সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো           

                       (২০)


'#হুৰাই ল' ধান খেৰৰ ছাই

অতিকৈ মৰমৰ বহাগ ৰ বিহুটি 

হাততে মলঙি যায়।'


      কৰুণ সুৰত আৰু কেইবাটাও বিহুনাম গাই লৈ ঢোলৰ ছেৱত নচুৱাই,  নিয়মমাফিক বুঢ়াদুজনে পিছৰ বছৰবোৰতো আকৌ একে উৎসাহেৰে বিহুখন ধৰিবলৈ মানুহ বোৰক গাত বল-শক্তি দিবলৈ বুলি ইষ্ট দেৱতাক উদ্দেশ্যি কাতৰ প্ৰাৰ্থনা জনাই '#বিহু #উৰোৱা' পৰ্বৰ সামৰণি মাৰিছিল। মই ভেবা লাগি চাই থাকোঁতে মলয়া আৰু পুতলী  কাষেৰে পাৰ হৈ যায়েই আৰু। মই প্ৰথম বাৰৰ বাবে মৰসাহ কৰি 'শুনাচোন' বুলি মাতি দিয়া ত পুতলীয়ে

- ' অ' তুমি? বুলি ৰৈ মোক

 'বিহু চাবলৈ আহিছিলা?'  

--বুলি সুধিলে। মোৰ চকুৱে মলয়াক হে লক্ষ্য কৰি আছিল। মই যিয়েই সুধিছিলো পুতলীয়ে তাৰ উত্তৰ দিছিল। হয়তো মোৰ সৈতে #চাইকেলত উঠি যোৱা বাবে তেওঁ মোৰ লগত বেছি সহজ অনুভৱ কৰিছিল। মই অকলে দুজনী ছোৱালীৰ লগত ৰৈ ৰৈ  কথা পাতি থকাত  আমাৰ ফালৰ দুটা মানে  চকুৰে টিপ মাৰি মোক জোকাইছিল। পুতলীয়ে ৰৈ নাথাকি 'যাওঁদেই' বুলি যাবলৈ ওলোৱাত  মোৰ সৰু লৰাই মুখৰ পৰা মৰ্টন মাটিত পৰি গ'লে মুখ মেলি চিঞৰি কন্দাৰ দৰে কান্দিবলৈ মন গৈছিল। কোনোমতে 'ব'লা ময়ো তোমালোকৰ লগত খোজকাঢ়ি যাওঁ' - বুলি 

কৈ চাইকেল ঠেলি ঠেলি গৈছিলো। শাৰী-শাৰী গছ বোৰৰ মাজে মাজে থকা নাহৰবোৰৰ ফুলৰ গোন্ধ ই মোক মতলীয়া কৰি তুলিছিল ।  মলয়াক আজি ক'ব ই লাগিব নহ'লে.... নহ'লে কি হ'ব - মই আৰু চিন্তা কৰিব নোৱাৰিলো।  সিহঁতৰ মুখলৈ নোচোৱাকৈয়ে 

 ' মলয়াক মই ভাল পাওঁ, সোনকালে মোক জনাবা' 

বুলি কৈ এখন্তেকো  নৰৈ চাইকেলত উঠি গুচি আহিলো। সিহঁত দুজনী ৰ মুখলৈও লাজতে চোৱা নহ'ল।


অলপদেৰি লৈকে মনটো যুদ্ধ জয় কৰা বীৰ সৈনিকৰ 

দৰে গৰ্বত উফন্দি থাকিল। আই আৰু জুপি-তৰাৰ কথাবোৰত হাঁহি হাঁহি সঁহাৰি দিছিলো।এনেয়ে কথা নাই বতৰা নাই গোঙোৰা স্বভাৱৰ মানুহ আছিলো মই । কিন্তু বেছি দেৰি মোৰ আত্মসন্তুষ্টি নাথাকিল। মলয়াই শুনাকৈ যিষাৰি কথা কৈ মনে মনে সন্তুষ্টি লভিছিল সেই কথাষাৰ বাৰে বাৰে মোৰ কাণত বাজি আছিল। 

  'মলয়াক মই ভাল পাওঁ, সোনকালে জনাবা!'

কি অৰ্থ তাৰ? কিজনাব মোক?ইস্,  কথাবোৰ ভাল কৈ কোৱাই নহ'ল দেখোন ? নিজকে কিবা #ভুচুংপহু যেন লাগিছিল।


 সিহঁতৰ কি নো প্ৰতিক্ৰিয়া হৈছিল তাকো চাবলৈ ন'হল। মই আকৌ অথাই সাগৰত পৰিছিলো। 

     এনেয়ে মই সোৰোপা স্বভাৱৰ আছিলো ।আইৰ অতিপাত চেনেহে  তেতিয়ালৈকে  মোৰ সংসাৰৰ প্ৰতি জ্ঞান চক্ষু মুকলি হ'বলৈ দিয়া ই নাছিল। জুপি-তৰাই মোতকৈ জীৱনৰ আদিপাঠ বেছি ভাল কৈ শিকিছিল। ঘৰৰ  দায়িত্ব লৈছিল। দুদিনৰ একপক্ষীয় মলয়া - প্ৰেমৰ সাগৰত ডুবি আৰু সোৰোপা হৈ পৰিছিলো। মই সকলো সময়তে আকাশ-পাতাল ভাবি থকা হ'লো। মুঠতে ঘূৰি ফাগুন নহালৈকে   সেই কেইটা মাহ মই কিদৰে কটাইছিলো এতিয়া ক'বলৈ লাজেই লগা হৈছে। তাৰ মাজতে কেইবাবাৰো মলয়াক লগ কৰিবলৈ সিহঁতৰ ঘৰলৈকো গৈছিলো। কিন্তু ভবাৰ দৰে তাইক আৰু কেতিয়াও লগ পোৱা নাছিলো। প্ৰতিবাৰেই শেনটো হৈ গৈ ফেঁচা টো হৈ ঘূৰি আহিছিলো। পুতলীও বৰ বেছি গহীন হৈ পৰিছিল। মই তেওঁলোকৰ ঘৰত বেছি আদৰ সৎকাৰ নাপাই কাষৰ দুই তিনি ঘৰৰ সমনীয়া ল'ৰা হঁতৰ

সৈতে লগ-সঙ্গ বঢ়াইহে মলয়াৰ আঁতিগুৰি গম পাইছিলো । তাই যে  #বৰলুইতৰ পাৰৰ ছোৱালী, নৈতে সকলো হেৰুৱাই ঘাটমাউৰা হৈ এতিয়া মোমায়েকৰ ঘৰত আছেহি- সেইবোৰ কথা সিহঁতৰ পৰাই জানিব পাৰিছিলো। আমাৰ বৃহৎ অঞ্চলত তেনেকুৱা নৈ নাছিল। সৰু সৰু জান কিছুমান দেখিছিলো। আমাৰ পৰা দক্ষিণে ৰিণিকি ৰিণিকি #নগা পাহাৰ হে দেখা গৈছিল। পাহাৰ খনলৈ মই কেতিয়াও যোৱা নাছিলো কিন্তু বহুত মানুহে পুৱা হাতত দা লৈ বাঁহ আনিবলৈ যোৱা দেখিবলৈ পাইছিলো। গধূলি দীঘল দীঘল সেউজীয়া বাঁহবোৰ কান্ধত তুলি লৈ আহিছিল। সেই বোৰ বিক্ৰী কৰি দি সিহঁতে চাউল-পাত কিনিছিল। মাজে মাজে হেনো নগা মানুহ বোৰে  সেই বোৰ বন্ধ কৰি দিছিল  । কাষৰীয়া অসমীয়া গাঁৱৰ মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল।

কৰি তুলিবলৈ যোৱা অসমীয়া মানুহক দুটুকুৰা কৈ কাটি পেলোৱা কথাও শুনিছিলো।           


       পিছে নৈৰ তাণ্ডৱ-লীলা মই কেতিয়াও দেখা নাছিলো। মলয়াৰ ওপৰত নৈয়ে কৰা অবিচাৰৰ কথা জানি মই প্ৰায়েই সপোনত নৈ দেখা হৈছিলো। স্বচক্ষে নেদেখিলেও  নৈ এখনৰ ফেনেফোটোকাৰে  বাঢ়ি অহা ৰূপ মই মনতে কল্পনা কৰি লৈছিলো। মলয়াৰ বিষয়ে জানিব পাৰি মোৰ আত্মবিশ্বাস দুগুণে বাঢ়ি গৈছিল। 


 ‌‌মই দিনে-ৰাতিয়ে কল্পনা কৰি থকা মলয়াই পিছে  মোৰ প্ৰথম প্ৰেমৰ প্ৰস্তাৱৰ পিছৰে পৰা মোমায়েকৰ ঘৰত অন্য ধৰণৰ পৰিৱেশৰ সন্মুখীন হ'ব লগাত পৰিছিল।

মলয়াৰ সৈতে সংসাৰ কৰিবলৈ লোৱাৰ পিছত হে মই  সেই কথা জানিব পাৰি ছিলো।


                                           আগলৈ

    দুলুমণি

  ১৯/৮/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)