সিপাৰৰ সাঁকো (৩১)
#সিপাৰৰ সাঁকো
(৩১)
মই খবৰ লৈ গম পাইছিলো আইমণি আচলতে আমাৰ চুবুৰীয়া এঘৰৰে ছোৱালী। তাইৰ মাকে দ্বিতীয় সন্তানটিৰ
জন্মৰ সময়ত কেঁচুৱাৰ সৈতে ই সিফলীয়া হৈছিল। সম্বন্ধীয় খুইদৌয়েই হৈছে আইতাক জনী।মলয়াতকৈ প্ৰায় ছমাহ পিছত হৈছিল ঘটনাটি। মই পিতৌ মানে আইমণিৰ বাপেকক কৈছিলো চহৰলৈ লৈ গৈ হস্পিটেলত প্ৰসৱ কৰোৱাবলৈ। নহ'লেও নাহৰতলিতে হাস্পিটেলৰ নাৰ্ছৰ দ্বাৰা কৰোৱাবলৈ। পিছে সি মোৰ কথা গ্ৰাহ্য ই নকৰিলে। বেছেৰী ভাই-বোৱাৰীজনী! পেটৰ সন্তান পেটতে লৈ মৰি থাকিল। গাৱঁৰ মানুহৰ মতে 'কিহবাই পাইছিল ' হেনো।
'তাই জহনীমৰতী কাহিলীপুৱা ধলঁফাটতে অকলেই কুৱাঁৰ পাৰলৈ দৌৰিছিল গা ধুবলৈ।'
সেই সময়খিনি হেনো বেয়া । গাত কিবা লাগিলে গুচোৱাৰ উপায় নাই।পানীকাটি দিছিল, জৰীও দিছিল। কামত হ'লে নাখাটিল।
আইমণিৰ মাক ঢুকাল। তেতিয়া আইমণি প্ৰায় দুবছৰীয়া। ধুলিয়ে-বালিয়ে পৰি থাকিয়েই ডাঙৰ হ'লগৈ।। ওপৰত বৰ্ণিত সমূহ বৈধ কাৰণ হিচাপ কৰি চালে তাত পিতৌ বা পিতৌৰ পৰিয়ালৰ কিবা দোষ থকা যেন লাগে জানো?আৰু দোষ থাকিলে ই জানিবা বলেন দাইটি আৰু ৰমনী খুইদৌয়ে ল'ৰা ৰ জীৱন অথলেতো নিব নোৱাৰে।পিতৌৰ মনেমিলা এজনী আকৌ সোনকালেই ঘৰ সোমালহি। আইমণিৰ মাহীমাক হ'ল ।
আইমণি ছয়-সাত বছৰীয়া , মিলিত কৈ কমেও বেৰ বছৰ ডাঙৰ। বয়সতকৈও ডাঙৰ তাইৰ অভিজ্ঞতা। হাতেৰে কাম চুব পৰা হ'ল । তেন্তে কোনে পায়? সেয়ে মিলিৰ লগত নেখেলা হৈছিল।
মিলিয়ে কথাবোৰ বুজি পাইছিল তাৰমানে! আচলতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ঈশ্বৰে ইহঁতক বেলেগ শক্তি দিয়ে চাগে। সেয়েহে কথাবোৰ সোনকালেই বুজি পায়।
বকুলী আৰু জবা যজাঁ ছোৱালী । আমাৰ পৰা অলপ আতঁৰতে মোমায়েকৰ ঘৰটো। মাকক বিয়া দিছিল টাউনৰ ওচৰৰ গাঁৱৰ ধনী মানুহৰ ঘৰৰ ল'ৰা লৈ। পিছে নিয়তিৰ কি পৰিহাস! পুখুৰীৰ, পানীত পৰি ঢুকাল মাক সেউতী। কোনো কোনো ৰ মতে ঘৰৰ মানুহে মিছা মাতিছে। আচলতে সেউতীয়ে কোনো কথাৰ প্ৰতিবাদ কৰাৰ পুৰষ্কাৰ পাইছিল। পৰিকল্পিত ভাবে অত্যাচাৰ কৰি মাৰি পুখুৰীৰ পানীত ডুব যোৱা বুলি মিছাকৈ ওলিওৱা বুলি মানুহে কয়। ছোৱালী দুজনীক মোমায়েকৰ ঘৰত থৈ গৈছে মানে বাপেকৰ চাগে কিবা অসুবিধা হৈছিল বাকীবোৰ পিছত হে গম পোৱা গৈছিল।
মোমায়েকটো অৱশ্যে বেয়া নহয় । মৰমেৰেই ৰাখিছিল ভাগিনীয়েক দুজনীক। তাৰ নাম তৰণি। তৰনি সৰুৰে পৰাই বৰ বুদ্ধিয়ক আছিল। সৰুৰে পৰাই বৰ খুহুতীয়া কথা । এবাৰ সৰুকালতেই সি নামঘৰৰ গধূলি নামৰ সময়ত গাঁৱৰ কাৰোবাৰ লগত নামঘৰলৈ আহিছিল । সৰুলৰাড়্য , টোপনি অহা বাবে নাম ঘৰৰ ডাঙৰ খুটা জোৰৰ আঁৰ লৈ শুই পৰিছিল। নাম সামৰি সকলো ঘৰাঘৰি গৈছিল।
পিছে সাৰ পাই সি হেনো দেখিছিল বুঢ়া মানুহ এজনে নামঘৰৰ ভিতৰৰ পৰাই দুৱাৰ খুলি তাক বাহিৰলৈ উলিয়াই নিছে। পিছে দুৱাৰ খন কিন্তু বাহিৰৰ পৰা হে বন্ধ কৰি থোৱা আছিল। বুঢ়াজন তাৰ পিছে পিছে সি ঘৰ সোমোৱা লৈকে আহিয়েই আছিল। সকলোৱে সেয়া নামঘৰীয়া বুঢ়া ডাঙৰীয়া বুলি কোৱা শুনিলো। কিন্তু সেয়া প্ৰকৃততে সচাঁ নে তৰণিৰ বুদ্ধিৰ থুনপাকৰ ফচল তাত সন্দেহ আছিল। তথাপিও নামঘৰত ডাঙৰীয়া এভাগ থকা কথাটো গাৱঁৰ সকলোৱে বিশ্বাস কৰেই। ময়ৈ কৰো।
সেই তৰণিৰে বায়েক বহাগী। বৰ ধুনীয়া ছোৱালী আছিল। বিয়া দিয়াৰ পাঁচ বছৰৰ পিছত দুজনী যঁজা ছোৱালীৰ মাক বহাগী পানীত পৰি মৰা বুলি শুনি সাত শতৰুৱেও চকুপানী টুকিছিল। তৰণিৰ ছোৱালী নাছিল।মৃত বায়েকৰ যঁজা ছোৱালী হালে কষ্ট পোৱা বুলি শুনি এজনী নিজে তুলি লব বিচৰাত বাপেকে দুই জনী কে চমজাই থৈ গ'লহি । অৱশ্যে পঢ়া-শুনা কৰোৱাবলৈ মন কৰা নাছিল।
মিলি ইমান দিনে কেঁচুৱা হৈ থকা বুলি ভুল কৰিছিলো।তাইৰ দেহৰ বাঢ়নৰ লগতে মন আৰু চিন্তা বুদ্ধিৰ বাঢ়নো খৰ আছিল। মই এল পি স্কুলত নামভৰ্তি কৰাই দিছিলো। মই ইখন স্কুললৈ যাওঁ। মিলি আইতাকৰ সৈতে এল পি স্কুললৈ গৈছিল।
গধুলি মজিয়াত বস্তা পাৰি বহি লৈ আখৰ লিখা আৰু স্কুলৰ সমস্ত কাম-কাজৰ খতিয়ান। প্ৰথমতে মোৰ আৰু আইৰ বাবে কিতাপৰ পাতৰ কলীয়া আখৰ আৰু গোহালিৰ কলী গাইজনীৰ মাজত পাৰ্থক্য বিচাৰি পোৱা টান আছিল। কিন্তু পিছলৈ মিলিয়ে লিখা চাই চাই ময়ো লিখিবলৈ শিকিছিলো বুলি ক'লে বঢ়াই কোৱা নহ'ব।
আগলৈ
দুলুমণি
২৯/৮/২০২০
Comments
Post a Comment