#সিপাৰৰ সাঁকো (১২)
#সিপাৰৰ সাঁকো
(১২)
নৈখন হঠাৎ ফেনে-ফোটোকাৰে বাঢ়িবলৈ ধৰিছিল। মই পাৰৰ পৰা চিঞৰি আছিলো। তাইক সোনকালে উঠি আহিবলৈ কৈছিলো। তাই মোলৈ চাই হাঁহি হাঁহি দ-পানীত বাৰে বাৰে জোবোৰা মাৰি আছিল। মোৰ কথাক আওকাণ কৰি আগবাঢ়ি নৈৰ বুকুলৈ গৈ আছিল। । মই তাইক হাতত ধৰি তুলি আনিবলৈ চিঞৰি চিঞৰি পানীত নমাৰ লগে লগে মোৰ মুখেৰে মাত নোলোৱা হৈছিল। মই পানীৰ মাজত ককবকাই আছিলো। মোক কোনোবাই পানীৰ পৰা টানি আনিছিল। কোনেনো টানি আনিছে .....!
আইয়ে গাত ধৰি জোকাৰি আছিল । মোৰ চিঞৰত সাৰ পাই তেওঁ মোৰ কোঠালৈ আহিছিল। আইয়ে এইবাৰ মোক নিজৰ কোঠালিটোত শুবলৈ মাটিতে বিছনা পাৰি দিলে। তেওঁ কি বুজাইছিল মই জানিছিলো। মলয়াৰ সেই কোঠাত মোক অকলে এৰিবলৈ তেওঁ বেয়া পাইছিল। মই নগলো। পুৱালৈ বেছিপৰ নাছিল। মই বাহিৰলৈ ওলাই বাৰান্দাতে বহি পৰিলো। কেঁচুৱাই কন্দা শুনা নাই। জুপিয়ে বৰ আপদাল কৰি ৰাখিছিল বুলি মনটো অলপ ভাল লাগিছিল। কিন্তু কিমান দিন? জুপিৰ ঘৰত চাগে খেতি চপোৱাৰ বতৰ। আজি নহ'লেও কাইলৈ তাই ঘৰলৈ যাব। তেতিয়া কি হ'ব? আইয়ে আমাৰ তিনিটা ভাই-ভনীক খুটি খাব পৰা কৰিছিল । আকৌ মোৰ কেঁচুৱাক তেওঁৰ ওপৰতে জাপি দিব নোৱাৰি। মই সৰুতেই পিতাইক হেৰুৱাইছিলো। মলয়াই শৈশৱতে মাক-দেউতাকক হেৰুৱাই ঘাটমাউৰা হৈছিল। এতিয়া মোৰ কলিজাৰ আমঠুহেন কেঁচুৱা জনী মাকৰ অবিহনে ডাঙৰ হ'ব লাগিব।
পিছমুহূতৰ্তে মই ভাবিছিলো মই নিজে নো কিয় নোৱাৰিম । মোৰ ছোৱালী মইয়ে ডাঙৰ কৰিম। মই মাকৰ দৰে আলপৈচান ধৰি তাই মোৰ মাজতে মাক আৰু দেউতাক দুয়োজন বিচাৰি পাব পৰাকৈ নিজকে গঢ়ি তুলিম।
সঁচাকৈয়ে মনটো অলপ ভাল লাগিছিল।
তেনেতে গাৱঁৰ ইটোমূৰৰ ভনিতা নবৌ আহি ওলালেহি।
মই আচৰিত হৈ 'ইমান পুৱাই আহিলাযে?' বুলি কোৱাত তেওঁ মাটিতে বহি ললে।
নবৌৰ তিনিজনী জীয়েক। আটাইকেইজনী কামত পাকৈত। ৰুই- তুলি , ধান দাই , কাপোৰ বৈ ঘৰৰ চেহেৰাই সলাই দিছিল। মলয়াৰ লগত একেবাৰে কঁঠালৰ আঠা লাগি থকাদি থাকিছিল। গিৰিয়েকটো কানিয়া, কানি নাপালে উধাই-মুধাই গোৱাল গালি পাৰি
শোৱন-খাৱন নাইকিয়া কৰে।
পিছে তেওঁৰ মুখখন শুকান , চকুৰ গুৰি ক'লা পৰা। মোৰ কথাটোৰ উত্তৰ নিদি তেওঁ অন্য ধৰণেহে কথা আৰম্ভ কৰিলে।
' তাই মোক এইবাৰ খেতি চপোৱাৰ কামটো কৰিবলৈ কৈছিল। কাতিতে মই দুকুৰিমান টকাও তাইৰ পৰা লৈছিলো। আইকো কবা । ধান দোৱা ৰ বাবে চিন্তা কৰিব নালাগে । মাত্ৰ আনি ভঁৰালত থলেই হ'ল আৰু।'
মোৰ গ্লানি অনুভৱ হ'ল। কিদৰে তাই ইমানবোৰ চিন্তা কৰিব পাৰিছিল? আৰু মই কোনো চিন্তা ভাৱনা নকৰাকৈ ঘৰতে সন্তান জন্ম দি তাইক মৰিবলৈ আগবঢ়াই দিছিলো । কথাষাৰে মোৰ মনটোক আকৌ শোকৰ সাগৰখন লৈ ঠেলি দিলে।
পিছে নবৌৰ কথা শেষ হোৱা নাছিল। তেওঁ ক'লে ৰাতি সপোনত হেনো তেওঁক তাই ধানদাবলৈ যোৱা নাই কিয় বুলি সুধিছিল। সপোন নে দিঠক আছিল তেওঁ তেতিয়াও হেনো ধৰিব পৰা নাছিল , কিয়নো লগে লগে সাৰপাই উঠি তেওঁ তাইৰ মাতটোকে কাণত বাজিথকা যেন অনুভৱ কৰিলে । আনকি সঁচাকৈয়ে শুনা বুলি দুৱাৰ খুলি বাহিৰলৈও ওলাই চালে। তাৰ পিছতহে তেওঁৰ মনত পৰিল যে আগদিনা মলয়াক খৰি দিয়া হৈছিল। লগে লগে মানুহ জনী কঁপি উঠিছিল ভয়ত।
সেয়ে পুৱাই ধলফাঁট দিওঁতেই তেওঁ মোক কথাটো জনাবলৈ আহিছিল। তেওঁৰ মাত শুনি আই ওলাই আহি
মোৰ আৰু তেওঁৰ কথা শুনি আছিল। মই জানিছিলো আইয়ে এইবোৰ শুনিবলৈ পাই মলয়াৰ দূৰদৰ্শিতাক প্ৰশংসা কৰাৰ সলনি বেলেগ ফালেহে পোনাব। সেয়ে কথা নাবাঢ়ক বুলি তেওঁক 'ধানখিনি সোনকালে দাই পেলাব তেতিয়া হ'লে ' বুলি কৈ পঠিয়াই দিছিলো।
আইৰ লগত কথা পাতিব লাগিলে পিছৰ কথা কেইটা ৰ সৈতে মই সপোন দেখাৰ কথাটো লগলগাই দুয়োজনীয়ে ৰৌজাল বৌজাল কৰি ফুৰিলেহেঁতেন।
আগতেও তেনে কাহিনী বহুতো শুনিছিলো। মোৰ বিশ্বাস নহৈছিল। মুখৰোচক কাহিনী কিছুমান সৃষ্টি কৰা সাৰুৱা মগজুৰ মানুহৰ সংখ্যা অজস্ৰ । কেঁচুৱা পোৱা তিৰোতা ঢুকালে সকলোৱে কেঁচুৱাৰ প্ৰতি আশা থাকি যায় , কেঁচুৱাটো বিচাৰি আহি থাকে -আদি কাহিনীৰে গোটেই গাঁৱতে আতংকৰ সৃষ্টি কৰি থাকে। মই কেতিয়াও সেইবোৰ কথা লৈ কাণ কৰা নাছিলোঁ।
আইৰ চিন্তাক্লিষ্ট মুখখনত মাথোন কেঁচুৱাৰ 'নাই' নসৰাৰ আক্ষেপ দেখি মই বুজি পাইছিলো আইয়ে কথাবোৰ বৰ বেছিকৈ ভাবিবলৈ লৈছে। ৰাইজৰ কৃপাত তিলনি সুকলমে পাৰ হৈছিল।
তৰাই শহুৰ শাহুৰক লৈ আহিছিল। পাছত নিজে উভতি নগৈ শহুৰ শাহুৰক ঘৰলৈ পঠিয়াই দিছিল।
জুপিৰ নন্দেক তিলনিৰ দিনা ভনীজোৱাঁইৰ লগত গুচি গৈছিল।
ভনিতা নবৌৰ সপোনৰ কথাৰে ইতিমধ্যে গাওঁ ৰৌজাল-বৌজাল । ফুট-গধূলিতে নিমাও-মাও পৰিবেশ।
আগলৈ
দুলুমণি
১১/৮/২০২০
Comments
Post a Comment