সিপাৰৰ সাঁকো (১৪)
আপোনালোকৰ আশীৰ্বাদ বিছাৰি
#সিপাৰৰ সাঁকো
(১৪)
' নাই' সৰিছিল । ঘৰৰ ভিতৰ, বাহিৰৰ চৌপাশ পৰিষ্কাৰ কৰি আই, জুপি আৰু তৰাই সুন্দৰকৈ সকলো কাম ৰ তদাৰক কৰিছিল। কেঁচুৱাৰ কান্দোনৰ বাহিৰে কোনো সময়তে মই কেঁচুৱাৰ অস্তিত্বক লৈ চিন্তা কৰিব লগা হোৱা নাছিল। কান্দি থকা কেঁচুৱা জনীক জুপিয়ে কোলাত লৈ নিচুকাই লেক্টুজেন দিলে মনে মনে থাকিছিল। নাহৰতলিৰ দোকানত কোৱাই ৰজনীয়েই লেকটুজেন আকৌ অনাই দিছিল। সাধাৰনতে পোৱা নাযায়। গাৱঁত কোনে লেকটুজেন কিনিব। মাক নথকা কেঁচুৱাক গৰুৰ গাখীৰ খুৱাইয়ে ডাঙৰ কৰে। পাতল লুথুৰী ও দিয়ে। ময়ো খাব পৰা হ'লে তাকেই দিব লাগিব। জুপি- তৰাই মোৰ ছোৱালীৰ নাম 'মিলি ' ৰাখিছিল। আইয়ে অৱশ্যে গণকক চোৱাইহে নাম ৰখাটোৱেই ভাল বুলি কৈছিল। আমাৰ গাৱঁলীয়া মানুহে গোপিনী আৰু ভকতে দিয়া নামহে ৰাখে।
সকলোৱে ধৰা ধৰি কৰি মলয়াৰ দহা -কাজ আৰম্ভ কৰিছিল। মোৰ ৰিঙা ৰিঙা মনত শোকৰ সাগৰৰ ঢৌ।
ঠগীকাইয়ে চাইকেল চলাই গৈ মহৰ খুঁটিৰ দৈ লৈ আগধন দি আহিছিল। দহাৰ এদিন আগতে ৰজনীৰ লগত গাড়ীৰে লৈ আনিছিল।ভনীজোঁৱায়ে গুৰ, চেনীৰ দায়িত্ব লৈছিল। ৰজনীয়ে পৰিয়াল লৈ আহি দুই তিনিবাৰকৈ ঘৰৰ সকলো লাগতিয়াল কামৰ বাবে আই আৰু জুপিৰ লগত আলোচনা কৰি সেইমতে কিনা-কুটা কৰিছিল।
গাৱঁৰ ৰাইজে ৰভা পৰলা দি বুট-মগু , কল -কুঁহিয়াৰ কটা, ভোজৰ বাবে ৰান্ধনি -বাঢ়নি ঠিক কৰালৈকে দুদিনীয়াকৈয়ে সকলো কাম-কাজৰ তদাৰক কৰিছিল। তাতে মৃতকৰ কেঁচুৱালৈ আশা থাকি যোৱা বুলি হোৱা ধাৰণাটোৰ বাবে বেছিকৈয়ে নিখুঁতভাবে বিভিন্ন নিয়ম-নীতি কৰি মৃতকৰ আত্মাৰ সদ্-গতি বিচাৰিছিল।
মৃতকৰ আশা থাকি গ'লে গাওঁ খনলৈকে বেয়া বুলি এটা বদ্ধমূল ধাৰণাই মানুহবোৰৰ মনত কাম কৰে।
মই পিচে এইদৰে মিছাতেই মলয়াৰ অশৰীৰি আত্মাৰ অস্তিত্ব বিচাৰি মানুহবোৰে উৰাবাতৰি উলিয়াই থকা কথাবোৰ ভাল পোৱা নাছিলো।
আইয়ে কোৱামতে প্ৰতিবাৰেই নাম আৰম্ভ হোৱাৰ আগতে চোতালতে ভকতৰ ভৰিত পানী দি গামোচাৰে মচি আদৰি আনিছিলো। আঁঠু কাঢ়ি তামোল-পাণ দি গুচি যোৱা সকলৰ পৰা আশীৰ্বাদ লৈছিলোঁ।
কেঁচুৱা জনীক লৈ জুপি নহ'লে তৰা কোনোবা এজনী ভিতৰতে থাকিছিল । ময়েই কৈছিলো। মই জানিছিলো কেঁচুৱা জনী দেখি থাকিলে সকলোৱে তাইক মাউৰা বুলি পুতৌ কৰিব।
মই মনে মনে ঠিৰাং কৰিলো মোৰ ছোৱালীক মই কাৰো
পুতৌৰ পাত্ৰী হ'বলৈ নিদিওঁ। মলয়াৰ আশাবোৰক বাস্তৱ-ৰূপ দি মোৰ সন্তানৰ ভৱিষ্যতৰ বাবে এতিয়াৰ পৰাই কষ্ট কৰিবলৈ আৰম্ভ কৰিম বুলি মনত দৃঢ় সংকল্প ল'লো।
ওৰেনিশা চলা নাম-কীৰ্ত্তন আৰু নেগেৰা নামৰ লগত হাত-চাপৰি বজাই ময়ো ভক্তি ৰসত বুৰ গৈছিলো ।
নাম সামৰাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ চলচলিয়া চকুৰে সাষ্টাংগে প্ৰণিপাত জনাই ভক্তৰ আগত
পৰি থাকোতে মলয়াৰ মুখখন সমুখত ভাঁহি আহিল ।
কোনো আক্ষেপ নাই। বগা চেলেং কাপোৰেৰে মুখখন চকুৰ ওপৰলৈকে প্ৰায় ঢকা। কেৱল যেন দুচকুৰ স্বভাৱসিদ্ধ হাঁহিটোৰে সৈতে মোক নিৰাশ নহ'বলৈ অভয়- দান দি কৈছিল-' মই তোমাৰ লগতে আছোঁ।' মই থত্ মত খাই মূৰটো দাঙি চালো। মোৰ একেবাৰে ওচৰত ৰৈ সঁচাকৈয়ে কোৱা যেন লাগিছিল। ৰভাখনত প্ৰায় সকলো বংশ-পৰিয়ালে শেষ বাৰৰ বাবে আঁঠু লৈ সেৱা কৰি আছিল। তিৰোতা সকলে চেলেং কাপোৰেৰে মূৰৰ পৰা গালৈকে সম্পূৰ্ণৰূপে আবুৰ কৰি ৰভাতলত আশীৰ্বাদ লৈ আছিল। মই সেইদৰে ওপৰলৈ চাই থকাত দূৰৰ পৰা গাঁৱৰ মানুহ দুজনমানে লক্ষ্য কৰি আছিল। মই লাজ পাই আকৌ তলমূৰ কৰিছিলোঁ। কিন্তু মনত সেই মাত প্ৰতিধ্বনিত হৈ আছিল।জাউৰিয়ে জাউৰিয়ে আগবঢ়োৱা দীঘলীয়া আশীৰ্বাদ শেষ হোৱাৰ পাচত সকলোৱেই উঠি গৈছিল। মই বহুদেৰিলৈ ঠাইতে বহি থাকিলো। দুটা কৈ ভক্তিৰসত বুৰ গৈ থকা দিনৰ অন্ত পৰিবলৈ হোৱা বুলি ভাবি মনটো কেনেবা কেনেবা লাগিছিল।গায়ন - বায়নেৰে বৈকুণ্ঠ পুৰী যেন ৰূপ লোৱা মোৰ ঘৰৰ চোতালত অলপ আগতে সপোনত নে দিঠকতে দেখিবলৈ পোৱা যেন লগা চেলেং কাপোৰেৰে ঢকা মলয়াৰ মুখখনৰ অৱস্হিতিয়ে এইবাৰ মোক মলয়াৰ অনুপস্হিতিৰ নহয় উপস্হিতিৰহে উমান দিছিল।। যোৱা এঘাৰটা দিনে যাৰ বাবে এই কাৰ্য সিদ্ধি কৰাৰ চেষ্টা ই মোক আৰু সকলোকে ব্যস্ত কৰি ৰাখিছিল তেওঁৰ শূন্যতা অনুভৱ কৰি বিষাদগ্ৰস্ত হোৱাৰ সলনি তেওঁক আদৰি অনাৰ দৰে এক প্ৰাপ্তিৰ শিঁহৰণেহে মোক আচ্ছন্ন কৰি ৰাখিছিল।
মোৰ লগৰ বোৰে একেবাৰে শেষৰ ভোজটোত মোক দিনে-পোহৰে মদ খাবলৈ জোৰ কৰিছিল। মই নাখাওঁ বুলি কোৱাত 'কিয় ঘৈণী এতিয়া নাই নহয় !' বুলি পেনেৰাই কোৱাপিছত তপেশ্বৰে 'কিয় ভূত হৈ আহিব নহয় ' বুলি পেংলাই কৰিছিল। মই সকামত পয়মাল নঘটক বুলি একো নকৈ আঁতৰি গৈছিলো। সিহঁতৰ কথাত বেয়া পাই কোনো লাভো নাছিল। সিহঁতৰ চিন্তা- ধাৰণাবোৰ তেনেকুৱা ই। বিশেষ কোনো উদ্দেশ্য আগত ৰাখি এনে কাম বা কথা কৈ মোক আঘাত দিবলৈ কৰা কাৰ্য নাছিল। মোৰ মনটোৱে যেন বহলকৈ কথাবোৰ চিন্তা কৰিবলৈ শিকিছিল। মই দুনাই সিহঁতৰ কাষ চাপি আহিছিলো, সিহঁতৰ প্ৰস্তাৱ ত সন্মতি নিদিয়াকৈয়ে মই পুনৰ সকলোৰে সৈতে কথাৰ ভাগ লৈছিলো।
আৰম্ভ কৰাৰ দৰে ৰাইজৰ সহযোগত সকলো কাম শেষো হৈছিল । গাঁৱৰ আমন্ত্ৰিত অতিথি হিচাপে অহা ৰাইজে কাজলৈ আহোঁতে সদায় ফল-মূলৰ টোপোলা বা চাউল-চিৰাৰ টোপোলা বান্ধি লৈ আহে। মই আইক সেইদৰে গোট খোৱা সকলো সামগ্ৰী গাৱঁৰ মানুহৰ ঘৰত ভগাই দিবলৈ কৈছিলো। আইয়ে ঠগীকাইৰ সৈতে গৈ সকলোকে দি থৈ আহিছিল।
তৰাক মই চাইকেলেৰেই ঘৰত থৈ আহিছিলোগৈ।
আগলৈ
দুলুমণি
১৩/৮/২০২০
Comments
Post a Comment