সিপাৰৰ সাঁকো (২৪)
#সিপাৰৰ সাঁকো
(২৪)
বহুত দূৰৰ পৰা উৰি উৰি অহা ভয়ানক খবৰবোৰ শুনি গাওঁ বোৰত মানুহ বোৰ বৰ শংকিত হৈ পৰিছিল। খবৰবোৰ প্ৰায়ে চহৰৰ পৰা ঘূৰি অহা মানুহ বোৰে আনিছিল। সাধাৰণতে গাঁৱৰ মানুহবোৰৰ লগত পোনপটীয়া সম্পৰ্ক নথকা সেই মানুহ বোৰে ক'ৰবাত কাৰোবাৰ লগত পতা কথা কোনোবাই শুনি তাকেই এগুণক দুগুণ কৰি মচলা সানি
গাওঁ বিলাকৰ ভিতৰত বিলাওঁতে বিলাওঁতে খবৰবোৰেএটা ভীষণ ৰূপ লৈছিল। গাঁৱৰ ধনী আৰু বাহিৰা খবৰ খাতি ৰখা পঢ়া-শুনা ল'ৰা-ছোৱালী থকা মানুহবোৰৰ ঘৰত ৰেডিঅ'আছিল। ৰেডিঅ'শুনি কিছুমানে দেশৰ খবৰ লৈছিল। আগতে বেছি গুৰুত্ব নিদিলেও আন্দোলনৰ কথা জানিব পাৰি ৰেডিঅ' শুনা মানুহৰ সংখ্যা বাঢ়ি গৈ আছিল। অনিল দোকানী, মণিৰাম মাষ্টৰ,মেলটৰী বাপেক হঁতৰ ঘৰতহে ৰেডিঅ আছিল। সেই কেইঘৰত আঞ্চলিক বাতৰি আৰু সৈন্যবাহিনীৰ অনুষ্ঠান চলি থাকোতে বাৰান্দাৰ পৰা পদুলিলৈকে মানুহৰ জুম । সেইসময়ত আনকি ঘৰৰ কাষেৰে পাৰ হৈ যোৱা মানুহেও ৰৈ ৰৈ ৰেডিঅ' শুনিছিল।খবৰ শুনি কি বুজি পাইছিল নাপাইছিল সেয়া
জনা নাযায় কিন্তু ভাদমহীয়া নামৰ মাজে মাজে দেশৰ অৱস্হা সম্পৰ্কীয় সৰল আলোচনা শুনিবলৈ পোৱা গৈছিল। ৰেডিঅ'ৰ আগমনে গীত-মাতৰ সৈতে গাৱঁলীয়া লোকক বেছি কাষ চপাই আনিছিল। নতুনকৈ ব্যৱসায়ৰ লাভৰ সোৱাদ পোৱা অনিল দোকানীয়ে শেহতীয়াকৈ দোকানৰ গ্ৰাহকৰ শাৰী বাঢ়িবলৈ দোকানৰ কাষৰ কোঠাটোতে ৰেডিঅ' বজাই ৰাখিছিল। ৰেডিঅ' শুনিলেও নুশুনিলেও গাওঁখনৰ একমাত্ৰ দোকান খনত গ্ৰাহকে ভিৰ কৰিছিল। অনিল দোকানীয়ে বৰ সোনকালেই গ্ৰাহক ধৰি ৰখাৰ কিটিপ বোৰ আয়ত্ত কৰি লৈছিল। গ্ৰাহকে পাঁচ টকাৰ তলৰ খুচুৰা কাহানিও পইচাৰ ৰূপত ঘূৰাই নাপাইছিল। সেইবোৰ তেওঁ নিজৰ লগত 'খুচুৰা নোহোৱা ' অজুহাতত ৰাখি থৈ ধুনীয়াকৈ কটা ডাঠ কাগজৰ টুকুৰাত হাতেৰে চহী মাৰি পচিঁশ পইচাৰ পৰা দুটকালৈকে নিজৰ পইচা বনাই লৈছিল। সেইবোৰ লৈ গ্ৰাহকে দেৱীগাৱঁৰ বঙালী দোকানৰ পৰা বা নাহৰতলিৰ কেঞাগোলাৰ পৰা বস্ত কিনিব নোৱাৰিছিল। গতিকে মানুহবোৰে তেওঁৰ দোকানৰ পৰাই
নিমখ-তেল , চাবোনৰ বজাৰ কৰিবলৈ বাধ্য হৈছিল। তেওঁ বৰ সোনকালে ধনী মানুহৰ শাৰীলৈ উঠি যোৱা দেখি গাৱঁৰ বহুতে ঘৰৰ সন্মুখতে দোকান তৰি ল'বলৈ আৰম্ভ কৰিছিল।
বিহুৱেই গাৱঁৰ মানুহবোৰৰ মনোৰঞ্জনৰ জগতখন অধিকাৰ কৰি আছিল। ভাওনাৰ আখৰা সমূহো মূলতঃ ধাৰ্মিক হ'লেও ৰাইজৰ মনত মনোৰঞ্জন দিয়াত সক্ষম হৈছিল। মূল নাট প্ৰদৰ্শনৰ দিনা সমগ্ৰ অঞ্চলটো ভক্তি ৰসত বুৰ গৈ থাকিছিল।
কেতিয়াবা নাহৰতলিলৈ চাৰ্কাছ পাৰ্টি আহিছিল। মানুহবোৰে জুমেজুমে চাৰ্কাছ চাবলৈ গৈছিল। অৱশ্যে টিকট কিনি চাবপৰা সকলেহে চাইছিল। গাঁৱৰ প্ৰায় ভাগ মানুহৰ বাবে টকা খৰচ কৰি মনোৰঞ্জন কৰাটো একেবাৰে অলাগতিয়াল কথা আছিল। বিয়াই- সবাহে জাত জাত বিয়ানাম, হৰিনাম শুনি মানুহে পৰম তৃপ্তি লাভ কৰিছিল। মলয়া কইনা হৈ থাকোতেই চাৰিখন মান গাঁৱৰ বেছি ৰঙিয়াল মনৰ ডেকাহঁতে মিলি নাহৰতলিৰ কেঞাগোলাৰ আটাইতকৈ ধনী মানুহ জনে নতুনকৈ লোৱা বাচখন ভাড়া কৰি গাৱঁৰ মানুহ বোৰক চহৰৰ চিনেমাহলত চিনেমা দেখুৱাবলৈ নিছিল। দুজনৰ গাড়ীৰ ভাৰা, টিকটৰ ভাড়াই মিলি যিমান খিনি ধন খৰচ হৈছিল তাকে দেখি মলয়াই জীৱনত দুনাই সেই চখ পুৰাবলৈ নাযাওঁ বুলি কাণচুই শপত খাইছিল ।
হুলস্হূল বোৰ বাঢ়িয়ে গৈ আছিল। মণিৰাম মাষ্টৰৰ পুতেকক পুলিচে বাৰে বাৰে বিচাৰি আহি থাকিবলৈ লৈছিল। দেউতাকৰ চাকৰি বেছি দিন বাকী নাছিল। সৰু ল'ৰাটো ঘৰতে আছিল।
ক'ৰবাত হোৱা কটামৰাৰৰ পোটক তুলি বলৈ ৰাতি আমাৰ গাওঁবোৰত মুখবন্ধা মানুহ সোমাই আহি শুৱাপাটিতে ঘপিয়াই থৈ যাবহি বোলা উৰাবাতৰি শুনি গাওঁ বোৰত পাল পাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিছিল। পিছলৈ অৱশ্যে চৰকাৰৰ ঘৰৰ অফিচৰ পৰা টৰ্ছ দি গাৱঁৰ মানুহক ভি ডি পি বনাই দিছিল।
প্ৰায়েই ৰজনীৰ সৈতে এইবোৰ কথাই পতা হৈছিলো । ৰজনীৰ বাবে সকলো কথা গম পোৱাটো সহজ আছিল। গাড়ীখন লৈ নাহৰতলিৰ চাৰিআলি ত ভাড়া মাৰিবলৈ ৰৈ থকা ৰজনীয়ে বহু কথাই জানিছিল। মই কিছুমান কথা বুজি পাইছিলো বেছিভাগ মূৰৰ ওপৰেৰে গৈছিল।
আগলৈ
দুলুমণি
২৩/০৮/২০২০
Comments
Post a Comment