সিপাৰৰ সাঁকো (১৫)
#সিপাৰৰ সাঁকো
(১৫)
ধান চপাই শেষ হৈছিল। আমাৰ পথাৰবোৰ তুলনামূলকভাৱে দ মাটি হোৱা বাবে শালিধানৰ খেতিহে ভাল হৈছিল।ভনিতা বৌৰ ঘৰৰ আটাইবিলাক আহি এক সপ্তাহৰ ভিতৰতে ধান চপোৱা শেষ কৰিছিল। ধান দাই থাকোঁতে কোনেও বিশেষ হাঁহি-ধেমালিৰে কথা পতা নাছিল। মলয়াই মোক নোকোৱাকৈ সাঁচতীয়া টকা খৰচ কৰি ভনিতা বৌৰ বিপদৰ সময়ত সহায় কৰিছিল। বিনিময়ত কেঁচুৱাৰ সৈতে ধানচপোৱাত অসুবিধা হ'ব বুলি জানি তেওঁক সেই কামৰ দায়িত্ব দি থৈছিল।আগৰ কেইবছৰ নিজেই সেইবোৰ কাম কৰিছিল।
মোৰ মনত পৰিছিল মলয়াই কোৱা কথা- নৈপৰীয়া মানুহ বৰ বেছি উদ্যমী হয়। নৈয়ে আজুৰি নিয়া হেপাঁহৰ সম্বল বোৰ দুনাই নৈয়ে দি থৈ যোৱা পলসুৱা মৰমত ঠন ধৰাই তুলিবলৈ দুগুণ উৎসাহেৰে লাগি যায়।বছৰৰ পাছত বছৰ সেই ভঙা পতা চলি থাকে। জীৱন চলি থাকে।
কথাষাৰি অন্ত:কৰণেৰে সঁচা বুলি অনুভৱ কৰিছিলো। কেতিয়াবা মাথোঁ নদী খনক সময়ৰ লগতো
সলাই ক'ব পাৰি । সময়ে মোৰ পৰা আঁজুৰি নিয়া
মলয়াৰ ঠাইত মোৰ জীৱনক পলসুৱা কৰি মোৰ ছোৱালী জনীক দি থৈ গ'ল। তাইৰ বাবেই মই এতিয়া সমস্ত সৃষ্টিৰ ভাৰ খন নতুনকৈ কান্ধত লৈ উদ্যমেৰে আগবাঢ়িব লাগিছিল
খেতি চপাই সেইবাৰলৈ ৰক্ষা পৰিছিলোঁ। ভনিতা নবৌক আৰু টকা-পইচা কি লাগে বুলি সোধাত তেওঁ একো নালাগে বুলি কৈছিল।
লাহে লাহে জুপিৰ ঘৰলৈ উভতিবৰ বাবে যো-জা কৰিবৰো হৈছিল। খেতি-বাতি কৰি ঘৰ চলোৱা ভনী জোঁৱাই ৰমেনে ইমান দিনে আমাৰ বাবে বহু কষ্ট কৰি ভনীয়েকৰ সহায়ত ঘৰৰ জঞ্জাল মাৰিছিল। মাক -দেউতাকৰ আকৌ জীয়েকৰ বিয়াক লৈ চিন্তা। দুই এঘৰ মানুহে তাইক চাবলৈ অহাৰ কথা । বোৱাৰী জনী মাকৰ ঘৰত থকা বুলি শুনিলে কি ভাবিব?
আকৌ সোনকালেই দুদিন মানৰ বাবে অহাৰ কথা দি
জুপি ৰমেনৰ চাইকেলত উঠি গুচি গৈছিল। মোৰ কোলাত মিলি। এমহীয়া মিলিয়ে হাঁহিছিল। মোৰ কোলাত যেন হাজাৰ সপোনৰ ৰহঘৰা এটাইহে কলৰৱ কৰি আছিল। ইমান মধুৰ এই কলকলনি। তাই বেছিভাগ সময় শুই শুইয়ে কটাইছিল। মাত্ৰ সঠিক সময়ত গাখীৰৰ বটল দিলেই হ'ল। তৰাদৈ বাই ইমান দিনে বাহিৰা কামতহে আমাৰ ঘৰলৈ আহিছিল। এতিয়া কেঁচুৱাৰ সৈতে তাইও অনবৰতে ধেমালি কৰা হৈছিল।
তৰাদৈ বাই আমাৰ পিতাইৰ বৰদেউতাকৰ নাতিনী ।সেয়ে মোৰ বাই । বয়সৰ লেখেৰে প্ৰায় আঢ়ৈকুৰিৰ আছিল। তেওঁক সৰুতেই মনোহাৰী বস্তু দেখুৱাই ফুচুলাই অনা-অসমীয়া ফেৰীৱালাই পলুৱাই লৈ গৈছিল। আমাৰ পৰা প্ৰায় এশ মাইল দূৰত অৱস্থিত ৰেল ষ্টেচন ত উঠাই তাৰ দেছলৈ লৈ যাওঁতে কি মনত পৰি জানো তৰাদৈ বায়ে বোলে পুলিচ এজনক দেখি ' মোক আখৈচুকত থৈ আহক ' বুলি কৈ কান্দি কান্দি সকলো কোৱাত সকলোৱে ফেৰিৱালাক বিচাৰি চলাথ কৰিলে। সেই যি হেৰাল ফেৰিৱালা আৰু নোলাল। আখৈচুক আছিল আমাৰ গাঁও খনৰ নাম।আগগুৰি নোহোৱাকৈ গাওঁখনৰ নামেৰে এশমাইল আঁতৰত কোনেনো চিনি পায় ?
ফেৰিৱালাই পাবলগীয়া শাস্তি তৰাদৈয়ে পালে। পুলিচে বিচাৰি বিচাৰি তৰাদৈৰ ঘৰ ওলোৱাত এইফালে চুৰেন বৰতা মানে তৰাদৈৰ দেউতাকে 'মোৰ নাক-কাণ কাটিলি' বুলি জীয়েকক একমাহ ঘৰতেই বন্দী কৰি এজন আদহীয়া বিপত্নীক মানুহলৈ বিয়া দি দিয়ে । এইবোৰ আইৰ পৰা শুনা কথাহে আছিল। অপৈণত বয়সৰ সাধাৰণ এটা ভুলৰ বাবেই জীৱন ধ্বংস হোৱাৰ শাস্তি পাইছিল তৰাদৈ বায়ে।
কিন্তু প্ৰায় পাঁচ বছৰমানৰ পিছত দৈহিক মানসিক ভাৱে বিধ্বস্ত তৰাদৈবাই কান্দি কান্দি ঘৰলৈ ঘূৰি অহাৰ সময়ত মই প্ৰায় দহ বছৰীয়া । প্ৰায় এবছৰ দিন থকাৰ পিছত গিৰিয়েকৰ মৃত্যু হৈছিল। তাৰ পাছত সতিনীৰ ল'ৰা ছোৱালীৰ অত্যাচাৰত থাকিব নোৱাৰা হৈছিল। বৰতাই জীয়াই থকালৈকে তাইক ঘৰলৈ আহিব নিদিলে। বৰতাৰ মৃত্যুৰ পাছত সেই যি ঘূৰি আহিল , দুনাই ঘূৰি নগ'ল। বৰতাৰ ল'ৰা দুজনৰ এজনে চাহবাগিচাৰ মহৰী হৈ সপৰিয়ালে আতঁৰত থাকে। বৰমা আলৰ বুঢ়ী । সৰু ভায়েকৰ পৰিয়ালৰ লগত দুয়ো সুখেৰে ই আছে। আমাৰ দেউতাৰ নিজৰ ভায়েকহঁতৰ ল'ৰা হঁততকৈ তৰাদৈবাইহঁতহে বেছি কৈ আমাৰ সুখ দুখৰ লগৰী হৈছে।
লাহে লাহে আইয়ে ধোৱা-পখলাই , ক'লা ফোঁট দি চাফ-চিকুণ কৰা মিলিয়ে আইৰ লগত কলকলাব ধৰিলে।কলকলাই থকা কেঁচুৱা জনীৰ লগত আইয়েও হাঁহি থকা দেখি মোৰ ভাল লাগিছিল।
আগলৈ
দুলুমণি
১৩/৮/২০২০
Comments
Post a Comment