সিপাৰৰ সাঁকো (২৮)

 সিপাৰৰ সাঁকো

                            (২৮)

 আইৰ মুখত আইৰ পিতাকৰ কাহিনী শুনিবলৈ পাইছিলো। তেতিয়া হেনো সমগ্ৰ পৃথিৱীতে যুদ্ধৰ দামামা বাজিছিল।  বৃটিছৰ আমোলত ডেকাল'ৰা ধৰি ধৰি যুদ্ধলৈ পঠোৱা বুলি শুনি ল'ৰা বোৰে  ভয়তে লুকাই থাকিছিল।আইৰ পিতাক পোন্ধৰ বছৰীয়া  দেখিলেই মোহলগা ডেকাল'ৰা। অৰ ত'ৰ পৰা ধৰি আনি  এমখা নিমাখিত অসমীয়া ডেকা বৃটিছৰ অধীনত থকা পুলিচৰ দ্বাৰা দুদিন পৰ দিয়া ই থৈছিল। আইৰ পিতাক মানে মোৰ ককাদেউতাই প্ৰাণৰ ভয়ত বিততহৈ পলাব বিচাৰি দৌৰি যাওঁতে বুটজোতাৰ গচকত বিষালি হৈছিল। পৃথিৱীৰ কোনটো মূৰত কি কাৰণত কোনে নিজৰ সিদ্ধান্ত সলনি কৰিছিল, সেই সাধাৰণ নিমাখিত মানুহ বোৰে  ততকে ধৰিব নোৱাৰিছিল।   - তেওঁ লোকক নিবলৈ বোলে গাড়ীয়ে নাহিল। ফলত প্ৰাণটো লৈ পলোৱা  মোৰ ডেকা ককাদেউতা পিছলৈ আইৰ পিতাক হৈছিল আৰু মোৰ ককাদেউতা। বুটজোতাৰ গচকনিত  হোৱা বিষেই তেওঁৰ কাল হৈছিল। মাত্ৰ চল্লিশ ৰ দেওনা পাৰ কৰিয়েই তেওঁ ইহলীলা সম্বৰণ কৰিছিল।  কোনো সংগ্ৰামত তেওঁৰ প্ৰত্যক্ষ বা পৰোক্ষ যোগদান নাছিল।   সেই সময়ত তেনে বহু কাহিনীয়ে ঘটিছিল বুলি আইয়ে কৈছিল। আইয়ে ককাদেউতাৰ মুখত সৰুতেই শুনিছিল। বাল্য কালত    আইয়ে  কোৱা  সকলো কথাই শিলৰ ৰেখাৰ দৰে  সঁচা বুলি মানিছিলো। আইয়ে কোৱা সাধু কথাবোৰ ৰ দৰেই ইও কল্পনাৰ ৰহণ সনা কাহিনী য়ে আছিল নে এশ শতাংশ বাস্তৱ আছিল বুজাটো অলপ টান। অৱশ্যে  সেই সময়ত তেনে বহু ঘটনাই ঘটিছিল বুলি আমাৰ গাঁৱৰ বুঢ়ামেথা সকলৰ মুখতো শুনিছিলো। 


    আইক লৈ ককাদেউতাই‌ কিবা সপোন দেখিছিলনে? কি আছিল তেওঁৰ সপোন? নিশ্চয় মোৰ দৰেই তেওঁ ও বিচাৰিছিল জীয়েকৰ সুৰক্ষিত ভৱিষ্যত। তেওঁৰ চুটি জীৱনকালত বৰকন্যা  সাদৰী মানে মোৰ আইক পিতাইলৈ   বিয়া দিছিল। ককাদেউতাৰ মৃত্যুৰ পাছত তেওঁৰ পুতেকহঁতে মানৈ মোৰ মোমাই্হঁতে আইৰ কোনো খবৰ লোৱা নাছিল। আইৰ মতে সিহঁত মানুহ হ'ব নোৱাৰিলে । তাতকৈ আৰু কবলৈ ভাষাও নাছিল। ছোৱালী জোঁৱাইয়ে নিয়াও নিয়া যমে নিয়াও নিয়া।  মানুহে এইদৰেই ভাবিছিল। কিন্তু মই আইৰ পিতাকৰ দৰে নাভাবো। মই আইৰ দৰেও নাভাবো। 

মলয়াৰ আশা, চিন্তা-চেতনা আদিয়ে মিলিৰ মাজেৰেই জী উঠিছিল। মই মলয়াৰ  ইঙ্গিত বুজি পাইছিলো। 

 

এটা সময়ত হুলস্হূল বিলাক কমিল বুলি শুনিছিলো। ভোট হৈছিল। গাৱঁৰ স্কুলত শাৰী পাতি ভোট দিছিলো। অসমীয়া ডেকাই তেজ দি অসমীয়াৰ আপোনৰ ৰজা পাতিছিল। মানুহ বোৰৰ মুখবোৰ দেখিয়েই বুজিব পাৰিছিলো  সকলোৱে সুখী আছিল। তাৰমানে সঁচাকৈয়ে সকলোৱে  কোৱাৰ দৰেই   অসমখন সোণৰে হৈ পৰিব নেকি?  

 মানুহ বোৰে সঁচাকৈয়ে তেনে আশাই কৰিছিল।আশাই হ'ল সাধাৰণ মানুহৰ জীয়াই থকাৰ প্ৰধান সম্বল। আশাৰ কঠিয়া সিঁচি সংসাৰ তৰে, সেই কঠিয়াই ৰোপণ কৰে নিজৰ  উত্তৰ পুৰুষৰ মনত । আশাৰ কঠিয়া ই পোখা মেলি ঠন ধৰে  সিহঁতৰ  জীৱনত । দেশ-কাল অনুকূল হ'লে সিহঁতে মূৰ তুলি জীয়াই থাকে। গণতন্ত্ৰত 

ৰাইজে ই ৰজা । সিহঁতে শুনেহে। ভোট দিয়াটোয়ে ৰজা হোৱা নেকি?   ।      

     ঠাইখনলৈ পৰিৱৰ্তন আহিছিল।


              আগলৈ


   দুলুমণি

২৭/৮/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)