সিপাৰৰ সাঁকো (১৭)
পঢ়ি চাবচোন এই খণ্ড ।
#সিপাৰৰ সাঁকো
(১৭)
কথাটো ভবাৰ দৰে নহ'বও পাৰে। আইৰ দৰে বয়সীয়াল মানুহ গৰাকীয়ে ৰাতি টোপনিৰ জালতে হয়তো বাহিৰলৈ ওলাই গৈ পাহৰি ভুলতে নাই যোৱা বুলি কৈছিল । মই বৰ গুৰুত্বপূৰ্ণ কথা বুলি গণ্য নকৰিলো।
ৰাতিপুৱা লৈ মেজি জ্বলোৱা হ'ল । মোৰ মনটো তেতিয়া ও তালৈ গৈ এপাক চাই আহিবলৈ ৰাজি নহ'ল । গাৱঁলীয়া চহালোকৰ বাবে মেজি জ্বলোৱা পৰ্বত উপস্হিত থাকি অগ্নি দেৱতাক সেৱা জনোৱা, মেজিৰ জুইৰে হাত-ভৰিৰ তপতাই বছৰটোলৈ নিজৰ দেহাটো টঙাই লোৱা আদি কাম বৰ আৱশ্যকীয়। মেজিৰ জুইয়ে শৰীৰৰ বিষ-কোপ নোহোৱা কৰে বুলি জনবিশ্বাস আছে। মই কেতিয়াও এই মেজি জ্বলোৱা পৰ্বত অনুপস্হিত থকা নাছিলো।
মাঘৰ বিহুৰ উৰুকাৰ নিশাৰ সেই ঘটনাৰ কথা আইক দুনাই নুসুধিলো । ঠগীকাইৰ লগত আলোচনা কৰিবলৈও ঠগীকাই নাছিল। প্ৰায় দহমাইল আতঁৰৰ ভনীয়েকৰ ঘৰত ঘৰ মেৰামতিৰ কামত লাগি আছিলগৈ। বিহুতো নাহিল। ঠগীকাইৰ জীৱনত আনক সহায় কৰি থকাটোৱেই কাম। ঘৰত বুঢ়া বাপেক মাক আৰু ভায়েকৰ পৰিয়ালটো।বিয়াবাৰু পতাই গৃহস্হী কৰিবলৈ মাকে কত ছোৱালী চাই দিলে। ঠগীকাইৰ এতিয়াও সুমতি নহ'ল। বৰ শান্ত স্বভাৱৰ মানুহটোৰ কপালৰ পৰা মূৰৰ সোঁমাজলৈকে খৰালিৰ বগাচোতাল খনৰ দৰে মিহি। তথাপিও ঠগীকাইক দেখিলে মোৰ ফৰকাল বতৰৰ পৰিষ্কাৰ আকাশ খন দেখা যেন লাগিছিল। কেৱল মোৰে নহয় গাওঁ খনৰ বহুতৰে বাবেই ঠগীকাই যেন চকুৰ মণি। তেওঁ নহ'লে বহুত কামেই নহৈছিল। ভায়েক আৰু দুজনী ভনীয়েকৰ বিয়া-বাৰু কৰাই দি মাক-বাপেকৰ দায়িত্ব শেষ কৰি দিছিল।
লাহে লাহে মই বজাৰ-সমাৰ আৰম্ভ কৰিবলৈ ল'লো।খৰালিৰ এই সময় খিনি গাৱঁলীয়া মানুহৰ বাবে বৰ বেছি
কামৰ সময় । গাঁৱৰ প্ৰায়বোৰ মানুহৰ ঘৰৰ ছাল খন নতুনকৈ নৰা খেৰ, টকৌ পাতেৰে মেৰামতি কৰি লৈছিল।বেছিভাগ লোকৰে টিনপাত লগোৱাৰ সামৰ্থ্য নাছিল। সেই দৰে নতুন নতুন কামৰ আৰম্ভনি ও খৰালি কালৰ এই সময়ছোৱাতে কৰা হয়। মই বাৰীৰ চাৰিসীমা ৰ ভিতৰত গেজেপনি মাৰি থকা বহু গছ কাটি চাৰিওফালে ৰ'দৰ পোহৰ পৰিব পৰা কৰি দিছিলোঁ। আমাৰ পৰা এমাইল আঁতৰত থকা বৰবৰী চাহ-বাগানৰ মুকলি পূজাফিল্ডত হোৱা দেওবৰীয়া বজাৰলৈ আকৌ চাউল, শাক পাচলি, বাৰীৰ নেমু টেঙা, আদি বেচিবলৈ নিয়া আৰম্ভ কৰিলোঁ। লোণ, তেল , চাবোন, কেঁচুৱাৰ বাবে গাখীৰ আৰু চোলা-কাপোৰ বৰ সহজে যোগাৰ হৈ গৈছিল।
নাহৰতলিৰ পৰা আমাৰ ফালে অহা ৰাস্তাৰ পকী পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। ধোঁৱাই থকা আলকতৰাৰ গোন্ধ , শিল পেলোৱা গাড়ী চাবলৈ আমাৰ গাৱঁৰ ডেকা লৰাবোৰে চাইকেল চলাই গৈছিল। আমি মাত্ৰ আশা কৰিছিলো আমাৰ গাঁৱলৈকে যাতে পকী ৰাস্তা হয়।
সেই সময়লৈকে মলয়াৰ দৰে আৰু কেইবাগৰাকীও পোৱাতী তিৰি সিফলীয়া হোৱাৰ কথা শুনিলো। আইয়ে কোৱা মতে বছৰ বছৰ ধৰি তেনেকৈ কেঁচুৱা বা মাক বা কেতিয়াবা দুয়ো সিফলীয়া হৈয়েই থাকে। এইবোৰ কোনো ডাঙৰ কথা নহয়। মই কিন্তু আগতে কেতিয়াও সেইবোৰ খবৰক কাণ দিয়া নাছিলোঁ।মোৰ লগৰো বহুতৰ ঘৈণীয়েক ঢুকাইছিল কিন্তু কি কাৰণত , সেই কথা লৈ মূৰ ঘমোৱাৰ দৰকাৰ নাছিল । বিশেষকৈ ঘৈণীয়েকৰ দু:খত ম্ৰিয়মান হৈ তাৰ কাৰণ বিশ্লেষণ কৰি থকা মানুহ ক'তো লগ পোৱাও নাছিলো। বৰঞ্চ বছৰ নুঘূৰোতেই 'ঘৰে-ঘৰোৱাহে বেছি জোৰকৈ আনি দিলে' বুলি দ্বিতীয়গৰাকী বিয়া পাতি মহা সুখেৰে যুগ্ম জীৱনৰ পাতনি মেলা মানু্হহে বহুতো দেখিছিলো। সেয়ে মই সেই মৃত মহিলা সকলে যে মলয়াৰ দৰেই যমৰ-যাতনা ভোগ কৰি সিফলীয়া হৈছিল আৰু মোৰ দৰেই কোনো অপদাৰ্থ গিৰিয়েকৰ অসমৰ্থতাৰ বাবে ই সেই কাৰ্য সংঘটিত হৈছিল তাৰ উমান পোৱা নাছিলো। সেইসকলে প্ৰাণ দিছিল আৰু 'জন্ম , মৃত্যু তেৰাৰ হাতত' বুলি অন্ত:কৰণেৰে বিশ্বাস কৰি সকলোৱে তাক সহজভাৱেই স্বীকাৰ কৰিছিল।
আমাৰ দুয়োজন দদাইদেউৰ দ্বিতীয় বিবাহ হৈছিল। তেওঁলোকৰ এজনে দ্বিতীয় বিবাহৰ সময়ত আগৰ ফালৰ তিনিটা ল'ৰা আৰু ছোৱালীও এজনী আছিল। খুৰীয়ে ছোৱালীজনী জন্ম দিয়েই চকু মুদিছিল। আনজনে বিয়া কৰোৱাৰ সময়ত প্ৰথম গৰাকীৰ চাৰিগৰাকী ছোৱালী আৰু খুৰী সোঁশৰীৰে জীয়াই আছিল। পুত্ৰ সন্তানৰ আশাই তেওঁক সতিনীৰ জ্বালা দিছিল।
তেনে সময়তে আমাৰ গাঁৱৰ মণিৰাম মাষ্টৰৰ ঘৰলৈ অহা মানুহৰ জাক এটাই স্কুল ঘৰত মিটিং পতা বুলি শুনিলো।মাষ্টৰৰ পুতেক দূৰৰ কলেজত পঢ়িবলৈ গৈছিল। পঢ়ি আছিল নে পঢ়ি শেষ কৰিছিল নাজানো । আমাৰ গাঁৱত স্কুল হোৱাৰ পিছত মণিৰাম মাষ্টৰ হৈছিল। তেওঁক সকলোৱে সমীহ কৰিছিল।
মিটিং গাই থাকিলে দুখীয়া মানুহৰ পেট নভৰে। খৰালিৰ শেষৰ সময়খিনি বৰ গুৰুত্বপূৰ্ণ আছিল। চ'তৰ শেষৰ পৰা ধুমুহা বৰষুণ আৰম্ভ হ'ব। তাৰ আগতেই শুকান বতৰত কৰিবলগীয়া আটাইবোৰ কাম শেষ নকৰিলে বাৰিষা জঞ্জাল হয়। মিটিঙলৈ যোৱা নহ'ল ।
বৰবৰীৰ বজাৰ লৈ যাওঁতেহে গম পাইছিলো সেই মিটিং মাষ্টৰৰ পুতেকৰ সৈতে অহা ল'ৰাহঁতে অনুষ্ঠিত কৰিছিল। আগলৈ
দুলুমণি
১৬/৮/২০২০
Comments
Post a Comment