সিপাৰৰ সাঁকো
#সিপাৰৰ সাঁকো
(২৫)
উৰাবাতৰিৰ প্ৰভাৱত ত্ৰাসৰ সৃষ্টি হ'লেও সহজ- সৰল মানুহ বোৰৰ জীৱন একে ধৰণেই চলি আছিল। দুবেলা দুমুঠি খাবলৈ কষ্ট কৰা সকলৰ বাহিৰা কথা জানিব লৈ দৰকাৰ নাছিল। মোৰ জীৱনৰ পৰা মলয়া আতঁৰি যোৱা ৰ পিছত সৃষ্টি হোৱা শূণ্যতাই মোক একান্ত ই সাংসাৰিক জগতৰ পৰা বৰ্হিজগতৰ মাজলৈ লৈ গৈছিল। কিন্তু এইদৰে বাৰে বাৰে মই সংসাৰৰ চাৰিবেৰৰ বাহিৰলৈ ওলাই যাব বিছাৰিলে ও আই আৰু মিলিৰ অৱস্থিতি য়ে পুনৰ সংসাৰৰ মহাভাৰৰ আৱেষ্টনীলৈ টানি লৈ আহিছিল।
একলা দুকলাকৈ বাঢ়ি অহা মিলি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বলৈ ধৰিছিল। তাইৰ বাঢ়ন খৰ আছিল।আন কেঁচুৱাই যি সময়ত উবুৰি হৈ বগাবলৈ ধৰে তেনেকুৱা সময়ত তাই অ'ত ত'ত ধৰি থিয়-দঙা দিব পৰা হৈছিল। মিলি ৰ জীৱনৰ প্ৰথম এবছৰ সম্পূৰ্ণ হোৱাৰ দিনাই মলয়াৰ প্ৰথম বছেৰেকীয়া। ই মিলিৰ আৰু মোৰ বাবে গোটেই জীৱন জুৰি ভূগিবলগীয়া বেদনাদায়ক সত্য আছিল। তেতিয়াৰ দিনত আমাৰ দৰে মানুহৰ ঘৰত জন্মদিনৰ আয়োজন কৰাটো লাহে -বিলাহৰ বাহিৰে একো নাছিল। প্ৰতিবছৰে মাকৰ বছেৰেকীয়া সকাম পতা সেই দিনটোৰ স্মৃতিয়ে কিন্তু মিলিৰ ভবিষ্যতৰ দিনবিলাকত এক মৰাত্মক ৰূপ লৈছিল। যিসকল সন্তানৰ জন্মদিন পিতৃ-মাতৃৰ, বিশেষকৈ মাতৃ গৰাকীৰ মৃত্যু দিনৰ সৈতে একে হয় সেইসকল সন্তানৰ মনোকষ্ট মই পিছলৈ মিলিয়ে নিজৰ জন্মদিনটোত ভূগিব লগা কষ্টৰ পৰা বুজি পাইছিলো।
আইয়ে মিলিৰ বাবে সকলো কৰিছিল যদিও মিলি বাঢ়ি অহাৰ লগে লগে আইয়ে মোক লৈ অসন্তুষ্টি প্ৰকাশ কৰা আৰম্ভ কৰি দিছিল। চোতালত মিলিক ঢৰা-ঢকোৱা পাৰি বহাই থৈ দিলে চুবুৰীটোৰ আটাইখিনি আইৰ সমবয়সীয়া খুৰীদৌ, বৰমা, পেহীদৌ হতঁ গোট খাই প্ৰায়েই বিয়নিমেল পাতি বহিছিল। মিলিৰ বাবে অনিলৰ দোকানৰ পৰা মৰ্টন কিনি আনি দিয়াৰ লগতে তেওঁলোকৰ বাবে ও কুকিচ্ বিস্কুটৰ পেকেট আনি দিছিলো। আইয়ে বা তৰাদৈয়ে ৰঙাকৈ চাহ কেইবাটি বাকি লৈ অহাৰ লগে লগে আটাইকেইজনীয়ে হাঞৈ- বিয়ৈ কৰি মিলি আৰু মোক আশীৰ্বাদ দিছিল। সিহঁত বিলাকৰ ঘৰত যে খাবলৈ নাছিল তেনে নহয় বিয়নি মেল পাতি থাকোঁতে এইদৰে কুকিচ্ বিস্কুট ৰ সৈতে চাহ পানী খোৱাৰ আমেজ হেনো ক'তো পোৱা নগৈছিল। ডাঙৰ S টোৰ দৰে কুকিচ্ বিস্কুট গাঁৱৰ মানুহৰ প্ৰিয় আছিল । খাবলৈ বৰ সোৱাদ নহ'লেও দেখিলেই পেট ভৰিছিল। কাটা বিস্কুট তাতকৈ সৰু । মিলিক পাৰ্লেজি বা টাইগাৰ বিস্কুট গাখীৰত ডুবাই খুৱালে আন একো নিদিলেও হৈছিল। আইয়ে তাইক লুঠুৰীৰ উপৰিও ভাতো খোৱাবলৈ লৈছিল। মিলিৰ মুখলৈ চাই আইয়ে 'ছোৱালী মানুহ আৰু কেইদিনমানৰ পিছত গাভৰু হৈ আন এখন ঘৰলৈ ল'ৰ মাৰিব , তাৰ পিছত ময়ো চকু কেইটা মুদিম। সোণটোৰ ৰে কি হ'ব ' - বুলি আৰম্ভ কৰা
বিলাপ খন প্ৰায়েই এই মেল খনতে আৰম্ভ হৈছিল। মই লগে-লগে উঠি গুচি আহিবলৈ লৈছিলো। তাত থকা প্ৰায়খিনিয়ে আইক হয়ভৰ দিছিল। মোৰ লগতে বা অলপ আগে পিছে ঘৈণীয়েক মৰা কোনে কোনে আকৌ বিয়া পাতি অহা দুই তিনি মাহত কেঁচুৱাৰ বাপেক হ'ব তাকে বৰ ধুনীয়া কৈ বৰ্ণনা কৰি নিজৰ বাকপটুতাৰ পৰিচয় দিছিল।
আইৰ লগত এইদৰে কথা -বতৰা পাতি আইৰ নিসংগতা দূৰ কৰিব পৰা বিয়নিমেল খন বৰ ভাল পাইছিলো। তেওঁ লোকে মিলিকো বৰ মৰম কৰি তাইৰ বাঢ়ন খৰতকীয়া কৰি তুলিছিল। আইতাক হঁতৰ লগতে অহা নাতি-নাতিনী হঁতে ঢকুৱাত চোঁচৰাই টানি ফুৰা মিলিৰ স্ফুৰ্তি চাবলৈ বৰ ভাল লাগিছিল। তেওঁ লোকৰ আইৰ প্ৰতি সহৃদয়তা থকা বাবে তেওঁৰ কথাত হয়ভৰ দিছিল । নিয়তিৰ পৰিহাস বৰ সহজেই মানি লয় তেওঁলোকে। লগতে পত্নীহাৰা পতিৰ দুখো। কিন্তু মোৰ মনে তেওঁলোকৰ দৰে আন কিছুমান মহিলাই জুপিক কৰা ব্যৱহাৰ পাহৰা নাছিল। মলয়া নহৈ যদি মই ইহ্- সংসাৰৰ পৰা বিদায় মাগি আঁতৰি গ'লো হেঁতেন তেতিয়া এই কণমানি কেঁচুৱাৰ সৈতে মলয়াৰ কি হ'লহেতেঁন! মই জানিছিলো মলয়াৰ জীৱনলৈ ধুমুহা আহিলহেঁতেন । মিলিৰ মাক-দেউতাকৰ মৰম একেলগে পোৱাৰ সৌভাগ্য নাছিলেই , গতিকে আগতেই মোৰ ওপৰত সেই ভাৰ দি আতঁৰি যোৱা মানুহজনীক বৰ চতুৰ যেন লাগিছিল।
আগলৈ
দুলুমণি
২৪/৮/২০২০
Comments
Post a Comment