সিপাৰৰ সাঁকো (৩৩)

 #সিপাৰৰ সাঁকো

                               (৩৩)

মই এবাৰ ঘৰৰ পুখুৰীৰ পানীত সাঁতুৰিবলৈ শিকোতে কোনোমতে হে প্ৰাণটো বাচি ছিল। তাৰ পিছত সেই ফালে মুখকে নকৰিলোঁ। কিন্তু আমাৰ লগৰ বহুতেই  থিয় সাতোঁৰ, চিলনী সাতোঁৰ আদি ৰকম ৰকম সাতোঁৰৰ 

ষ্টাইলত সাঁতুৰিব জানিছিল। 

  খেল- ধেমালিৰ কথা কওঁতে মোৰ গাৱঁৰ ফিল্ড বোৰত ফুটবল খেলিবলৈ অহা দূৰৰ ল'ৰা বোৰৰ কথা মনত পৰে। দুই- তিনিদিনীয়াকৈ  বিভিন্ন ক্লাবৰ সহযোগত ফুটবল খেলৰ আয়োজন কৰা বুলি  মাইকত চিঞৰি চিঞৰি ঘোষণা কৰা হৈছিল। সময়ত গোটেই ফিল্ড আৱৰি থকা মানুহৰ জুমৰ মাজত প্ৰতিজন খেলুৱৈয়ে দুভৰিৰ কি যে অপূৰ্ব যাদু প্ৰদৰ্শন কৰিছিল!সেই খেলুৱৈ সকলৰ জীৱন-সংগ্ৰামত ফুটবল খেলে সহায় কৰিছিল নে নাই সেয়া আজিও নাজানিলো। কিন্তু দূৰৈৰ পৰা আহি গাৱঁৰ ফিল্ড বোৰত পতা সেই খেল বিলাকৰ প্ৰভাৱত  বহু লৰাই নতুনকৈ আকৃষ্ট হৈছিল।  প্ৰখৰ ৰ'দত টেঙা বল ভৰিৰে ঠেলি লৈ ফুৰা সৰু সৰু ল'ৰাৰ জাকবোৰ দেখি তেনেকুৱা ই লাগিছিল।


     লাহে লাহে মই স্কুলৰ সকলো কাম আয়ত্ত কৰি লৈছিলো। হেড্চাৰে মই নহ'লে স্কুল নচলিবই বুলিও কাৰোবাৰ আগত কোৱা শুনিছিলো। অৱশ্যে সেয়া নাম মাত্ৰ দৰমহাৰ বাবদ মই আগবঢ়োৱা নি:স্বাৰ্থ সেৱাৰ বাবে মোৰ মন ভাল লগোৱাৰ কৌশল বুলি ঠিকেই বুজি পাইছিলো। ৰাতি ৰ চকীদাৰৰ কামটো কৰিবলৈ আমাৰ গাঁৱৰ কোনো আগবাঢ়ি নহা দেখি কাষৰে অৰ্জুনগুৰি গাৱঁৰ ৰমাকান্তক দিয়া হৈছিল। স্কুলত আবেলিলৈকে ইটো সিটো কৰি গেট বন্ধ কৰি ঘৰ সোমোৱা লৈকে বেলি লহিয়াবলৈ হয়। পিছদিনা ৰাতিপুৱা সকলো অহাৰ আগতে ই অফিচ চাফ-চিকুণ কৰি লাগতিয়াল বস্তু যথাস্হানত ৰাখোঁ। ছাত্ৰ ছাত্ৰী শ্ৰেণীত সোমোৱাৰ লগে লগেই কোঠাবোৰ পৰিষ্কাৰ কৰিবলৈ দিয়া, বেল বজোৱা, প্ৰাৰ্থনা সভাৰ সময়ত শিক্ষক সকলৰ বাবে ইটো সিটো কৰা, হেডচাৰৰ নিৰ্দেশ মতে কাম কৰা আদি সকলো কাম নিয়াৰিকৈ কৰিছিলো। মাজতে সময় উলিয়াই আই আৰু মিলিৰ বাবে কিবা বস্তুৰ দৰকাৰ হ'লে স্কুলৰ কামৰ লগত মিলাই লৈ দেৱীগাৱঁৰ দোকান বোৰৰ পৰা কিনি আনিছিলো। সেই ঠাই খনৰ চেহেৰা সম্পূৰ্ণ ভাৱে সলনি হৈ গৈছিল। নতুনকৈ হোৱা পকাৰাস্তাটোৰ সৈতে আগৰ নাহৰতলিলৈ যোৱা ৰাস্তাটোৱে মিলি এটা চাৰিআলি হৈছিল। দোকান পোহাৰ আৰু কেইবাটাও অফিচ মিলি ঠাইখন মানুহেৰে  গিজগিজাই থকা হৈছিল। মানুহে দেৱীগাৱঁৰ সলনি  দেৱীপুৰ বুলিয়েই কবলৈ লৈছিল। সেই নাহৰতলিলৈ যোৱা  ৰাস্তাটোৱে দেবী গাঁৱৰ পৰা আগলৈকে আহি বৰবৰীৰ ৰাস্তাত মিলিছিল।তাতে আকৌ তিনিআলিৰ সৃষ্টি কৰি  বৰবৰীৰ ৰাস্তাটো আমাৰ গাঁৱলৈ সোমাই আহিছিল। সেই ৰাস্তা টোৰ সোঁমাজতে স্কুলখন । তিনিআলিলৈকে বহল আৰু পকা কৰি দিয়া

বাবে বহুত গাড়ী-মটৰ চলিছিল। হেডচাৰে আমাৰ আৰু কাষৰীয়া বহুত গাঁৱৰ মানুহৰ হস্তাক্ষৰ লৈ ওপৰৰ অফিচত কাগজ দিছিল।   স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাৰিষা  অহা-যোৱা কৰিবলৈ অসুবিধা নোহোৱাকৈ অন্তত: কাষৰ ৰাস্তাটো পকা কৰি দিবলৈ অনুৰোধ জনাইছিল। 

স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈ আছিল। মানুহ বোৰে সঁচাকৈয়ে শিক্ষাৰ প্ৰয়োজনীয়তা ভালকৈয়েই বুজি পাইছিল। টিভিয়ে ,ৰেডিঅ'ই অনবৰতে শিক্ষা গ্ৰহণ কৰিলে মানুহৰ কি উন্নতি হয় এইবোৰ প্ৰচাৰ কৰিছিল বুলি সকলোৱে কোৱা শুনিছিলো। পিছে টিভিৰ নাম হেনো অসমীয়াত 'মূৰ্খৰ বাকচ'। ভিতৰত আচলতে একোৱেই নাই। কিন্তু  মানুহে সেই টো লৈকে চাই চাই হাহেঁ ,কান্দে। এইদৰে মানুহ বোৰক মূৰ্খ বনোৱা বাবে ইয়াক মূৰ্খৰ বাকচ বুলি কোৱা হয়। তেনে এটা মূৰ্খৰ বাকচৰ দাম হাজাৰ হাজাৰ টকা । আমাৰ দৰে মানুহৰ বাবে সপোনৰো অগোচৰ আছিল। কামৰ পৰি আজৰি পালেই হেডচাৰে টিভিৰ কথা কৈছিল। তেওঁৰ ৰামায়ণ চাইছিল। 

দেবী গাঁৱৰ পৰা ও ল'ৰা ছোৱালী জাকে জাকে আদৰ্শ লৈ পঢ়িবলৈ আহিছিল। আমাৰ কাষৰীয়া গাওঁ বিলাকৰ বহু লৰা ছোৱালীয়েই এল পি স্কুল পাছ কৰি পঢ়া-শুনা বাদ নিদি পোনচাটেই আদৰ্শত ফাইভ ক্লাছত নাম লগাইছিল। কিছুমানে অৱশ্যে চাইকেল চলাই তেতিয়াও নাহৰতলিৰ স্কুললৈকে গৈছিল। 

      শিক্ষক সকলে  পঢ়োৱাৰ সময়ত খং কৰিলেও পিছত ঘৰৰ ল'ৰা-ছোৱালীৰ দৰেই  মৰমো কৰিছিল।

    

 


                                                  আগলৈ

    দুলুমণি

১/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)