সিপাৰৰ সাঁকো (১৮)
সিপাৰৰ সাঁকো
(১৮)
আমাৰ দৰে খাটিখোৱা মানুহ বোৰে বৰ বিশেষ গুৰুত্ব নিদিলেও বহুতো শিক্ষিত , জনা-শুনা মানুহে প্ৰায়েই সেইবোৰ কথা পাতি থকা শুনিবলৈ পাইছিলো। বিশেষকৈ স্কুল -কলেজত পঢ়ি থকা ল'ৰাবোৰে ইফালৰ পৰা সিফালে ঘূৰি চিঞৰি চিঞৰি গান গাই থকা কাৰ্য মই তাৰ আগতে দেখাই নাছিলো নে তেতিয়ালৈকে মন কৰা নাছিলো বুজি নাপালো। কিন্তু মাষ্টৰৰ পুতেকে পতা মিটিং খনলৈ যোৱা মনোজ আৰু আন দুটামানৰ পৰা যেতিয়া সেই কথাবোৰ গম পাইছিলো তেতিয়াৰ পৰাই মই মন কৰিবলৈ লৈছিলো আগতে নেদেখা কম বয়সীয়া ডেকা ল'ৰাবোৰে গাৱঁত সোমাই মানুহ বোৰক কিবাকিবি বুজাই থাকে। দূৰত ক'ৰবাত বহুত মৰা-কটা হোৱা বুলি ও শুনিছিলো। কেতিয়াবা বহু দূৰৰ পৰা শাৰী পাতি ল'ৰা ছোৱালীৰ জাকে শ্লোগান দি পাৰ হৈ যোৱা দেখিবলৈ পাইছিলো। কিবা এটা গোলমাল যে হৈছিল আৰু তাৰপৰা যে কিবা ডাঙৰ প্ৰতিক্ৰিয়া হ'ব সেয়া মানুহ বোৰৰ মুখবোৰ দেখিয়েই বুজিব পাৰিছিলো।
আমাৰ গাঁৱৰ পৰা বৰবৰী বাগানলৈ যোৱা ৰাস্তাৰে আধামাইল গৈ বাওঁ ফালে ঘূৰি অলপদূৰ গ'লে এখন বঙালী মানুহৰ গাওঁ আছিল । গাঁও বুলি কলেও অৱশ্যে তেওঁ লোকে প্ৰায় দোকান পোহাৰ আৰম্ভ কৰি ঠাইখন গাঁৱৰ দৰে কৰি ৰখা নাছিল। ঠাই খনক আমাৰ গাঁৱত দেৱীগাওঁ বুলি কৈছিল। খেতি-বাতি নাছিল যদিও প্ৰতিটো পৰিয়ালৰ হাতৰ বিদ্যা আছিল। কোনোবা সোণাৰী, কোনোবা মিঠাই দোকানী কোনোবা দৰ্জী।নাহৰতলিলৈ নগৈ আমাৰ গাওঁ বিলাকৰ বহু মানুহে তেওঁলোকৰ পৰাই এই কামবিলাক কৰোৱাইছিল। তেওঁলোকৰ মাজত অসম্ভৱ মিলাপ্ৰীতি আছিল। সকলো ধৰণৰ উৎসৱ পাৰ্বন একেলগে পালন কৰিছিল। বহুতে কাষৰগাঁৱৰ মানুহ বিলাকৰ পৰা মাটি-বাৰী কিনি নতুনকৈ কৃষক হোৱাও দেখিছিলো। কৃষক হ'লেও আচলতে তেওঁ লোকে খেতি-বাতি কৰিবলৈ গাঁৱৰ মানুহ বিলাকৰ সহায় লৈছিল। । তেওঁলোকে নাহৰতলিৰ পৰা আৰম্ভ হোৱা পকা ৰাস্তা দেৱীগাৱঁলৈকে আহি পাব ই লাগিব বুলি ওপৰৰ অফিচত ওজৰ আপত্তি দিছিল বুলি ৰজনীৰ মুখেৰে শুনিবলৈ পাইছিলো। সেই বাবেই হয়তো পিছলৈ নাহৰতলিৰ পৰা আৰম্ভ হোৱা পথ আমাৰ গাঁৱৰ ফালে আহি আধাতে ৰৈ দেৱীগাৱঁৰ ফালে পোনাই গৈছিল। পিছলৈ তেওঁ লোকে ঠাইখনক দেৱীপুৰ নাম দিছিল।এই ঠাই খনতেই ভালেমান প্ৰতিবাদী সমদল , শোভাযাত্ৰা আদি দেখিবলৈ পাইছিলো। আমাৰ চহা জীৱনৰ ওপৰত বিশেষ কোনো প্ৰভাৱ নেপেলোৱাকৈ এখন সমান্তৰাল যুঁজ চলি থকা বুলি গম পাইছিলো। হুলস্হূল বোৰ বাঢ়ি গৈয়ে আছিল। নাহৰতলিৰ হাইস্কুল বন্ধ হৈ পৰিছিল।
পিছে মোৰদৰে আদাৰ বেপাৰীক জাহাজ ৰ খবৰনো কিয় লাগে? মাক নাইকিয়া মিলি আৰু আইৰ পোহপাল দিবলৈ কৰিবলগীয়া কাম খিনি কৰোঁতে ই মোৰ দিনটো শেষ হৈছিল। কেঁচুৱা জনীৰ কল-কলনি দেখি আইৰ আৰু মোৰ সমস্ত ভাগৰ নোহোৱা হৈছিল।মিলিৰ বাবে আইয়ে কৰিবলগীয়া আটাইখিনি কৰিছিল। তৰাদৈ বাইয়ে আইয়ে কৰিব নোৱাৰা খিনি কৰি দিছিল । জুপি- তৰা নিজৰ নিজৰ ঘৰ- সংসাৰত ব্যস্ত হৈ পৰিছিল।
তাৰ মাজতে ফাগুনৰ পছোৱা বতাহে কোবাই যোৱা মনটোত সদ্য- বিচ্ছেদিত জীৱন লগৰীৰ স্মৃতি কাতৰ বিননি। মই যেন কোনো শাপগ্ৰস্ত বিৰহী প্ৰেমিক যাৰ চৌপাশে প্ৰেয়সীৰ অবাধ বিচৰণ অথচ কাষত বহি দুচকুলৈ চাই কথা পাতিবলৈ অক্ষম। মন-মগজুত মলয়াই ঘৰ কৰি সম্পূৰ্ণভাৱে মোক নিয়ন্ত্ৰণ কৰে কিন্তু সমুখত তেওঁ নাই। তেওঁৰ শাৰীৰিক অৱস্হিতি অবিহনে বসন্তৰ আগমনৰ প্ৰথম জাক বা-মাৰলিয়ে মোক শোকসাগৰৰ ঢৌৰ সোতঁত বাৰুকৈয়ে আচাৰি পেলাইছিল। বিশেষ কৈ তেনে এটি ধুমুহা-বৰষুণ মুখৰ আবেলি জেং বিহু ৰ নাচনীৰ দলহৈ বিহু মাৰি থকা মলয়াহতঁক দেখা পাইছিলো। মোমায়েকৰ ছোৱালী হঁতৰ সৈতে গাৱৰ জৰী , নাহৰ , চুমনিৰে ভৰি থকা হাবিখনৰ কাষৰ মুকলি ঠাইত আপোনমনেৰে নাচি থকা নাচনীৰ জাকটোক দেখি নাহৰতলিৰ বজাৰৰ পৰা বিহুৰ বজাৰ কৰি ঘূৰি অহা আমাৰ ডেকাল'ৰাৰ জাকটোৱে কিৰিলি পাৰি চিঞৰি উঠিছিল। ছোৱালীজাকেও তাৰ উত্তৰ বিহুনামেৰে দিছিল। ডেকাগাভৰুৰ সেই নিৰ্দোষ ধেমালি বহুপৰলৈকে চলি থাকিলহেঁতেন । কিন্তু হঠাতে অহা ধুমুহা -বৰষুণৰ আগজাননীয়ে বিহুৰ আনন্দ সেমেকাই তুলিছিল । পিছে বিধাতাৰ কি সুদৃষ্টি পৰিল নাজানো, আটাইবোৰ ছোৱালী নিজৰ, নিজৰ ঘৰলৈ দৌৰি যাওঁতে মলয়াৰ মোমায়েকৰ ছোৱালীৰ ভৰিত কচকা খাই ৰাস্তাতে বহি পৰিছিল । আমিও চাইকেল চলাই গাৱঁলৈ বাট লৈছিলো। কিন্তু পিছলৈ ঘূৰি চাই তিনিজনী ছোৱালীয়ে মাটিত বহি পৰা ছোৱালী জনী ক ঘেৰি থকা দেখি কিবা ডাঙৰ ঘটনা হোৱা বুলি আমি দুখনমান চাইকেলৰ আৰোহী ঘূৰি আহিছিলো ।
আগলৈ
দুলুমণি
১৭/৮/২০২০
আগৰ খণ্ডৰ লিংক--
https://dgogoiwriter.blogspot.com/2020/08/blog-post_15.html
Comments
Post a Comment