সিপাৰৰ সাঁকো (১৬)
#সিপাৰৰ সাঁকো
(১৬)
মাঘৰ বিহুৰ উৰুকাৰ ৰাতি মই ভেলা ঘৰলৈ নগলো।
মোৰ লগৰ কেইটামানে মোক মাতিবলৈও আহিছিল।
উৰুকাৰ ৰাতি এক অনন্য পৰিবেশত থাকে ভেলাঘৰ । উৰুকাৰ ভোজৰ আয়োজন আবেলিৰ পৰাই আৰম্ভ হয়।
ভোজ-ভাত খাই আনন্দ মনে সকলোৱে ঘৰা-ঘৰি যোৱাৰ পাছত আৰম্ভ হয় ডেকা ল'ৰাসকলৰ পছন্দ অনুযায়ী ৰং- ধেমালি। মদাহী সকলে মদতে ডুবি ভেলা ঘৰতেই আড্ডা দি থাকে। ভাল প্ৰতিভা থকাসকলে নিজৰ নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি ভাল আনকো ভাল পথ দেখুৱায়। কেতিয়াবা ক'ৰবাৰ অচিনাকি দুই-এজনকো গাৱৰ কোনোবা এটা-দুটা লৰাই লগত লৈ ভেলাঘৰলৈ আনিছিল। কেতিয়াবা পঢ়া-শুনা কৰা ভাল দুই এজন ডেকাই দূৰৰ কোনো কলেজত পঢ়ি থকা বন্ধুকো তালৈ লৈ আনিছিল। এফালে যেনেকৈ ভেলাঘৰ আছিল অবাধ ৰং-ৰহইচৰ আড্ডা আনফালে ই ডেকাসকলৰ মাজত নতুন চিন্তাধাৰাৰ পাতনি মেলাৰ উৎস ও আছিল। মই প্ৰায়েই মাঘৰ বিহুৰ উৰুকাৰ ৰাতি জেওৰা-জপনা, লাও-কোমোৰা, হাঁহ-কুকুৰা চুৰ কৰা দলটোৰ দলপতি আছিলো। ইয়াতো বৰ চিন্তা কৰিব লগা হৈছিল। অত্যূৎসাহী পিলিঙা বোৰে গাৱঁৰ মানুহৰ ঘৰ-বাৰীত সোমাই গৃহস্থৰ সকলো ছিঙি- ভাঙি থৈ আহিছিল। পিছদিনা ৰাইজৰ শাও-শপনি খাই হে কোনে কাৰ কি অনিষ্ট কৰে জানিব পাৰিছিলো। সেয়ে মই আগতেই সিহঁতক ভালদৰে অনুশাসনমূলক পাঠ পঢ়াই ল'ব লাগিছিল। পুৱালৈ ভকতৰ আশীৰ্বাদ লৈ মেজিত জুই দি মাহ- প্ৰসাদ খোৱালৈকে ল'ৰাবোৰে ভেলাঘৰৰ পৰা ঘৰলৈ উভতি নগৈছিল।পুৱা আকৌ ৰাতি চুৰ কৰি অনা হাহঁ-কুকুৰাৰে লৰাহঁতৰ এটা বিশেষ ভোজ।
প্ৰায় এক মাহ খৰি কাটি মেজি সাজি , নৰা কাটি ভেলাঘৰ সাজি উৰুকাৰ নিশা ৰং-ৰহ ইছ কৰা আমাৰ গাৱঁলীয়া ডেকাহঁতৰ বাবে ই এক অনন্য অনুভৱ। নতুন চিন্তাধাৰাৰ পাতনি মেলাতো মাঘৰ উৰুকাই বিশেষ অৱদান আগবঢ়োৱা দেখা গৈছিল।
ঘৰতেই মনমাৰি সোমাই থকাতকৈ আইয়ে মই
ভেলাঘৰলৈ ওলাই যোৱাটো কে বিচাৰিছিল। মই কিন্তু যাবলৈ সক্ষম নহʼলো। মলয়া বিহীন এই ভোগালীৰ ভেলাঘৰে মোক অলপো আকৰ্ষণ নকৰিলে। মই ভেলা ঘৰলৈ নোযোৱা দেখি মোক ঘৰত এৰি কেঁচুৱাৰ লগত শুৱাই থৈ আই ভোজৰ সময়ত গৈছিল। ঘৰখনৰ কোনোৱে পাক এটা নামাৰিলে দেখিবলৈ বেয়া হয় বুলি ভাবিছিল।
কণমানি জনীৰ লগত থাকি তাইৰ ভবিষ্যতৰ কথাহে ভাবিবলৈ মন গৈছিল। মই সেই বিষয়ে তেতিয়ালৈকে একো ভবাই নাছিলো । তাইক ডাঙৰ কৰাক লৈ মলয়াই হয়তো বহুতো পৰিকল্পনা ইতিমধ্যে কৰি পেলালে হেতঁন। মই একেবাৰে নাজানো কেনেকৈ সপোন দেখিব লাগে, কেনেকৈ এঢাপ এঢাপ কৈ আগুৱাই গৈ সেই সপোনক বাস্তৱ ৰূপ দিব লাগে।
মোৰ সেই বিষয়ে একো অভিজ্ঞতাও নাছিল। মোৰ চিন্তাৰ পৰিসৰ ঠেক আছিল।
মোৰ নিজৰ পঢ়া-শুনা ৰ কথাতো আৰু ক'ব ই নালাগে। সৰুতে ওচৰত স্কুল নাছিল। গাৱঁৰ বহুতে দূৰৰ স্কুলত নামভৰ্তি কৰিছিল আৰু সদায় অহা-যোৱা কৰি ওপৰৰ শ্ৰেণীলৈকো প্ৰমোচন পাইছিল। মোৰ স্কুললৈ যোৱাৰ মনো নাছিল আৰু ইমান দূৰলৈকে পঠিয়াই পঢ়া-শুনা কৰোৱাবলৈ আইৰ সামৰ্থ্য ও নাছিল। পিছলৈ স্কুল ওচৰতে হৈছিল। জুপি- তৰাই নাম লগাইছিল। মণিৰাম মাষ্টৰে এচাৰি জোঁকাৰি জোঁকাৰি 'ক খ' কেইটাকে চিনি ল'হি বুলি মোক মাতি মাতিও নিব নোৱাৰিলে। শেষত নামটো লিখি পইচা কেইটামান হিচাপ কৰিবলৈ অৱশ্যে নিজেই শিকিছিলো। পিছলৈ দূৰৰ স্কুলত নাম লগাই পঢ়া-শুনা কৰা ল'ৰাহঁতৰ জীৱনৰ উন্নতি দেখিহে নিজৰ ভুল বুজি পাইছিলো। তদুপৰি মলয়াৰ সান্নিধ্যই মোক মোৰ নি:কিন চিন্তা-বুদ্ধিৰ লগত পৰিচয় কৰাই দিছিল।
মই আৰু মোৰ কেঁচুৱাজনীৰ বাবে কি ভাবিম!
সেইবোৰ চিন্তা কৰিব খুজি মনটো বাৰে বাৰে যোৱাটো ভোগালী বিহুৰ উৰুকাৰ নিশাৰ কথালৈহে উৰা মাৰিছিল।
উৰুকাৰ ৰাতি তিলপিঠা , ঘিলা-পিঠা বনাই থকা মানুহ জনীলৈ। কোনে জানিছিল সেয়েই তাইৰ শেষ উৰুকা হ'ব পাৰে বুলি? কথাটো ভবাৰ লগে লগে মোৰ বুকুত আকৌ কোনোবাই হাতুৰীৰ কোব দিয়াৰ দৰে অনুভৱ কৰিছিলোঁ।
আই আহিছিল। মই একো খাবলৈ ইচ্ছা নকৰি শুবলৈ গৈছিলো।
হঠাতে টোপনিৰ পৰা সাৰ পাইছিলো । হয়তো ৰাতি বহুত হৈছিল। ভেলাঘৰৰ পৰা অহা ৰং- ৰহইছৰ শব্দ বোৰ নোহোৱা হৈছিল। মই বাহিৰলৈ ওলাই গ'লো
একেবাৰে নঙলা খুলি ৰাস্তা পালো গৈ। মোৰ পিছে পিছে আইও ওলাই অহাৰ দৰে লাগিছিল।বাহঁৰ বেৰৰ চকুৱাৰ জলঙাৰে আই বাৰান্দাত থিয় হৈ মোলৈ ৰৈ থকা দেখিলোঁ। ইমান ৰাতি ছোৱালী জনী অকলে শুই আছিল , আইয়ে নো কিয় আহিব লাগে ? মই উভতি গৈ নঙলা লগাই জপনা বন্ধালৈকে অৱশ্যে আই নাছিল।মাজৰাতি এইদৰে বাহিৰলৈ ওলাই অহাত নিশ্চয় ভয় খাইছিল। মোৰনো কিয় হঠাতে এইদৰে ওলাই আহি পুহমহীয়া জাৰত কঁপি কঁপি ফুৰিবলৈ মন গৈছিল তাকো গম নাপালো ।
ভিতৰলৈ সোমাই দুৱাৰ জপাওঁতে আইয়ে 'কলৈ গৈছিলি?' বুলিহে সুধিলে। আই শুইয়েই আছিল। মই আচৰিত হৈ তেওঁ দেখোন বাহিৰত ৰৈ আছিল বুলি কওঁতে আইয়ে আচৰিত হৈ 'কেতিয়া ?' বুলি হে প্ৰশ্ন কৰে। মই একো উত্তৰ নিদিলো। মাথো ৰাতিৰ আন্ধাৰক বেছি ৰহস্য ময় কৰি তোলা পতঙ্গবোৰৰ মাত মোৰ কাণত বাজি থাকিল।
আগলৈ
দুলুমণি
১৫/৮/২০২০
Comments
Post a Comment