৰে বৰষুণ কমকৈ সৰকিছিল।আমজোপাৰ চাপৰ ফেৰেঙনি এটাত কপৌফুলৰ গছ ।দীঘল দীঘল বৈ পৰা কপৌফুল বোৰ আধালৈকে ফুলিছিল । মই তাৰে এপাহ চিঙি লৈছিলো । তেতিয়া লৈকে মলয়াৰ মোমায়েক আৰু মামীয়েক ওলাই আহিছিল। বাৰান্দাৰ মাজতে এখন তাঁতৰ শালত গামোচাযুটিৰ এফালে ৰঙাকৈ ফুল বাচি আগটোত আঁচূ বৈ চিন উলিয়াই থৈছিল। ৰঙা জাপিৰ আৰ্হিৰ ফুল টোৱে দূৰৰ পৰাই আমালৈ চাই হাঁহি থকা যেন লাগিছিল।
তেওঁলোকে মোক আৰু দিগন্তক দুখন গামোচাৰে মুখ-হাত মচি ল'বলৈ দিছিল।
আলেঙে আলেঙে মই চাৰিওফালে চকুফুৰাই আকৌ বিহু নাচনীৰ ৰূপত থকা কাৰোবাক দেখা পোৱাৰ আশা কৰিলো। শুদ্ধ বগা কাপ আৰু প্লেটত চাহ আৰু তিল পিঠা লৈ উজ্জ্বল হালধীয়া ৰঙৰ হাঁহি মুখীয়া ছোৱালীজনী ওলাই আহিছিল। দীঘল তিতা চুলিবোৰে খীণ দেহৰ মানুহজনীৰ পিছফালে কলা চাদৰ এখনৰ দৰে আৱৰি আছিল।তেওঁৱেই অলপ আগতে দিগন্তৰ চাইকেলত উঠি আহিছিল । মূগাৰ কাপোৰ সাজ খুলি
ফ্ৰক চোলা পিন্ধি থকাত মই আগতকৈ বেয়া দেখিছিলো। মূগাৰ মেখেলা-চাদৰে তেওঁক বেছি শুৱাইছিল। কিন্তু ঈষৎ হাঁহিৰে মোহিনী দুচকুৰ মোহত পৰি বাৰে বাৰে মই তেওঁৰ মুখলৈ চাবলৈ বাধ্য হৈছিলো।
মোমায়েকে এইজনী মোৰ ভাগিন ছোৱালী, মলয়া ' বুলি চিনাকি কৰাই দিওঁতে হে প্ৰথমবাৰলৈ মই তেওঁৰ নামটো জানিব পাৰিছিলো। পিছে পিছে তেওঁৰ আন গৰাকী
জীয়েক ও ওলাই আহিছিল। তেওঁৰ তিনি গৰাকী জীয়েকৰ এগৰাকী নামনিৰ ফাললৈ বিয়া দিছিল। এগৰাকী ভৰিৰ বিষত শুই আছিল। দুই পুত্ৰৰ এজনে কলেজত পঢ়িবলৈ গৈ ঘৰলৈ ঘূৰি নহা হৈছিল।এজনে দেউতাকৰ সৈতে খেতি-বাতি কৰিছিল।মামীয়েকে আমাক বৰ বেছি গুৰুত্ব দিয়া যেন লগা নাছিল।
বৰষুণজাক শেষ হৈছিল যদিও আন্ধাৰে আৱৰি ধৰিছিল। দুখন গাওঁ পাৰ হৈ ঘৰ সোমোৱা লৈকে মই সম্পূৰ্ণৰূপে মলয়াৰ ৰূপত মুগ্ধ হৈ অতি সোনকালে দ্বিতীয়বাৰ লগ পোৱাৰ উপায় বিচাৰিবলৈ ধৰিছিলো।
উপায় ওলাইছিল। বহাগ বিহুৰ সাতদিন যোৱাৰ পিছত
কেইবাখনো গাৱেঁ মিলি পতা বিহুৰ সন্মিলনখনত মলয়া আহিছিল সিহঁতৰ গাৱঁৰ বিহু দলৰ সৈতে। আমাৰ বিহুদলে বিহু মাৰি যোৱাৰ পিছতেই অহা বিহু দলটোৱেই
আছিল সিহঁতৰ বিহুদল। সিহঁতৰ বিহু দলৰ বিহুৱে যেতিয়া বিহু মাৰি গৈছিল তেতিয়া আমি সকলোৱে হাতচাপৰি বজাই সিহঁতক অনুপ্ৰাণিত কৰিছিলোঁ। ডেকাবোৰে সুহুৰি মাৰি নাচনী বোৰক উদ্দেশ্যি অহৰহ কিৰিলিয়াই আছিল। মই তাইক নাচি থাকোঁতে চাবলৈ লাজ কৰিছিলো। তাইৰ লাৱনী দেহটো মেৰাই থকা মূগাৰ সাজ আৰু ৰঙা ব্লাউজৰ সৈতে জেতুকাৰ বোলসনা হাতদুখন ঘূৰাই নাচি থকা অৱস্থাত চকু-মুখৰ মিচিকনি দেখি সৰগৰ অপেচৰী দেখা পোৱা যেন লাগিছিল। মই বুজি পাইছিলো জীৱনত মলয়াক জীৱনসংগী কৰিবলৈ হ'লে সোনকালেই তাইক ক'ব লাগিব।কত পঢ়া-শুনা কৰা ডেকাই যে তাইক লৈ সপোন দেখিছিল সেয়া মই পুৰুষ হিচাপে তেওঁ লোকৰ চকুত মুখত দেখা পাইছিলো। মোৰ দৰে অশিক্ষিত এটাৰ প্ৰেমৰ আবেদনে সঁহাৰি লাভ কৰে নে নকৰে তাতো সন্দেহ আছিল। তাৰ পাছৰে পৰাই মোৰ মগজুত
আন কোনো চিন্তাই ঘৰ কৰিব নোৱাৰিলে। বিহু সন্মিলন কেতিয়া শেষ হ'ল, কেতিয়া ঘৰলৈ গ'লো-একোকে গম নাপালো।
তাৰ কেইদিনমানৰ পিছত সিহঁতৰ গাৱঁৰ বিহু আহঁতৰ তলত থৈ অহাৰ কথা। খেতিৰ বতৰ আহিছিল, সদায় বিহু মাৰি থাকিলে গাৱঁলীয়া ৰাইজৰ খেতি-বাতিত ক'ৰপৰা মন বহিব? গোটেই বিহুৱা ডেকাই গাভৰু আৰু আশীৰ্বাদ দিবৰ বাবে কেইজনমান বুঢ়া-মেথা গোট খাই আহঁতৰ তলত
' ৰংপুৰৰ ৰঙা মণি পিন্ধাই দিয়া সৰুভনী
বিহু মাৰিবলৈ যাওঁ '
বুলি বছৰটোৰ শেষবাৰৰ হুঁচৰি জুৰিছিল। মোৰ দৰে বহু বাটৰুৱাই ৰৈ ৰৈ সেই 'বিহু উৰোৱা' চাই আছিল। আহঁত জোপাক ভমকা- ফুলীয়া গামোচা পিন্ধাই নাচনীয়ে নাচি নাচি সেৱা কৰি টাকুৰি ঘূৰাদি ঘূৰি ঘূৰি নাচিছিল
আগলৈ
দুলুমণি
১৮/৮/২০২০
Comments
Post a Comment