চাৰিচকুৰ মিলন

 #পঢ়িব দেই

            

                      #চাৰিচকুৰ মিলন


মই এজন দিন হাজিৰা কৰা শ্ৰমিক। কেইদিনমানৰ বাবে চাহবাগান এখনৰ  কৰ্মচাৰী আবাসসমূহৰ  আবাসীসকলৰ  সকলৰ ঘৰুৱা কামত  নিয়োজিত হৈ আছিলো।   ঘৰৰ পৰা অহা-যোৱা  কৰিবলৈ দুটা ৰাস্তা আছিল।  এটা চমু কিন্তু দুৰ্গম আৰু আনটো  টাউনৰ দীঘলীয়া  ৰাস্তা  । সেইফালে আহিলে গাড়ীৰ ভাৰাৰ নামত টকা খৰচ হৈছিল । সেয়ে মই প্ৰায়েই  হাবিতলীয়া দুৰ্গম পথেৰে অহা-যোৱা কৰিছিলো। মোৰ সৈতে কেইবাটাও ল'ৰা অহা-যোৱা কৰিছিল। বনৰীয়া জন্তুৰ ভয় আছিল যদিও সময় আৰু পইচা ৰাহি কৰিবলৈ আমি  দিনে পোহৰে অহা-যোৱা কৰিবলৈ বিশেষ অসুবিধা পোৱা নাছিলো।


 এদিন চাৰিটা লগ হৈ হাবিৰ মাজেৰে আহি  থাকোঁতে মই পথৰ দাঁতিত মহিলা এগৰাকীয়ে এটি কেঁচুৱা কোলাত লৈ গছৰ তলত বহি থকা দেখিলোঁ। মোৰ মনত বৰ দুখ লাগিল। বেচেৰী তিৰোতা গৰাকীয়ে কেঁচুৱা লৈ এই হাবিতলীয়া ৰাস্তাৰে  আহো‍ঁতে ভাগৰত গছৰ তলত জিৰাইছে। মই সদয় ভাবেৰে চোৱা বাবে ই নেকি তেওঁ মোলৈকে থৰ হৈ চাই আছিল। তেওঁ ডাঙৰ ডাঙৰ চকু দুটা মেলি ভাবলেশহীন  মুখেৰে মোলৈ চাই আছিল । তৰাৰ দৰে জ্বলি থকা দুচকুৰ জেউতিলৈ চাই থাকোঁতে তেওঁৰ আন শাৰীৰিক অৱয়ৱৰ বৈশিষ্ট্য মোৰ চকুত পৰাই নাছিল। কিন্তু নাকত নাকফুল আছিল আৰু লৈ থকা কেঁচুৱাটিয়ে চেৰেং চেৰেং কৈ কান্দি উঠিছিল।

মোৰ মনত অলপ সংশয়ো হৈছিল কিজানি তেওঁ নিৰ্জন ৰাস্তাটোত ইমান বোৰ মতা মানুহ একেলগে দেখি ভয় খায়। সেয়ে মই যিমান পাৰোঁ নিৰ্লিপ্ত ভাৱেৰে  সেই গছজোপাৰ পৰা বহুদূৰ আতঁৰেৰে পাৰ হৈ আহিলো।

ভাগ্য ভাল আছিল মোৰ লগৰ বাকী তিনিটাইও মোৰ দৰে একেই নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিছিল। তেওঁ যি জোপা গছৰ তলত বহি আছিল সেই ঠাই পাৰ হৈ যোৱা ৰ পাছত মই বাৰে বাৰে ঘূৰি চাই আছিলো। সেই নিৰ্জন ঠাই এৰি তেওঁ সোনকালেই গুচি যোৱাটো মই বিচাৰিছিলো। তেওঁ   নিৰ্ভীক চাৱনিৰে ডাঙৰ ডাঙৰ চকুৰে মোৰ দুচকুলৈহে চাই থাকিল। বহু দূৰলৈকে তেওঁৰ কাজলি দুচকুৰ সেই  স্পষ্ট চাৱনিয়ে মোক লক্ষ্য কৰি থাকিল। মোক যেন এক  অবুজ শিহৰণে জোঁকাৰি গৈছিল।

       

     ঘৰ পাই মই থক্ থককৈ কঁপিবলৈ ধৰিলো। তাৰ পিছত মোৰ কি হৈছিল গম  নাপালো।

পিছদিনা পুৱাই সাৰ পাই উঠিহে গম পাইছিলো যে ৰাতি বোলে মোক কিহবাই পাইছিল। মই বোলে বাৰে বাৰে হাবিতলীয়া ৰাস্তালৈ দৌৰ মাৰিছিলো।ৰাতিয়েই ঘৰৰ মানুহৰ পৰা চুবুৰীয়া ককাই , দদাই আটায়ে যেয়ে যেনেকৈ পাৰে  টনাটনি কৰি ঘূৰাই আনিছিল।ওচৰৰ শিৱমন্দিৰৰ পৰা নিৰ্মালি আৰু মৌলবীৰ পৰা তাবিজ আনি মোক পিন্ধাই দিয়াতহে মই শান্ত হৈ টোপনি গৈছিলো। মোৰ গাটো সঁচাকৈয়ে বৰ দুৰ্বল লাগিছিল।  কামলৈ যোৱাৰ সময়ত মোৰ লগৰ কেইটা আহি বহিছিল। ৰাতি হৈ যোৱা ঘটনাটো সিহঁতে জানিছিল । কথাই কথাই মই সিঁহতক আগদিনা দেখা মহিলা গৰাকীৰ কথা কলো। সিঁহত আচৰিত হ'ল। ক'তা সিহঁতেটো তেনে কোনো তিৰোতা  দেখা নাছিল। 

আগদিনাৰ ৰাতিৰ মোৰ অৱস্থা চাই সকলোৱে ঠিকেই সন্দেহ কৰিছিল।


দুলুমণি

৯/৮/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)