সিপাৰৰ সাঁকো (১৩)
পাঠকৰ মৰম বিচাৰি আগবঢ়ালো
#সিপাৰৰ সাঁকো
(১৩)
কেঁচুৱাৰ আপদাল কৰি বৰ ভাল পোৱা জুপিয়ে বৌৱেকৰ অবৰ্তমানত বৌৱেকৰ সন্তানক মৰমেৰে ডুবাই ৰাখিছিল। 'নাই' সৰা নাছিল। আইয়ে তৰাকে গধূলি গধূলি ঈশ্বৰৰ নাম লৈ ভালেমান পৰ মনত থকা পদ -ঘোষা গোৱাই গোৱাই বহুৱাই থৈছিল। মোক মলয়াহীন পুৱা-গধূলি বোৰে পঙ্গু কৰি পেলাইছিল।
তিলনিৰ পিছদিনা ৰজনী আহিছিল। চাইকেলৰ কেৰিয়াৰত সৰু কাপোৰৰ টোপোলা এটা আৰু আগফালে হেণ্ডেলত ওলোমাই অনা মোনাত কিছুমান কাগজৰ টোপোলা।
আহিয়েই কেঁচুৱাৰ খবৰ ল'লে। বস্তুবোৰ আইক দি 'নাই' সৰিবলৈ কি কৰিব লাগে তাকো ক'লে। তাৰ ঘৰত আগতীয়া মনচুৰি ধান চপাই শেষেই কৰিলে তাকো ক'লে। মোৰ মন ভাল লগাবলৈ দুই এটা খুহুতীয়া কথাও ক'লে। মই ৰজনীৰ ধাৰ কোনোদিনে শুজিব নোৱাৰিম বুলি কোৱাত সি 'কিহৰ ধাৰ ? গাড়ীৰ ভাড়া দেখোন সিদিনাই দিলা!' বুলি মোক উভতি ধৰিলে। বন্ধু হৈ তেনে কথা কিয় কোৱা বুলি খং কৰিলে। আমাৰ শৈশৱৰ ধেমালিবোৰ মনত পেলাই দি আকৌ সোনকালেই লগ পাম বুলি কৈ ৰজনী গুছি গৈছিল।
মই পাহৰিছিলো বুলি য়েই ভাবিছিলো। কিন্তু ৰজনীৰ
কথাই মোক শৈশৱৰ ধূলি বালিৰ মাজত কটোৱা দিনবোৰলৈ লৈ গৈছিল।
ৰজনীৰ মাক সোঁশৰীৰে থকাৰ পিছতো দেউতাকে দ্বিতীয় বিবাহ কৰাইছিল। মাকক খেতি পথাৰৰ কাম কৰিবলৈ দি দেউতাকে মহা-আৰামেৰে ইগৰাকীৰ সৈতে ব্যস্ত থাকিছিল।ৰজনী সাতঘাটৰ চেঙেলি। দেউতাক আৰু মাহীমাকৰ বিছনাৰ খুঁটা কাটি থোৱাৰ পৰা কাপোৰত ভুত জলকীয়া সানি থোৱা লৈকে কৰি মাকৰ ওপৰত কৰা অবিচাৰৰ পোতক তুলিছিল। সেইফালে সেইবোৰ কৰি আমাৰ গাঁৱত আহি খেলি থাকিছিল। বৰ চোকা বুদ্ধিৰ ৰজনী এটা সময়ত ঘৰ এৰি কৰবালৈ গুচি গৈছিল। বিচাৰ খোছাৰ কৰিবলৈ বিশেষ কোনো নাছিল। মাকেও ল'ৰা হেৰুৱাই পাগলীৰ দৰে হৈ পৰিছিল।কাম বন নকৰি মাকে গাৱেঁ-গাঁৱে তাকে ই বিছাৰি ঘূৰি ফুৰিছিল। ইতিমধ্যে মাহীমাকে খেতি-বাতি কৰি ঘৰ চলোৱাৰ সোৱাদ পাইহে বুজিব পাৰিছিল যে তেওঁৰ গিৰিয়েক আচলতে এটা মহাধোদ। তেওঁ ৰজনীৰ মাকক বিচাৰি লৈ আহিছিল। দুয়ো মিলি ঘৰখন ভালকৈ ধৰিছিল। ইফালে ৰজনীয়ে অনাই বনাই ঘূৰি ফুৰি শেষত টাউনৰ গেৰেজত কাম কৰি গাড়ী চলাবলৈ শিকিলে। পঢ়া শুনা নকৰিলেও সৰুৰে পৰা টাউনত থাকি তাৰ আদব-কায়দা শিকি বৰ চতুৰ হৈছিল। লাহে লাহে মাকৰ খবৰ লবলৈ গাঁৱলৈ অহা হ'ল। টাউনৰে ধনী মানুহৰ ঘৰৰপৰা তিনি ককায়েকৰ একমাত্ৰ ভনীয়েকক পলুৱাই আনি বাচিবলৈ শেষত গাৱঁৰ ঘৰলৈকে লৈ আহিছিল। ছোৱালীৰ ঘৰত জীয়েকৰ শ্ৰাদ্ধ পাতি কথা সিমানতে এৰিছিল। ৰজনীয়ে টাউনৰ গেৰেজৰ কাম হেৰুৱাইছিল । এতিয়া ৰজনীৰ পত্নী, এহাল যঁমজ ল'ৰা ছোৱালী আৰু দুয়োজনী মাকৰ সৈতে অতি সুখৰ সংসাৰ। দেউতাক ইতিমধ্যে ঢুকাইছিল। একেগাৱঁৰ ধনী আৰু শক্তিশালী সাউদৰ ঘৰৰে নতুনকৈ লোৱা গাড়ীখনৰ তাৰ বাহিৰে আন দ্ৰাইভাৰ নায়েই।
যিয়েই নহওক আমাৰ শৈশৱৰ দিনবোৰ মনত পৰি মই কিছুপৰ আনন্দিত হৈ পৰিছিলো।আম কঁঠাল চুৰ কৰি খোৱা, গাঁৱৰ পথাৰবোৰত মাছ মৰা, খাল সিঁচা, গৰু-খিচ্ বিচাৰি ফুৰা, পথাৰৰ মাজৰ হেলচ্ গছৰপৰা
হেলচ্ বিছাৰি খোৱা , ভূঁই ৰোৱা উৎসৱত হাহঁ-কোমোৰাৰ আঞ্জা খাবলৈ আশা পালি থাকি মৈ টনা , মাৰ্বল গুটি খেলা আদি নিৰ্দোষ ধেমালিৰ মাজত আমাৰ ল'ৰালি
পাৰ হৈছিল। ৰজনী আৰু মোৰ কথাৰ বহুত মিল আছিল আছিল। সেয়ে আন এখন গাৱঁৰ পৰা আহি সি আমাৰ গাঁৱত মোৰ সৈতে খেলি থাকিছিল। পিছে সি নোহোৱা হোৱাৰ পিছদিনা তাৰ দেউতাকে সবংশে আহি মোক জেৰা কৰিছিল। জানিও একো নোকোৱাকৈ থকা বুলি মোৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাইছিল। নিশ্চয় পিতৃহীন দুখীয়া ল'ৰা হোৱা বাবে কেৰেপ কৰা নাছিল। আইয়ে মোক 'ৰজনীৰে দুনাই সম্পৰ্ক ৰাখিলে মোৰ মৰা মুখ দেখিবি' বুলি কৈ শপত দিছিল। তাৰ পিছত ৰজনীৰ লগত উপযাচি কোনোদিনে সম্পৰ্ক ৰখা নাছিলোঁ।
বিয়াই-সবাহে লগ পালেও ৰজনী কাষ চাপি আহিছিল।
পিছে গাড়ীৰ দ্ৰাইভাৰ চিটত বহি গাড়ী চলাই নি মোক
যিদৰে সহায় কৰিছিল তাকে দেখি আইয়েও যেন মোক
নিজৰ শপতৰ পৰা মুক্ত কৰি দিছিল।মোৰ জীৱনক সুৰক্ষিত কৰি ৰখাটোৱেই আটাইতকৈ ডাঙৰ দায়িত্ব বুলি ভবা আইক দুনাই প্ৰশ্ন নকৰিছিলো।
ৰজনীকো মই এতিয়ালৈকে সোধা নাই -কিয় সি নোহোৱা হৈ গৈছিল আৰু ক'ত কেনেকৈ দিন কটাইছিল।
অৱশ্যে তাক বিচাৰি আহি তাৰ দেউতাকে মোক বাঁৰীৰ লৰা বুলি চল পাই মাৰিবলৈ অহা কথা টো সি জানিছিল।এতিয়া আহ-যাহ কৰিছে যেতিয়া কোনোবাদিনা সি নিজেই ক'ব। এনে নি:স্বাৰ্থ বন্ধু পুনৰ ঘূৰাই পোৱাটো মোৰ বাবে ভাগ্যৰ কথা। তাৰো নিমিত্ত আছিল মলয়াই।
আগলৈ
দুলুমণি
১২/৮/২০২০
Comments
Post a Comment