সিপাৰৰ সাঁকো (২৬)

 পাৰৰ সাঁকো

                            (২৬)


      সেই ধুমুহা হয়তো কলঙ্কৰ ধুমুহা হ'লহেতেঁন, সেই ধুমুহা হয়তো পিতৃহীনা ছোৱালীৰ দুখৰ ধুমুহা হ'লহেতেঁন!


  মেল খনত বহি কথা ৰ ভাগ নললেও  মোৰ প্ৰতি থকা সদয় ভাৱৰ বাবেই বিয়নিমেলৰ বহুত ভিতৰুৱা কথা  মোৰ কাণত পৰিছিল। তেওঁ লোকৰ কথাত প্ৰায়েই গৰুজনীৰ পোৱালী জগাৰ পৰা আৰম্ভ কৰি কাৰ ঘৰৰ বিয়া দিয়া ছোৱালী জনী  গিৰিয়েকৰ ঘৰত মিলিব নোৱাৰি ঘূৰি আহি মাকৰ ঘৰত আছে আৰু কোন ঘৰৰ বোৱাৰী জনীয়ে গিৰিয়েকৰ মুখে মুখে কথা কয় , কাৰঘৰৰ পাটগাভৰু জীয়েক শান্তি হৈয়েই পলাই যাব - তেনেকুৱা কথাবোৰে ঠাই পাইছিল ।  আশ্চৰ্যজনক ভাবে তেওঁ লোকৰ সমালোচনা বিলাক ত

সদায় সেই  নাৰী সকলকে দোষী সাব্যস্ত কৰা হৈছিল। নিজেই নাৰী হৈও সকলো কথাতে তেওঁ লোকে সেই নিমাখিত ছোৱালী জনী বা বোৱাৰীজনীৰ কথা-বা কামক এনেদৰে বঢ়াই বঢ়াই কৈছিল যে শুনিলে সদায় দেখি থকা মানুহ জনীকো কোনোবা ৰূপকথাৰ  ৰাক্ষসী বা  মায়াবিনী যেন বোধ হৈছিল। যিমানকণ স্বাধীনতা  বা সুখ তেওঁ লোকৰ নিয়তিয়ে তেওঁ লোকক দিছিল সিমানকণতে সুখী নহৈ  কোনোবাই যদি তাতকৈ এখোজ আগ বাঢ়ি গৈ কিবা বিচাৰি ছিল তাত অসন্তুষ্ট হৈ তেওঁ লোক ওপৰত বিচাৰ আৰম্ভ কৰিছিল।  সমালোচক হিচাপে কাম কৰোঁতে  তেওঁ লোকৰ নিজৰ  জীৱনৰ অভিজ্ঞতাৰ পৰা  পোৱা তিতা কেহাঁবোৰে বিশেষ গুৰুত্ব লাভ কৰিছিল।  তাৰ মাজতে দেখা-দেখিকৈ মদাহী, কানিয়া আদিবোৰে পৰিয়ালক কৰা অত্যাচাৰ বোৰৰ বাবে ও শেষত বদনামৰ ভাৰ মাইকী মানুহ জনীলৈ কে ঘূৰি গৈছিল। 

 'তাই বেটীয়ে আজিলৈকে মানুহ টোক ঠিক কৰি লব নোৱাৰিলে'--- সঁচাকৈয়ে বৰ আমোদজনক কথোপকথন আছিল সেইবোৰ। 

 শান্তি বিয়া বা তুলনি বিয়া পতাৰ সময়তে ছোৱালীৰ সাংসাৰিক শিক্ষাৰ আৰম্ভণি  ঘটিছিল। পাট-গাভৰু ছোৱালী বোৰক তিনিদিন কেৱল ফলাহাৰ কৰাই চুক এটাত অকলশৰীয়াকৈ থাকিবলৈ দিয়া হৈছিল। চাৰিদিনৰ দিনা গোপিনীয়ে গা ধুওৱা নিয়ম কৰি দিনটোত এসাজ সিদ্ধ ভাত খুৱাই পঞ্জিকা চাই উলিওৱা  যোগমতে ব্ৰতৰ দিন শেষ হ'লে  #নোৱাই-তুলনি বিয়া তোলে। বিয়াৰ দিনা আমাৰ ডেকাবোৰে বৰ ধুনীয়াকৈ কল- পটুৱাৰে বেই সাজি দিয়ে। কলপটুৱাৰ বেইৰ তলত ছোৱালীজনীক গা ধুওৱা সময়ত আয়তীসকলে জাত-জাত বিয়ানাম গাই ছোৱালীৰ গাত যৌৱনৰ বা লগাইয়ে দিয়ে । ইয়াৰ জৰিয়তে প্ৰায়েই ছোৱালী জনী ক আহিবলগীয়া জীৱনৰ খলা-বমা বোৰৰ বাবে সাজু হ'বলৈ শিক্ষা দিয়ে। কম ছোৱালীৰহে  বৰ বিয়াও এইদৰে পাতিবলৈ পাইছিল। সেয়েহে সংসাৰ জ্ঞান ৰ অ-আ-ক-খ খিনি ইয়াৰ পৰাই শিকাই দিছিল।

  মই যে এতিয়া এজনী মাক নাইকিয়া ছোৱালী ৰ মাক আৰু বাপেক দুয়োটাই , সেই সত্যটোৱে মোৰ মনটোক ছোৱালীবোৰৰ সম্যক স্হিতি টোৰ প্ৰতি বাৰে বাৰে আকৰ্ষণ কৰিবলৈ লৈছিল। আইয়ে কোৱাৰ দৰে 'ছোৱালী কুৰিতে বুঢ়ী'-বুলি মই কেতিয়াও নাভাবো। মোৰ ছোৱালী জনীৰ নোৱাই তুলনি পাতি  জীৱন- যৌৱনৰ সৈতে পৰিচয় কৰাই দিয়াৰ কথাও নাভাবো-বুলি ঠিক কৰিছিলো।   মোৰ এবছৰীয়া ছোৱালী জনী ৰ মুখলৈ চাই ' বৰ শুৱনি ঐ তোৰ জীয়েৰে , টাউনীয়া জোৱাঁই ঘটিবি ' বুলি কোৱা মানুহবোৰক চুঙা চাই সোপা দিবলৈ আৰম্ভ কৰিছিলোঁ। 

   গাঁও খনৰ স্কুলত ল'ৰা ৰ লগতে ছোৱালীয়েও সমানেই ফেৰ মাৰি পঢ়িবলৈ গৈছিল। পিছে নোৱাই তুলনি  হোৱালৈকে এজনী দুজনীকহে স্কুলত দেখা গৈছিল। তাৰ পিছত আৰু নাহৰতলিৰ হাইস্কুলত পঢ়িবলৈ যোৱা ছোৱালী বুলিবলৈ মাষ্টৰৰ সৰু  জীয়েককহে দেখিবলৈ পাইছিলো। কেইগৰাকী ছোৱালী ঘৰৰ বাহিৰলৈ ওলাই

গাৱঁৰ মানুহৰ লগত মিলা মিছা কৰা নেদেখিছিলোৱেই। তেওঁক গাড়ীত তুলি নি  নাহৰতলিত  পৰীক্ষাহে দিয়াইছিল। বাকী সময়ত ঘৰতে পঢ়িছিল। তেওঁ পিছত মেট্ৰিক পৰীক্ষাত পাচ কৰি টাউনৰ কলেজত নামভৰ্তি কৰিছিল। আচলতে ওচৰত স্কুল নোহোৱাটোও এটা কাৰণ আছিল । 

                   আগলৈ

  দুলুমণি

২৫/৮/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)