সিপাৰৰ সাঁকো (২২)
#সিপাৰৰ সাঁকো
(২২)
আইৰ মনো কুমলিছিল। নিজৰ জীৱন কালত পিন্ধি নোপোৱা গহনাকেইপদ জীয়েকহঁতৰ ডিঙিত, হাতত পিন্ধাই চাইছিল। অন্তত:সেইকেইপদৰ চমকনিয়ে আইক মলয়া যে একেবাৰে পৰিমৰা ঘৰৰ নাছিল, তাৰে সাক্ষী দিছিল। ককায়েক হিচাপে দুই জনী ভনীক একো দিব পৰা নাছিলো।সেয়ে তাৰে দুপদ এপদ ভঙাই মলয়াই সিহঁত দুজনীক কাণৰ ফুলি গঢ়াই দি আইৰ মনত ৰং লগাইছিল। পিছে মলয়াই যিয়ে নকৰক আইয়ে সুবিধা পালেই খোঁচ মাৰি কথাএষাৰ কৈ তাইক জব্দ কৰিবলৈ এৰা নাছিল। এবাৰ তাইৰ 'ম'ৰে আৰম্ভ হোৱা 'মলয়া' নামটোক লৈ কথা শুনাই বৰ বেয়াকৈ মানসিক কষ্ট দিয়াত মই হিতাহিত জ্ঞান হেৰুৱাই আইক তই- মই কৰি গৰ্জন কৰি উঠিছিলো । আইৰ বিধৱা সাজটো আঙুলিয়াই দেখুৱাই --
' তইনো কি কাৰণে পিতাইৰ মূৰটো খালি?'
বুলি কৈ উঠিছিলো। আইয়ে আকৌ মলয়াকে দোষ দিলে ''মোৰ হীৰাৰ টুকুৰা হেন লৰা টোক তাই আহুদি কৰিলে !'
মলয়াই মোক বাধা দিছিল। বেয়াকৈ নকবলৈ কৈছিল।
মাকৰ মনে ল'ৰাৰ বিয়াৰ পাছত বোৱাৰীয়ে পুতেকক বেয়া কৰিলে বুলি কোৱাটো ভাতৰ লগত পানী খোৱাৰ দৰে কথা । আইৰ কথাই আমাৰ সম্বন্ধত একো প্ৰভাৱ পেলাব পৰা নাছিল। মোৰ জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ আইয়ে তেতিয়া লৈকে নকৰা কাম একো নাছিল । মোৰ পানীলগা হ'ব বুলি পথাৰলৈ হাল বাবলৈ পঠোৱা নাছিল। আইৰ মৰমত কোনো ভেজাল নাছিল।মাত্ৰ এচকুৱা #ঢোঁৰাকাউৰী হেন সমাজ খনৰ কাম-কাজৰ প্ৰতিক্ৰিয়াইহে তেওঁক তেনে বোৰ কথা কোৱাইছিল। বাঁৰী মাকৰ ছোৱালী বুলি বংশ-পৰিয়ালৰ বিয়া বা আন মাঙ্গলিক অনুষ্ঠানত জুপি-তৰাক আগস্হান নিদিছিল। জুপিৰ সখীয়েক এগৰাকীৰ বিয়াত সখী হ'বলৈ মাতি নি পিছত গাৱঁৰ কিছুমান মহিলাই বাঁৰী মানুহৰ ছোৱালী বুলি সখী হ'বলৈ নিদিছিল। আইৰ মনে জুপিৰ চকুপানী দেখি হাহাকাৰ কৰি উঠিছিল। পিতাক ঢুকুৱাৰ সময়ত কেঁচুৱা ছোৱালীজনীৰ কিবা দোষ আছিল নে নাই সেয়া ঈশ্বৰে হে জানিছিল।
মলয়াইও কৈছিল তাইৰ জীৱনতো তেনে ঘটনা বহুত ঘটিছিল।তাই অৱশ্যে বৰ জোৰদি ক'ব পাৰি ছিল যে তাইৰ জীৱনৰ দুৰ্দিনৰ বাবে তাইৰ দেউতাকৰ
গোৱাঁৰ স্বভাৱটো হে দায়ী আছিল। লুইতৰ বুকুত টুলুঙা নাৱেৰ ইপাৰ-সিপাৰ হোৱাৰ মৰসাহ দেখুওৱা মদগৰ্বী দেউতাকে মাকৰ কথা লৈ কাণ নিদিছিল। টকা পইচাৰ অভাৱ নাছিল। অভাৱ আছিল জ্ঞান আৰু দূৰদৰ্শিতাৰ।
জ্ঞানৰ অভাৱৰ বাবেই গাঁৱলীয়া সমাজেও মদাহী বাপেকৰ মৃত্যুৰ পাছত পিতৃহাৰা সন্তানক বাপেকৰ মূৰ খোৱা বা আগ-পিচ নুগুনা দাম্ভিক স্বামীৰ মৃত্যুৰ পাছত পত্নীক গিৰিয়েকৰ মূৰ খোৱা বুলি বদনাম দিয়ে।
কেতিয়াবা মইও নিজকে ঘৈণীৰ মূৰখোৱা গিৰিয়েক বুলি কৈছিলো।
মলয়াৰ জ্ঞানৰ জোৰৰ নহ'লেও তাই মোক চোকা বুদ্ধিৰ মানুহ বুলি প্ৰশংসা কৰিছিল। যিকোনো কথা এবাৰ বুজাই দিলে পুনৰ সেই বিষয়ে একো চিন্তা কৰিবলগীয়া নহৈছিল। মই সকলো কথাৰে যোগাত্মক দিশটো দেখিছিলো।
তিনিটা বছৰ মৰম-চেনেহৰ মাজেৰে পাৰ কৰি শেষত মই মোৰ জীৱনৰ আটাইতকৈ আপোন মানুহ জনীক হেৰুৱাই পেলালো। সেই তিনিবছৰৰ স্মৃতিয়ে মোক তিনিটা জনমলৈ বুৰাই ৰাখিব পৰা সঞ্জীৱনী সুধা
উপহাৰ দি থৈ গৈছিল। মিলি সেই সঞ্জীৱনী সুধাৰে এটি ফোঁৱাৰা । মিলিৰ মাজত আছিল মলয়া। মই মিলিক
মলয়াৰ দৰেই কৰি তুলিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিলো। তাৰ বাবে শিক্ষা আছিল প্ৰথম আৱশ্যকীয় বস্তু। মিলিক শিক্ষা-দীক্ষাৰে সম্পূৰ্ণৰূপে মানুহ কৰাটোৱেই মোৰ জীৱনৰ উদ্দেশ্য হ'ব বুলি ঠিক কৰিছিলো।
বহাগ আহিছিল । প্ৰকৃতিৰ ৰঙত মতলীয়া হৈ পৰা চহালোকে বহাগ বিহুক যুগ যুগ ধৰি মহিমামণ্ডিত কৰি ৰাখিছে। মলয়া বিহীন বহাগৰ নাহৰ, তগৰ , কপৌ ৰংহীন, সুগন্ধি বিহীন। বিহুৰ ৰং এনেয়েও নিস্তেজ হৈছিল কাৰণ ইতিমধ্যে চলি থকা আন্দোলনে বেছি মৰাত্মক ৰূপ ধাৰণ কৰিছিল।
তাৰ পিছত ভৰপক খেতিৰ বতৰ। মই খেতিত মনপুতি লাগিছিলো। আইক মিলিক এৰি কলৈকো যাবলৈ নিদি মই আৰু ঠগীকাইয়ে মিলি দুইঘৰৰ বাবে কঠিয়া পৰা, মাটি #তিনিচহ কৰি আলি কাটি #মৈ দিয়া , #কঠিয়া তোলা কৰি #শাওঁৰি লগাই ভূঁই ৰোৱা লৈকে --সকলো নিজে কৰিলো।
আগলৈ
দুলুমণি
২১/৮/২০২০

Comments
Post a Comment